নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : শিশু আৰু যুদ্ধৰ হিংস্রতা

এটা বছৰ অতীত হ’ল৷ এটা নতুন বছৰৰ ঊষালগ্ণ চলি আছে৷ নতুন বর্ষটোৰ দোকমোকালিত পাহৰিব পাৰি জানো বিদায়ী বর্ষটোৰ বিষণ্ণ ঘটনাৰ স্মৃতিবোৰ? নতুন বর্ষটোৰ বিদায়ী বর্ষটোৱে এৰি যোৱা সংকট আৰু সমস্যাবোৰ নাইকিয়া হৈ পৰিব জানো? দিন সলনি হ’লেও সলনি নহয় পৰিৱেশ, পৰিস্থিতি৷ ইয়াৰ মাজত মাথোন শান্তিকামী মানুহে নতুনৰ প্রত্যাশা কৰিব পাৰে৷ ২০২৫ বর্ষৰ আৰম্ভণিতে বিশ্বজুৰি এই নতুন প্রত্যাশাই ধ্বনিত হৈছে৷ কিন্তু ২০২৪ৰ ভয়াৱহ ঘটনাবোৰৰ পৰা ২০২৫ বর্ষটো কেতিয়াও মুক্ত হৈ থাকিব নোৱাৰে৷ আচলতে এই পৃথিৱী গ্রহ মানুহৰ বাবে বসবাসৰ কিমান উপযুক্ত হৈ আছে আজিৰ মুহূর্তত, সেয়াই হৈ পৰিছে গুৰুত্বপূর্ণ৷ মানৱসৃষ্ট সংকটত আজি ভাৰাক্রান্ত পৃথিৱী৷ সম্পদৰ বাবে চৌদিশে মাথোঁ যুদ্ধ৷ দেশৰ সীমাৰেখা অতিক্রম কৰি অন্য দেশৰ ভূখণ্ড দখল কৰাৰ এক অঘোষিত প্রতিযোগিতা দীর্ঘদিন ধৰি চলি আছে৷ ইয়াৰ ফলত সংকটত পৰিছে মানুহ নিজেই৷ আটাইতকৈ পৰিতাপৰ কথা হৈছে যাৰ ভৱিষ্যতক লৈ সঘনে উদ্বেগ প্রকাশ কৰা হয়, সেই শিশু প্রজন্মৰ জীৱনলৈ নামি আহিছে সংকট৷ অর্থাৎ পৃথিৱীৰ ভৱিষ্যৎ এতিয়া প্রত্যাহ্বানৰ সন্মুখীন৷ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ২০২৪ বর্ষটোত পৃথিৱীত যুদ্ধ–সংঘর্ষত আটাইতকৈ বেছি আক্রান্ত হ’বলগীয়া হ’ল শিশুসকল৷ পেলেষ্টাইনৰ পৰা ম্যানমাৰ, হাইটিৰ পৰা ছুডান, ইউক্রেইনৰ পৰা ৰাছিয়া বা মধ্যপ্রাচ্য আৰু আফ্রিকাৰ প্রান্তে প্রান্তে বর্ষটোত কেৱল চলিল ৰক্তক্ষয়ী সংঘাত৷ ইয়াৰ পৰিণতি ভোগ কৰিবলগীয়া হৈছে শিশুসকলে৷ বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘৰ শাখা সংগঠন ইউনিচেফৰ প্রতিবেদন অনুসৰি, বিদায়ী বর্ষটোত সমগ্র বিশ্বত শিশুসকলৰ ওপৰত সশস্ত্র সংঘাতৰ আঘাত পৰিছিল অভিলেখ মাত্রাত৷ বিশ্বৰ প্রায় ১৯ শতাংশ শিশু অর্থাৎ ৪৭ কোটি ৩০ লাখৰো বেছি সংঘর্ষ এলেকাৰ বাসিন্দা আছিল৷ ইজৰাইলৰ দানৱীয় আঘাতত হাজাৰ হাজাৰ শিশুৰ তেজেৰে সিক্ত হৈছে গাজাৰ মৰুময় বক্ষ৷ পেলেষ্টাইনী শিশুসকল দশকৰ পিছত দশক ধৰি কেৱল হিংস্রতাৰ বাবে তেজৰ মূল্য ভৰিবলগীয়া হৈছে৷ ইজৰাইল আৰু পেলেষ্টাইনী সশস্ত্র সংগঠন হামাছৰ যুদ্ধত গাজাত কিমানসংখ্যক শিশু নিহত বা আহত হ’ল, তাৰ প্রকৃত তথ্য এতিয়াও তুলি ধৰিব পৰা নাই স্বাস্থ্য মন্ত্রণালয়ে৷ ২০২৩ চনত ইউক্রেইনত যিমানসংখ্যক শিশু নিহত হৈছিল, ২০২৪ৰ প্রথম ৯টা মাহত সেইসংখ্যাই প্রায় দুগুণ স্পর্শ কৰিছিল৷ ইউনিচেফৰ প্রতিবেদন অনুসৰি, পৃথিৱীজুৰি প্রায় ৪ কোটি ৭২ লাখ শিশু এতিয়া জীয়াই থকাৰ সকলো সুযোগৰ পৰা বঞ্চিত৷
