নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাজাত যুদ্ধবিৰতি

দীর্ঘদিনীয়া প্রচেষ্টাৰ অন্তত অৱশেষত ইজৰাইল আৰু পেলেষ্টাইনী সশস্ত্র সংগঠন হামাছৰ মাজত যুদ্ধবিৰতিৰ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনাই দেখা দিছে৷ আমেৰিকাসহ পাশ্চাত্যৰ কেইবাখনো দেশৰ লগতে ইজিপ্ত, কাটাৰ আদি দেশেও গাজাত হামাছ আৰু ইজৰাইলৰ মাজৰ যুদ্ধৰ অৱসান ঘটাবলৈ চেষ্টা চলাইছিল৷ বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘৰ তৰফৰ পৰাও ইজৰাইলৰ স্থিতিক বাৰে বাৰে সমালোচনা কৰি যুদ্ধবিৰতিৰ প্রস্তাৱ আগবঢ়োৱা হৈছিল৷ কিন্তু ৰাষ্ট্রসংঘৰ সেই প্রস্তাৱক কোনো কাৰণতে গুৰুত্ব দিয়া নাছিল ইজৰাইলে৷ বৰঞ্চ বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ বিৰুদ্ধে বিভিন্ন সময়ত সমালোচনাহে আগবঢ়াই আহিছিল ইজৰাইল চৰকাৰে৷ শেহতীয়াকৈ কাটাৰৰ ৰাজধানী ডোহাত ইজৰাইল চৰকাৰ, হামাছ, আমেৰিকা তথা কাটাৰৰ প্রতিনিধিৰ মাজত গুৰুত্বপূর্ণ আলোচনা অনুষ্ঠিত হৈছিল৷ এই আলোচনাত মধ্যস্থতাকাৰীৰ ভূমিকা গ্রহণ কৰে আমেৰিকা আৰু কাটাৰে৷ লক্ষণীয়ভাৱে যুদ্ধবিৰতিৰ প্রস্তাৱ আগবঢ়াইছিল বিদায়ী মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনে৷ বিভিন্ন পক্ষৰ প্রস্তাৱৰ পিছত ১৫ মাহ ধৰি চলা ৰক্তক্ষয়ী যুদ্ধৰ অৱসানৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ হামাছ আৰু ইজৰাইলে যুদ্ধবিৰতিৰ প্রতি সহমত পোষণ কৰি প্রথমতে পণবন্দী আৰু পেলেষ্টাইনী বন্দীৰ বিনিময়ৰ চিন্তা–চর্চা চলাইছিল৷ অর্থাৎ ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে অপহৰণ কৰা পণবন্দীসকলক এই যুদ্ধবিৰতিৰ অংশ হিচাপে পর্যায়ক্রমে মুক্তি দিয়া হ’ব৷ ইয়াৰ বিপৰীতে ইজৰাইলে দেশখনৰ কাৰাগাৰত বন্দী হৈ থকা পেলেষ্টাইনী নাগৰিকসকলক পর্যায়ক্রমে মুক্তি দিব৷ ইতিমধ্যে কেইবাটাও আন্তর্জাতিক সংবাদ সংস্থাই যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ হোৱা বুলি প্রতিবেদন প্রকাশ কৰিছে৷ হামাছে ইজৰাইলত আক্রমণ চলোৱাৰ পিছতে ইজৰাইলী সেনাই পেলেষ্টাইনী সশস্ত্র সংগঠনটোক উৎখাত কৰিবলৈ গাজাত আৰম্ভ কৰিছিল অভিযান৷ ইজৰাইলৰ এই অভিযান হৈ পৰিছিল অতি হিংস্র৷ প্রায় ১৫ মাহৰ পিছত গাজা সম্পূর্ণৰূপে বিধ্বস্ত হৈ পৰিছে৷ এই ভয়াৱহ আক্রমণত এতিয়ালৈকে