নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রিজ নির্মাণ আৰু আলাপ

ব্রিজ নামৰ অসমীয়া চলচ্চিত্রখনে ২০২০ চনত শ্রেষ্ঠ অসমীয়া চলচ্চিত্রৰ ৬৮সংখ্যক ৰাষ্ট্রীয় চলচ্চিত্র বঁটা লাভ কৰিছিল৷ ছবিখনৰ চিত্রনাট্য আৰু পৰিচালনা আছিল কৃপাল কলিতাৰ৷ ৰমা কুমাৰ দাস আৰু সবিতা দেৱীয়ে প্রযোজনা কৰা ব্রিজ ছবিখনে মুক্তি লাভ কৰিছিল ২০২২ চনত৷ ছবিখনত মূর্ত হৈ উঠিছে এখন বানবিধ্বস্ত গাঁৱৰ এটি দুখীয়া পৰিয়ালৰ জোনাকী নামৰ এগৰাকী কিশোৰীৰ সংগ্রামৰ কাহিনী৷ পিতৃৰ মৃত্যুৰ পিছত ঘৰখনৰ সকলো দায়িত্ব মূৰ পাতি ল’বলগীয়া হোৱা জোনাকীয়ে মাতৃ আৰু ভাতৃক জীয়াহ ৰাখিবলৈ পুৰুষৰ দৰে কান্ধত নাঙল লৈ কৃষিকর্মত নিয়োজিত হয়৷ ছবিৰ কাহিনীত থকা জীয়া বাস্তৱতাই দর্শকৰ হূদয় স্পর্শ কৰাৰ লগতে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়তো বিশেষজ্ঞসকলৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়৷ ছবিখনে শ্রেষ্ঠ অসমীয়া চলচ্চিত্রৰ ৰজত কমল বঁটা লাভ কৰাৰ উপৰি ৫১সংখ্যক গোৱা আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত জুৰীৰ দ্বাৰা বিশেষভাৱে আলোচিত হৈছিল৷ ছবিখনৰ মুখ্য চৰিত্রত দুর্দান্ত অভিনয় কৰা শিৱাৰাণী কলিতাই অটৱা ভাৰতীয় চলচ্চিত্র মহোৎসৱ (কানাডা)ত শ্রেষ্ঠ অভিনেত্রীৰ বঁটা লাভ কৰিছিল৷ মুক্তিৰ সময়ত ছবিখন চোৱাৰ সৌভাগ্য আমাৰ হোৱা নাছিল৷ যোৱা ১৮ জুনত ব্রিজ চলচ্চিত্রখনৰ এটি বিশেষ প্রদর্শনীৰ আয়োজন কৰা হৈছিল৷ জ্যোতি চিত্রবন ফিল্ম ষ্টুডিঅ’ৰ ৰুদ্র বৰুৱা প্রেক্ষাগৃহত আয়োজন কৰা চলচ্চিত্রখনৰ এই প্রদর্শনীৰ পূর্বে স্বভাৱশিল্পী প্রয়াত লক্ষ্মী বৰঠাকুৰৰ পৱিত্র স্মৃতিত এখনি গ্রন্থ উন্মোচন কৰা হৈছিল৷ ৰেখা প্রকাশনে প্রকাশ কৰি উলিওৱা ‘ব্রিজ নির্মাণ আৰু আলাপ’ শীর্ষক গ্রন্থখনৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি সাহিত্য অকাডেমি বঁটাপ্রাপক, বিশিষ্ট লেখিকা অনুৰাধা শর্মা পূজাৰী আৰু বিশিষ্ট অভিনেত্রী চেতনা দাসে গ্রন্থখনৰ বিষয়ে চমু অৱলোকন আগবঢ়ায়৷ গ্রন্থখনৰ মাজেদি ব্রিজ চলচ্চিত্রখনৰ এখন জীৱন্ত ছবি পৰিস্ফূট হৈ পৰিছে৷ এই অনুষ্ঠানটোত উপস্থিত থকা বাবেই অত্যন্ত প্রাসংগিক বিষয়ৰ ওপৰত নির্মাণ কৰা ব্রিজ ছবিখন উপভোগ কৰাৰ সুযোগ লাভ কৰিলোঁ৷ পৰিচালক কৃপাল কলিতাৰ ভাষাৰে ব্রিজৰ মূল ধাৰণা হৈছে যে যিকোনো পৰিস্থিতিতেই জীৱন অব্যাহত ৰাখিবই লাগিব৷ বর্তমান সময়ৰ তীব্র প্রতিদ্বন্দ্বিতা, ভোগবাদ, সহজে ধন ঘটাৰ মানসিকতা আৰু বিলাসবহুল জীৱনযাত্রাৰ আগ্রাসনত দিশহাৰা হৈ পৰা সমাজখনত বিভিন্ন বয়সৰ লোকে জীৱনৰ চৰম সিদ্ধান্ত গ্রহণ কৰা দেখা যায়৷ কিন্তু ব্রিজত ইয়াৰ এখন বিপৰীত ছবি দাঙি ধৰাৰ প্রয়াস কৰা হৈছে৷ জীৱনৰ যথাসর্বস্ব হেৰুওৱাৰ পিছতো এগৰাকী কিশোৰীয়ে তেওঁৰ জীৱন পুনর্নির্মাণ কৰিবলৈ আৰম্ভ কৰে৷
ছবিখনৰ মাজেৰে অসমৰ এটি অন্যতম প্রধান সমস্যা বানৰ ভয়াৱহতা সুন্দৰভাৱে দাঙি ধৰিছে৷ প্রতি বছৰে অহা প্রলয়ংকৰী বানে কিছুমান অঞ্চলত প্রবল ক্ষতি কৰে৷ এই অঞ্চলবোৰৰ জনসাধাৰণে জীৱন আৰু সম্পত্তি হেৰুৱাই এক দুর্বিষহ জীৱন যাপন কৰিবলগীয়া হয়৷ তেওঁলোকক লৈ ৰাজনীতি কৰা হয়, প্রতিশ্রুতিৰ বন্যা বোৱায় আৰু নির্বাচনী বৈতৰণী পাৰ হয়৷ অথচ জোনাকীহঁতৰ দৰে গাঁওবোৰ সদায় এখন ‘ব্রিজ’ৰ অভাৱত উন্নয়নৰ পৰা শতযোজন দূৰতে থাকি যায়৷ কলৰ ভূৰত পাৰ হৈ ছাত্র–ছাত্রী বিদ্যালয়লৈ অহা–যোৱা কৰে৷ এই গাঁওবোৰৰ ছোৱালীক বিয়া কৰাবলৈ বাহিৰৰ মানুহে ইচ্ছা প্রকাশ নকৰে৷ ফলত অধিকাংশ ছোৱালী অবিবাহিত হৈ ৰৈ যায়৷ প্রতিবছৰে বাৰিষা অহা বানে আপোনজনক কাঢ়ি নিয়ে৷ ছবিখনৰ নায়িকা জোনাকীয়েও বানত পিতৃ–মাতৃক হেৰুৱাই একমাত্র ভায়েকৰ সৈতে নিঠৰুৱা হৈ পৰিছে৷ তথাপি তাই মনোবল হেৰুওৱা নাই৷ বানে ধুই নিয়াৰ পিছত পুনৰ এটি ঘৰ নির্মাণৰ বাবে নিজকে নিয়োজিত কৰিছে৷ আচলতে এয়া অসমৰ উজনি আৰু নামনিৰ অত্যন্ত অনগ্রসৰ আৰু নৈপৰীয়া গাঁওবোৰৰ নিত্য নৈমিত্তিক ঘটনা৷ এই ছবিখনেই পৰিচালক কলিতাই ব্রিজৰ মাজেদি ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় সম্প্রদায়ৰ দৃষ্টিৰ সন্মুখত তুলি ধৰিব বিচাৰিছে৷ ইয়াৰ লগতে তেওঁ অসমত বাস কৰা একাংশ লোকৰ এক আশ্চর্যকৰ কাহিনীও দাঙি