নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কানাডা–ভাৰতৰ সংঘাত

ভাৰতৰ ম’ষ্টৱাণ্টেড খালিস্তানী সন্ত্রাসবাদী হৰদ্বীপ সিং নিজ্জৰৰ হত্যাক লৈ ভাৰত আৰু কানাডাৰ কূটনৈতিক সম্পর্কৰ চৰম অৱনতি ঘটিছে৷ কানাডাৰ নাগৰিক খালিস্তানী সন্ত্রাসবাদী হৰদ্বীপ সিং নিজ্জৰক ভাৰতীয় এজেণ্টে হত্যা কৰাৰ অভিযোগ দেশখনৰ প্রধানমন্ত্রী জাষ্টিন ট্রুডিউৱে বিগত বর্ষত উত্থাপন কৰাৰ পিছত দুয়োখন দেশৰ মাজত অৱনতি ঘটা সম্পর্কৰ কিছু উন্নতি হৈছিল যদিও কানাডাৰ আৰক্ষীয়ে খালিস্তানী সন্ত্রাসবাদী নিজ্জৰৰ হত্যাত ভাৰতীয় উচ্চায়ুক্ত জড়িত থকা বুলি দাবী কৰাৰ পিছতেই দুয়োখন দেশৰ মাজত সম্পর্কৰ অধিক অৱনতি ঘটে৷ কানাডা চৰকাৰৰ এই অভিযোগক নস্যাৎ কৰি নতুন দিল্লীয়ে কানাডা চৰকাৰে খালিস্তানী সন্ত্রাসবাদীক লালন–পালন কৰি আছে বুলি গুৰুতৰ অভিযোগ কৰে৷ অভিযোগ–প্রতিঅভিযোগক লৈ দুয়োখন দেশৰ মাজত সম্পর্কৰ ইমানেই অৱনতি ঘটে যে ভাৰতে নতুন দিল্লীস্থিত কানাডাৰ উচ্চায়ুক্তক চমন জাৰি কৰাই নহয়, দেশত্যাগৰ নির্দেশ দিয়ে৷ ইয়াৰ লগে লগে কানাডাস্থিত ভাৰতীয় উচ্চায়ুক্তকো স্বদেশলৈ প্রত্যার্পণৰ নির্দেশ দিয়ে৷ ভাৰতৰ এই পদক্ষেপক কানাডায়ো নিজ দেশৰ উচ্চায়ুক্ত নতুন দিল্লীৰ পৰা প্রত্যাহাৰ কৰে৷ খালিস্তানী সন্ত্রাসবাদীক লৈ কানাডা আৰু ভাৰতৰ কূটনৈতিক সম্পর্কৰ চৰম অৱনতিয়ে প্রব্রজন নীতি আৰু বাণিজ্যৰ ক্ষেত্রত দুয়োখন দেশৰ ওপৰত প্রচণ্ড প্রভাৱ পৰাটো নিশ্চিত হৈছে৷ লক্ষণীয় যে খালিস্তানী সন্ত্রাসবাদী নিজ্জৰক ভাৰতীয় এজেণ্টে হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰাৰ লগতে কানাডা চৰকাৰে দেশখনৰ মাটিত ভাৰতে অপৰাধমূলক কার্য সংঘটিত কৰি থকা বুলি দাবী কৰে৷ তদুপৰি কুখ্যাত গেংষ্টাৰ লৰেঞ্চ বিষ্ণয়ৰ সৈতে ভাৰতীয় এজেণ্টে মিলিত হৈ কানাডাক খালিস্তানীপন্থীৰ বিৰুদ্ধে অভিযান চলাই থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ কানাডা চৰকাৰৰ এই গুৰুতৰ অভিযোগ নস্যাৎ কৰি নতুন দিল্লীয়ে চৰকাৰখনৰ পৰা এই সন্দর্ভত সাক্ষ্য-তথ্য বিচাৰে৷ খালিস্তানী সন্ত্রাসবাদীক লৈ দুয়োখন দেশৰ মাজত অভিযোগ–প্রতিঅভিযোগত কূটনৈতিক সম্পর্কৰ চৰম অৱনতি ঘটাত পশ্চিমীয়া দেশসমূহেও এই সন্দর্ভত উদ্বিগ্ণতা প্রকাশ কৰিছে৷ মন কৰিবলগীয়া যে সম্প্রতি ভাৰত আৰু কানাডাৰ কূটনৈতিক সম্পর্কৰ চৰম অৱনতি ঘটাৰ আঁৰত খালিস্তানী সন্ত্রাসবাদী আছে৷
