নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছ বনাম ইউডিএফ

লোকসভা নির্বাচনৰ সময় চমু চাপি অহাৰ লগে লগে ৰাজ্যজুৰি শাসক–বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত লক্ষণীয়ভাৱে তৎপৰতা বৃদ্ধি হৈছে৷ শক্তি পৰীক্ষাৰ লক্ষ্যৰে ৰাজনৈতিক সমাৱেশ আৰু সমদল আদিক লৈ ব্যস্ত হৈছে ৰাজনৈতিক নেতাসকল৷ নির্বাচন আয়োগে পুনর্গঠন কৰাৰ ফলত ১৪টা লোকসভা সমষ্টিৰ পৰিসীমাৰ বহু পৰিৱর্তন হৈছে৷ ফলত একাংশ ৰাজনৈতিক নেতাই প্রতিনিধিত্ব কৰা সমষ্টিক লৈও সমস্যাৰ সৃষ্টি হৈছে৷ ৰাজ্যখনৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত ১১খন আসন সম্প্রতি শাসকীয় পক্ষৰ যুঁজৰ অনুকূলে আছে৷ ইয়াৰ বিপৰীতে বিৰোধী শিবিৰৰ বাবে সহজসাধ্য হৈ আছে তিনিটা লোকসভা সমষ্টি৷ ধুবুৰী, কৰিমগঞ্জ আৰু নগাঁও লোকসভা সমষ্টিকেইটাৰ বাহিৰে বিৰোধী পক্ষৰ বাবে কোনো এটা সমষ্টিয়ে এতিয়া নির্বাচন জয়ৰ বাবে সহজসাধ্য হৈ থকা নাই৷ লোকসভাৰ উক্ত তিনিওটা সমষ্টি ধর্মীয় সংখ্যালঘু ভোটদাতাৰ বিশেষ প্রাধান্য আছে৷ সমষ্টি তিনিটাত বিজয় সাব্যস্ত কৰিবলৈ ইতিমধ্যে বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফে বিশেষ তৎপৰতা চলাই আছে৷ ধর্মীয় সংখ্যালঘু ভোট মেৰুকৰণ ৰাজনীতিৰে নির্বাচনী সাফল্য লাভ কৰিবলৈ আজমল নেতৃত্বাধীন দলটোৱে ৰাজনৈতিকভাৱে সৰৱ হৈ উঠাৰ সময়তে কংগ্রেছৰ নেতা–কর্মীৰ স’তে মুকলি সংঘাত আৰম্ভ হৈছে৷ এআইইউডিএফৰ সভাপতি আজমলে শেহতীয়াকৈ বৰাক উপত্যকা ভ্রমণৰ সময়ছোৱাত কংগ্রেছৰ নেতা–কর্মীৰ স’তে কেইবাটাও সংঘর্ষ সংঘটিত হৈছে৷ এনে সংঘর্ষৰ বাবে দুয়োটা দলৰ কেইবাজনো নেতা–কর্মী আহত হৈছে৷ থানাত উভয় পক্ষই গোচৰ তৰিছে৷ নির্বাচনৰ দিন যিমানেই ওচৰ চাপিব সিমানেই কংগ্রেছ আৰু এআইইউডিএফৰ মাজত ৰাজনৈতিক সংঘাত বৃদ্ধি পোৱাৰ আশংকা আছে৷ বিশেষকৈ ৰাজ্যখনৰ সংখ্যালঘু অধ্যুষিত ধুবুৰী, কৰিমগঞ্জ আৰু নগাঁও সমষ্টিত দল দুটাৰ আধিপত্য দখলৰ যুঁজখন এইবাৰ লক্ষণীয় হ’ব৷ বিগত প্রায় তিনি দশকৰো অধিক ধর্মীয় মেৰুকৰণ ৰাজনীতিয়ে বৰাক উপত্যকাৰ নির্বাচনত বিশেষ প্রভাৱ বিস্তাৰ কৰা দেখা গৈছে৷ ১৯৯১ৰ বিধানসভা নির্বাচনত বৰাক উপত্যকাৰ পৰা প্রথমবাৰৰ বাবে বিজেপিৰ ১০জন বিধায়ক নির্বাচিত হৈ ৰাজনৈতিক চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছিল৷ ২০১৪ৰ লোকসভা নির্বাচনত দেশজুৰি নৰেন্দ্র মোদীৰ সপক্ষে সৃষ্টি হোৱা ৰাজনৈতিক বতাহৰ বিপৰীতে কৰিমগঞ্জ সমষ্টিত বিজয়ী হৈছিল এআইইউডিএফৰ ৰাধেশ্যাম বিশ্বাস৷ বিশ্বাসে ৩,৬২,৮৬৬টা ভোট লাভ কৰি বিজয়ী হোৱাৰ বিপৰীতে বিজেপিৰ কৃষ্ণ দাসে ২,৬০,৭৭২টা ভোট আৰু কংগ্রেছৰ ললিত মোহন শুক্লবৈদ্যই ২,২৬,৫৬২টা ভোট লাভ কৰিছিল৷ ২০১৯ৰ লোকসভা নির্বাচনত ৪,৭৩,০৪৬টা ভোট লাভ কৰি বিজেপিৰ কৃপানাথ মাল্লা জয়ী হ’লেও এআইইউডিএফৰ ৰাধেশ্যাম বিশ্বাসে লাভ কৰিছিল ৪,৩৪,৬৫৭টা ভোট৷ কংগ্রেছৰ স্বপন দাসে লাভ কৰা ভোটৰ সংখ্যা আছিল ১,২০,৪৫২টা৷ আগন্তুক লোকসভা নির্বাচনত কংগ্রেছ আৰু এআইইউডিএফ বিভাজিত হৈ থাকিলে সমষ্টিটোত বিজেপিয়ে এইবাৰো জয়লাভ কৰাৰ সম্ভাৱনা আছে৷
বিগত প্রায় এটা দশকত ৰাজ্যৰ ৰাজনৈতিক সমীকৰণ সলনি হৈছে৷ ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ লোকসকলক ঐক্যবদ্ধ কৰাৰ বাবে বিজেপিয়ে চলোৱা ৰাজনৈতিক অভিযানৰ প্রভাৱ নির্বাচনী ফলাফলত প্রতিফলন হৈছে৷ উজনিৰ চাহ জনগোষ্ঠীৰ কংগ্রেছৰ ভোট বেংকত ব্যাপক খহনীয়া হৈছে৷ চাহ জনগোষ্ঠীৰ সিংহভাগ ভোট ইতিমধ্যে বিজেপিয়ে হস্তগত কৰিছে৷ কার্বি, মিচিং, তিৱা, ৰাভা আদি জনগোষ্ঠীৰ মাজত কংগ্রেছে খোপনি হেৰুৱাইছে৷ ইয়াৰ বিপৰীতে জনগোষ্ঠীসমূহৰ মাজত বিজেপিৰ নতুন ভেটি গঢ়ি উঠিছে৷ বিটিআৰৰ অন্তর্গত ওদালগুৰি, মাজবাট, গোসাঁইগাঁও আদি বিধানসভা সমষ্টিত এসময়ত কংগ্রেছৰ ভেটি শক্তিশালী আছিল৷ এতিয়া এই সমষ্টিসমূহত কংগ্রেছৰ ভেটি থৰকবৰক হৈছে৷ ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ ঐক্যবদ্ধ কৰি ৰখাৰ ক্ষেত্রত বিজেপিৰ সাফল্যৰ অন্যতম কাৰক হ’ল অসম গণ পৰিষদ আৰু ইউপিপিএলৰ স’তে মিত্রতা৷ বিগত ১০ বছৰে ৰাজ্যৰ সর্ববৃহৎ জনগোষ্ঠী বড়োসকলক নিজৰ পক্ষত ৰাখিবলৈ বিজেপিয়ে চেষ্টা চলাইছে৷ প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলৰ জৰিয়তে বিগত সময়ছোৱাত বিজেপিয়ে চলোৱা ৰাজনৈতিক অভিযান ফলদায়ক হৈছে৷ একেদৰে ছবছৰীয়া অসম আন্দোলনৰ পৰিসমাপ্তিত গঠন হোৱা অসম গণ পৰিষদ (অগপ) দলটো বিগত ৩৮ বছৰে ঘাত–প্রতিঘাতৰ সন্মুখীন হ’লেও ব্রহ্মপুত্র উপত্যকাত দলটোৰ সাংগঠনিক ভেটি