লেখক, পাঠক আৰু চৰকাৰী পৃষ্ঠপোষকতা
সকলো শিক্ষিত দেশতেই লেখকসকলক এক সামাজিক সম্পদ বুলি গণ্য কৰা, তেওঁলোকক বিভিন্ন ধৰণে পৃষ্ঠপোষকতা কৰা, সন্মান প্রদর্শন কৰা আদি কামসমূহ চৰকাৰী বা বেচৰকাৰীভাৱে কৰা হৈ আহিছে৷ লেখকসকলে একোখন ৰাজ্যৰ বা একোখন সমাজৰ বৌদ্ধিক বিকাশৰ মান কিছু পৰিমাণে নির্ধাৰণ কৰে৷ ভাৰততো লেখকসকলক চৰকাৰৰ তৰফৰ পৰা উৎসাহ যোগোৱাৰ পৰম্পৰা অতীতৰ পৰা চলি আহিছে আৰু বর্তমান কালতো তাৰ ধাৰাবাহিকতাই প্রসাৰ লাভ কৰিছে৷ শেহতীয়াভাৱে অসম চৰকাৰে তেনে আদর্শৰেই এক অভিলাষী আৰু ব্যাপক আঁচনি ঘোষণা কৰিছে, যিয়ে সাহিত্য চর্চাত ব্রতী হৈ থকা লেখকসকলক এক সন্মানজনক উৎসাহ যোগাব পাৰিব৷ সাধাৰণতে অৱহেলিত হৈ থকা অনুবাদকসকলকো এই আঁচনিয়ে সামৰি ল’ব, যিটো এই আঁচনিখনৰ এটা বিশেষ উল্লেখনীয় দিশ৷ অসমত সাহিত্য চর্চাৰ অর্থকৰী দিশ বুলিবলৈ প্রায় একোৱেই নাই৷ তাৰ মাজতো নিশ্চিত উপার্জন নথকা বহু লোকে জীৱন সংগ্রামৰ মাজতো সাহিত্যৰ চর্চা কৰি আহিছে৷ পুথি প্রকাশন ব্যৱস্থাৰ নিশকতীয়া অৱস্থাৰ মাজতো তেওঁলোকে কিতাপ প্রকাশ কৰিছে আৰু এই কাম সম্ভৱ কৰি তুলিছে সাহিত্য চর্চা আৰু বিকাশৰ বাবে থকা অপৰিসীম আগ্রহ আৰু উত্তেজনাই৷ এটা কথা ঠিক যে প্রকাশিত প্রতিখন কিতাপেই সাহিত্যৰ বিচাৰত উৎকৃষ্ট বা বিশেষ সৃষ্টি হিচাপে প্রতিপন্ন নহ’ব পাৰে, কিন্তু সেই সৃষ্টি–আৱেগ আৰু উত্তেজনাৰো একোটা সামাজিক গুৰুত্ব থাকে, কাৰণ ই সমগ্র পৰিৱেশটো নির্মাণত বিভিন্ন ধৰণে বৰঙণি যোগায়৷ এটা ভুল কথা পৰিকল্পিতভাৱে বিভিন্ন ধৰণে প্রচাৰ কৰি থকা হয় যে চৰকাৰে কেৱল নিজৰ মতবাদৰ সমর্থনত থকা লেখক বা ৰচনাক পুৰস্কৃত কৰে৷ কথাটোৰ সত্যতা থকা হ’লে কেন্দ্রীয় চৰকাৰে প্রদান কৰা কোনো পুৰস্কাৰেই কেতিয়াও বামপন্থী লেখকে নাপালেহেঁতেন৷ এইধৰণৰ কথা প্রচাৰেৰে নতুন লেখকচামক চৰকাৰৰ বিৰোধী কৰি তোলাৰ গোপন কার্যসূচীৰ ধাৰাবাহিকতা ৰক্ষা কৰা হয় আৰু চৰকাৰৰ বিৰোধিতাক প্রগতিশীলতাৰ এটা লক্ষণ হিচাপে প্রতিপন্ন কৰাৰ চেষ্টা কৰা হয়৷ অথচ, জৰুৰীকালীন অৱস্থাৰ সময়খিনিলৈ মনত