নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত বিজেপি চৰকাৰ

কেন্দ্রীয়শাসিত অঞ্চল দিল্লীত বিজেপি চৰকাৰ গঠন হ’ল৷ ২৭ বছৰৰ মূৰকত দিল্লীত বিজেপিয়ে পুনৰবাৰ শাসনৰ গাদীত অধিষ্ঠিত হ’ল৷ কেন্দ্রত বিজেপি চৰকাৰ থকাৰ পাছতো বিগত ২টা কার্যকাল কেন্দ্রীয়শাসিত অঞ্চল দিল্লীত নতুনকৈ গঠিত আম আদমী পার্টী (আপ)–এ চৰকাৰ গঠন কৰিছিল৷ একেৰাহে তৃতীয়বাৰ চৰকাৰ গঠন কৰা কংগ্রেছক উৎখাত কৰি আম আদমী পার্টী (আপ)–এ একেৰাহে দ্বিতীয়বাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লেও হেট্রিক কৰাত বিফল হ’ল৷ মোদী–৩.০ চৰকাৰৰ কার্যকালত কেন্দ্রীয়শাসিত অঞ্চল দিল্লীক নিজৰ শাসনৰ অধীনলৈ অনাটো অতিকে সন্মানজনক বিষয় হৈ থকাৰ লগতে একপ্রকাৰ অগ্নিপৰীক্ষা হৈ আছিল৷ পাঁচ ফেব্রুৱাৰীত ভোটগ্রহণ সমাপ্ত হোৱাৰ লগে লগে প’ল অৱ এগ্জিট প’লত দিল্লীত শাসকীয় আম আদমীক উৎখাত কৰি বিজেপিয়ে ঐতিহাসিক বিজয় সাব্যস্ত কৰিব বুলি পূর্বানুমান কৰে৷ এগ্জিট প’লৰ পূর্বানুমানক সত্য প্রমাণ কৰি ৮ ফেব্রুৱাৰীত ঘোষিত ফলাফলত ৭০জনীয়া বিধানসভাত বিজেপিয়ে ৪৮খন আসন লাভ কৰাৰ বিপৰীতে শাসকীয় আপ ২২খন আসনতে সীমাবদ্ধ হয়৷ ইয়াৰ লগে লগে ২৭ বছৰৰ মূৰকত দিল্লীত পদুম ফুলে৷ ২৭ বছৰৰ মূৰকত দিল্লীত বিজেপিয়ে ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পাছত দহ দিন ধৰি মুখ্যমন্ত্রী পদক লৈ আলোচনা–বিলোচনা কৰাৰ অন্তত দলটোৰ কেন্দ্রীয় পর্যবেক্ষকৰ উপস্থিতিত বিধায়িনী দলৰ নেতা নির্বাচন কৰা হয়৷ ১৯ ফেব্রুৱাৰীৰ নিশা বিজেপিয়ে দলটোৰ বিধায়িনী দলৰ নেতা হিচাপে প্রথমবাৰৰ বিধায়ক ৰেখা গুপ্তাক নির্বাচন কৰে আৰু দিল্লীৰ নতুন মুখ্যমন্ত্রী হিচাপে ৰেখা গুপ্তাই ২০ ফেব্রুৱাৰীত ঐতিহাসিক ৰামলীলা ময়দানত শপতগ্রহণ কৰে৷ ইয়াৰ লগে লগে দিল্লীত বিজেপি চৰকাৰ গঠন প্রক্রিয়া সামৰণি পৰে আৰু আৰম্ভ হয় ডাবল ইঞ্জিনৰ চৰকাৰ৷ কেন্দ্রত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ আৰু কেন্দ্রীয়শাসিত অঞ্চল দিল্লীতে বিজেপিৰ চৰকাৰ৷ এতিয়া ৰাজধানী চহৰখনৰ বিকাশ কিদৰে আগবাঢ়ে, সেয়া গুৰুত্বপূর্ণ হ’ব৷ ডাবল ইঞ্জিনৰ প্রাসংগিকতাৰে দিল্লীৰ সমবিকাশৰ ওপৰত শ্লোগান দিয়া বিজেপিয়ে কিদৰে আগবাঢ়ি যায়, সেয়া অতিকে গুৰুত্বপূর্ণ বিষয় হৈ উঠিছে৷
