নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ন্যায়ৰ ব্যৱস্থালৈ অশুভ বার্তা

অসম কঁপোৱা গুৱাহাটীৰ ‘ডাবল মার্ডাৰ’ কাণ্ডৰ মূল অভিযুক্ত বন্দনা কলিতাই ৯ নৱেম্বৰত জামিনত মুক্তি লাভ কৰে৷ ২০২২ চনৰ ২৬ জুলাইত চানমাৰিৰ বাসগৃহত শাহুৱেক শংকৰী দে’ আৰু ১৭ আগষ্টত নুনমাটিৰ বাসগৃহত স্বামী অমৰ দে’ৰ নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিল বন্দনা কলিতা৷ চলিত বর্ষৰ ১৭ ফেব্রুৱাৰীত নুনমাটি আৰক্ষীয়ে বন্দনা কলিতাক গ্রেপ্তাৰ কৰাৰ পিছতেই পোহৰলৈ আহিছিল ‘ডাবল মার্ডাৰ’ৰ তথ্য৷ আৰক্ষীয়ে বন্দনা কলিতা আৰু তেওঁৰ সহযোগী ধনটি ডেকা আৰু অৰূপ ডেকাক গ্রেপ্তাৰ কৰি চলোৱা জেৰাৰ ভিত্তিত উক্ত শিহৰণকাৰী হত্যাকাণ্ডৰ বিতং তথ্য আহৰণ কৰাৰ লগতে মেঘালয়ৰ দুর্গম অঞ্চলত মৃতদেহৰ অংশবিশেষ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল৷ শংকৰী দে’ আৰু অমৰ দে’ৰ নৃশংস হত্যাকাণ্ডৰ ৰহস্য উদ্ঘাটনত মহানগৰ আৰক্ষীয়ে সাফল্য লাভ কৰাৰ বিপৰীতে এনে জঘন্য কাণ্ডত জড়িত অপৰাধীকেইজনক উপযুক্ত শাস্তি বিহাৰ বাবে যথোচিত পদক্ষেপ গ্রহণ কৰাৰ ক্ষেত্রত ব্যর্থ হৈছে আৰক্ষী তথা তদন্তকাৰী বিষয়া৷ গুৰুতৰ অপৰাধৰ গোচৰটোৰ নির্ধাৰিত সময়ৰ ভিতৰত পূর্ণাংগ অভিযোগনামা দাখিল আৰু ফৰেনছিক প্রতিবেদন দাখিলৰ অভাৱতে বন্দনা কলিতাই কামৰূপ মহানগৰ জিলাৰ সত্র ন্যায়াধীশ আদালতৰ জৰিয়তে জামিনত মুক্ত হৈছে৷ একে সময়তে মুকলি আকাশৰ তললৈ অহাৰ সুযোগ পাইছে অভিযুক্ত ধনটি ডেকাই৷ ইয়াৰ পূর্বে ১২ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে অভিযুক্ত অৰূপ ডেকাৰ জামিন মঞ্জুৰ কৰিছিল৷ প্রায় ৯ মাহ কাৰাৰুদ্ধ হৈ থকা বন্দনা কলিতা আৰু তেওঁৰ দুই সহযোগীৰ জামিনৰ বাবে ঘাইকৈ জগৰীয়া আৰক্ষীৰ পালমৰা তদন্ত ব্যৱস্থা৷ নির্ধাৰিত সময়ত প্রয়োজনীয় ফৰেনছিক পৰীক্ষাৰ প্রতিবেদনসহ পূর্ণাংগ অভিযোগনামা দাখিল কৰাহেঁতেন এনে গুৰুতৰ অপৰাধত অভিযুক্তকেইজনে জামিন লাভ কৰাটো