শিশু, মহিলাসহ ৪৬ হাজাৰ লোকে প্রাণ হেৰুৱাইছে৷ আক্রমণত ঘুণীয়া হৈছে লক্ষাধিক লোক৷ অৱশ্যে বেচৰকাৰী তথ্য অনুসৰি যুদ্ধত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ৫০ সহস্রাধিক৷ আটাইতকৈ উদ্বেগপূর্ণ বিষয়টো হৈছে এই যুদ্ধত লাখ লাখ পেলেষ্টাইনী লোক গৃহহীন হ’বলগীয়া হৈছে৷ এই লোকসকল এতিয়া বিভিন্ন শৰণার্থী শিবিৰৰ বাসিন্দা৷
গাজাত ইজৰাইলে আৰম্ভ কৰা যুদ্ধই সমগ্র মধ্য প্রাচ্যলৈ কঢ়িয়াই আনে অস্থিৰতা৷ হামাছৰ প্রতি সমর্থন জনাই য়েমেনৰ সশস্ত্র সংগঠন হুঠী আৰু লেবাননৰ হিজবুল্লাই ইজৰাইলৰ বিৰুদ্ধে আক্রমণ আৰম্ভ কৰাৰ লগে লগে পৰিস্থিতি অধিক জটিল হৈ পৰে৷ লক্ষণীয়ভাৱে হিজবুল্লাৰ বিৰুদ্ধে লেবাননত ইজৰাইলে আৰম্ভ কৰে সামৰিক অভিযান৷ সেইদৰে হুঠীৰ বিৰুদ্ধেও সঘনে ক্ষেপণাস্ত্রৰে আক্রমণ চলাই আহিছে ইজৰাইলী সেনাই৷ একে সময়তে ইৰানৰ মাজত সংঘাত বৃদ্ধি পাইছে ইহুদী ৰাষ্ট্রখনৰ৷ ইৰানৰ লগতে ছিৰিয়াত সমান্তৰালভাৱে অভিযান চলাই আহিছে ইজৰাইলী সেনাই৷ অর্থাৎ হামাছৰ আক্রমণৰ পিছতে ইজৰাইলে গাজাৰ সমান্তৰালভাৱে কেইবাখনো যুদ্ধ চলাই যাবলগীয়া হৈছে৷ কিন্তু পৰিস্থিতি আটাইতকৈ ভয়াৱহ হৈ পৰে গাজাত৷ যুদ্ধত প্রতিদিনে নিৰীহ লোকৰ মৃত্যু হোৱাৰ উপৰি গাজাত ভয়াৱহ খাদ্য সংকটে দেখা দিছে৷ লাখ লাখ শিশু এতিয়া অপুষ্টিৰ চিকাৰ হ’বলগীয়া হৈছে যুদ্ধভূমি গাজাত৷ লক্ষণীয়ভাৱে গাজাত প্রায় ৫০ শতাংশ বসতি অঞ্চল ধ্বংস হৈছে ইজৰাইলৰ বোমা–ক্ষেপণাস্ত্রৰ আঘাতত৷ বিস্তীর্ণ অঞ্চলটোত শিক্ষানুষ্ঠান, হাস্পতাল আদি যুদ্ধৰ ফলত ধূলিত পৰিণত হৈছে৷ এনে পৰিস্থিতিত বিগত ১৫ মাহত গাজা হৈ পৰিছে অন্য নৰক৷ গতিকে গাজাত যুদ্ধবিৰতিৰ বিষয়টোক লৈ বিভিন্ন মহলে চর্চা চলাই আহিছিল৷ এইক্ষেত্রত বিভিন্ন দেশে নিজাববীয়াকৈ চেষ্টাও চলাইছিল৷ অৱশেষত আমেৰিকাৰ প্রস্তাৱৰ প্রতি সঁহাৰি জনাই ইজৰাইল আৰু হামাছে যুদ্ধবিৰতিৰ প্রতি সহমত পোষণ কৰিছে৷ অৱশ্যে যুদ্ধবিৰতিৰ প্রতি ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেটান্যেহুৰ মন্ত্রীসভাই এতিয়াও সমর্থন জনোৱা নাই৷ উভয়পক্ষৰ মাজত যুদ্ধবিৰতিক লৈ কিছু কিছু বিষয়ত মতানৈক্য থকা বুলি চর্চা চলিছে৷ গতিকে যুদ্ধবিৰতিৰ চুক্তি স্বাক্ষৰ হ’লেও এই যুদ্ধবিৰতি কিমান দীর্ঘস্থায়ী হ’ব, তাক লৈ সন্দেহ আছে৷

You might also like