বুকাৰ বিজয়ী ছামান্থা হার্ভে
যোৱা ১২ নৱেম্বৰত সন্মানজনক বুকাৰ বঁটা বিজয়ী সাহিত্যিকগৰাকীৰ নাম ঘোষণা কৰা হয়৷ ব্রিটিছ ঔপন্যাসিক ছামান্থা হার্ভেই তেওঁৰ উপন্যাস ‘অর্বিটেল’ৰ বাবে এই বঁটা লাভ কৰে৷ এখন সুন্দৰ পৃথিৱীৰ বর্ণনাৰে সমৃদ্ধ গ্রন্থখনক নির্বাচক মণ্ডলীয়ে সর্বসন্মতিক্রমে বুকাৰ বঁটাৰ বাবে বাছনি কৰে৷ ২০১৯ চনৰ পাছত এই সন্মান অর্জন কৰা ছামন্থা হৈছে প্রথমগৰাকী মহিলা লেখিকা৷ এই বছৰ বুকাৰৰ বাবে প্রকাশ কৰা সীমিত তালিকাত সর্বাধিক ৫গৰাকী মহিলা সাহিত্যিকে স্থান লাভ কৰিছিল৷ ইয়াৰ মাজৰ পৰা হার্ভেক মাত্র ১৩৬ পৃষ্ঠাৰ গ্রন্থখনৰ বাবে আগবঢ়োৱা হয় বহু আকাংক্ষিত এই সন্মান৷ হার্ভেৰ ‘অর্বিটেল’ গ্রন্থখনে চলিত বর্ষত সর্বাধিক বিক্রী হোৱা শীর্ষ ১০খন গ্রন্থৰ মাজত স্থান লাভ কৰিবলৈ সক্ষম হয়৷ ‘অর্বিটেল’ হৈছে আন্তর্জাতিক মহাকাশ ষ্টেচনৰ ৬গৰাকী মহাকাশচাৰীৰ জীৱনৰ মাত্র এটা দিনৰ কাহিনী৷ এই আটাইকেইগৰাকী মহাকাশচাৰী ভিন ভিন দেশৰ পৰা অহা৷ তেওঁলোকে ২৪ ঘণ্টাৰ ভিতৰত লাভ কৰা ১৬টা সূর্যোদয় আৰু সূর্যাস্তৰ অভিজ্ঞতা সন্নিৱিষ্ট কৰা হৈছে গ্রন্থখনত৷ এই গ্রন্থখনৰ প্রসংগত বাছনি কমিটীৰ মুৰব্বী এডমাণ্ড ডি ৱালে কয়– কল্প–সাহিত্যৰ বাবে এটি অবিস্মৰণীয় বছৰ, এখন অন্য পৃথিৱীৰ বিষয়ে লিখা হৈছে এইখন গ্রন্থত৷ আমি এনে এখন গ্রন্থৰ অপেক্ষাত আছিলোঁ, যিখনে আমাক আন্দোলিত কৰিব পাৰে৷ ‘অর্বিটেল’ আমাৰেই গ্রন্থ৷ ছামান্থা হার্ভেই ১৬টা সূর্যোদয় আৰু ১৬টা সূর্যাস্তৰ সৌন্দর্যৰে পৰিচালিত এখন গ্রন্থ লিখিছে৷ উল্লেখ্য যে ছামান্থা হার্ভেই ৫খন মূল্যৱান উপন্যাস ইতিমধ্যে লিখি উলিয়াইছে৷ এই উপন্যাসকেইখন হ’ল– দ্য ৱাইণ্ডাৰনেছ, ‘অল ইজ ছং’, ‘ডিয়াৰ থিফ’, ‘দ্য ৱেষ্টার্ন উইণ্ড’ আৰু ‘অর্বিটেল’৷ তেওঁৰ উপন্যাসসমূহে ফিকচনৰ বাবে অৰেঞ্জ পুৰস্কাৰ, গার্ডিয়ান ফার্ষ্ট বুক এৱার্ড ৱাল্টাৰ স্ক’ট পুৰস্কাৰ আৰু জেমছ টেইট ব্লেক পুৰস্কাৰৰ বাবে সংক্ষিপ্ত তালিকাভুক্ত হৈছে আৰু মেন বুকাৰ পুৰস্কাৰ, বেইলি পুৰস্কাৰ, জেৰউড ফিকচন আনক’ভাৰড প্রাইজ আৰু এইচ ডব্লিউ এ গ’ল্ডৰ বাবে দীর্ঘ তালিকাভুক্ত হৈছে৷ জয় কৰিছে ক্রাউন পুৰস্কাৰ, দ্য ৱেষ্টার্ন উইণ্ড ২০১৯ ষ্টাঞ্চ বুক পুৰস্কাৰ৷
