নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংবিধান হত্যা দিৱস

সদ্যসমাপ্ত লোকসভা নির্বাচনত ইণ্ডি জোঁটে বিজেপিৰ ঘোষিত লক্ষ্যকে অস্ত্র হিচাপে ব্যৱহাৰ কৰি উল্লেখযোগ্য সফলতা অর্জন কৰিলে৷ বিশেষকৈ জাত–পাতৰ ৰাজনীতিৰ প্রভাৱ থকা ৰাজনৈতিকভাৱে গুৰুত্বপূর্ণ ৰাজ্যকেইখনত বিৰোধী মর্চাৰ ৰণনীতিটো ভালদৰে কামত আহে৷ অৱশ্যে ইয়াৰ আঁৰত এটা দীর্ঘকালীন সময়ে গঢ় দিয়া প্রেক্ষাপট নতুবা মানুহৰ অৱচেতন মনত দীর্ঘকাল ধৰি ক্রিয়া কৰি থকা ধাৰণা এটাই কাম কৰা বুলিও ক’ব পাৰি৷ দেশৰ ৰাজনীতিত বিজেপি তুলনামূলকভাৱে এটা নতুন ৰাজনৈতিক দল৷ দলটোৰ ৰাজনৈতিক উত্থান এটা বিশেষ নীতি বা বিষয়ৰ চাৰিওফালে ঘূৰি–পকি গঢ় লৈ উঠা৷ দলটোৱে প্রকৃতার্থত ৰাজনৈতিকভাৱে সুস্থিৰতা লাভ কৰিলে নৰেন্দ্র মোদীৰ নেতৃত্বত বিগত দহ বছৰীয়া শাসনকালত৷ ইয়াৰ পূর্বতে দলটো কেন্দ্রৰ শাসনলৈ আহিছিল যদিও সেয়া আছিল উত্থান–পতনৰ ঘটনাপ্রৱাহৰ মাজেৰে৷ সময়ছোৱাত দলটোৰ বিৰোধী পক্ষও শক্তিশালী আছিল৷ তেওঁলোকে বিজেপিৰ বিৰুদ্ধে কোৱা কথাবোৰ মানুহৰ মাজলৈ গৈছিল আৰু লাহে লাহে সেইবোৰে মানুহৰ অৱচেতন মনত ঠাই উলিয়াহ বহি লৈছিল৷ বিৰোধীৰ কথাত সত্যতা থাকক বা নাথাকক, দেশৰ জনসাধাৰণৰ মনত নেতিবাচকভাৱে হওক অথবা ইতিবাচকভাৱেই হওক, ধাৰণা এটা জন্ম হৈছিল যে এদিন হ’লেও বিজেপিয়ে সংবিধান সলনি কৰি দেশখনক হিন্দু ৰাষ্ট্র হিচাপে গঢ়ি তুলিব৷ কিন্তু ২০১৪ আৰু ২০১৯ চনৰ লোকসভা নির্বাচন দুটাত এনে প্রেক্ষাপট গঢ় লৈ উঠিছিল যে বিজেপিৰ হিন্দুত্ববাদী কর্মসূচীৰ কথা ভোটাৰে ভবাৰ অৱকাশেই নাছিল৷ দলটোৰ ৰাজনৈতিক উত্থানৰ মূল কাৰক ৰাম মন্দিৰে বিশেষ সহায় নকৰা সত্ত্বেও ঈর্ষণীয় সফলতা আহিছিল৷ এইবাৰৰ লোকসভা নির্বাচনৰ প্রেক্ষাপট আছিল ভিন্ন৷ জাতীয়তাবাদৰ কথাও নাছিল, সঁচা অর্থত অপশাসনৰ কথাও নাছিল৷ বিজেপিয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ভাবমূর্তি আৰু বিকাশক মূল বিষয় হিচাপে লৈ নির্বাচনী ৰণত নামি পৰে৷ লগতে সমগ্র নির্বাচনী পৰিৱেশটোক নিজৰ সপক্ষে গঢ়ি তুলিবলৈ আৰু বিৰোধীক মানসিকভাৱে ধৰাশায়ী কৰি তথা মানুহৰ মাজত শাসক দলৰ সপক্ষে একধৰণৰ বাতাৱৰণ সৃষ্টি কৰিবলৈ অব কী বাৰ ৪০০ পাৰ ধ্বনি দিবলৈ আৰম্ভ কৰিলে৷ বিজেপিৰ এই ঘোষিত লক্ষ্যটোৱে এনডিএক চাৰি শতাধিক আসন লাভৰ পৰা বঞ্চিত কৰাৰ প্রধান কাৰণ হৈ পৰিল৷ বিৰোধী বিশেষকৈ কংগ্রেছ আৰু সমাজবাদী পার্টীয়ে বিজপিৰ বিৰুদ্ধে বা দলটোক লৈ মানুহৰ অৱচেতন মনত ক্রিয়া কৰি থকা ধাৰণাটোক শংকা আৰু সংশয়লৈ পৰিৱর্তিত কৰি ৰাজনৈতিক লাভৰ পথ প্রশস্ত কৰি ল’লে৷ কিন্তু বিৰোধী পক্ষ সাংগঠনিকভাৱে দেশখনৰ সর্বত্র শক্তিশালী নাছিল বাবে সেই সফলতা এটা সীমিত পৰিসৰতে থাকি গ’ল৷ শাসন লাভৰ পর্যায়লৈকে নগ’ল৷
