নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইচাইকেল

বাইচাইকেল

পৰিৱেশৰ লগত বাইচাইকেলৰ প্রত্যক্ষ সম্পর্ক নাই যদিও পৰোক্ষভাৱে ইয়াৰ সম্পর্ক অতি বিচার্যৰ বিষয়৷ ২১ শতিকাত মানৱ জাতিয়ে জলবায়ু পৰিৱর্তনৰ ভয়াৱহতা-প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ জীৱাশ্ম ইন্ধনসৃষ্ট সেউজগৃহ গেছ নির্গমনে গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিপ্রেক্ষিতত জলবায়ু পৰিৱর্তনে পৃথিৱীৰ পাৰিপার্শ্বিকতাত প্রচণ্ড আঘাত হানিছে৷ গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তনৰ সৈতে মোকাবিলা কৰিবলৈ যান–বাহনৰ প্রদূষণ হ্রাস কৰাৰ প্রাসংগিকতা আহিছে৷ ইয়াৰ লগে লগে বাইচাইকেলৰ প্রাসংগিকতাও বৃদ্ধি পাইছে৷ অর্থাৎ বায়ুমণ্ডলত প্রদূষণকাৰী কার্বনৰ পৰিমাণ হ্রাস কৰাৰ বাবে বিশ্বজুৰি বাইচাইকেল চলোৱাটোত একধৰণৰ প্রয়োজনীয়তা আহি পৰিছে৷ ফলশ্রুতিত পৰিৱেশৰ লগত বাইচাইকেলৰ সম্পর্ক আহি পৰিছে৷ পৃথিৱীখনক প্রদূষণমুক্ত কৰি ৰাখিবলৈ ইন্ধনযুক্ত যান–বাহনৰ পৰিৱর্তে বাইচাইকেল চলোৱাটো এতিয়া অতিকৈ জৰুৰী হৈ উঠিছে৷ পৰিবহণ ব্যৱস্থাৰে নহয়, মানৱৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ কাৰণে অতিকৈ গুৰুত্বপূর্ণ বাইচাইকেল৷ ইতিহাসৰ পাত লুটিয়াই চালে ১৯ শতিকাৰ শেষভাগত ইউৰোপত প্রথমবাৰৰ বাবে চেইনচালিত বাইচাইকেল বিকশিত হৈছিল৷ অৱশ্যে ইয়াৰ পূর্বেও বাইচাইকেলৰ ধাৰণা চলি আছিল৷ ইউৰোপৰ পৰা পিছলৈ বাইচাইকেলৰ সমগ্র বিশ্বলৈ পর্যায়ক্রমে প্রসাৰণ ঘটে৷ বিভিন্ন পর্যায়ৰ মাজেদি আধুনিক প্রযুক্তিসম্পন্ন বাইচাইকেলৰ প্রচলন এতিয়া চলি আছে৷ যিমানেই প্রযুক্তিগত নহওক কিয়, বাইচাইকেল মানে পেডেল চাইকেল৷ অর্থাৎ পেডেল মাৰি চাইকেল চলাব লাগে৷ বাইচাইকেল ব্যৱহাৰ কৰাৰ ফলত নাগৰিকে হূদৰোগ, ষ্ট্রোক, কিছু কর্কট, মধুমেহ ৰোগ আৰু বিভিন্ন ৰোগৰ পৰা নিজকে বচাই ৰাখিবলৈ সক্ষম হয়৷ ৰাষ্ট্রসংঘই বাইচাইকেল ব্যৱহাৰত থকা লাভজনক স্থিতিৰ প্রতি লক্ষ্য ৰাখিয়েই বিশ্ব চাইকেল দিৱস উদযাপন কৰি আহিছে৷ ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদত ২০১৮ চনৰ এপ্রিল মাহত গ্রহণ কৰা সিদ্ধান্ত অনুযায়ী ৩ জুনত বিশ্ব চাইকেল দিৱস উদযাপন কৰা হয়৷ বাইচাইকেল হৈছে সহজ, বহনক্ষম, পৰিচ্ছন্ন আৰু পৰিৱেশ বন্ধুত্বমূলক পৰিবহণ৷ বাইচাইকেল ব্যৱহাৰ কৰিলে প্রকৃতিৰ ওপৰত কোনোধৰণৰ নেতিবাচক প্রভাৱ নপৰে৷ বায়ু প্রদূষণ নহয়, তদুপৰি আন আন নেতিবাচক প্রভাৱৰ পৰাও মুক্ত৷ অতিকৈ বহনক্ষম এই পৰিবহণ ব্যৱস্থাৰে অর্থনৈতিক বিকাশ বৃদ্ধিৰ লগতে জনগণৰ মাজত থকা বৈষম্যও হ্রাস কৰিব পৰা যায়৷ সম্প্রতি বিশ্বত বর্ধিত যান–বাহনৰ সংখ্যাই বায়ু প্রদূষণৰ প্রভাৱ বৃদ্ধি কৰাৰ লগতে পথ সুৰক্ষাতো ব্যাঘাত জন্মাই আহিছে৷ ইয়াৰ প্রতি লক্ষ্য ৰাখি ৰাষ্ট্রসংঘই উন্নয়নশীল, দৰিদ্র আৰু উন্নত দেশসমূহত বাইচাইকেল ব্যৱহাৰত প্রাধান্য দিছে৷ অর্থাৎ বাইচাইকেলৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷
