নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহু আহিল

বিহু তিনিটি হ’লেও ৰঙালী বিহুৰ আকর্ষণ সর্বাধিক৷ এই জাতীয় উৎসৱটিক যেনেদৰে সকলো শ্রেণীৰ লোকে উদযাপন কৰে, তেনেদৰে এই বিহুৰ পৰিৱর্তনত এচাম লোকে শংকাও প্রকাশ কৰে৷ এই শংকা হ’ল বিহুৰ পৰম্পৰাগত চৰিত্রৰ পৰিৱর্তনৰ শংকা৷ এই পৰম্পৰাগত সাংস্কৃতিক উদযাপনৰ পৰিৱর্তনে সমাজত চলি থকা সংৰক্ষণ মানসিকতাকে প্রতিফলিত কৰে৷ সময়ৰ লগে লগে বিভিন্ন জনগোষ্ঠীয়ে নিজৰ ঐতিহ্যক সন্মান জনোৱা আৰু একে সময়তে হৈ থকা পৰিৱর্তনক আঁকোৱালি লোৱাৰ মাজৰ সূক্ষ্ম ভাৰসাম্য ৰক্ষা কৰাত নান্দনিক দিশত সফল হ’ব নোৱাৰে৷ খুব লাহে লাহে হোৱা এহ পৰিৱর্তনক নিয়ন্ত্রণ কৰা কেইটিমান কাৰক হ’ল বিশ্বায়নৰ বিভিন্ন প্রভাৱ, প্রযুক্তিগত উন্নতি আৰু সেইবোৰৰ সহজলভ্যতা, সামাজিক–অর্থনৈতিক বিকাশ, সমাজৰ মূল্যবোধৰ পৰিৱর্তন৷ নতুন প্রজন্মই লাভ কৰা বিভিন্ন দৃষ্টিভংগী, অভিজ্ঞতা আৰু জীৱনশৈলীৰ আধাৰত পৰম্পৰাগত পদ্ধতিসমূহৰ পুুনৰ ব্যাখ্যা কৰে বা সমসাময়িক উপাদানসমূহৰ সৈতে পৰম্পৰাগত উদযাপন পদ্ধতিৰ লগত নতুন কথাৰ সংযোজন কৰিব পাৰে৷ এই বিৱর্তনে সাংস্কৃতিক প্রকাশভংগীৰ পুনৰুজ্জীৱিতকৰণৰ সূচনা কৰিব পাৰে৷ কিন্তু ই বিভিন্ন ধৰণে প্রত্যাহ্বানৰো সৃষ্টি কৰিব পাৰে৷ নতুন উপাদান সংযোজনৰ লগে লগে পৰম্পৰাগত উৎসৱৰ প্রামাণিকতা হ্রাস পোৱা বা গাম্ভীর্য কমি যোৱা আদি আশংকাৰে বিতর্কৰ সূচনা কৰাটো স্বাভাৱিক হৈ পৰে৷ এই পৰিৱর্তনে সাংস্কৃতিক উৎসৱসমূহৰ সামগ্রিক প্রয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে আৰু একে সময়তে দ্রুতগতিত সলনি হৈ থকা পৃথিৱীৰ দাবীৰ প্রতিও সঁহাৰি জনায়৷ এক কথাত ধাৰাবাহিকতা আৰু পৰিৱর্তন এই দুয়োটাকে প্রতিফলিত কৰা এক গতিশীল সাংস্কৃতিক পৰিৱেশক লালন–পালন কৰে৷ ৰঙালী বিহুৰ ক্ষেত্রত এই কথা বিশেষভাৱে প্রযোজ্য৷