কষ্টকৰ হ’লহেঁতেন৷ উপযুক্ত তদন্ত অবিহনে এজন ব্যক্তিক দীর্ঘকাল কাৰাৰুদ্ধ কৰি ৰাখিব নোৱাৰি৷ বন্দনা কলিতা আৰু তেওঁৰ সহযোগীসকলক কাৰামুক্ত কৰাৰ ক্ষেত্রত আৰক্ষীৰ পালমৰা তদন্তই সুযোগ উলিয়াই দিছে৷ এনে অনুসন্ধান ব্যৱস্থাৰ বাবে বন্দনা কলিতা আৰু তেওঁৰ সহযোগীসকলে আদালতৰ মজিয়াত নির্দোষিতা প্রমাণ কৰিলেও আচৰিত হ’বলগীয়া একো নাথাকিব৷ নিত্য নতুন শিহৰণকাৰী ঘটনাৰ পয়োভৰৰ বাবে আমাৰ সমাজখনে এদিন পাহৰি যাব শংকৰী দে’ আৰু অমৰ দে’ৰ নৃশংস হত্যাকাণ্ডৰ ঘটনা৷ এই গোচৰৰ মীমাংসা হোৱালৈ কিমান বছৰ লাগিব, তাৰো কোনো ঠিকনা নাই৷ যদিহে আমাৰ সমাজখনৰ অজ্ঞাতে এনে জঘন্য কাণ্ড সংঘটিত কৰা অপৰাধীকেইজনে নিজকে নির্দোষিতা প্রমাণ কৰিবলৈ সক্ষম হয়, তেন্তে ইয়াৰ প্রতিফল আমাৰ সমাজখনে ভুঞ্জিব লাগিব৷ এনে ঘটনাই সমাজৰ অপৰাধী চক্রক উৎসাহিত কৰিব৷ এইক্ষেত্রত আৰক্ষী আৰু তদন্তকাৰী সংস্থাসমূহে বিজ্ঞানসন্মত অনুসন্ধান আৰু নির্ধাৰিত সময়ত অভিযোগনামা দাখিলৰ ক্ষেত্রত সংশ্লিষ্ট বিভাগসমূহে কঠোৰ পদক্ষেপ গ্রহণ কৰা উচিত৷
বিগত প্রায় দুটা দশকত অসমত উগ্রপন্থীৰ হিংসাত্মক ঘটনা আশাপ্রদভাৱে হ্রাস পাইছে৷ কিন্তু অপৰাধজনিত ঘটনা পূর্ণগতিত চলি আছে৷ উগ্রপন্থীৰ বিভীষিকা হ্রাস পালেও গার্হস্থ্য হিংসাকে ধৰি অপৰাধ বৃদ্ধিৰ ঘটনাই সমাজৰ প্রতিটো শ্রেণীৰ লোকক চিন্তিত কৰি তুলিছে৷ সাম্প্রতিক সময়ত সম্পূর্ণৰূপে অপৰাধমুক্ত সমাজ এখন স্থাপন কৰাটো সহজসাধ্য নহয়৷ কিন্তু শান্তিপূর্ণ সমাজ এখন প্রতিষ্ঠা কৰিবলৈ হ’লে অপৰাধী চক্রলৈ কঠোৰ বার্তা দিবই লাগিব৷ অপৰাধ সংঘটিত কৰাসকলক দৃষ্টান্তমূলক শাস্তি বিহিলেহে ইয়াৰ সুফল সমাজত প্রতিফলিত হ’ব৷ কিন্তু বিগত সময়ছোৱাৰ তথ্যসমূহ নিৰীক্ষণ কৰিলেই এই কথা স্পষ্ট হয় যে আমাৰ পালমৰা তদন্ত ব্যৱস্থা আৰু ন্যায় ব্যৱস্থাৰ বিভিন্ন সুৰুঙা লৈ অপৰাধী চক্রৰ সিংহভাগেই কাৰাগাৰৰ বিপৰীতে মুক্ত বিচৰণ কৰিবলৈ সক্ষম হৈছে৷ বিগত ৭ বছৰত ৰাজ্যখনত পঞ্জীভুক্ত হত্যা, অপহৰণ, ধর্ষণ, লুণ্ঠন, ডকাইতি আদিৰ গোচৰত অভিযুক্ত কৰি আৰক্ষী তথা তদন্তকাৰী সংস্থাই যিসকলৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল সেইসকলৰ ৯১.