পেলালে দেখা পোৱা যায় যে সেই সময়ৰ সমর্থনত চৰকাৰীভাৱে প্রকাশ কৰা গল্প–কবিতাৰ সংকলনৰ অধিকাংশ লেখকেই আছিল বামপন্থী আদর্শৰ লেখক৷ কথা হ’ল, যিকোনো ৰাজনৈতিক দলৰ আদর্শক সমর্থন কৰাটো প্রতিজন নাগৰিকৰে অধিকাৰ আৰু সেই দলক সমর্থন কৰা বা সেই দলৰ কার্যক্রমক সমর্থন কৰাটো একান্তই ব্যক্তিগত অধিকাৰ৷ চৰকাৰে দিয়া পুৰস্কাৰ, সন্মান আদি নিজৰ দেশে দিয়া পুৰস্কাৰ–সন্মান৷ সেয়া চৰকাৰ গঠন কৰা ৰাজনৈতিক দলটোৰ পৰা দিয়া সন্মান বা পুৰস্কাৰ নহয়৷
অসম চৰকাৰে এইবাৰ ঘোষণা কৰা এই আঁচনি মতে লেখকক কোনোধৰণৰ নতুন কিতাপ লিখিবলৈ কোৱা হোৱা নাই৷ কোৱা হ’লে ভবাৰ ঠাই থাকিলহেঁতেন যে চৰকাৰে নিজৰ দলৰ আদর্শ প্রচাৰৰ বাবে লেখকসকলকব্যৱহ্ কৰাৰ এই ফন্দি পাতিছে৷ এটা সময়সীমাৰ পূর্বে প্রকাশ হোৱা কিতাপক এই সন্মানৰ বাবে বিবেচনা কৰা হ’ব বুলি কৰা ঘোষণাই লেখকসকলক আশ্বস্ত কৰিব পাৰিছে৷ লেখকসকলক উৎসাহ দিবলৈ বহু অনুষ্ঠানে বঁটা–বাহন আদি দিয়ে, অর্থসাহায্য আদিও আগবঢ়ায়৷ কিন্তু এখন চৰকাৰে এনে ধৰণে ব্যাপক হাৰত উৎসাহিত কৰা উদাহৰণৰ সংখ্যা খুব কম৷ অৱশ্যে আগৰখন চৰকাৰেও, একেগৰাকী শিক্ষামন্ত্রীৰ পৰিকল্পনা মতে অর্ধশতাধিক লেখকক গ্রন্থ প্রণয়নৰ বাবে আর্থিক অনুদান ফেল’শ্বিপ হিচাপে দিছিল৷ সেই ফেল’শ্বিপৰ আওতাত লিখা কেইবাখনো কিতাপ প্রকাশ পাইছে, কিন্তু কেইবাগৰাকীও লেখকে কিছু অর্থ পোৱাৰ পিছত কামটো কৰিবলৈ বাদ দিলে৷ সেই লেখকসকলক দিয়া ধন আদায় কৰিবলৈকে প্রকাশন পৰিষদে আইনী ব্যৱস্থা হাতত ল’ব লগা হৈছে৷ এই কথাটো সকলো দিশৰ পৰাই অসন্মানজনক আৰু যি আঁচনিৰে লেখকসকলক উৎসাহ যোগোৱাৰ কথা ভবা হৈছিল, সেই আঁচনিৰ প্রতি অসন্মান প্রদর্শন আৰু লেখকজনৰ সততাহীনতাৰ প্রকাশ৷ সততাহীন লেখকৰ পৰা কোনোবাই কিবা আশা কৰাটো ভুল৷ চৰকাৰে আঁচনি বলৱৎ কৰিব পাৰে, কিন্তু তাক সফল কৰাৰ দায়িত্ব লেখকসকলৰো থাকিব৷ লেখক একোজনক উৎসাহ দিয়াৰ ক্ষেত্রত প্রকাশকৰ অৰিহণাও কম নহয়৷ এনে কিছু প্রকাশকক উৎসাহ দিব পৰা কিবা এটা প্রয়াস চৰকাৰে হাতত লোৱাটো গ্রন্থ জগতৰ বাবে সুখৰ কথা হ’ব৷