ৰঙালী বিহু মঞ্চলৈ অহাৰ পিছৰে পৰাই এই বিহু উদযাপনৰ ধৰণ লাহে লাহে সলনি হৈ আহে৷ বিহুনাচ–গীতৰ লগতে অন্য উপাদানেও আহি বিহু মঞ্চ অধিকাৰ কৰিলে৷ ঠিক তেনেদৰে সংগীত জগতত হোৱা বিভিন্ন ধৰণৰ প্রযুক্তিগত আৰু কলাগত দিশৰ পৰিৱর্তনেও আহি বিহুগীতক স্পর্শ কৰিলে৷ প্রথম অৱস্থাত এই পৰিৱর্তন এটা নতুন সংগীত অভিজ্ঞতাৰ বাবে ৰাইজে আদৰি লয় আৰু এই পৰিৱর্তনে কলাৰ মূল চৰিত্রক স্পর্শ কৰাৰ লগে লগে আপত্তি আৰম্ভ হয়৷ কিন্তু তেতিয়ালৈকে ই সলনি হ’ব নোৱাৰাকৈ স্থায়ী হৈ পৰে৷ বিহুনাচ প্রকৃততে লোকনৃত্য৷ মঞ্চত পৰিৱেশন হ’বলৈ আৰম্ভ কৰাৰ পিছত ইয়াৰ পৰিৱেশ্য মূল্য বাঢ়িবলৈ ধৰে৷ মূল্য সংযোজন কৰা কৌশলৰ ফলত বিহুনৃত্যই এতিয়া লোকনৃত্যৰ ৰূপ হেৰুৱাই পেলাইছে আৰু ই চমকপ্রদ আধুনিক সংৰচনাৰ ৰূপ পৰিগ্রহ কৰিছে৷ এতিয়াৰ বিহুনাচ চাই তাক লোকনৃত্য বুলি কোৱাৰ কোনো সুবিধাই নাথাকে৷ আনহাতে মঞ্চত গীত পৰিৱেশন কৰা সংগীত শিল্পীসকলেও যিধৰণৰ বাদ্যযন্ত্র, আনুষংগিক শব্দযন্ত্র, পোছাক আদিৰ সহায় লয়, সেইবোৰেও বিহুৰ মঞ্চখনক অইন পেছাদাৰী শিল্পীৰ প্রদর্শনৰ মঞ্চৰ সমতুল্য কৰি পেলাইছে৷ জনপ্রিয় গায়ক এজনক ওচৰৰ পৰা চোৱাৰ হেঁপাহ সেই গায়কৰ গান ভালপোৱাসকলৰ থাকিবই, থকাটো স্বাভাৱিক৷ কিন্তু সেই জনপ্রিয় গায়কৰ একেই গীতকেইটি যিকোনো মঞ্চতেই পৰিৱেশিত হৈ আহিছে, বিহুৰ মঞ্চত সেই গীতকেইটিৰ প্রাসংগিকতা কি, সেই বিষয়ে প্রশ্ণ উত্থাপিত হয়৷ এইটো ঠিক যে ব্যস্ততাৰে ভৰা জীৱনত মানুহক আনন্দ–বিনোদনৰ সুবিধাৰ প্রয়োজন৷ বিহুৰ ফাংচনবোৰে সেই সুযোগ দিছে৷ কিন্তু এই কাৰণতেই বিহুৰ অনুষ্ঠানসমূহ বিহুৰ সৌন্দর্য নথকা অৱস্থালৈ পৰিৱর্তিত হ’ব নালাগে৷ কেইবছৰমানৰ আগতে এখন বিহু সমিতিয়ে বিহু মঞ্চত গায়কে পিন্ধিবলগীয়া পোছাকৰ নিয়ম কৰি দিছিল৷ এনে ধৰণৰ নিয়মে এটা কথাকেই মনত পেলাই দিয়ে যে গায়কসকলৰ পোছাকে প্রতিফলিত কৰা বিহুৰ এই পৰিৱর্তিত ৰূপটোত সামাজিক প্রতিক্রিয়া আৰম্ভ হৈছে৷ পৰিৱর্তন এটা স্বাভৱিক কথা৷ এই পৰিৱর্তনৰ পিছতো বিহুৰ কিছু মূল সৌন্দর্য অটুট ৰাখিব পৰাটোহে সাংস্কৃতিক উদ্যোক্তাসকলৰ দায়িত্ব৷ চৰকাৰে কিছু বিহু সমিতিক অর্থ সাহায্য দিবলৈ আৰম্ভ কৰিছে৷ এই সাহায্য দানৰ সময়তে বিহুৰ মৌলিক ৰূপ ধৰি ৰখাৰ বাবে চৰকাৰে নীতি–নির্দেশনা দিব পাৰে৷ তেনেকুৱা বাধ্যবাধকতাই পৰিৱর্তনক কিছু হ’লেও যুক্তিপূর্ণ ৰূপ দিবলৈ সক্ষম হ’ব৷

You might also like