নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেনি এৰপেনবেকৰ ‘কাইৰ’জ’

জেনি এৰপেনবেকৰ উপন্যাস ‘কাইৰ’জ’–এ জয় কৰিলে বুকাৰ বঁটা৷ জার্মান ভাষাত লিখা এই উপন্যাসখন ইংৰাজীলৈ অনুবাদ কৰিছিল মাইকেল হফমেনে৷ সন্মানজনক বুকাৰ বঁটাৰ বাবে সীমিত তালিকাৰ পৰা ‘কাইৰ’জ’ নামৰ এইখন উপন্যাসে বুকাৰৰ খিতাপ অর্জন কৰিবলৈ সক্ষম হয়৷ গ্রন্থখনৰ অর্থৱহ আৰু প্রাসংগিক তথা বৈচিত্র্যপূর্ণ কাহিনীৰ বাবেই হয়তো বুকাৰৰ দৰে সন্মান আঁজুৰি অনাৰ অন্যতম কাৰণ হিচাপে পৰিগণিত হৈছে৷ উপন্যাসখনে কাহিনীভাগত ধাৰণ কৰিছে বৈপৰীত্যৰ অজস্র চিত্র৷ ইয়াৰ কাহিনীভাগ সম্পূর্ণৰূপে ব্যক্তিগত হ’লেও তাৰ মাজত আছে তীব্র ৰাজনৈতিক চেতনা৷ বাহ্যিক দৃষ্টিত উপন্যাসখনৰ কাহিনীয়ে পাঠকৰ মনত যি ভাবৰ উদয় ঘটাইছে, তাৰ এক বিপৰীত ছবি ইয়াৰ অন্তর্ভাগত প্রতিফলন হোৱা দেখা যায়৷ এই অন্তৰংগ কাহিনীভাগে ব্যক্তিসত্তাৰ পৰিসীমা অতিক্রম কৰি এখন দেশৰ আত্মাৰ প্রতিধ্বনি হৈ উঠিছে৷ বিষয়টো অধিক স্পষ্ট ৰূপত ক’বলৈ হ’লে এটা সময়ৰ অন্তর্নিহিত অভিসন্ধি অথবা ক্রন্দনেই যেন পৰিস্ফুট হৈ পৰিছে ‘কাইৰ’জ’ নামৰ উপন্যাসখনত৷ এৰপেনবেকৰ ‘কাইৰ’জ’ৰ কাহিনীভাগত প্রতিফলন হৈছে দুগৰাকী অ-সম বয়সৰ মানুহৰ মাজত গঢ়ি উঠা প্রেম অথবা সম্পর্কৰ কথা৷ ইয়াৰে এজন পুৰুষ লেখক, যি বয়সত যথেষ্ট ডাঙৰ৷ ইয়াৰ বিপৰীতে তেওঁৰ ছাত্রী তেওঁতকৈ বয়সত বহুখিনি সৰু৷ এই সম্পর্কৰ মাজতেই লেখকে দুটা প্রজন্মৰ দূৰত্ব সুন্দৰভাৱে দাঙি ধৰিছে৷ ইয়াৰ মাজতে কাহিনীৰ মাজত প্রৱেশ ঘটিছে দেশৰ ৰাজনীতি আৰু দৃষ্টিভংগীৰ পৰিৱর্তন৷ প্রেমৰ সম্পর্কৰ মাজত যিদৰে এটি সুন্দৰ সপোনৰ দিশে আগবঢ়াৰ আশা থাকে, ঠিক একেদৰে ৰাজনৈতিক দর্শনৰ ক্ষেত্রতো থাকে অনুৰূপ আশা৷ সময়ৰ পৰিৱর্তনৰ লগে লগে সম্পর্কৰো পৰিৱর্তন ঘটে৷ বহুক্ষেত্রত দেখা যায় সুন্দৰৰ আশা বুকুত বান্ধি যাত্রা আৰম্ভ কৰাৰ পিছতো সেই লক্ষ্যত উপনীত হোৱা সম্ভৱ নহয়৷ ক্ষমতা আৰু জীৱনৰ অজস্র প্রসংগই সলনি কৰি পেলায় সম্পর্ক তথা প্রেমৰ শৰীৰ৷ ঔপন্যাসিক এৰপেনবেকে অতি কৌশলেৰে সেই পৰিৱর্তনৰ মাজতে গুঁজি দিয়ে পূব জার্মানীৰ ইতিহাস৷ ইতিহাসক বিভিন্ন দৃষ্টিভংগীৰে প্রত্যক্ষ কৰাৰ যি প্রয়াস, সেয়াই বাস্তৱ হ’বলৈ ধৰে এই সম্পর্কৰ মাজেৰে৷ এই যাত্রা, আশা আৰু আশা ভংগৰ আখ্যান, সেয়া তেতিয়া কেৱল দুগৰাকী ব্যক্তিৰ মাজতে সীমাবদ্ধ হৈ নাথাকে৷ বৰং দুটা প্রজন্মৰ দুগৰাকী ব্যক্তিৰ জৰিয়তে গঢ়ি পেলাব পাৰি এখন দেশক তথা সময়ক৷

