বাংলাদেশৰ ভাৰতবিদ্বেষী স্থিতি
চুবুৰীয়া বাংলাদেশে কেতিয়াও অসমৰ প্রতি বন্ধু দেশৰ আচৰণ কৰা নাছিল আৰু ভৱিষ্যতেও নকৰে৷ চুবুৰীয়া দেশখনৰ স্বাধীনতা অর্জনৰ যুঁজখনৰ পৰা আৰম্ভ কৰি বিগত ৫ দশকত ভাৰতে অশেষ সহায় কৰি আহিছে৷ বাংলাদেশৰ আন্তঃগাঁথনি শক্তিশালী কৰিবলৈ ভাৰতে চুবুৰীয়া দেশখনক যিমান সহায় কৰিছে, সেয়া বিৰল ঘটনা৷ এনে বন্ধুত্বপূর্ণ সম্পর্ক সত্ত্বেও চুবুৰীয়া দেশখনে অসম তথা ভাৰতবর্ষৰ প্রতি সদয় হোৱাৰ বিশেষ লক্ষণ প্রদর্শন কৰা নাই৷ বাংলাদেশৰ স’তে ভাৰতৰ ৪,০৯৬ কিলোমিটাৰ সীমান্ত সামৰি আছে৷ ইয়াৰে চুবুৰীয়া পশ্চিমবংগৰ স’তে ২,২১৭ কিলোমিটাৰ, ত্রিপুৰাৰ ৮৫৪ কিলোমিটাৰ, মেঘালয়ৰ ৪৪৩ কিলোমিটাৰ আৰু অসমৰ ২৬৩ কিলোমিটাৰ সীমান্তৰ দূৰত্ব৷ বাংলাদেশৰ লগতে অসমৰ সীমান্তত আছে ভূটান দেশ৷ ভাৰত আৰু ভূটানৰ সীমান্তৰ দূৰত্ব ৬৯৯ কিলোমিটাৰ৷ বাংলাদেশ আৰু অসমৰ সীমান্তৰ দূৰত্ব ২৬৩ কিলোমিটাৰৰ বিপৰীতে অসম–ভূটান সীমান্তৰ দূৰত্ব ২৬৫.৮০ কিলোমিটাৰ৷ অর্থাৎ অসমত বাংলাদেশ সীমান্ততকৈ ভূটানৰ সীমান্ত অধিক হোৱা সত্ত্বেও চুবুৰীয়া ভূটানৰ স’তে বিশেষ সংঘাত নাই৷ ভূটানে বন্ধু দেশৰ দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ ফলত দুয়োখন দেশৰ মাজত অনুপ্রৱেশৰ কোনো সমস্যাই আজিলৈ দেখা দিয়া নাই৷ ফলত কাঁটাতাঁৰৰ বেৰ নির্মাণ কৰিব লগা পৰিস্থিতিৰো উদ্ভৱ হোৱা নাই৷ চুবুৰীয়া ভূটানৰ এনে বন্ধুত্বপূর্ণ সম্পর্কৰ বিপৰীতে বাংলাদেশে অসমকে ধৰি ভাৰতৰ সীমামূৰীয়া ৰাজ্যসমূহত দীর্ঘকাল অনুপ্রৱেশৰ জৰিয়তে ভয়াৱহ সমস্যাৰ সৃষ্টি কৰি আহিছে৷ বিগত এটা দশকত বাংলাদেশী অনুপ্রৱেশকাৰীৰ সমস্যাই অসমৰ জনগাঁথনি সলনি কৰি খিলঞ্জীয়া লোকসকলৰ জীৱন আৰু জীৱিকাৰ প্রতি ভাবুকিৰ সৃষ্টি কৰি আহিছে৷ আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ পূর্বৰে পৰা বাংলাদেশৰ পৰা অনুপ্রৱেশ চলি আছে৷ দেশে স্বাধীনতা লাভ কৰাৰ পাছতো বাংলাদেশী অনুপ্রৱেশৰ সমস্যাৰ সমাধান হোৱা নাই৷ অনুপ্রৱেশৰ ভয়াৱহ সমস্যাক বাধা দিয়াৰ লক্ষ্যৰে চুবুৰীয়া দেশখনৰ সীমান্তত কাঁটাতাঁৰৰ বেৰ নির্মাণ কৰাই নহয়, বিএছএফৰ অতন্ত্র পহৰাৰ ব্যৱস্থা কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ এনে ব্যৱস্থায়ো কিন্তু চুবুৰীয়া দেশখনৰ অনুপ্রৱেশ ৰোধ কৰিবলৈ সক্ষম হোৱা নাই৷ নিতৌ চুবুৰীয়া দেশখনৰ পৰা অবৈধভাৱে প্রৱেশ কৰা লোকক সীমান্তৱর্তী ৰাজ্যসমূহৰ নিৰাপত্তাৰক্ষীয়ে আটক কৰি আছে৷