বাইচাইকেল ব্যৱহাৰ কৰিলে কোনোধৰণৰ প্রদূষক বায়ুমণ্ডলত বিয়পি নপৰে৷ আনকি পথ সুৰক্ষাৰ ক্ষেত্রতো ই ইতিবাচক হৈ পৰে৷ এই কথা উল্লেখ কৰিব লাগিব যে পৰিবহণ ব্যৱস্থাত আকাশ, মাটি আৰু পানীত চলাচল কৰা যান–বাহনৰ সংখ্যাতকৈ বিশ্বজুৰি প্রচলিত বাইচাইকেলৰ অধিক৷ এক তথ্য মতে, সমগ্র বিশ্বত ১০০ কোটিতকৈ অধিক বাইচাইকেল প্রচলন হৈ আছে৷ মানৱসৃষ্ট কাৰকৰ বাবে বৃদ্ধি পোৱা গোলকীয় উষ্ণতাই অকল্পনীয় ৰূপত জলবায়ু পৰিৱর্তন ঘটাই মানৱ জাতিৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে৷ আধুনিক মানৱৰ বাবে প্রত্যাহ্বান হৈ পৰা জলবায়ুৰ পৰিৱর্তন প্রতিৰোধৰ বাবে অনেক পদক্ষেপ গ্রহণ কৰি আহিছে৷ ৰাষ্ট্রসংঘই গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তন নিয়ন্ত্রণৰ বাবে বিশ্বৰ দেশসমূহৰ মাজত নিয়ম–নীতি নির্ধাৰণ কৰি দিছে ৷ কার্বন নির্গমন হ্রাস কৰাৰ বাবে ৰাষ্ট্রসংঘই গ্লাছগোত চুক্তি সম্পন্ন কৰিছে যদিও ইয়াক সঠিক ৰূপায়ণ কেতিয়াকৈ হ’ব তাৰ নিশ্চয়তা নাই৷ এনে পৰিপ্রেক্ষিততে ৰাষ্ট্রসংঘই জলবায়ু পৰিৱর্তন যুঁজত বাইচাইকেলক সঁজুলি হিচাপে প্রচাৰ কৰাৰ অভিযান আৰম্ভৰে প্রস্তাৱ গ্রহণ কৰিছে৷ ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদত ১৯৩ সদস্য ৰাষ্ট্রৰ সর্বসন্মতিক্রমে জলবায়ু পৰিৱর্তনৰ যুঁজৰ কাৰণে বাইচাইকেলক এক সঁজুলি হিচাপে ব্যৱহাৰত প্রস্তাৱ গ্রহণ কৰা হৈছে৷ প্রস্তাৱ অনুসৰি বাইচাইকেলক সংহত ৰাজহুৱা পৰিবহণ হিচাপে ব্যৱহাৰ কৰাত সকলো দেশে গুৰুত্ব দিব লাগে৷ চহৰ আৰু গাঁৱত উন্নত আৰু উন্নয়নশীল দেশে বাইচাইকেল ব্যৱহাৰত অধিক গুৰুত্ব দি ইয়াক জনমুখী কৰি তুলিব লাগে৷ তদুপৰি প্রস্তাৱৰ মতে, চাইকেল চালনা বৃদ্ধিৰ জৰিয়তে পথ সুৰক্ষা উন্নীত কৰাৰ লগতে চাইকেল চালনাৰ অভিযান ক্ষিপ্রতৰ কৰি বহনক্ষম বিকাশক আগবঢ়াই নিব লাগে৷ চাইকেল চালনা বৃদ্ধি হ’লেই সেউজগৃহ গেছ নির্গমন হ্রাস পাব৷ উন্নয়নমুখী কার্যকলাপ বৃদ্ধিত প্রতিবন্ধক হিচাপে থিয় হোৱা সেউজগৃহ গেছ নির্গমন চাইকেল চালনাৰ জৰিয়তে হ্রাস কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ ওপৰতো প্রস্তাৱত উল্লেখ কৰা হৈছে৷ বায়ু প্রদূষণৰ পৰা নিজৰ পৃথিৱীখনক বচাবলৈ সকলো নাগৰিকে পৰিবহণৰ ক্ষেত্রত যথাসম্ভৱ বাইচাইকেল ব্যৱহাৰ কৰাটো নিজৰ লগতে বাস কৰা গ্রহটোৰ বাবেও ইতিবাচক হ’ব৷ বিশ্ব পৰিৱেশৰ দিনাই বাইচাইকেলৰ প্রাসংগিকতাতো সচেতন নাগৰিকে গুৰুত্ব আৰোপ কৰাটো পৃথিৱীৰ বাবে ইতিবাচক হ’ব৷

You might also like