ভোটগ্রহণৰ দুৱাৰডলিত
প্রথম পর্যায়ৰ নির্বাচনী প্রচাৰৰ অন্ত পৰিল৷ এইটো পর্যায়ত অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত ৪৭টাত ভোটগ্রহণ সম্পন্ন হ’৷ সমষ্টিকেইটা দখলৰ যুঁজত ২৬৪গৰাকী প্রার্থী অৱতীর্ণ হৈছে৷ ৮১,০৯,৮১৫গৰাকী ভোটাৰে তেওঁলোকৰ ভাগ্য নির্ণয় কৰ্বি৷ ইয়াৰে ৪০,৭৭,২১০গৰাকী পুৰুষ আৰু ৪০,৩২,৪৮১গৰাকী মহিলা৷ সমষ্টিত ৪৭টাত ১২৪গৰাকী তৃতীয় লিংগৰ ভোটাৰো আছে৷ আনহাতে, প্রথম পর্যায়ৰ নির্বাচনী যুঁজত মুখ্যমন্ত্রী স্বানন্দ সোণোৱালকে ধৰি কেইবাগৰাকী ৰথী–মহাৰথীৰ ভাগ্য নির্ণয় হ’৷ তাৰে ভিতৰত উল্লেখযোগ্য প্রার্থী কেইগৰাকীমান হৈছে–অতুল বৰা, পদ্ম হাজৰিকা, ৰঞ্জিত দত্ত, আঙুৰলতা ডেকা, ৰক্বুিল হুছেইন, কেশৱ মহন্ত, অজন্তা নেওগ, হিতেন্দ্রনাথ গোস্বামী, বিস্মিতা গগৈ, ৰূপজ্যোতি কুর্মী, প্রদীপ হাজৰিকা, অংকিতা দত্ত, অখিল গগৈ, দেৱ্ব্রত শইকীয়া, যোগেন মহন, ভৰত চন্দ্র নৰহ, চিত্তৰঞ্জন সুমতাৰী, নৱ কুমাৰ দলে, তেৰছ গোৱালা, লুৰিণজ্যোতি গগৈ, এতোৱা মুণ্ডা, জগদীশ ভূঞা৷ অসমৰ ৰাজনীতিত এই প্রার্থীকেইগৰাকী পৰিচিত মুখেই নহয়, তেওঁলোকৰ আছে ভিন্ন ধৰণৰ ভূমিকা৷ ইফালে, ৪৭টা সমষ্টি নিজৰ দখললৈ অনাৰ উদ্দেশ্যে প্রার্থীকেইগৰাকীয়ে বিগত সময়ছোৱাত চলোৱা নির্বাচনী প্রচাৰে কেউটা সমষ্টিতে উছৱমুখৰ পৰিৱেশ সৃষ্টি কৰে৷ বিশেষকৈ বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ প্রার্থীকেইগৰাকীৰ সমর্থনত চলা প্রচাৰ আছিল চমকপ্রদ৷ তেওঁলোকক জয়ী কৰোৱাৰ স্বার্থত প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিং, কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰানীৰ উপৰি বিজেপিৰ কেইবাগৰাকীও ৰাষ্ট্রীয় নেতাই নির্বাচনী সমাৱেশ, সংকল্প সমাৰোহ আদিত অংশগ্রহণ কৰে৷ ইয়াৰ বিপৰীতে কংগ্রেছৰ প্রার্থীকেইগৰাকীৰ সপক্ষে মূলতঃ ৰাহুল গান্ধী আৰু প্রিয়ংকা গান্ধীৰ নির্বাচনী প্রচাৰ আছিল চকুত লগা৷ অন্তিম সময়ত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ হৈ বিশিষ্ট পৰিৱেশ কর্মী মেধা পাটকাৰে শিৱসাগৰত নির্বাচনী প্রচাৰ চলায়৷ প্রতিটো দল আৰু প্রার্থীৰ এনে নির্বাচনী প্রচাৰে উজনি আৰু উত্তৰ অসমৰ ১২খন জিলাক প্রায় একুৰি দিন ধৰি মুখৰ কৰি ৰাখে৷ নির্বাচনী প্রচাৰৰ নির্ধাৰিত সময় উকলি যোৱাৰ পিছত কেউটা সমষ্টিতে এতিয়া বিৰাজ কৰিছে এক ধৰণৰ নীৰৱতা৷