বুকাৰ বঁটা লাভ কৰা ‘অর্বিটেল’ উপন্যাসখন ২০২৩ চনৰ নৱেম্বৰত প্রকাশ পাইছিল৷ গ্রন্থখন প্রকাশ কৰিছিল জনাথন কেপ (ইউকে) আৰু গ্র’ভ আটলাণ্টিকে (ইউ এছ)৷ এইখন উপন্যাসে বুকাৰ বঁটা অর্জনৰ পূর্বে ইনৱার্ডছ লিটাৰেৰী এৱার্ডছ ২০২৪ আৰু সাহিত্যৰ বাবে ২০২৪ চনত হাথর্নডেন পুৰস্কাৰ অর্জন কৰিছে৷ হার্ভেৰ শৈশৱ বৰ সুখকৰ নাছিল৷ বিবাহ বিচ্ছেদৰ পিছত তেওঁৰ মাতৃ আয়াৰলেণ্ডলৈ গুচি যায়৷ তেওঁ দর্শন আৰু সৃজনীশীল লেখাত স্নাতকোত্তৰ ডিগ্রী সম্পূর্ণ কৰে৷ লিখাৰ উপৰি গান, অভিনয় আদিৰ স’তেও জড়িত আৰু ভ্রমণ তেওঁৰ হ’বী৷ ক’ভিড–১৯ৰ লকডাউনৰ সময়ত ছামান্থাই উপন্যাসখন লিখা বুলি বিবিচিক দিয়া এক সাক্ষাৎকাৰত উল্লেখ কৰিছে৷ বুকাৰ জয়ৰ দৌৰত তেওঁ সংক্ষিপ্ত তালিকাভুক্ত অন্য ৪গৰাকী লেখিকাক পৰাভূত কৰে৷ ১৩৬ পৃষ্ঠাৰ অর্বিটেল হৈছে বুকাৰ জয় কৰা দ্বিতীয় সংক্ষিপ্ততম গ্রন্থ আৰু মহাকাশৰ পটভূমিত লিখা প্রথম উপন্যাস৷ ২০০৯ চনত তেওঁ লিখা প্রথমখন উপন্যাস ‘দ্য ৱাইণ্ডাৰনেছ’ লিখা হৈছিল আলজেইমাৰ ৰোগত আক্রান্ত এজন ব্যক্তিৰ দৃষ্টিকোণৰ পৰা৷ হার্ভেৰ দ্বিতীয়খন উপন্যাস ‘অল ইজ ছং’ (২০১২)ক তেওঁ ছক্রেটিছৰ জীৱনৰ এটি সুকীয়া, আধুনিক দিনৰ পুনৰ কল্পনা হিচাপে বর্ণনা কৰিছে৷ তেওঁৰ তৃতীয়খন উপন্যাস ‘ডিয়াৰ থিফ’ লিখা হৈছে লিঅ’নার্ড কোহেনৰ বিখ্যাত ব্লু ৰেইনকোটৰ ওপৰত ভিত্তি কৰি৷ এই গ্রন্থখন ২০১৪ চনত জোনাথন কেপে প্রকাশ কৰিছিল৷ আনহাতে, পঞ্চদশ শতিকাৰ ছমাৰছেটৰ এগৰাকী পুৰোহিতক লৈ হার্ভেৰ চতুর্থখন উপন্যাস, দ্য ৱেষ্টার্ন উইণ্ড প্রকাশ পায় ২০১৮ চনৰ মার্চত৷ ‘দ্য চেপলেছ ইউনিজ’ তেওঁৰ একমাত্র অ–কথা সাহিত্য৷ তেওঁৰ তীব্র অনিদ্রাৰ অভিজ্ঞতাৰ বিৱৰণ ইয়াত আছে৷ হার্ভেৰ শেহতীয়া উপন্যাস অর্বিটেলে বুকাৰ সন্মান আঁজুৰি আনিলে৷ মার্ক হেভেনে এই গ্রন্থখন সম্পর্কত কৈছে যে অতি দীঘলীয়া সময়ত তেওঁ পঢ়া আটাইতকৈ সুন্দৰ উপন্যাসসমূহৰ ভিতৰত এইখন এখন৷ হার্ভেৰ উপন্যাসসমূহ চীন, ডাচ্চ, ফৰাচী, জার্মান, গ্রীক, ইটালী, স্পেনিছ, হিব্রু, নৰৱেজিয়ান, পতুর্গীজ আৰু ৰোমানিয়ান ভাষালৈ অনূদিত হৈছে৷ সমালোচকসকলে তেওঁৰ লেখাক ভার্জিনিয়া উল্ফৰ লেখাৰ সৈতে তুলনা কৰিছে৷ তদুপৰি তেওঁৰ গীতিময় পদ্য আৰু মানৱীয় মানসিকতাৰ অন্তর্দৃষ্টিপূর্ণ পর্যবেক্ষণৰ বাবেও প্রশংসিত হৈছে৷ তেওঁ দ্য গার্ডিয়ান আৰু দ্য নিউয়র্ক টাইমছত নিয়মীয়াকৈ সাহিত্য চর্চা কৰে৷