অভিলেখসংখ্যক শিশুৰ মৌলিক অধিকাৰ খর্ব হৈছে এই বর্ষটোত৷ অশিক্ষা–স্বাস্থ্যৰ অন্ধকাৰত ডুব গৈ আছে অসংখ্য শিশু৷ বিভিন্ন মহামাৰীৰ টিকা লাভ কৰা নাই এই শিশুসকলে৷ সাধাৰণ ৰোগৰ দৰবকণ লাভ কৰিবলৈও সক্ষম হোৱা নাই অজস্র শিশুৱে৷ সংঘর্ষত ক্ষতিগ্রস্ত দেশসমূত এতিয়াও ৫ কোটি ২০ লাখৰ অধিক শিশু বিদ্যালয়ৰ বাহিৰত থাকিবলগীয়া হৈছে বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে৷ গাজা আৰু ছুডানৰ শিশুসকলৰ বৃহৎ এটা অংশ এবছৰতকৈও অধিক সময় ধৰি শিক্ষাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে৷ ইতিমধ্যে যুদ্ধৰ দানৱীয় হিংস্রতাত ইউক্রেইন, কংগো আৰু ছিৰিয়াৰ স্কুলবোৰ ধ্বংসস্তূপত পৰিণত হৈছে৷ যিবোৰ শিক্ষানুষ্ঠান ধ্বংস হোৱা নাই, সেইবোৰক শৰণার্থীৰ আশ্রয় শিবিৰ হিচাপে গঢ়ি তুলিছে চৰকাৰে৷ শিক্ষাৰ আন্তঃগাঁথনি ধ্বংস হোৱা আৰু বিদ্যালয়ৰ সংলগ্ণ অঞ্চলত নিৰাপত্তাহীনতাই শিশুসকলৰ অৱস্থা অধিক ভয়াৱহ কৰি তুলিছে৷ সংঘাতৰ এই পৰিৱেশৰ মাজতেই ধর্ষণ আৰু যৌন আতিশয্যৰ প্রকোপো বৃদ্ধি পাইছে অভাৱনীয়ভাৱে৷ হাইটি যেন এতিয়া এক অন্য নৰক৷ কেৰিবিয়ান ৰাষ্ট্রখনত শিশুসকল ভয়াৱহ যৌন আতিশয্যৰ বলি হৈছে৷ এনে ভয়াৱহ পৰিস্থিতিৰ মাজত ২০২৫ বর্ষটো কেনেদৰে শান্তিপূর্ণ হ’ব, তাক লৈ উদ্বেগ প্রকাশ কৰিছে বিশেষজ্ঞমহলে৷ ৰাষ্ট্রসংঘৰ তৰফৰ পৰা ইউনিচেফৰ প্রতিবেদন প্রকাশ কৰাৰ পিছতে বিশ্বৰ কেইবাগৰাকীও বিশিষ্ট সমাজ বিজ্ঞানীয়ে এই ঘটনাৰ পর্যালোচনা আগবঢ়াই কৈছে যে ২০২৪ বর্ষটোত পৃথিৱীত শিশুৰ ওপৰত যি নাৰকীয় নির্যাতন চলিল, সেয়া আচলতে বিশ্ব শান্তি আৰু বিশ্ব মানৱতাৰ ওপৰত এক পাশৱিক ধর্ষণ৷ কোনো দেশেই শিশুৰ ওপৰত চলা এই পাশৱিক আতিশয্যক প্রতিৰোধ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ নকৰিলে বুলি মানৱ অধিকাৰ সংগঠনসমূহো সৰৱ হৈছে৷ এই প্রতিবেদন প্রকাশ পোৱাৰ সময়তে বিশ্বজুৰি আড়ম্বৰপূর্ণভাৱে পালন কৰা হৈছে নৱবর্ষক আদৰাৰ উৎসৱ৷ এনে আড়ম্বৰপূর্ণ উৎসৱে বাস্তৱ ছবিখন কেতিয়াও ঢ়াকি ৰাখিব নোৱাৰে৷ প্রতিটো পুৱা শিশুৰ তেজেৰে সিক্ত হোৱা গাজাৰ ভূমিত এই আনন্দ–উৎসৱে কেতিয়াও দিব নোৱাৰে শান্তিৰ বার্তা৷ ইউক্রেইনত ৰাছিয়াৰ ক্ষেপণাস্ত্রৰ আঘাতৰ পৰা ৰক্ষা পাবলৈ মাহৰ পিছত মাহ ধৰি বাংকাৰত আশ্রয় লৈ থকা শিশুসকলক এই আড়ম্বৰপূর্ণ অনুষ্ঠানে দিব নোৱাৰে নিৰাপত্তাৰ আশ্বাস৷ ২০২৫ৰ প্রথমটো দোকমোকালিত এই কথাবোৰো বিশ্বজুৰি ধ্বনিত হৈছে৷

You might also like