গুৱাহাটীৰ সৌন্দর্যবর্ধন
গুৱাহাটী চহৰখনক ধুনীয়াকৈ সজাই–পৰাই তুলিবলৈ চৰকাৰে বিভিন্ন সময়ত বিভিন্ন আঁচনি লৈ আহিছে যদিও সেই আঁচনিবোৰৰ মাজত সৌন্দর্য সচেতনতাৰ কোনোধৰণৰ প্রতিফলন ঘটা নাই৷ দ্বিতীয়তে, এই আঁচনিবোৰ মতে কৰা কামে ঐতিহ্য সম্পদবোৰ নষ্ট কৰিছে, নতুনকৈ সৃষ্টি কৰা ‘চহৰ–চিহ্ণ’বোৰক বিজ্ঞাপন দাতাৰ হাতত গতাই দিয়া হৈছে৷ ‘চহৰ–চিহ্ণ’বোৰ যেন গুৱাহাটী পৌৰ প্রশাসনৰ বাবে বিজ্ঞাপন কোম্পানীক ভাৰা দিয়াৰ বাবেহে নির্মাণ কৰা হৈছে৷ শেহতীয়াভাৱে দেখা গৈছে যে নবীন বৰদলৈ ভৱনৰ কাষত থকা ‘ফাউণ্টেইন’টোৰ পৰা বিজ্ঞাপনবোৰ উচ্ছেদ কৰা হৈছে আৰু ফাউণ্টেইনটো অলপ চকুত পৰা হৈছে৷ কিন্তু একেলগে তাৰ দেহত ৰঙৰ প্রলেপো সানি দিয়া হৈছে, যি কার্যই তাৰ ঐতিহ্যত মূলতঃ আঘাত হানিছে৷ পৌৰ প্রশাসন বিভাগকে ধৰি অসম চৰকাৰৰ কোনো বিভাগৰে মানে বিভাগবোৰৰ সিদ্ধান্ত গ্রহণ কৰা বিষয়াসকলৰ সৌন্দর্য চেতনা আৰু ঐতিহ্য চেতনা নাই৷ থকা হ’লে শিলপুখুৰীৰ পাৰত ৰাজহুৱা শৌচালয় নির্মাণ নকৰিলেহেঁতেন৷ আজি সমগ্র ভাৰতৰ দায়বদ্ধ প্রতিষ্ঠানসমূহে ঐতিহ্য ৰক্ষাৰ বিভিন্ন দিশৰ বিকাশৰ বাবে প্রয়োজনীয় বোধ, পৰিকল্পনা আৰু পৰিৱর্তিত সময়ৰ সংস্কৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু সেইবাবেই ঐতিহ্য সংৰক্ষণক এতিয়া আৰু অকল সংৰক্ষণ হিচাপে বিবেচনা নকৰি ঐতিহ্য ব্যৱস্থাপনা বা পৰিচালনা হিচাপে গণ্য কৰা হয়৷ ভাৰতীয় সংস্কৃতি আৰু সভ্যতা ৰক্ষাৰ প্রতিশ্রুতি দি শাসনলৈ অহা চৰকাৰখনে সভ্যতাৰ এই দিশবোৰৰ প্রতিও চকু দিব আৰু নতুন পৰম্পৰা নির্মাণৰ আৰম্ভণি কৰিব বুলি আশা কৰে৷ অসম চুক্তিৰ ফলস্বৰূপে নির্মাণ হোৱা শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রই অসমীয়া ভাষা আৰু ঐতিহ্যক প্রথম শাৰীত ৰাখি এক নতুন স্বাভিমানী পৰম্পৰাৰ জন্ম দিছিল আৰু তাৰ ধাৰাবাহিকতা ৰক্ষা কৰা হৈ আছিল৷ কিন্তু শেহতীয়াভাৱে কলাক্ষেত্রই আৰম্ভ কৰিবলৈ বিচৰা নাট্য–ভিলেখাগাৰত এই পৰম্পৰাক ঠেলি দি ইংৰাজীয়ে প্রথম স্থান অধিকাৰ কৰা দেখা গৈছে৷ কথাটো দেখাত সৰু, কিন্তু তাৰ প্রতিক্রিয়া হ’ব সুদূৰপ্রসাৰী, ই মাজুলীত গির্জা নির্মাণৰ দৰেই কথা৷
