ভাৰতৰত্ন আদৱানী
এল কে আদৱানী নামেৰে পৰিচিত লালকৃষ্ণ আদৱানিক সমসাময়িক ভাৰতৰ অন্যতম সন্মানীয় ৰাষ্ট্রনেতা হিচাপে স্বীকাৰ কৰা হয়৷ ভাৰতীয় জনতা পার্টীৰ অন্যতম মূল ব্যক্তি হোৱাৰ পিছতো তেওঁৰ সামগ্রিক ভাবমূর্তি ৰাজনৈতিক দলৰ ঊর্ধ্বত৷ ইয়াৰ কাৰণ হ’ল– আদর্শৰ প্রতি সমর্পিত মনোভাব, দেশসেৱাৰ ক্ষেত্রত থকা আপোচবিহীন স্থিৰতা৷ দলৰ আদর্শ প্রচাৰ আৰু দেশখনৰ উন্নয়নত তেওঁৰ অৱদান সন্দেহাতীতভাৱে নক্ষত্রৰ দৰে উজ্জ্বল৷ তেওঁৰ এই উল্লেখযোগ্য যাত্রা তৃণমূল পর্যায়ৰ পৰা আৰম্ভ হৈছিল৷ সংঘৰ এগৰাকী প্রচাৰক হিচাপে সামাজিক জীৱন আৰম্ভ কৰিছিল, সাংবাদিকতাত প্রৱেশ কৰিছিল, তাৰ পিছত ৰাজনীতিত, সংসদীয় ৰাজনীতিত আৰু শেষত ৰাষ্ট্রৰ গৃহমন্ত্রী আৰু উপ–প্রধানমন্ত্রীৰ পদবীত অধিষ্ঠিত হৈছিল৷ সমগ্র ৰাজনৈতিক কেৰিয়াৰত আদৱানীয়ে সংসদীয় ৰাজনীতিৰ কূট–কৌশলপূর্ণ আচৰণৰ পৰা আঁতৰত থাকি নিজকে পৃথক কৰি তুলিছিল৷ তেওঁৰ ৰাজনৈতিক জীৱনৰ উজ্জ্বল দিশ আছিল অভিজ্ঞতা আৰু অনুভৱেৰে পুষ্ট চহকী অন্তর্দৃষ্টি, স্বচ্ছ ৰাজনৈতিক নৈতিকতাৰ পোহৰ আৰু সততাৰ প্রতি অটল দায়বদ্ধতা৷ এই সকলোবোৰ সাধনাৰ অন্তত ‘ভাৰতৰত্ন’ সন্মানে আহি তেওঁক স্পর্শ কৰিছিল আৰু এই সন্মানক সকলোৱে বিনাদ্বিধাই ৰাজনৈতিক সিদ্ধান্তৰ ওপৰৰ সিদ্ধান্ত হিচাপে গ্রহণ কৰিছিল৷ আদৱানীৰ ৰাজনৈতিক জীৱনৰ গুৰুত্বপূর্ণ মুহূর্ত আছিল ১৯৯০ চনত বাবৰি মছজিদৰ স্থানত মন্দিৰৰ পোষকতা কৰা ৰাম ৰথযাত্রা৷ এই আন্দোলনে ১৯৯২ চনত মছজিদটো উৎখাত কৰিছিল৷ এয়া আছিল ৰাম মন্দিৰ স্থাপনৰ প্রথম শক্তিশালী পদক্ষেপ৷ ১৯৯২ চনৰ পৰা ২০২৪ চন– সুদীর্ঘ বত্রিশ বছৰৰ মূৰত আদৱানীৰ সপোন সম্পূর্ণ বাস্তৱত পৰিণত হ’ল৷ বিজেপিৰ ৰাজনীতিৰ গোপন কক্ষৰ অন্যতম মন্ত্রণাদাতা আদৱানীয়ে ১৯৯১, ১৯৯৬, ১৯৯৮ আৰু ১৯৯৯–২০০৪ চনত বাজপেয়ীৰ সৈতে নির্বাচনী যুদ্ধৰ নেতৃত্ব দিছিল আৰু বিজেপিক শক্তিশালী কৰি তুলি আনিছিল৷ ১৯৯১ চনৰ লোকসভা নির্বাচনত আদৱানীৰ ৰণনীতিয়ে