নির্বাচনটোত কংগ্রেছ তথা বিৰোধী ইণ্ডি জোঁটে বিজেপিৰ বিৰুদ্ধে দেশৰ সংবিধান সলনি কৰিব বুলি অভিযোগ আনিলে৷ কিয়নো দলটোৰ লক্ষ্য চাৰি শতাধিক আসন৷ অৱশ্যে সংবিধান সলনি কৰিবলৈ চাৰি শতাধিক আসন নালাগে৷ কিন্তু ভোটাৰৰ মাজত বিভ্রান্তিৰ সৃষ্টি কৰিবলৈ সেয়াই যথেষ্ট আছিল৷ যিয়েই নহওক, সংবিধান সলনিৰ অভিযোগ লৈ বিৰোধীয়ে আন এটা কাম কৰিলে৷ তাৰ সৈতে হিন্দুৰাষ্ট্রক পোনে পোনে সংযুক্ত নকৰি কৰিলে দলিত পিছপৰা শ্রেণী, অনুসূচিত জাতি–জনজাতি আদিয়ে লাভ কৰি থকা সংৰক্ষণ প্রত্যাহাৰক৷ ইয়ে জাত–পাতৰ ৰাজনীতিৰ প্রাণকেন্দ্র যেনে- উত্তৰ প্রদেশত বিৰোধীৰ বাবে মহৌষধৰ কাম কৰিলে৷ যিখন প্রদেশৰ জনসাধাৰণে জাত–পাতৰ ৰাজনীতিৰ ঊর্ধ্বলৈ গৈ সমাজবাদী পার্টী, বহুজন সমাজবাদী পার্টী আদি ৰাজনৈতিক দলক ২০১৪ আৰু ২০১৯ চনৰ লোকসভা নির্বাচনত একপ্রকাৰ ধূলিত মিহলি কৰি দিছিল, তাত এইবাৰ বিজেপিহে বেয়াকৈ ধৰাশায়ী হৈ পৰিল৷ সমাজবাটী পার্টী আৰু কংগ্রেছৰ হাতত ধৰি উত্তৰ প্রদেশ পুনৰ দলিত বা তেনে ধৰণৰ ৰাজনৈতিক মডেললৈ উভতি গ’ল৷ ইয়াত বিৰোধীৰ আৰু এটা কৌশলে কাম কৰিলে৷ বিজেপিয়ে যিমানে বিকাশৰ কথা নকওক কিয়, দেশখনৰ সর্বসাধাৰণ লোকৰ জীৱনলৈ সেই বিকাশৰ সুফল কম, দামবৃদ্ধি, নিবনুৱা সমস্যা আদিৰ ভাগহে বেছিকৈ গৈছে, তাক বিৰোধীয়ে ভালদৰে জানে৷ গতিকে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নিজৰ ভাবমূর্তি নতুনকৈ গঢ়িব লগা হ’ল৷ বিগত দহ বছৰীয়া হিন্দু–মুছলমানৰ কথা ৰাজনৈতিক মুনাফাৰ বাবে এবাৰো উচ্চাৰণ নকৰা মোদীয়ে দ্বিতীয় পর্যায়ৰ ভোটগ্রহণৰ পিছৰে পৰা দেশৰ সম্পদৰ ওপৰত মুছলমানৰ প্রথম অধিকাৰক লৈ ড০ মনমোহন সিঙে প্রধানমন্ত্রী হৈ থকা কালত কোৱা কথাষাৰেৰে নিজৰ ইমেজ নতুনকৈ গঢ়িবলৈ প্রয়াস কৰিবলৈ আৰম্ভ কৰে৷ কিন্তু সেইটোৰ নেতিবাচক প্রভাৱো ভোটাৰৰ মাজত পৰে৷ ধর্মীয় সংখ্যালঘুৰ কথাটো বাদেই, অনুসূচিত জাতি–জনজাতি আদিৰ মাজত বিজেপিৰ হিন্দু ৰাষ্ট্রক লৈ পূর্বৰে পৰা থকা সংশয়ৰ ভাবটোৱেও কাম কৰিবলৈ ধৰিলে৷ বিৰোধীয়ে ভবাতকৈ অধিক আসন লাভ কৰিলে৷ সংবিধান সলনিৰ যিপাট অস্ত্র ব্যৱহাৰ কৰি বিৰোধী তথা কংগ্রেছে বিজেপিক একপ্রকাৰ অসুবিধাত পেলালে, তাকেই ভালদৰে ব্যৱহাৰ কৰিবলৈ সংবিধান হত্যা দিৱসৰ ব্যৱস্থা কৰা হ’ল৷ ইয়াক ২০১৪ চনৰ পৰা ২০২৪ চনৰ ভিতৰতো কৰিব পৰা গ’লহেঁতেন৷ কিন্তু এতিয়া ইয়াৰ প্রয়োজন হ’ল ৰাজনৈতিক শিক্ষাৰ পৰা৷ কংগ্রেছে যাতে আগলৈ বিজেপিৰ বিৰুদ্ধে সংবিধান সলনিৰ দৰে বিষয় উত্থাপন কৰি জনসাধাৰণক বিভ্রান্ত কৰিব নোৱাৰে, তাৰ বাবে সংবিধান হত্যা দিৱস পালনৰ ব্যৱস্থা কৰা হ’ল৷ কিয়নো সেই ক’লা অধ্যায়টোৰ পৰা কংগ্রেছে নিজকে কেতিয়াও আঁতৰাই ৰাখিব নোৱাৰে৷

You might also like