শ্রমিক শক্তিলৈ সংকট
গোলকীয় উষ্ণতা আৰু জলবাযু পৰিৱর্তনৰ নেতিবাচক প্রভাৱৰ সৈতে মোকাবিলা কৰাটো মানৱ জাতিৰ বাবে এক বৃহৎ প্রত্যাহ্বান হৈ থিয় দিছে৷ বৰষুণ, অনাবৃষ্টিৰ তাৰতম্যহীনতা, অভাৱনীয় বান, কালৰূপী ঘূর্ণি বতাহ–ধূলিৰ ধুমুহা, বনজুই, আগ্ণেয়গিৰি উদ্গীৰণৰ মাত্রা দিনকদিনে বৃদ্ধি পাই আছে৷ শীত অঞ্চলত মাত্রাধিক শীত, মৰুভূমিতো বৰফৰ স্তূপ, গ্রীষ্ম অঞ্চলত গৰম প্রবাহৰ অসহনীয় প্রকোপ আদি গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তনৰ নেতিবাচক প্রভাৱ, এই কথা স্পষ্ট হৈ পৰিছে৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিপ্রেক্ষিতত বছৰি তাপমাত্রাই অভিলেখ ভংগ কৰি আছে৷ মানৱীয় জীৱন যাপনত প্রভাৱ পেলাই থকা বর্ধিত তাপমাত্রাই গোলকীয় পর্যায়ত ২০৩০ৰ ভিতৰত কোটি কোটি লোকক নিবনুৱা কৰি তুলিব৷ অর্থাৎ কর্মৰত অনেক লোকে কর্ম সংস্থাপন হেৰুওৱাৰ লগতে অনেকে কর্ম সংস্থাপনৰ পৰা বঞ্চিত হ’ব৷ জলবায়ু পৰিৱর্তনৰ বাবে বিশ্বব্যাপী নিযুত লোকে সংস্থাপন হেৰুৱাবলৈ ধৰিছে আৰু অনাগত দিনত কোটি কোটি লোক বলি হ’ব৷ ৰাষ্ট্রসংঘৰ শ্রমিক সংস্থাই প্রকাশ কৰা প্রতিবেদন মতে, উচ্চ তাপমাত্রাৰ বাবে বিশ্বব্যাপী কর্মৰ সময় ২.২ শতাংশ হেৰুৱাব লাগিব আৰু ই ৮০ নিযুত লোকৰ পূর্বকালীন সংস্থাপনৰ সমান৷ বিশ্বৰ মুঠ শ্রমিক শক্তিৰ ওপৰত ৭০ শতাংশতকৈ অধিক শ্রমিকৰ স্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনিছে৷ শ্রমিকসকলৰ অধিকাংশই কর্কটকে ধৰি বিভিন্ন ৰোগত আক্রান্ত হৈ থকাৰ তথ্য নিশ্চিত হৈছে৷ আনপিনে ২০৩০ চনৰ ভিতৰত কেৱল ভাৰততেই ৫.৮ শতাংশ কামৰ সময় হেৰুৱাব লাগিব আৰু ই হৈছে ৩৪ নিযুত লোকৰ পূর্ণকালীন সংস্থাপনৰ সমান৷ আন্তর্জাতিক শ্রমিক সংস্থা ( আইএলঅ’)ৰ প্রতিবেদন ৱর্ক অন ৱার্মাৰ প্লেনেট দ্য ইমপেক্ট অৱ হিট ষ্টেছ অন লেবাৰ প্রডাক্টিভিটী এণ্ড ডিচেণ্ট ৱর্ক শীর্ষক প্রতিবেদনত প্রকাশিত মতে বিশ্বজুৰি ৮০ নিযুত লোকৰ পূর্ণকালীন সংস্থাপন হেৰুৱাব আৰু ইয়াৰে ভিতৰত সর্বাধিক ভাৰতত ৩৪ নিযুত৷ উচ্চ তাপমাত্রাৰ বাবে বছৰি ২ শতাংশতকৈ অধিক কর্মৰ সময় হেৰুৱায়৷ এই নেতিবাচক প্রভাৱৰ ফলত প্রধানতঃ ক্ষতিগ্রস্ত হ’ব কৃষি আৰু নির্মাণ খণ্ড৷ গোলকীয় উষ্ণতা ১.৫ ডিগ্রী চেলছিয়াছলৈ বৃদ্ধিৰ সম্ভাৱনাৰে যুগুত কৰা প্রতিবদেনখনৰ মতে ৮০ নিযুত লোকৰ পূর্ণকালীন সংস্থাপনৰ সমান কর্মৰ সময় হেৰুওৱাৰ ফলত গোলকীয় পর্যায়ত ২৪০০ বিলিয়ন মার্কিন ডলাৰৰ লোকচান হ’ব৷ শতিকা ঊৰ্ধ্বৰ শেহৰ ফালে এই পৰিস্থিতি আৰু অধিক জটিল হৈ পৰিব৷