বাংলাদেশৰ শাসকপক্ষৰ পট পৰিৱর্তনৰ লগে লগে চুবুৰীয়া দেশখনৰ ভাৰতবিৰোধী স্থিতি স্পষ্ট হৈছে৷ প্রধানমন্ত্রী শ্বেইখ হাছিনাক ক্ষমতাচ্যুত কৰি ড০ মহম্মদ ইউনুছ নেতৃত্বাধীন চৰকাৰখনে কার্যভাৰ গ্রহণ কৰাৰ পাছতেই বাংলাদেশত মুকলিকৈ আৰম্ভ হৈছে মৌলবাদী জেহাদীৰ লগতে ভাৰতবিৰোধী শক্তিসমূহৰ উত্থান৷ বাংলাদেশৰ পূর্বৰ প্রধানমন্ত্রী শ্বেইখ হাছিনাই প্রায় ডেৰ দশক ধৰি ভাৰতৰ স’তে বন্ধুত্বপূর্ণ সম্পর্ক স্থাপনৰ বাবে কিছু পৰিমাণে চেষ্টা চলাইছিল৷ খালেদা জিয়া নেতৃত্বাধীন বিএনপি চৰকাৰৰ কার্যকালত বাংলাদেশত উত্থান হোৱা মৌলবাদ আৰু উত্তৰ–পূর্বাঞ্চলৰ উগ্রপন্থীৰ ঘাটি উৎখাত কৰিবলৈ ধাৰাবাহিক অভিযান চলাইছিল শ্বেইখ হাছিনা চৰকাৰে৷ শ্বেইখ হাছিনাই ভালদৰে বুজিছিল যে চুবুৰীয়া ভাৰতবর্ষৰ স’তে বন্ধুত্বপূর্ণ সম্পর্কৰ দ্বাৰাহে উভয় দেশৰ বিকাশ আৰু কল্যাণ সম্ভৱ৷ কিন্তু বাংলাদেশৰ স্বাধীনতা সংগ্রামত যিখন পাকিস্তানে নাৰকীয় অত্যাচাৰ চলাইছিল, আজি সেইখন আক্রমণকাৰী দেশৰ স’তে বাংলাদেশে মুকলিভাৱে হাত মিলাইছে৷ আনকি ধর্মৰ ভিত্তিত ভাৰতবিৰোধী যুদ্ধংদেহি স্থিতি গ্রহণ কৰিবলৈ উঠি-পৰি লাগিছে চুবুৰীয়া দেশ দুখনে৷ বাংলাদেশৰ এনে ভাৰতবিৰোধী স্থিতিয়ে নিশ্চিতভাৱে অধিক ক্ষতি কৰিব অসমকে ধৰি দেশৰ চুবুৰীয়া ৰাজ্যসমূহৰ৷ প্রায় ডেৰ দশকজোৰা বাংলাদেশত ঘাটি উৎখাত কৰাৰ বাবে ২০১০ আৰু ২০১১ বর্ষত আলফা আৰু এনডিএফবিৰ অধিকাংশ শীর্ষ নেতাই আলোচনাৰ পথ গ্রহণ কৰিবলৈ বাধ্য হৈছিল৷ সম্প্রতি আলফাৰ বাহিৰে ৰাজ্যখনৰ উগ্রপন্থী সংগঠনসমূহৰ অস্তিত্ব নাই৷ আলফাৰ সাংগঠনিক ভেটিও বহু পৰিমাণে দুর্বল হৈছে৷ কিন্তু পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনৰ কিছুসংখ্যক নেতা–সদস্যই সাংগঠনিক ভেটি গঢ়িবলৈ চেষ্টা চলাই আছে৷ পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনৰ স’তে আলোচনা প্রক্রিয়া আৰম্ভ কৰাৰ বাবেও চৰকাৰে পদক্ষেপ লৈছে৷ কিন্তু অসমকে ধৰি ভাৰতবর্ষত অস্থিৰতাৰ সৃষ্টি কৰিবলৈ বাংলাদেশে আকৌ চুবুৰীয়া দেশখনত উত্তৰ–পূর্বাঞ্চলৰ উগ্রপন্থীৰ ঘাটি স্থাপন কৰিবলৈ চক্রান্ত চলাইছে৷ পাকিস্তানৰ কুখ্যাত চোৰাংচোৱা সংস্থা আইএছআইৰ এটি দলে বাংলাদেশৰ ছট্টগ্রামত আলফা স্বাধীনৰ এটি দলৰ স’তে শেহতীয়াকৈ গোপন বৈঠকত মিলিত হোৱাৰ বাতৰি প্রকাশ হৈছে৷ পৰেশ বৰুৱাৰে ঘনিষ্ঠ নেতা নয়ন মেধিৰ নেতৃত্বত আলফাৰ দলটোৰ স’তে আইএছআইৰ বৈঠকখনক লৈ উদ্বিগ্ণতা বৃদ্ধি হৈছে৷ কিয়নো পাকিস্তানী চোৰাংচোৱা সংস্থাই অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বিচ্ছিন্নতাবাদী সশস্ত্র সংগঠনক বাংলাদেশৰ ভূমিত আলোচনাৰ সুযোগ প্রদান কৰাটো নিতান্তই চিন্তাজনক বিষয়৷ ২১ জানুৱাৰীৰ পৰা তিনিদিনীয়া কার্যসূচীৰে বাংলাদেশ ভ্রমণ কৰা আইএছআইৰ মুৰব্বীগৰাকীৰ শেহতীয়া তৎপৰতাও লক্ষণীয় হৈছে৷ ছদ্মবেশী বন্ধু দেশৰ প্রকৃত স্বৰূপ উন্মোচনে চুবুৰীয়া দেশখনক যে অধিক ক্ষতি কৰিব সেয়া নিশ্চিত৷ কিয়নো বাংলাদেশৰ অন্তর্ৱর্তী চৰকাৰখনৰ গুৰিব’ঠা ন’বেলজয়ী অর্থনীতিবিদ ড০ ইউনুছৰ হাতত থাকিলেও দেশখনৰ অর্থনীতি ইতিমধ্যে বিধ্বস্ত হৈছে৷ এনে পৰিস্থিতিত বাংলাদেশত মৌলবাদ আৰু উগ্রপন্থীৰ উত্থানে দেশখনৰ অৱস্থা আৰু অধিক বিপজ্জনক হোৱাৰ আশংকা আছে৷