নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ৰামায়ণ’ ধাৰাবাহিকৰ ‘ৰাৱণ’ অৰবিন্দ ত্রিবেদীৰ দেহাৱসান, শোকপ্রকাশ প্রধানমন্ত্রীৰ

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰঃ প্ৰবীণ অভিনেতা আৰু প্ৰাক্তন সাংসদ অৰবিন্দ ত্ৰিবেদীয়ে মহালয়াৰ আগ নিশা ইহলীলা সম্বৰণ কৰে। হিন্দী দূৰদৰ্শনৰ দৰ্শকৰ বাবে অতি চিনাকী মুখ অৰবিন্দ ত্ৰিবেদীয়ে ‘ৰামায়ণ’ ধাৰাবাহিকৰ ‘ৰাৱণ’ চৰিত্ৰটো ৰূপায়ন কৰিছিল। প্ৰবীণ অভিনেতাগৰাকীৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে শোক প্ৰকাশ কৰিছে।

অৰবিন্দ ত্ৰিবেদীৰ জন্ম ১৯৩৮ চনৰ ৮ নৱেম্বৰত মধ্য প্ৰদেশৰ উজ্জয়িনীত হৈছিল। গুজৰাটী থিয়েটাৰত অভিনয় কৰিয়ে তেওঁৰ অভিনয়ৰ জগতখনৰ সৈতে জড়িত হৈ পৰিছিল। তাৰ পিছত তেওঁ ৰামানন্দ সাগৰৰ আটাইতকৈ জনপ্ৰিয় ধাৰাবাহিক ‘ৰামায়ণ’ত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰে। ৰামায়ণৰ লগতে ‘বিক্ৰম অউৰ বেতাল’ নামৰ জনপ্ৰিয় ধাৰাবাহিকখনটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

তেওঁৰ ৪০ বছৰীয়া দীঘলীয়া অভিনয় জীৱনত দৰ্শকসকলক বহুতো অনবদ্য চৰিত্ৰ উপহাৰ দিছে। যাৰবাবে তেওঁ কেইবাটাও চৰকাৰী বঁটাও লাভ কৰিছে। অভিনয়ৰ উপৰিও তেওঁ ৰাজনৈতিক জগততো ভৰি দি ১৯৯১ চনৰ পৰা ১৯৯৬ লৈ এজন বিজেপি সাংসদ ৰূপে সেৱা আগবঢ়াইছিল।

সেইগৰাকী অৰবিন্দ ত্ৰিবেদী যোৱা কেইবাদিনৰ পৰা শাৰীৰিক অসুস্থতাত ভুগি আছিল। ৮২ বছৰীয়া অভিনেতাজনৰ মঙলবাৰে নিশা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। প্ৰিয় অভিনেতাগৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে অভিনয়জগত।

অভিনেতাগৰাকীৰ মৃত্যুত টুইটযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শোক প্ৰকাশ কৰিছে।

You might also like