স্মর্তব্য যে খালিস্তানীপন্থীক ভাৰতে সন্ত্রাসবাদী বুলি ঘোষণা কৰাৰ বিপৰীতে কানাডাত খালিস্তানীসকলে নাগৰিকত্ব লৈ বসবাস কৰি আছে৷ বিগত বর্ষৰ ছেপ্টেম্বৰত কানাডাৰ প্রধানমন্ত্রী জাষ্টিন ট্রুডিউৱে জুনত ভান কুভেৰত কানাডাৰ নাগৰিক হৰদ্বীপ সিং নিজ্জৰক গুলীয়াই হত্যা কৰাৰ আঁৰত ভাৰত চৰকাৰৰ এজেণ্ট জড়িত বুলি অভিযোগ কৰিছিল৷ খালিস্তানী টাইগাৰ ফ’ৰ্চৰ নিজ্জৰক ম’ষ্ট ৱাণ্টেড সন্ত্রাসবাদী বুলি ঘোষণা কৰিলেও নিজ্জৰ আছিল কানাডাৰ বাসিন্দা৷ এনেক্ষেত্রতে কানাডা চৰকাৰে নিজ্জৰৰ হত্যাত ভাৰত জড়িত বুলি অভিযোগ উত্থাপন কৰিছিল৷ তেতিয়াৰে পৰা কানাডাৰ সৈতে ভাৰতৰ সম্পর্ক তিক্ত হৈ উঠিছিল যদিও শেহতীয়াভাৱে পুনৰ এই হত্যাকাণ্ডত ভাৰতীয় উচ্চায়ুক্ত জড়িত বুলি কানাডা চৰকাৰে ঘোষণা কৰাৰ লগে লগে দুয়োখন দেশৰ মাজত সম্পর্কৰ চৰম অৱনতি ঘটে৷ খালিস্তানী সন্ত্রাসবাদী নিজ্জৰৰ হত্যাত ভাৰতীয় এজেণ্ট জড়িত থকা বুলি কানাডা চৰকাৰে অভিযোগ কৰাৰ পিছতে নতুন দিল্লীয়ে ৬গৰাকী কানাডাৰ কূটনীতিকক দেশ এৰিবলৈ নির্দেশ দিয়াৰ লগতে কানাডাস্থিত ভাৰতীয় উচ্চায়ুক্তক দেশলৈ প্রত্যাৱর্তনৰ নির্দেশ দিয়ে৷ কানাডাৰ কূটনীতিকক ১৯ অক্টোবৰৰ দিনৰ ১১.৫৯ বজাৰ পূর্বে ভাৰত এৰিবলৈ নির্দেশ দিয়ে৷ ইয়াৰ পিছতে কানাডায়ো পদক্ষেপ গ্রহণ কৰি ভাৰতৰ সৈতে সম্পর্কৰ অৱনতি ঘটাত কূটনীতিকক নিজ দেশলৈ ওভতাই নিয়ে৷ দুয়ো দেশৰ মাজত কূটনৈতিক সম্পর্কৰ চৰম অৱনতি ঘটাত কানাডালৈ ভাৰতীয় শিক্ষার্থীৰ প্রব্রজন, বাণিজ্যিক সম্পর্ক আৰু কানাডাৰ ভাৰত–প্রশান্ত মহাসাগৰীয় নীতিৰ ওপৰত প্রভাৱ পৰিব৷ কানাডালৈ বিশ্বৰ বিভিন্ন দেশৰ ভিতৰত সর্বাধিক ভাৰতীয় শিক্ষার্থীয়ে অধ্যয়নৰ বাবে যায় আৰু তাতেই সংস্থাপন লাভ কৰে৷ ২০২৩ চনত কানাডাত ভাৰতীয় শিক্ষার্থীৰ সংখ্যা ২.৭ লাখলৈ বৃদ্ধি পাইছিল৷ দুয়ো দেশৰ সম্পর্কৰ অৱনতি ঘটাত ভাৰতৰ পৰা কানাডালৈ যোৱা শিক্ষার্থীৰ সংখ্যা হ্রাস পোৱাই নহয়, সম্প্রতি অধ্যয়নৰত শিক্ষার্থীৰ ওপৰতো প্রভাৱ পৰাটো নিশ্চিত৷ তেনেদৰে দুয়ো দেশৰ মাজৰ বাণিজ্যিক সম্পর্কতো ব্যাঘাত জন্মিব৷ ভাৰত আৰু কানাডাৰ কূটনৈতিক সম্পর্কৰ চৰম অৱনতি ঘটাত পশ্চিমীয়া দেশসমূহে উদ্বিগ্ণতা প্রকাশ কৰিছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ লগতে নিউজিলেণ্ডে কানাডাই নিজ্জৰক হত্যাত ভাৰত জড়িত বুলি কৰা অভিযোগৰ সত্যাসত্য নিৰূপণৰ ওপৰত গুৰুত্ব দিছে৷ দুয়োখন দেশে এই বিষয়টোক লৈ পাৰস্পৰিক বুজাবুজিৰে অনুসন্ধানৰ পোষকতা কৰিছে আমেৰিকাই৷ খালিস্তানী সন্ত্রাসবাদীক লৈ দুয়ো দেশৰ মাজত সম্পর্ক বিঘ্ণিত হোৱাক লৈ পশ্চিমীয়া দেশসমূহে উদ্বিগ্ণতা প্রকাশ কৰিছে৷ পশ্চিমীয়া দেশৰ সৈতে ভাৰতৰ কূটনৈতিক সম্পর্কত বিৰূপ প্রভাৱ পৰিব পাৰে নেকি, সেই সন্দর্ভতো চর্চা চলিছে৷ ভাৰতৰ বাবে কানাডাৰ সৈতে সম্পর্ক বিঘ্ণিত হোৱা বিষয়টোৱে পৰৱর্তী সময়ত কি গতি ল’ব, সেয়া চিন্তনীয়৷ ভাৰতৰ কানাডাক লৈ বিদেশী নীতি কি হ’ব, সেয়াও বিচার্যৰ বিষয় হৈ পৰিছে৷

You might also like