দিল্লীৰ মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰা ৰেখা গুপ্তা হৈছে কেন্দ্রীয়শাসিত অঞ্চলটোৰ চতুর্থগৰাকী মহিলা মুখ্যমন্ত্রী৷ বিজেপিৰ চতুর্থগৰাকী মুখ্যমন্ত্রী হোৱাৰ উপৰি তেওঁ দ্বিতীয়গৰাকী মহিলা মুখ্যমন্ত্রী৷ ইয়াৰ পূর্বে সুষমা স্বৰাজে দিল্লীৰ মুখ্যমন্ত্রী পদ শুৱনি কৰিছিল৷ বিজেপিৰ মুখ্যমন্ত্রী সুষমা স্বৰাজৰ পাছত কংগ্রেছৰ শীলা দীক্ষিতে দিল্লীৰ মুখ্যমন্ত্রীৰ পদ শুৱনি কৰিছিল৷ উল্লিখিত মহিলা মুখ্যমন্ত্রীৰ উপৰি আম আদমী পার্টীৰ আতিশীয়ে দিল্লীৰ মুখ্যমন্ত্রী হিচাপে কেইমাহমান দায়িত্ব গ্রহণ কৰে৷ আম আদমী পার্টীৰ মুৰব্বী তথা দিল্লীৰ প্রাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ পদত্যাগৰ পাছত আতিশীয়ে মুখ্যমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰে৷ মুখ্যমন্ত্রী আতিশীৰ কার্যকালতেই দিল্লীৰ বিধানসভা নির্বাচন অনুষ্ঠিত হয় আৰু এই নির্বাচনত আপৰ শোচনীয় পৰাজয় হয়৷ দিল্লীৰ শালিমাৰবাগ বিধানসভা সমষ্টিৰ পৰা নির্বাচিত ৰেখা গুপ্তা হৈছে প্রথমবাৰৰ বাবে বিধানসভালৈ নির্বাচিত হোৱা প্রতিনিধি৷ আপৰ প্রার্থীক বিশাল ভোটৰ ব্যৱধানত পৰাজিত কৰি বিধানসভালৈ নির্বাচিত হোৱা বিধায়িকা ৰেখা গুপ্তাৰ নাম মুখ্যমন্ত্রী হিচাপে চর্চাৰ বাহিৰত আছিল৷ ছাত্র ৰাজনীতিৰ পৰা সংসদীয় ৰাজনীতিলৈ প্রৱেশ কৰা ৰেখা গুপ্তাৰ মুখ্যমন্ত্রী পদ লাভ কৰাটো একপ্রকাৰ ৰাজনৈতিক চমক বুলিয়েই ক’ব পাৰি৷ বিজেপিৰ অভিজ্ঞ আৰু জ্যেষ্ঠ নেতাক অতিক্রম কৰি প্রথমবাৰৰ বিধায়ক ৰেখা গুপ্তাক মুখ্যমন্ত্রীৰ দায়িত্ব দি বিজেপিয়ে নিজৰ দলীয় ৰণকৌশল স্পষ্ট কৰি দিছে৷ মহিলা সবলীকৰণৰ ক্ষেত্রত সদায়েই চর্চাৰ মাজত থকা বিজেপিয়ে মহিলাক মুখ্যমন্ত্রী হিচাপে পাতি দিল্লীত নিজৰ ভেটি শক্তিশালী কৰি ৰখাৰ লক্ষ্য লৈছে৷ দিল্লীৰ নির্বাচনত মহিলা ভোটাৰৰ ভূমিকা আছিল অতি গুৰুত্বপূর্ণ৷ ৰেখা গুপ্তাৰ নেতৃত্বত গঠিত চৰকাৰখনত ৬জন বিধায়কক কেবিনেট মন্ত্রী হিচাপে দায়িত্ব দিয়া হয়৷ ইয়াৰে এজন বিধায়ক প্রাক্তন আপ নেতা৷ ঐতিহাসিক ৰামলীলা ময়দানত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ লগতে বিজেপিৰ শীর্ষ নেতা আৰু এনডিএৰ সহযোগী দলৰ নেতাৰ উপস্থিতিত চৰকাৰখনে আনুষ্ঠানিকভাৱে শপতগ্রহণ কৰাৰ পাছত বিজেপি চৰকাৰৰ বাবে কেইবাটাও প্রত্যাহ্বান আহি পৰিব৷ বিনামূলীয়া আঁচনি ঘোষণাৰে নির্বাচনী ৰণত জয়ী হোৱা বিজেপিৰ বাবে ৰাজধানী চহৰখনত প্রদূষণৰ পৰা স্বাস্থ্য, শিক্ষা, ৰাস্তা–ঘাট, কৃত্রিম বানৰ প্রভাৱৰ ওপৰত কিদৰে কার্যক্রমণিকা প্রস্তুত কৰে, সেয়া লক্ষণীয় হ’ব৷ আপৰ দুর্নীতি, বিকাশৰ নামত ভ্রষ্টাচাৰৰ প্রসংগ উল্লেখ কৰা বিজেপি চৰকাৰখনে কি ধৰণে দলটোৰ নির্বাচনী প্রতিশ্রুতি পালন কৰিব, সেয়াও তাৎপর্যপূর্ণ হিচাপে চর্চিত হৈছে৷ ডাবল ইঞ্জিনৰ চৰকাৰৰ প্রাসংগিকতাক সজোৰে উত্থাপন কৰা বিজেপিয়ে দিল্লীত বিকাশ কৰিব পাৰিবনে, সেয়াও একধৰণৰ প্রত্যাহ্বানৰ বিষয় হিচাপে চর্চিত হৈছে৷

You might also like