নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিতাধিকাৰীকেন্দ্রিক আঁচনি

স্বাধীনতা লাভৰ ৭৬ বছৰ অতিক্রম কৰাৰ পিছতো দেশত দুখীয়া–দৰিদ্র পৰিয়ালৰ দুর্দশা আঁতৰা নাই৷ চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ জৰিয়তে সমাজৰ অৱহেলিত আৰু পিছপৰা শ্রেণীৰ লোকসকলে এতিয়াও উপকৃত হোৱা নাই৷ ফলত আমাৰ সমাজ ব্যৱস্থাত চৰকাৰী আঁচনিসমূহৰ আশাব্যঞ্জক সফলতা এতিয়াও প্রতিফলন হোৱা নাই৷ সমাজৰ দুখীয়া আৰু পিছপৰা লোকসকলৰ কল্যাণৰ বাবে শেহতীয়াকৈ হিতাধিকাৰীকেন্দ্রিক আঁচনিত সর্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে৷ দুখীয়া আৰু দৰিদ্র পৰিয়ালসকলে যাতে এনে আঁচনিৰ জৰিয়তে প্রত্যক্ষভাৱে লাভৱান হয়, তাৰ প্রতি হিতাধিকাৰীকেন্দ্রিক আঁচনিত শেহতীয়াকৈ অধিক গুৰুত্ব প্রদান কৰা পৰিলক্ষিত হৈছে৷ হিতাধিকাৰীৰ আঁচনিৰ পুঁজি দুর্নীতিগ্রস্ত চৰকাৰী বিষয়া–কর্মচাৰী অথবা শাসকীয় দলৰ নেতা–পালিনেতাই যাতে হৰণ–ভগন কৰিব নোৱাৰে, তাৰ বাবে প্রত্যক্ষভাৱে হিতাধিকাৰীৰ বেংক একাউণ্টত জমা দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ এনে ব্যৱস্থাৰ জৰিয়তে হিতাধিকাৰীসকল লাভৱান হৈছে৷ কিন্তু হিতাধিকাৰীকেন্দ্রিক আঁচনিক লৈ আমাৰ সমাজখনত এতিয়া বিতর্ক আৰু প্রতিক্রিয়া অব্যাহত আছে৷ হিতাধিকাৰীকেন্দ্রিক আঁচনিক কেন্দ্র কৰিয়েই শাসকীয় দলসমূহৰ পুনৰ ক্ষমতা দখলৰ অংক নতুন কথা নহয়৷ চৰকাৰৰ নেতৃত্বৰ পৰিৱর্তন হ’লেও হিতাধিকাৰীকেন্দ্রিক আঁচনি চলি আছে৷ বিৰোধী দল–সংগঠনসমূহে এনে আঁচনিৰ বিৰোধিতা কৰি আছে৷ কাৰোবাৰ সমর্থন কাৰোবাৰ বিৰোধিতা সত্ত্বেও এনে আঁচনিৰ পয়োভৰ দিনকদিনে বৃদ্ধি হৈছে৷ যোৱা ১৯ ছেপ্টেম্বৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শুভাৰম্ভ কৰে অৰুণোদয় ৩.০ আঁচনি৷ ২০২১ত ৰাজ্যৰ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হৈয়ে মুখ্যমন্ত্রী ড০ শর্মাই আৰম্ভ কৰিছিল অৰুণোদয় আঁচনি৷ ইতিমধ্যে দুটা পর্যায়ত অৰুণোদয় আঁচনি কার্যকৰী হৈ থকাৰ সময়তে অৰুণোদয় ৩.০ৰ অধীনত নতুন ১২.৬০ লাখ হিতাধিকাৰীয়ে মাহিলি ১,২৫০ টকাকৈ লাভ কৰিব৷ অৰুণোদয় আঁচনিৰ অধীনত ৩৭.২০ লাখ মহিলা হিতাধিকাৰীক এনে সুবিধা প্রদানৰ ফলত ৰাজ্যৰ ৰাজকোষৰ পৰা ব্যয় হ’ব ৫,৬০৪ কোটি টকা৷ মুখ্যমন্ত্রী ড০ শর্মাই ক্ষমতালৈ আহিয়েই ৰাজ্যখনৰ দুখীয়া মহিলাসকলক সকাহ প্রদানৰ বাবে আৰম্ভ কৰা অৰুণোদয়ক লৈ দেশজুৰি ব্যাপক চর্চা চলিছিল৷ অৰুণোদয়ৰ আধাৰত দেশৰ কেইবাখনো ৰাজ্যই এনে আঁচনি গ্রহণ কৰিছিল৷ বিগত লোকসভা নির্বাচনৰ সময়ত ৰাজ্যখনত পুনৰ অৰুণোদয় আঁচনিৰ সম্প্রসাৰণ ঘটোৱা হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই ঘোষণা কৰিছিল৷ নির্বাচনী প্রতিশ্রুতিৰ ১০০ দিনৰ ভিতৰতে অৰুণোদয় ৩.০ আৰম্ভ কৰি ৰাজ্যখনৰ হিতাধিকাৰীকেন্দ্রিক আঁচনিখনক এক নতুন মাত্রা প্রদান কৰিলে মুখ্যমন্ত্রীগৰাকীয়ে৷
