নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমলৈ অশনি সংকেত

বিশ্বৰ অন্যতম যুৱৰাষ্ট্র বাংলাদেশ এতিয়া অকল্পনীয় আৰু অবর্ণনীয় নৈৰাজ্যৰ গ্রাসত৷ শ্বেইখ হাছিনাৰ পদত্যাগ আৰু দেশত্যাগৰ পিছত দেশখনত যদিওবা এজন জনপ্রিয় ব্যক্তিৰ নেতৃত্বত অন্তর্ৱর্তীকালীন চৰকাৰ এখন গঠন হৈছে, দেশখনত অস্থিৰ–অৰাজক পৰিস্থিতিৰ সামান্যতমো উন্নতি ঘটা নাই৷ বৰং দিনকদিনে ইয়াৰ মাত্রা বাঢ়িহে গৈছে৷ কার্যতঃ দেশখনত আইন–শৃংখলা পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ কোনো ব্যৱস্থাই সক্রিয় হৈ থকা নাই৷ আৰক্ষী প্রশাসন নামৰ ব্যৱস্থাটো সম্পূর্ণৰূপে পংগু হৈ পৰিছে৷ ইয়াৰ বিপৰীতে জনসাধাৰণ লেকাম ছিগা আৱেগৰ এনে এখন জগতত প্রৱেশ আৰু বিচৰণ কৰিছে, য’ত যুক্তি এটা মৃতদেহত পৰিণত হৈছে৷ তীব্র খং আৰু আৱেগৰ বশৱর্তী হৈ মানুহে মুজিবুৰ ৰহমানৰ দৰে ব্যক্তি যিজনে স্বাধীন বাংলাদেশ গঠনৰ কঠিন সংগ্রামখনক নেতৃত্ব দিছিল আৰু বাঙালীৰ স্বাভিমানক বিশ্বৰ বুকুত নতুন ৰূপত প্রতিষ্ঠা কৰিছিল, তেওঁৰে প্রতিমূর্তিত তীব্র ঘৃণাৰে আক্রমণ কৰি ধূলিত মিহলি কৰি দিছে৷ তদুপৰি অন্ধ আৱেগত দেশখনৰ উন্মত্ত জনসাধাৰণে নিজকে হিংস্র জানোৱাৰত পৰিণত কৰি তুলিছে৷ য’তেই শ্বেইখ হাছিনা নেতৃত্বাধীন আৱামী লীগৰ নেতা–কর্মীক পাইছে, প্রতিহিংসাত হিতাহিত জ্ঞান হেৰুৱাই ত’তেই আক্রমণ সংঘটিত কৰিছে, হত্যাৰ দৰে চৰম অমানৱীয় পন্থা বিনাদ্বিধাই গ্রহণ কৰিছে৷ মানুহৰ এই উগ্রমূর্তি দেখি জনৰোষত পৰাৰ ভয়তে আৰক্ষী নিষ্ক্রিয় হৈ পৰিছে৷ অৰাজক পৰিস্থিতিৰ সুযোগ লৈছে দেশখনৰ অশুভ আৰু মৌলবাদী শক্তিসমূহে৷ এই প্রসংগতে বাংলাদেশৰ সৈতে পাকিস্তানৰ এটা মিল সন্মুখলৈ আহে৷ পাকিস্তানৰ জন্ম হৈছিল মূলতঃ হিন্দুৰ প্রতি ঘৃণাক মূলধন হিচাপে লৈ৷ তেতিয়া বাংলাদেশ নামৰ কোনো ৰাষ্ট্র নাছিল৷ মুজিবুৰ ৰহমানে ভাষা আৰু অর্থনৈতিক বৈষম্যৰ বাবে স্বাধীন বাংলাদেশৰ বুনিয়াদ ৰচনা কৰে৷ লগতে দেশখনক স্বাধীনো কৰে৷ কিন্তু হিন্দুৰ প্রতি ঘৃণা আৰু শত্রুতামূলক মনোভাব আৰু আচৰণ পাকিস্তানীৰ দৰে বাংলাদেশীৰো ডি এন এ–ই এটা ৰূপ লাভ কৰে৷ সেয়ে বাংলাদেশত যেতিয়াই অস্থিৰতাৰ সৃষ্টি হয়, তেতিয়াই তেজত পিৰপিৰাই হিন্দুবিৰোধী মনোভাবটো মুহূর্ততে জাগ্রত হৈ পৰে আৰু হিন্দুৰ বিৰুদ্ধে দেশখনত সামূহিক অত্যাচাৰ, নির্যাতন, লুটপাত