অৱশ্যে কেৱল ইতিহাস আৰু সম্পর্কৰ মিশ্রণেই উপন্যাসখন গুৰুত্বপূর্ণ কৰি তোলা নাই৷ মনত ৰখা উচিত যে ইতিহাসৰ পুনৰাবৃত্তি ঘটে৷ ভালপোৱা, স্বাধীনতা, আনুগত্য, ক্ষমতাৰ প্রশ্ণসমূহ যিদৰে সম্পর্কৰ বাবে চিৰকালীন, তেনেদৰে, সময়ৰ ইতিহাসৰ ক্ষেত্রতো গুৰুত্বপূর্ণ৷ ফলস্বৰূপে ‘কাইৰ’জ’ত এনে এটি ঘটনা বর্ণনা কৰা হৈছে, যি সমকালীন হৈও সময়োত্তীর্ণ৷ কাহিনীভাগত মাটিৰ পৰা মহাকালৰ আকাশলৈ উৰা মৰাৰ প্রয়াসেই হয়তো বিচাৰকমণ্ডলীৰ দৃষ্টি আকর্ষণ কৰিছে৷ বিশ্বৰ পাঠক সমাজে এইবাৰ তাৰ বিচাৰ কৰিব৷ উপন্যাসখনৰ কাহিনীভাগক নিজৰ অভিজ্ঞতাৰ আলোকত বিচাৰ কৰাৰ অৱকাশ পাব পঢ়ুৱৈ সমাজে৷ অৱশ্যে ‘কাইৰ’জ’ কালজয়ী হ’ব নে নহয়, সেই কথাও নির্ভৰ কৰিব সময়ৰ ওপৰতে৷ সময়েহে ক’ব এৰপেনবেকৰ উপন্যাসখনৰ সাহিত্যিক মূল্য কিমান? উল্লেখ্য যে জেনি এৰপেনবেকৰ জন্ম হৈছিল ১৯৬৭ চনৰ ১২ মার্চত পূব বার্লিনত৷ তেওঁ এগৰাকী জার্মান সাহিত্যিক আৰু অপেৰাৰ পৰিচালক৷ তেওঁৰ পিতৃ ডৰিছ কিলিয়াছ হৈছে এগৰাকী দার্শনিক, লেখক, পদার্থবিদ আৰু অনুবাদক৷ আনহাতে, তেওঁৰ ককাক আৰু আইতাকো আছিল লেখক ফ্রিটজ এৰপেনবেক আৰু হেডা জিনাৰ৷ স্নাতক ডিগ্রী লাভ কৰাৰ পিছত জেনিয়ে বিভিন্ন থিয়েটাৰত ছুপাৰভাইজৰ হিচাপে কাম কৰে৷ ইয়াৰ লগতে দুবছৰ বুক বাইণ্ডাৰ ৰূপেও চাকৰি কৰে তেওঁ৷ বার্লিনৰ হামব’ল্ট বিশ্ববিদ্যালয়ত থিয়েটাৰ সম্পর্কে অধ্যয়ন কৰাৰ পিছত থিয়েটাৰৰ পৰিচালক হিচাপেও কাম কৰে৷ ১৯৯৯ চনত তেওঁৰ প্রথম উপন্যাস : ‘Geschichte vom alten kind’ প্রকাশ পায়৷ মার্কিন যুক্তৰাষ্ট্রৰ মাইকেল হফমেনৰ দ্বাৰা অনূদিত তেওঁৰ উপন্যাস ‘কাইৰ’জ’ অনুবাদ সাহিত্যৰ বাবে ২০২৩ চনত ৰাষ্ট্রীয় পুৰস্কাৰৰ বাবে তালিকাভুক্ত হয়৷ এইবাৰ তেওঁৰ এই গ্রন্থখনে আন্তর্জাতিক বুকাৰ বঁটা লাভ কৰে৷

You might also like