উচ্চ তাপ প্রবাহৰ কাৰণে এছিয়া আৰু প্রশান্ত মহাসাগৰীয় অঞ্চলৰ দেশসমূহৰ ভিতৰত দক্ষিণ এছিয়াৰ দেশসমূহ অধিক ক্ষতিগ্রস্ত হ’ব৷ ২০৩০ চনৰ ভিতৰত ধাৰণা কৰাতকৈ অধিক শ্রম উৎপাদনশীলতা হ্রাস পাব৷ এই দেশসমূহত ৫.৩ শতাংশ কামৰ সময় হেৰুওৱাৰ ফলত ৪৩ নিযুত পূর্ণকালীন সংস্থাপনৰ ক্ষতি হ’ব৷ উচ্চ তাপমাত্রাৰ বাবে ভাৰত সর্বাধিক ক্ষতিৰ সন্মুখীন হৈ আছে আৰু হৈ থাকিব৷ মানৱ জীৱনৰ হানিৰ লগতে ভাৰতত ১৯৯৫ চনত ৪.৩ শতাংশ কর্মৰ সময় হেৰুৱাইছিল আৰু ২০৩০ চনত এই ক্ষতিৰ পৰিমাণ ৫.৮ শতাংশ হ’বগৈ৷ বৃহৎ জনসংখ্যাৰ দেশ ভাৰতত ২০৩০ চনৰ ভিতৰত শ্রম উৎপাদনশীলতা হ্রাস পাই ৩৪ নিযুত পূর্ণকালীন সংস্থাপন হেৰুৱাব৷ বিশ্বৰ আন প্রান্তৰ দৰে ভাৰততো কৃষি আৰু নির্মাণ খণ্ডত ব্যাপক ক্ষতি হ’ব৷ পুৰুষ আৰু মহিলা উভয়েই এই ক্ষতিৰ বলি হ’ব৷ উনুকিয়াব লাগিব যে বিশ্বব্যাপী কৃষিখণ্ডত ৯৪০ নিযুত লোক সক্রিয় হৈ আছে৷ উচ্চ তাপ প্রবাহৰ বাবে কৃষকসকল সর্বাধিক ক্ষতিৰ সন্মুখীন হৈ আছে৷ কর্মৰ সময় তথা সংস্থাপন হেৰুওৱাৰ ক্ষেত্রত ৬০ শতাংশই কৃষিখণ্ডত৷ তেনেদৰে নির্মাণ খণ্ডই হেৰুৱাব ১৯ শতাংশ৷ এই দুই খণ্ডৰ উপৰি জৰুৰীকালীন সেৱাসমূহ, পৰিবহণ, পর্যটন আৰু ক্রীড়া খণ্ডতো ইয়াৰ নেতিবাচক প্রভাৱ পৰিব অর্থাৎ কর্মৰ সময় নষ্ট হ’ব৷ দক্ষিণ এছিয়াৰ লগতে পশ্চিম আফ্রিকাৰ দেশসমূহতো বৃহৎ উৎপাদনশলীতা হ্রাস পাব৷ মন কৰিবলগীয়া যে ভাৰত, বাংলাদেশ, কম্বোডিয়া আৰু নেপালৰ ৯০ শতাংশ শ্রমিক অনানুষ্ঠানিকভাৱে কর্মৰত হৈ আছে৷ এই শ্রমিকবোৰ কৃষিখণ্ডত সর্বাধিক নিয়োজিত হৈ থকাৰ লগতে নির্মাণ, পাইকাৰী আৰু খুচুৰা বাণিজ্য, খাদ্য সেৱা উদ্যোগত নিয়োজিত হৈ আছে৷ উচ্চ গ্রীষ্ম প্রবাহৰ ফলত এই খণ্ডসমূহত কর্মৰ সময় হ্রাস পাব অর্থাৎ পৰোক্ষভাৱে সংস্থাপন হ্রাস পাব৷ আনহাতে, নিম্ন আৰু উচ্চ উপার্জনকাৰী দেশসমূহৰ মাজত অধিক অসমতা আছে৷ দুখীয়া দেশসমূহত কাম কৰাৰ পৰিস্থিতি অধিক ভয়াৱহ হিচাপে চিহ্ণিত হৈছে৷ উচ্চ তাপমাত্রাৰ বাবে থাইলেণ্ড, কম্বোডিয়া, ভাৰত আৰু পাকিস্তানত মুঠ ঘৰুৱা উৎপাদন (জিডিপি) ৫ শতাংশলৈ হ্রাস পোৱাৰ সম্ভাৱনা আছে৷ উচ্চ তাপমাত্রাৰ বাবে ধনী আৰু দুখীয়া দেশসমূহত মুঠ ঘৰুৱা উৎপাদনত প্রভাৱ পৰাৰ সমান্তৰালকৈ জনস্বাস্থ্যৰ প্রতিও ভাবুকি হৈ পৰিছে৷ গুৰুত্বপূর্ণ যে গ্রীষ্ম প্রবাহৰ কাৰণে বিশ্বৰ মুঠ ঘৰুৱা উৎপাদনৰ ১.৪ শতাংশ অর্থাৎ ২.৪ ট্রিলিয়ন মার্কিন ডলাৰৰ ক্ষতি হৈছে৷ প্রত্যক্ষভাৱে বিশ্বৰ অর্থনীতিত নেতিবাচক প্রভাৱ পৰি আছে৷ প্রতিবেদনখনত গ্রীষ্ম প্রবাহৰ বিশদ আৰু শ্রমিকক সুৰক্ষাৰ বাবে ফলপ্রসূ নীতিৰ আর্হি প্রস্তুত কৰি বলৱতৰ পৰামর্শ আগবঢ়োৱা হৈছে৷ গোলকীয় উষ্ণতা নিয়ন্ত্রণৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্রহণৰ হকে বিশ্ববাসী একত্রিত হোৱাৰ সময় সমাগত, অন্যথা মানৱ জাতিৰ ভৱিষ্যৎ বিপজ্জনক৷