আদি আৰম্ভ হয়৷ এইবাৰো তাৰ ব্যতিক্রম নহ’ল৷ দেশখনত গণ আন্দোলনৰ ৰূপ পৰিগ্রহ কৰা সংগ্রামখন আছিল অসামৰিক সেৱাৰ চাকৰিত মুক্তিযোদ্ধাৰ পৰিয়ালৰ বাবে সংৰক্ষণৰ বিৰোধিতা কৰা৷ মেধাৰ বাট সংৰক্ষণৰ জৰিয়তে বন্ধ কৰিব বিচৰা চৰকাৰী অপ্রয়াসৰ বিৰোধিতাত ছাত্র সমাজ ৰাজপথলৈ ওলাই অহাটো স্বাভাৱিক৷ আন্দোলনটোক মষিমূৰ কৰিবলৈ শ্বেইখ হাছিনা চৰকাৰে গ্রহণ কৰা দমনমূলক নীতিৰ পৰিপ্রেক্ষিতত ই গণক্রোধ আৰু গণ আন্দোলনৰ ৰূপ লয় আৰু জনসাধাৰণৰ ক্রোধাগ্ণিত পৰি শ্বেইখ হাছিনাই প্রধানমন্ত্রী পদ এৰাৰ লগতে দেশ এৰি পলায়ন কৰিবলৈ বাধ্য হয়৷ কিন্তু আন্দোলনটোৰ কোনো অংশতে হিন্দুবিৰোধী শ্ল’গান দিয়া হোৱা নাছিল৷ কোনো এজন ছাত্রনেতাই আন্দোলনটো হিন্দুৰ বিৰুদ্ধে বুলি এবাৰো উচ্চাৰণ কৰা নাছিল৷ কিন্তু চৰকাৰৰ পতন ঘটাৰ লগে লগে অথবা আন্দোলনটোৱে সফলতাৰ বাটত খোজ দিয়াৰ লগে লগে হিন্দুৰ বিৰুদ্ধে সংগঠিত অপৰাধ আৰম্ভ হৈ পৰে৷ এইখিনিতে পাকিস্তানী আৰু বাংলাদেশীৰ মাজত মিলটো৷ মিলটো ৰাষ্ট্র গঠনৰ গুৰিৰ পৰাই দেশ দুখনৰ জনগণে অর্জন কৰা৷ ইয়াৰ পৰিৱর্তন সহজ নহয়৷ যদিওবা শ্বেইখ হাছিনা নেতৃত্বাধীন আৱামী লীগক দেশখনত বসবাস কৰা হিন্দুৰ প্রতি সহানুভূতিশীল বুলি ভাৰতত প্রতিষ্ঠা কৰা বা ধাৰণা এটা বিয়পাই দিয়াৰ প্রয়াস চলি থাকে, বাস্তৱ ক্ষেত্রত ইও সত্যৰ ওপৰত প্রতিষ্ঠিত নহয়৷
বাংলাদেশত শাসক দল সলনি হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ গণৰোষত পৰা আৱামী লীগৰ প্রতি এই মুহূর্তত জনসাধাৰণৰ সমর্থন আৰু সহানুভূতি ইতিহাসৰ সর্বনিম্ন স্তৰত উপনীত হোৱা বুলি ক’ব পাৰি৷ দেশখনত বিৰাজমান অস্থিৰ অৱস্থাৰ অৱসান ঘটিলে গণতান্ত্রিক ব্যৱস্থাৰ মাজলৈ দেশখখনক ওভতাই অনাৰ প্রয়াস নিশ্চয় চলিব৷ শাসনভাৰ নির্বাচিত চৰকাৰ এখনৰ হাতত তুলি দিয়াৰ প্রয়াস আৰম্ভ নিশ্চয়কৈ হ’ব৷ ইয়াৰ সৰল অর্থটো হৈছে দেশখনত সাধাৰণ নির্বাচন অনুষ্ঠিত হ’ব৷ নির্বাচনটো আৱামী লীগৰ বাবে বিভিন্ন কাৰণত কঠিন হৈ পৰিব৷ দলটোৱে নির্বাচনত অৱতীর্ণ হোৱাৰ যোগ্যতাও হেৰুৱাব পাৰে৷ নাইবা বহু নেতাৰ ভাগ্যত কাৰাগাৰ, ফাঁচি আদিও মিলিব পাৰে৷ ছাত্র আন্দোলনটোৰ সময়ত চলা চৰকাৰী অত্যাচাৰ, হত্যাৰ বিচাৰ পর্ব এটা দেশখনৰ জনসাধাৰণক সন্তুষ্ট কৰাৰ বাবেই চলিব পাৰে৷ তেনেধৰণৰ বিচাৰ প্রক্রিয়া সাধাৰণতে প্রহসনহে হয়৷ আৱামী লীগৰ নেতা–কর্মীৰ বাবে তেনে বিচাৰ প্রক্রিয়াই ভাল খবৰ ননাৰ সম্ভাৱনাই প্রবল৷ ইয়াৰ বিপৰীতে দেশখনৰ ৰাষ্ট্রপতিয়ে শ্বেইখ হাছিনাৰ দেশত্যাগৰ পিছতে বিএনপিৰ কাৰাবন্দী নেত্রী তথা প্রাক্তন প্রধানমন্ত্রী খালেদা জিয়াক মুক্তিৰ নির্দেশ দি পৰোক্ষভাৱে বুজাই দিলে যে দেশখনৰ পৰৱর্তী শাসক আৰু শাসনৰ নেতৃত্ব কাৰ হাতলৈ যাব পাৰে৷ সেনাৰ মুৰব্বীৰ সৈতে মিলি গ্রহণ কৰা সিদ্ধান্তটোৰ জৰিয়তে দেশখনৰ জনসাধাৰণক ইয়াৰ বাবে একপ্রকাৰ মানসিকভাৱে প্রস্তুত কৰাৰো দিহা কৰিলে৷ দেশখনৰ জনসাধাৰণো সেইটো দিশেৰে যোৱাৰ সম্ভাৱনাও আছে৷ অর্থাৎ বাংলাদেশৰ পৰৱর্তী শাসক বাংলাদেশ জাতীয়তাবাদী দল (বিএনপি) আৰু খালেদা জিয়া হোৱাৰ সম্ভাৱনা আছে৷ শ্বেইখ হাছিনা আৰু খালেদা জিয়া দুটা ৰাজনৈতিক ধাৰাৰ প্রতিনিধি৷ শ্বেইখ হাছিনা বাংলাদেশৰ স্বাধীনতা আন্দোলনৰ পিতৃ বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ কন্যা৷ তেওঁ ভাৰতৰ স্বাভাৱিক মিত্র৷ ইয়াৰ বিপৰীতে খালেদা জিয়া হৈছে বাংলাদেশৰ সামৰিক শাসক তথা প্রাক্তন ৰাষ্ট্রপতি জিয়াউৰ ৰহমানৰ পত্নী৷ বাংলাদেশৰ সামৰিক শাসকসকলৰ মাজত গুৰুত্বপূর্ণ মিল এটা আছে– তেওঁলোক পাকিস্তানপন্থী আৰু ভাৰতবিৰোধী৷ খালেদা জিয়াও একেই ৰাজনৈতিক ধাৰাৰ ধ্বজাবাহক৷ অর্থাৎ খালেদা জিয়া ক্ষমতালৈ অহা মানেই বাংলাদেশ ভাৰতবিৰোধী শিবিৰ মানে চীনৰ কোলালৈ গুচি যোৱা৷ তদুপৰি আন এটা সংশয় আছে৷ পাকিস্তান আৰু বাংলাদেশে আজিলৈকে যিমানজন সামৰিক শাসক লাভ কৰিছে, সকলো ইছলামিক মৌলবাদীৰ মিত্র৷ ক্ষমতাত তিষ্ঠি থকাৰ স্বার্থত তেওঁলোকে মৌলবাদ আৰু মৌলবাদীৰ জৰিয়তে ভাৰতবিৰোধী স্থিতি গ্রহণ কৰি দেশৰ জনসাধাৰণৰ নয়নৰ মণি হৈ থাকিব বিচাৰে৷ তদুপৰি বিএনপি হৈছে বাংলাদেশৰ ইছলামিক মৌলবাদী ৰাজনৈতিক শক্তিসমূহক লৈ গঠিত এখন ৰাজনৈতিক মঞ্চ৷ ক্ষমতাত থাকিবলৈ মঞ্চখনে সাধাৰণ বাংলাদেশীৰ মনত থকা হিন্দুবিৰোধী মনোভাব উচটাই থাকে আৰু থাকিব৷ দেশখন ভাৰতবিৰোধী ইছলামিক মৌলবাদী তথা সন্ত্রাসবাদীৰ ঘাটি হৈ পৰিব পাৰে৷ নতুন দিল্লীয়ে বাংলাদেশৰ পৰিৱর্তিত ৰাজনৈতিক প্রেক্ষাপটক লৈ এতিয়াৰ পৰাই চিন্তা–চর্চা আৰম্ভ কৰিব লাগিব৷ বিশেষকৈ উত্তৰ–পূবলৈ আহিব পৰা সংকটৰ কথা এতিয়াই অনুধাৱন কৰিব নোৱাৰিলে অসমসহ ৰাজ্যকেইখন কাশ্মীৰৰ দৰে অনিশ্চয়তাৰ গ্রাসত পৰিব পাৰে৷

You might also like