অভাৱনীয় সুফল প্রদর্শন কৰিছিল, কিন্তু ভাগ্যই আদৱানীক লগ দিয়া নাছিল৷ সেই সময়ত ৰাজনৈতিক পর্যবেক্ষকৰ মত আছিল যে নির্বাচনত বিজেপিৰ জয় আছিল অৱধাৰিত, বাজপেয়ী হ’ব প্রধানমন্ত্রী আৰু ৰাষ্ট্রপতিৰ আসন বহিব আদৱানী৷ কিন্তু ৰাজীৱ গান্ধীৰ অকাল বিয়োগৰ শোকে বিজেপি ঢৌ শেষ কৰি দিছিল৷
আদৱানীয়ে প্রাক্–যৌৱনতেই সংঘত যোগ দিছিল আৰু প্রচাৰকৰ কামত আত্মনিয়োগ কৰিছিল৷ পিছত তেওঁৰ বৌদ্ধিক মেধাক সংঘই সাংবাদিকতাৰ কামত ব্যৱহাৰ কৰে৷ সংঘৰ পৰা প্রকাশিত ইংৰাজী বার্তালোচনী ‘অর্গেনাইজাৰ’ত তেওঁ প্রথমে উপ–সম্পাদক, সহঃসম্পাদক আৰু শেষত সম্পাদকৰ দায়িত্ব পালন কৰিছিল আৰু সংঘৰ আদর্শক সামাজিক প্রেক্ষাপটত বিশ্লেষণাত্মক ৰূপত তুলি ধৰিছিল৷ সংঘক গোড়া হিন্দুত্ববাদী আৰু হিন্দু পক্ষপাতদুষ্ট হিচাপে উপস্থাপন কৰিবলৈ কংগ্রেছ–বামপন্থীয়ে নিজকে ধর্মনিৰপেক্ষ বা ছেকুলাৰ আখ্যা দি সংঘৰ বিৰুদ্ধে যি ধাৰাবাহিক আক্রমণ চলাই আছিল, তাৰ বিৰোধিতা কৰি আদৱানীয়ে প্রত্যাক্রমণ চলাই আছিল৷ সেই সময়তে তেওঁৰ কলমৰ পৰা ওলোৱা ‘ছ্যুডো ছেকুলাৰ’ শব্দটিয়ে বৌদ্ধিক মহলৰ প্রশংসা বুটলিছিল৷ তেনেদৰে তেওঁ আৰম্ভ কৰা ‘সংখ্যালঘুবাদ’ শব্দটিয়ে কং–বামৰ মুছলমান তুষ্টিকৰণ উপাসনাক ব্যংগ কৰাই নহয়, ৰাজনৈতিক বাক্ধাৰাত এটি পৃথক মাত্রা সংযোগ কৰিছিল৷ আদৱানীয়ে বিশ্বাস কৰিছিল যে অকল ভাষণেৰেই নহয়, আদর্শ এটাক সমাজৰ সকলো স্তৰলৈ প্রভাৱী ৰূপত আগবঢ়াই নিবলৈ লিখিত শব্দৰ অতীব প্রয়োজন আৰু সেই বিশ্বাসক সাকাৰ ৰূপ দিবলৈ ‘অর্গেনাইজাৰ’ত গোট খুৱাইছিল অলেখ নতুন লেখক আৰু নিজেও নাম–ছদ্মনামত লিখিছিল অলেখ লেখা৷ ৰাজনীতি জগতৰ চমকে আদৱানীৰ ব্যক্তিত্বক এক বিৰল ৰূপত উজলাই তোলাৰ সময়ত লেখক–সাংবাদিক হিচাপে তেওঁ আগবঢ়াই যোৱা বৰঙণিৰ কথা লাহে লাহে অস্পষ্ট হৈ গৈ আছে৷ অহা বছৰত পালিত হ’ব সংঘৰ শতবর্ষ৷ আদৱানীৰ ৰাজনৈতিক দৃষ্টিকোণ নির্মাণকাৰী গদ্যৰাজিক পোহৰলৈ অনাৰ এয়া এটা সঠিক সময় হ’ব পাৰে৷