গুৱাহাটীৰ পৌৰ প্রশাসনে কটন কলেজৰ ওচৰতে মুম্বাইৰ খাও গলিৰ আর্হিত ফাষ্টফুড বা তেনেজাতীয় খাদ্যৰ দোকান খোলাৰ কথা ভাবিছে৷ এনেকুৱা একোডোখৰ ঠাইৰ উদ্ভাৱনে পৌৰ নিগমক ৰাজহ গোটোৱাৰ এটা পথ মুকলি কৰি দিব ঠিকেই, কিন্তু ই একে সময়তে আন কেইটামান প্রশ্ণৰো জন্ম দিয়ে৷ আনৰ ভাল উদাহৰণ অনুকৰণ বা অনুসৰণ কৰাটো একো দোষণীয় নহয়, কিন্তু যিকোনো এটা কাম বেলেগত দেখি আহি কৰাৰ পৰিৱর্তে নিজৰ উদ্ভাৱনী শক্তিৰ প্রয়োগ কৰিলেহে এটা জাতিৰ সভ্যতা আৰু সংস্কৃতিক আগবঢ়াই নিব পাৰে৷ অনুশীলন পর্যায়ত অনুকৰণৰ এটা গুৰুত্ব থাকে, অনুকৰণ যিমানেই ভাল নহওক কিয়, ই কেতিয়াও মান্যতা অর্জন কৰিব নোৱাৰে৷ খোৱাবস্তুৰ দোকান এটা প্রয়োজনীয় বস্তু, জনসমাগম হোৱা ৰাজহুৱা ঠাইত বিশেষকৈ ক’ট–কাছাৰী বা হাস্পতাল আদিৰ ওচৰত কম খৰচত খোৱা বস্তু পাব পৰা ভাল ঠাইৰ ব্যৱস্থা নিশ্চয় প্রশংসনীয় হ’ব৷ কিন্তু ঐতিহ্যমণ্ডিত কটন কলেজৰ দৰে বিদ্যামন্দিৰৰ ওচৰত প্রতিষ্ঠা হ’ব লাগিছিল বাণীৰ আৰাধনাস্থলী৷ কিন্তু পৌৰ প্রশাসনে যেতিয়া সৰস্বতীৰ কথা বাদ দি কেৱল লক্ষ্মীৰ আৰাধনাতেই নামি পৰে, তেতিয়া এয়াই স্বাভাৱিক কথা হৈ পৰে৷ মুম্বাইৰ কথা অনুকৰণ কৰাৰ সলনি বহু বছৰ আগতে ভবেন্দ্র নাথ শইকীয়াই সপোন দেখা ‘গ্রন্থ–গলি’ৰ কথা বাস্তৱায়িত কৰাৰ কথাও ভাবিলে পৌৰ প্রশাসনে এটা মৌলিক কামৰ কথা ভবা বুলি নাগৰিকে আনন্দ লাভ কৰিব পাৰিলেহেঁতেন৷ অকল ইমানেই নহয়, ই প্রভাৱ পেলালেহেঁতেন অসমৰ বিদ্যায়তনিক পৰম্পৰাত৷ কিন্তু খালী ঠাই দেখা পালেই তাক ভাৰালৈ দি পইচা উপার্জন কৰিব বিচৰা বিভাগ এটাৰ পৰা ইয়াতকৈ বেছি আশা কৰিবও নোৱাৰি৷ নাগৰিকে কৰ আদায় দিছে এখন বাসযোগ্য ঠাইত বাস কৰাৰ আশাত৷ গুৱাহাটীৰ আকাশৰ পিনে চাব নোৱাৰি, কেৱল ভূতৰ আঙুলিৰ দৰে লোহাৰ ফ্রেম, উপভোক্তাবাদৰ বিজ্ঞাপনৰ উৎপাত আৰু সন্ধিয়াৰ পৰা অপৰিকল্পিত লাইটৰ প্রদূষণ৷ ইফালে, কৰদাতাৰ পইচাৰে নিগমে গানৰ ভিডি’ প্রকাশ কৰিছে, যেন সেই গান শুনি ৰাইজে ৰাস্তাত ঝাডু মাৰি থাকিব৷ এনেকৈ বিভাগ এটা চলি থাকিব পাৰিব, কিন্তু চৰকাৰখনে আশা দেখুৱাই অহা সভ্যতা–সংস্কৃতিৰ বিকাশত নিগমে একো সহায় কৰিব নোৱাৰিব৷