গছ কটা অপৰাধ
গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱর্তনৰ ভয়াৱহতা দিনকদিনে বৃদ্ধি পাই আহিছে৷ বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘই গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তনৰ সৈতে মোকাবিলা কৰিবলৈ চুক্তি কৰি আছে যদিও কার্যতঃ ই ফলপ্রসূ হোৱা নাই৷ জলবায়ু চুক্তিবোৰ প্রহসনত পৰিণত হৈছে৷ ফলত গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তনৰ সমস্যা গুৰুতৰ হৈ উঠিছে৷ একপ্রকাৰ মানৱ জাতি প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ মানৱসৃষ্ট কাৰকৰ বাবেই গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱর্তনৰ সমস্যাই ভয়াৱহ ৰূপ লৈছে৷ মানৱসৃষ্ট কেইবাটাও কাৰণৰ ভিতৰত অন্যতম বনাঞ্চল ধ্বংস৷ অর্থাৎ গছ কটা৷ জধে-মধে গছ কটা, উন্নয়নৰ নামত গছ কটা কার্যই প্রকৃতি–পৰিৱেশৰ ভাৰসাম্যত প্রচণ্ড আঘাত হানিছে৷ চৰকাৰী পক্ষই হওক কিম্বা ব্যক্তিগত কোম্পানীৰ গছ কটা কার্য সম্প্রতি বিতর্কৰ কেন্দ্রবিন্দুত পৰিণত হৈছে৷ উন্নয়নৰ নামত গছ কটা কার্যক লৈ বিভিন্ন সময়ত বিশ্বৰ প্রান্তে প্রান্তে তীব্র প্রতিবাদৰ অনেক উদাহৰণ আছে৷ বিশ্বৰ বিভিন্ন প্রান্তত উন্নয়নৰ নামত চৰকাৰী পক্ষই পুৰণি গছ কটাক লৈ প্রতিবাদ হৈছে আৰু প্রকৃতিপ্রেমীৰ প্রতিবাদত শাসক পক্ষই তেনে গর্হিত কাম বন্ধ কৰিবলৈ বাধ্য হৈছে৷ তাৰ মাজতো বৈধ আৰু অবৈধ ৰূপত গছ কটা প্রক্রিয়া চলিয়েই আছে৷ ব্যক্তিগত খণ্ডৰ স্বার্থত শাসক পক্ষই কেতিয়াবা সংৰক্ষিত বনাঞ্চলত গছ কাটিবলৈ অনুমতি দিয়াও দেখা যায়৷ সচেতন পৰিৱেশকর্মীৰ প্রতিবাদক আওকাণ কৰি শাসক পক্ষই গছ কাটিবলৈ অনুমতি দিয়ে৷ তেনে পৰিপ্রেক্ষিতত শাসক পক্ষ কিম্বা পুঁজিপতিৰ কার্যৰ বিৰুদ্ধে প্রতিবাদীয়ে আইনৰ আশ্রয় লয়৷ ন্যায়ালয়ে অনেক সময়ত জনহিতকৰ স্বার্থত ৰায় দি আহিছে৷ অৱশ্যে এনে নহয় যে শাসক পক্ষৰ সপক্ষে ৰায়দান হোৱা নাই৷ গছ কটা প্রতিৰোধত ন্যায়ালয়ৰ ভূমিকা চর্চিত বিষয়৷
গছ কটাটো অপৰাধ হ’ব পাৰে নেকি পাৰে, কিয়নো গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱর্তনে মানৱ জাতিৰ সন্মুখত থিয় কৰোৱা প্রত্যাহ্বানৰ বাবে গছ কটাক লৈ কঠোৰ পদক্ষেপ গ্রহণ কৰিবলগীয়া হৈছে৷ ভয়াৱহ প্রদূষণ ৰোধৰ ক্ষেত্রত গছৰ গুৰুত্বপূর্ণ ভূমিকা থাকে৷ গছ কটাক লৈ উদ্বিগ্ণতা প্রকাশ কৰি দেশৰ উচ্চতম ন্যায়ালয়ে গছ কটাক অপৰাধ হিচাপে গণ্য কৰিছে৷ অকল অপৰাধেই নহয়, মানুহ হত্যাতকৈ অধিক গুৰুতৰ অপৰাধ হিচাপে গছ কটাক গণ্য কৰা হৈছে৷ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অভয় এছ অ’কা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে গছ কটাক মানুহ হত্যাতকৈ গুৰুতৰ অপৰাধ আখ্যা দিছে আৰু গছ কটা কার্যত জড়িত অভিযুক্তক দোষী সাব্যস্ত কৰি বৃহৎ পৰিমাণৰ জৰিমনা বিহিছে৷ খণ্ড বিচাৰপীঠে কর্তৃপক্ষৰ অনুমতি নোলোৱাকৈ তাজমহলৰ সমীপত গছ কটা কার্যৰ বাবে শিৱশংকৰ অগ্রৱাল নামৰ ব্যক্তি এগৰাকীক দোষী সাব্যস্ত কৰি এডাল গছৰ বাবে এক লাখ টকা জৰিমনা বিহিছে৷ বিশ্ব প্রসিদ্ধ তাজমহলক প্রদূষণৰ কবলৰ পৰা ৰক্ষা কৰা অঞ্চলটোৰ সমীপত থকা ৪৫৪ ডাল গছ কাটিছিল ব্যক্তিজনে৷ উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে ব্যক্তিজনক দোষী সাব্যস্ত কৰি বৃহৎ জৰিমনা বিহিছে৷ বিচাৰপীঠৰ মতে কোনো অনুমতি নোলোৱাকৈ ব্যক্তিজনে গছ কাটি পৰিৱেশৰ হানি কৰিছে৷ এই বৃহৎ পৰিমাণৰ গছ পুনৰ গঢ়ি তুলিবলৈ ১০০ বছৰ লাগিব৷ এনে কার্য কোনো কাৰণতে গ্রহণযোগ্য হ’ব নোৱাৰে৷ মন কৰিবলগীয়া যে তাজমহলক প্রদূষণৰ পৰা ৰক্ষা কৰিবলৈ উক্ত অঞ্চলটোক ‘তাজ ট্রেপেজিয়াম জ’ন’ ঘোষণা কৰা হৈছে৷ এই অঞ্চলটোৰ সমীপত সংশ্লিষ্ট কর্তৃপক্ষৰ অনুমতি অবিহনে গছ কটাত নিষেধাজ্ঞা আছে৷ ইয়াৰ পাছতো গছ কটা হৈছিল৷ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে গছ কটাক অপৰাধ আখ্যা দিয়াটোৱে বনাঞ্চল সংৰক্ষণ তথা জধে-মধে গছ কটা ৰোধত ইতিবাচক পদক্ষেপ৷ ইয়ে দেশত উন্নয়নৰ নামত গছ কটা কার্যত শাসক পক্ষৰ লগতে পুঁজিপতি গোষ্ঠীক চিন্তা কৰিবলৈ বাধ্য কৰাব পাৰে৷ ই প্রকৃতিৰ বাবে ইতিবাচক হৈ উঠিব৷ প্রকৃতি–পৰিৱেশপ্রেমীয়ে ইয়াৰ জৰিয়তে শাসক পক্ষৰ জধে-মধে গছ কটা কার্যত প্রতিবাদৰ ন্যায়সংগত পন্থা ল’ব পাৰিব৷