কাইলৈ ভোটগ্রহণ অনুষ্ঠিত হ’লগীয়া সমষ্টিকেইটাৰ অসমৰ ৰাজনীতিত আছে অপৰিসীম গুৰুত্ব৷ পৰৱর্তী চৰকাৰ কোন দল অথ্বা মর্চাৰ হ’, সমষ্টিকেইটাৰ ফলাফলৰ ওপৰত সেইটো ভালেখিনি নির্ভৰ কৰ্বি৷ বিশেষকৈ বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ ােব সমষ্টিকেইটাৰ মূল্য আৰু গুৰুত্ব সীমাহীন৷ ৪৭টা সমষ্টিৰ গৰিষ্ঠসংখ্যক আসনত জয়লাভ কৰা মানে চৰকাৰ গঠনত মিত্রজোঁট কেইবাখোজ আগবাঢ়ি যোৱা৷ আনহাতে, মহাজোঁটৰ মূল অংশীদাৰ কংগ্রেছৰ ােবও সমষ্টিকেইটা পৰৱর্তী চৰকাৰ গঠনত নির্ণায়ক হ’৷ দলটোৱে ৰাক আৰু মধ্য–নামনি অসমৰ সিংহভাগ আসন মিত্রদলক এৰি দিছে৷ কাইলৈ ভোটগ্রহণ অনুষ্ঠিত হ’লগীয়া সমষ্টিকেইটাতহে কংগ্রেছৰ নিজাব্বীয়া প্রার্থী অধিক৷ দলটোৱে ইয়াত অগ্রগতি ল’লে দিছপুৰ দখলত এখোজ আগুৱাই যাব পাৰ্বি৷ আনহাতে, নৱগঠিত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ ৰাজনৈতিক ভৱিষ্যতো সমষ্টিকেইটাই নির্ণয় কৰ্বি পাৰে৷ নাগৰিকত্ব (সংশোধনী) আইনক মূল নির্বাচনী বিষয় হিচাপে লৈ নির্বাচনী যুঁজত নামি পৰা দল দুটাৰ ােব এই ৪৭টা সমষ্টিতে স্বাধিক ভোট আছে লি ‘কা’বিৰোধী শক্তিসমূহে বিশ্বাস কৰে৷ সেয়ে দুয়োটা দলৰ ৰাজনৈতিক ভৱিষ্যতৰ সৈতে কাইলৈ ভোটগ্রহণ সম্পন্ন হ’লগীয়া সমষ্টিকেইটাৰ গুৰুত্ব অপৰিসীম৷ এই তিনিওটা মর্চাৰ আওতাৰ াহিৰত থাকি কেইবাটাও সৰু–সুৰা দল আৰু নির্দলীয় প্রার্থীয়ে জনপ্রতিনিধি হোৱাৰ মানসেৰে ভোটাৰৰ আর্শীবাদ বিচাৰিছে৷ সকলোৱে বিভিন্ন প্রতিশ্রুতি দি ভোটাৰৰ মন জয় কৰ্বিলৈ চেষ্টা চলাইছে৷ আনহাতে, এই সময়ছোৱাত জনসাধাৰণৰ সঁহাৰিও আছিল চকুত লগা ধৰণৰ৷ ৰাজনৈতিক দল–প্রার্থীৰ নির্বাচনী প্রচাৰ সভা, সমদল আদিত জনসাধাৰণৰ অংশগ্রহণ উছাহজনক আছিল৷ ইয়ে সমষ্টিকেইটাৰ ভোটগ্রহণত যোগাত্মক প্রভাৱ পেলোৱাৰ সম্ভাৱনা আছে৷ কাইলৈৰ ভোটগ্রহণত বিপুলসংখ্যক লোকক ভোটকেন্দ্রত শাৰী পাতি থকা দেখা যাব পাৰে৷ গণতন্ত্রৰ ােব এইটো হ’ স্বাতোকৈ আশাৰ কথা৷ তদুপৰি, নির্বাচনী প্রচাৰৰ সময়ছোৱাত সমষ্টিকেইটাৰ পৰিৱেশ তুলনামূলকভাৱে শান্তিপূর্ণ আছিল৷ ইয়ে ৰাজ্যখনত গণতন্ত্রৰ পৰিপক্বতাক প্রতিনিধিত্ব কৰিছে৷ ভোটকেন্দ্রত ভোটদাতাৰ বিশাল শাৰী দেখা যাওক, ভোটগ্রহণ প্রক্রিয়া শান্তিপূর্ণ আৰু াধাহীন পৰিৱেশত সম্পন্ন হওক, সকলোৱে ইয়াকে কামনা কৰিছে৷