৫০ শতাংশ লোকে আদালতৰ বিচাৰ প্রক্রিয়াত নির্দোষিতা প্রমাণ কৰিবলৈ সক্ষম হৈছে৷ এই সময়ছোৱাত মাথোঁ ৮.৫ শতাংশ লোককহে বিচাৰ প্রক্রিয়াত অপৰাধী ৰূপে গণ্য কৰা হৈছে৷ এয়া নিশ্চিতভাৱে আমাৰ সমাজখনৰ বাবে এক নিৰাশাজনক বার্তা৷ কিয়নো আৰক্ষী তথা তদন্তকাৰী সংস্থাই অভিযুক্ত কৰা ৯১.৫০ শতাংশ লোকে আদালতত নির্দোষিতা প্রমাণ কৰাৰ জৰিয়তে এই কথাই প্রমাণ হয় যে আমাৰ ন্যায় তথা তদন্ত ব্যৱস্থাই সঠিক দিশত গতি কৰা নাই৷ মাথোঁ ৮.৫০ শতাংশ আইনগতভাৱে কাৰাদণ্ডিত অপৰাধীৰ জৰিয়তে সমাজত শান্তি প্রতিষ্ঠা কেতিয়াও সম্ভৱ নহয়৷ কিয়নো বিভিন্ন গুৰুতৰ অপৰাধ সংঘটিত কৰা অপৰাধী চক্রটো এতিয়াও টিঘিলঘিলাই আছে আমাৰ সমাজত৷ এনে কাণ্ডবোৰ দেখি অপৰাধ ঘটনা সংঘটিত কৰিবলৈ একাংশ লোকে কুণ্ঠাবোধ নকৰাৰ পৰিৱেশো ৰচনা হৈছে৷ হত্যা, ধর্ষণ, শিশু নির্যাতন, ৰাজহুৱা ধন আত্মসাৎ আদিৰ দৰে গুৰুতৰ অপৰাধ সংঘটিত কৰা গোচৰসমূহ খৰতকীয়া মীমাংসাৰ জৰিয়তে দৃষ্টান্তমূলক শাস্তি বিহাৰ ব্যৱস্থা কৰিব লাগিব৷ এইক্ষেত্রত ৰাজ্য চৰকাৰৰ গৃহ বিভাগে অসম আৰক্ষী আৰু তদন্তকাৰী সংস্থাত আমূল সংস্কাৰৰ বাবে পদক্ষেপ গ্রহণ কৰিব লাগিব৷ গুৰুতৰ অপৰাধৰ গোচৰসমূহৰ তদন্ত আৰু বিচাৰ প্রক্রিয়াত জড়িত থকা তদন্তকাৰী বিষয়াসকলক বিজ্ঞানসন্মত তদন্তৰ বাবে প্রশিক্ষণ দিব লাগিব৷ নির্ধাৰিত সময়ৰ ভিতৰত অভিযোগনামা দাখিল নকৰা তদন্তকাৰী বিষয়াক জবাবদিহি কৰিব লাগিব৷ এইক্ষেত্রত তদন্তকাৰী বিষয়াক সহায় নকৰা ফৰেনছিক পৰীক্ষাৰ বিষয়াকো জবাবদিহি কৰাৰ ব্যৱস্থা গ্রহণ কৰা উচিত৷ অন্যথা বছৰ বছৰ ধৰি চলি থকা আমাৰ তদন্ত ব্যৱস্থাৰ ফটাজালখনেৰে অভিযুক্ত বন্দনা কলিতাৰ লেখিয়া অপৰাধীসকলে আমাৰ সমাজত মুক্ত বিচৰণ কৰাৰ সুযোগ লাভ কৰিব৷

You might also like