এতিয়াও শক্তিশালী৷ পুনৰ গঠিত বিধানসভাত এইবাৰ ৰাভাসকলৰ প্রতিনিধিত্ব সুনিশ্চিত কৰাৰ বাবেও পদক্ষেপ লোৱা হৈছে৷ বিজেপিয়ে খিলঞ্জীয়াসকলক লৈ চলোৱা এনে কৌশলী ৰাজনীতিৰ বাবে কংগ্রেছৰ নির্বাচনী ৰণ জয় এতিয়া কষ্টকৰ হৈছে৷ কংগ্রেছে এতিয়া ধর্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলৰ ভোটদাতাৰ ওপৰত ভৰসা কৰিয়ে ৰাজনৈতিক ভৱিষ্যৎ নিৰূপণ কৰিব লাগিব৷ ২০০৬ৰ পৰা প্রায় দুই দশক ধৰি কংগ্রেছৰ সংখ্যালঘু ভোটবেংকত আঘাত হানি এআইইউডিএফে প্রভুত্ব স্থাপন কৰিবলৈ সক্ষম হৈছিল৷ ২০১৯ৰ লোকসভা নির্বাচনত কংগ্রেছে সংখ্যালঘু ভোটবেংক কিছু পৰিমাণে ঘূৰাই আনিবলৈ সক্ষম হৈছে৷ যোৱা লোকসভা নির্বাচনত বৰপেটা লোকসভা সমষ্টিত কংগ্রেছ প্রার্থী আব্দুল খালেকৰ জয়ে এই কথা প্রমাণ কৰিছে৷ অৱশ্যে সংখ্যালঘু অধ্যুষিত ধুবুৰী সমষ্টিত এআইইউডিএফৰ মুৰব্বী আজমল এতিয়াও শক্তিশালী হৈ আছে৷ যোৱা নির্বাচনত আজমলে ৭,১৮,৭৬৪টা ভোট লাভ কৰিছিল৷ ইয়াৰ বিপৰীতে কংগ্রেছৰ আবু তাহেৰ বেপাৰীয়ে লাভ কৰিছিল ৪,৯২,৫০৬টা ভোট৷ ইয়াৰ বিপৰীতে অগপৰ জাভেদ ইছলামে লাভ কৰা ভোটৰ সংখ্যা আছিল ৩,৯৯,৭৩২টা৷ ২০০৯ৰ লোকসভা নির্বাচনত ধুবুৰী সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিয়ে আজমলে ৩৯.৪২ শতাংশ ভোট লাভ কৰি প্রথমবাৰৰ বাবে সংসদলৈ নির্বাচিত হৈছিল৷ আজমলে লাভ কৰা ভোটৰ সংখ্যা আছিল ৫,৪০,৮২০টা৷ দেশে স্বাধীনতা লাভ কৰাৰ পিছত সুদীর্ঘ সময় সমষ্টিটো কংগ্রেছৰ দখলত আছিল৷ আজমলৰ নতুন যুঁজখনত কংগ্রেছৰ প্রার্থী আনোৱাৰ হুছেইন শোচনীয়ভাৱে পৰাজিত হৈছিল৷ ২০১৪ৰ লোকসভা নির্বাচনত আজমলে ৫,৯২,৫৬৯টা ভোট লাভ কৰি নির্বাচিত হোৱাৰ বিপৰীতে কংগ্রেছ প্রার্থী ৱাজেদ আলী চৌধুৰীয়ে ৩,৬২,৮৩৯টা ভোট লাভ কৰিছে৷ বিজেপিৰ ডাঃ দেৱময় স্যানাল মালে ২,৯৮,৯৮৫টা ভোট লাভ কৰি তৃতীয় স্থানত আছিল৷ পুনৰ গঠিত ধুবুৰী লোকসভা সমষ্টিত এইবাৰ বিজেপিৰ বাবে অনুকূল নহয়৷ সমষ্টিটোৰ ধর্মীয় সংখ্যালঘু ৰাইজে চতুর্থবাৰৰ বাবে বদৰুদ্দিন আজমলক সমর্থন কৰে নে নকৰে, সেয়া এতিয়াও স্পষ্ট নহয়৷ কিন্তু ধর্মীয় সংখ্যালঘু অঞ্চলত কংগ্রেছে নির্বাচনী সফলতা অর্জন কৰিব নোৱাৰিলে দলটোৰ অৱশিষ্ট শক্তি ম্লান হোৱাৰ আশংকা আছে৷

You might also like