অৰুণোদয় ৩.০ৰ বিশেষত্ব এয়ে যে এইবাৰ এই ফলপ্রসূ আঁচনিখনৰ অধীনত ৰাজ্যখনৰ ৪৫ বছৰ ঊর্ধ্বৰ বিধৱা আৰু অবিবাহিত মহিলা, বিবাহ বিচ্ছেদিত আৰু অকলশৰীয়া মহিলাক অগ্রাধিকাৰ দিয়া হৈছে৷ তদুপৰি লিংগ নির্বিশেষে দিবাংগ ব্যক্তি, তৃতীয় লিংগৰ লোক, চৰকাৰী পঞ্জীভুক্ত বৃদ্ধাশ্রমত থকা মহিলা তথা বৃদ্ধা আৰু ৰুগীয়া মহিলাক অৰুণোদয় ৩.০ত অন্তর্ভুক্তিকৰণত অগ্রাধিকাৰ দিয়া হৈছে৷ ইয়াৰ উপৰি ৬০ বছৰ ঊর্ধ্বৰ পৰিয়ালৰ উপার্জনক্ষম ব্যক্তি অথবা দিব্যাংগ লোকৰ পৰিয়ালৰ মহিলাক হিতাধিকাৰী লোকে বাছনি কৰাৰ ব্যৱস্থা লোৱা হৈছে৷ ইয়াৰ বাহিৰে আশ্রয়হীনা মহিলা, ভিক্ষাৰে জীৱন নির্বাহ কৰা মহিলা, অন্ত্যোদয়া অন্ন যোজনাৰ মহিলা হিতাধিকাৰী, এইচ আই ভি, থেলাচেমিয়া, হিম’ফিলিয়া, চেলিব্রেল পালচি, কুষ্ঠ, অটিজম স্পেকট্রাম বিকাৰত আক্রান্ত ৰোগীৰ পৰিয়ালৰ মহিলাকো এনে আঁচনিৰ অধীনত অন্তর্ভুক্ত কৰাৰ ব্যৱস্থা লোৱা হৈছে৷ ৰাজ্যখনৰ দুখীয়া আৰু অতিকৈ অভাৱগ্রস্ত লোকক অৰুণোদয় ৩.০ আঁচনিখনত অন্তর্ভুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা পদক্ষেপ নিশ্চিতভাৱে আদৰণীয়৷ এনে অভাৱগ্রস্ত লোকক মাহিলি সাহায্য প্রদান কৰাটো সমাজৰ সর্বশ্রেণীৰ ৰাইজে সমর্থন কৰে৷ কিন্তু অৰুণোদয় ৩.০ৰ শুভাৰম্ভৰ দিনটোতে ৰাজ্যখনৰ প্রধান বিৰোধী দল প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই আজব স্থিতি গ্রহণ কৰিছে৷ ৰাজ্যৰ পৰৱর্তী বিধানসভা নির্বাচনত কংগ্রেছ দল ক্ষমতালৈ আহিলে অৰুণোদয় আঁচনিখন বন্ধ কৰা হ’ব বুলি প্রদেশ কংগ্রেছৰ সভাপতিজনে হুংকাৰ দিছে৷ প্রদেশ কংগ্রেছৰ সভাপতিজনে হয়তো পাহৰি গৈছে দীর্ঘকাল ক্ষমতাত থকা কংগ্রেছে হিতাধিকাৰীকেন্দ্রিক আঁচনিকে অগ্রাধিকাৰ দি আহিছিল৷ পূর্বৰ চৰকাৰৰ সময়ছোৱাত হিতাধিকাৰী বাছনি প্রক্রিয়া স্বচ্ছতা নাছিল৷ ফলত হিতাধিকাৰী বাছনিক লৈ সীমাহীন অনিয়মৰ অভিযোগ উঠিছিল৷ তালিকাভুক্ত হিতাধিকাৰীসকলেও নির্ধাৰিত পৰিমাণৰ পুঁজিৰ বিপৰীতে কমিছন দিবলৈ বাধ্য হৈছিল৷ কিন্তু পূর্বৰ পৰিস্থিতি এতিয়া বহুত সলনি হৈছে৷ অৰুণোদয় আঁচনি বন্ধৰ ভাবুকিৰে বিৰোধী দলটোৰ নেতাজনে ৰাজ্যখনৰ দুখীয়া আৰু অভাৱগ্রস্ত পৰিয়ালৰ লোকসকলক উপহাস কৰিবলৈ বিচাৰিছে৷ অৰুণোদয় আঁচনিৰ অধীনত এটি দুখীয়া পৰিয়ালৰ মহিলা হিতাধিকাৰীয়ে মাহেকত ১২৫০ টকা লাভ কৰে৷ এয়া আজিৰ দিনটোত কোনো এটা পৰিয়ালক আর্থিক অভাৱৰ পৰা সমূলি উদ্ধাৰ কৰিব নোৱাৰে৷ কিন্তু এগৰাকী অভাৱগ্রস্ত মহিলা, এগৰাকী উপার্জনহীন দিবাংগ ব্যক্তি, ভিক্ষাৰে জীৱন নির্বাহ কৰা মহিলা, ৰাজপথৰ কাষত দোকান–পোহাৰ দি থকা ক্ষুদ্র ব্যৱসায়ীৰ বাবে মাহিলি এনে পুঁজিয়ে বহু পৰিমাণে সকাহ দিব৷ চৰকাৰী পুঁজি মাহেকৰ নির্ধাৰিত দিনত লাভ কৰাৰ ফলত অভাৱগ্রস্ত হিতাধিকাৰীসকলে বহু পৰিমাণে সকাহ লাভ কৰিব৷ বিতর্ক হ’লেও এনে আঁচনি সঠিকভাৱে ৰূপায়ণ হোৱাটো আমাৰ সমাজৰ বাবে মংগল৷

You might also like