ধৰাৰ প্রয়াস কৰিছে৷ এইক্ষেত্রত ছবিখনৰ সৈতে জড়িত সকলো কলা–কুশলী সফলো হৈছে৷ ছবিখন নির্মাণ কৰোঁতে তেওঁলোকে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে৷ কাৰণ ছবিখনত অসমৰ বিভিন্ন ঋতু চিত্রিত কৰা হৈছে৷ ফলত নির্মাণকার্য সম্পূর্ণ কৰিবলৈ এবছৰৰো অধিক সময়ৰ প্রয়োজন হৈছিল৷ বছৰৰ ছটা ঋতুৰ বিভিন্ন দৃশ্য কেমেৰাত বন্দী কৰিবলৈ নে দীর্ঘ সময়ৰ প্রয়োজন হৈছিল৷ গুৱাহাটীৰ পৰা ৫০০ কিলোমিটাৰ দূৰলৈ গৈ ইমান দীঘলীয়া সময় শ্বুটিং কৰা যথেষ্ট ব্যয়সাপেক্ষ আছিল৷ কিন্তু সীমিত বাজেটৰ মাজেৰে ছবিখন সম্পূর্ণ কৰিবলৈ তেওঁলোকে বিভিন্ন প্রত্যাহ্বান গ্রহণ কৰিবলগীয়া হৈছিল৷ তদুপৰি মুখ্য চৰিত্রত অভিনয় কৰা শিৱাৰাণীক বিচাৰি উলিওৱা বৰ কঠিন আছিল৷ প্রায় ৩০০গৰাকী কিশোৰীৰ মাজৰ পৰা পৰিচালকে শিৱাৰাণীক বাছনি কৰি উলিয়াইছিল৷ এগৰাকী কলেজীয়া ছাত্রীক পথাৰত হাল বাবলৈ প্রস্তুত কৰি উলিওৱাতে বহু সময়ৰ প্রয়োজন হৈছিল৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল- কৃপাল কলিতাই পৰিচালনা কৰা এইখন তেওঁৰ প্রথম চলচ্চিত্র৷ ইয়াৰ পূর্বে তেওঁ বিভিন্ন কাম কৰিছে যদিও এইখন অভিষেক ছবি৷ এটি কৃষক পৰিয়ালত জন্মগ্রহণ কৰা বাবেই তেওঁ ছবিখনৰ কাহিনীভাগ অধিক জীৱন্ত কৰি তুলিব পাৰিছে৷ দীর্ঘদিন ধৰি তেওঁ অভিনেতা আৰু পৰিচালক হিচাপে থিয়েটাৰৰ সৈতে জড়িত হৈ আহিছে৷ ২০০০ চনৰ পৰা ধাৰাবাহিকত অভিনেতা আৰু সহকাৰী পৰিচালকৰূপেও কাম কৰিছে৷ তেওঁ ১৮খনৰো অধিক চুটি ছবি আৰু ১২খনমান ধাৰাবাহিক পৰিচালনা কৰিছে৷ প্রথমখন পূর্ণ দৈর্ঘ্যৰ ছবি পৰিচালনা কৰিয়ে খ্যাতি অর্জন কৰা কৃপাল কলিতাই এটি স্পর্শকাতৰ বিষয় সুন্দৰ ৰূপত দাঙি ধৰিছে৷ প্রতিবছৰে ব্রহ্মপুত্র আৰু ইয়াৰ উপনৈসমূহে বিভিন্ন গাঁৱত ধ্বংসকার্য চলায় আৰু বিস্তৰ ক্ষতি কৰে৷ উপনৈসমূহত এখন সেতুৰ অভাৱত গাঁওবাসীৰ জীৱন অধিক দুর্বিষহ কৰি তোলে৷ তথাপি তেওঁলোকে নদীখনক ভাল পায়, চাৰিওকাষৰ সেউজীয়া পথাৰ আৰু প্রকৃতিক ভাল পায়৷ সেইবাবে প্রতিবছৰে তেওঁলোকে নতুন আশাৰে নতুনকৈ জীৱন আৰম্ভ কৰে৷

You might also like