নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডীপফেক

কৃত্রিম বুদ্ধিমত্তাৰ আৱিষ্কাৰ আৰু ব্যৱহাৰক মানৱ সভ্যতাৰ এটা যুগান্তকাৰী সাফল্য বুলি কিছুদিন পূর্বলৈকে ধৰি লোৱা হৈছিল৷ অৱশ্যে এই উছাহ আৰু আস্থাৰ এতিয়াও অপমৃত্যু ঘটা নাই৷ বৰং কৃত্রিম বুদ্ধিমত্তাক লৈ মানুহৰ আশা আৰু ভৰসা দিনে দিনে বাঢ়িহে গৈ আছে৷ ই ইতিমধ্যে আকাশৰ পৰিধি পাৰ হৈ গৈছে৷ কিন্তু কৃত্রিম বুদ্ধিমত্তাৰ যিটো হাৰত অপব্যৱহাৰ হ’বলৈ ধৰিছে, ই এদিন পৃথিৱীখনক বিনাশৰ দিশে লৈ যাব পাৰে৷ কৃত্রিম বুদ্ধিমত্তাৰ হাতত ধৰিয়েই অহা এটা নতুন অভিশাপৰ নাম হৈছে ‘ডীপফেক’৷ ডীপফেক মূলতঃ হৈছে ভিডিঅ’ আৰু ফটোৰ জৰিয়তে মানুহৰ মাজলৈ মিছা বার্তা কঢ়িয়াই নিয়াৰ এটা ভয়ংকৰ মাধ্যম, যিয়ে নিমিষতে এজন মানুহৰ সামাজিক প্রতিষ্ঠা ধূলিত মিহলাই দিব পাৰে৷ দুখন দেশৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰি যুদ্ধৰ দৰে বিভীষিকা মাতি আনিব পাৰে৷ যুদ্ধ এখনৰ গতি সলনি কৰি দিব পাৰে৷ কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰেৰে তেনে ভিডিঅ’ আৰু ফটো প্রস্তুত কৰা হয়৷ অৱশ্যে ডীপফেক বুলিলে মূলতঃ ভিডিঅ’কে বুজায়৷ দেশ আৰু সমাজত ইয়াৰ কু–প্রভাৱ ভয়াৱহ হ’ব পাৰে৷ ভাৰতবর্ষত ডীপফেকক লৈ চিন্তা আৰু উদ্বিগ্ণতা কিছু পুৰণি৷ কিন্তু শেহতীয়াকৈ ই চর্চালৈ আহিছে প্ৰধানমন্ত্রী নৰন্দ্রে মোদীৰ এটা ভিডিঅ’ৰ বাবে৷ যাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কেইদিনমান আগেয়ে নতুন দিল্লীত সাংবাদিকক নিমন্ত্রণ জনাই স্পষ্টীকৰণ দিবলগীয়া হয়৷ তেওঁ দেশবাসীক ডীপফেকৰ পৰা সতর্ক হৈ থাকিবলৈ আহ্বান জনায়৷ তদুপৰি সাংবাদিক আৰু সংবাদ জগতখনৰ লোকক জনসাধাৰণৰ মাজত ডীপফেক সন্দর্ভত সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায়৷ এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে প্রধানমন্ত্রী হিচাপে প্রায় দহ বছৰীয়া কার্যকালত নৰেন্দ্র মোদীয়ে নিজা উদ্যোগত ভাৰতবর্ষত সংবাদ মেল অনুষ্ঠিত কৰাৰ নজিৰ পাবলৈ নাই৷ তেওঁ স্বদেশত সাধাৰণতে সাংবাদিকক এৰাই চলে৷ কিন্তু সিদিনা হঠাতে সাংবাদিকক নিমন্ত্রণ জনাই প্রধানমন্ত্রী মোদীয়ে ডীপফেক সন্দর্ভত উদ্বিগ্ণতা ব্যক্ত কৰি বুজাই দিলে যে বিষয়টো সাধাৰণ নহয়৷ দেশ আৰু সমাজে ইয়াক গুৰুত্বসহকাৰে ল’ব লাগিব৷
কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰৰ জৰিয়তে প্রস্তুত কৰা ভিডিঅ’ত যিকেইটা বা ব্যক্তিবিশেষৰ যি চৰিত্র উপস্থাপন কৰা হয়, তাত প্রকৃতার্থত বিশেষ ব্যক্তিজন নতুবা ব্যক্তি সমষ্টিটো নাথাকে৷ কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে ব্যক্তিজন অথবা ব্যক্তি সমষ্টিটো তৈয়াৰ কৰা হয়৷ কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে চৰিত্রটোত হুবহু কণ্ঠ, ব্যক্তিত্ব, চালচলন, ভংগিমা আদিৰ সমাৱেশ ঘটোৱা হয়৷ সাধাৰণতে সামাজিক, ৰাজনৈতিক বা চেলিব্রিটীক লৈ প্রস্তুত কৰা হয় তেনে ভিডিঅ’৷ তেনে ভিডিঅ’ চাওঁতাজনৰ বাবে চৰিত্রটোক লৈ সন্দেহৰ অৱকাশ কম থাকে৷ অর্থাৎ তুলনামূলকভাৱে কম আয়াসতে ব্যক্তি অথবা সমাজ এখনক বিভ্রান্ত কৰিব পাৰি৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ডীপফেকক লৈ উদ্বিগ্ণতা প্রকাশৰ কাৰণ আছিল এটা ভিডিঅ’৷ ভিডিঅ’টো তেওঁক লৈ প্রস্তুত কৰা হৈছে৷ ভিডিঅ’টো চাই প্রধানমন্ত্রী মোদীয়ে নিজেই স্পষ্ট কৰি দিবলগীয়া হৈছে যে সেইজন তেওঁ নহয়৷ কত্রিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি ভিডিঅ’টো প্রস্তুত কৰা হৈছে৷ ইয়াৰ পৰা এটা কথা স্পষ্ট যে কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত প্রস্তুত ভিডিঅ’ ভুৱা হ’লেও তাক সহজে ধৰিব পৰা নাযায়৷ ভিডিঅ’টোত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে গর্বা নৃত্য কৰি থকা দেখুওৱা হৈছে৷ প্রধানমন্ত্রীগৰাকীৰ মতে, তেওঁ জীৱনত কেতিয়াও গর্বা নৃত্য কৰাই নাই৷ ডীপফেক ভিডিঅ’ৰ সিংহভাগ পর্ন ৷ চলচ্চিত্র জগতৰ প্রতিষ্ঠিত বা জনপ্রিয় তাৰকাক প্রধান চৰিত্র হিচাপে লৈ তেনে ভিডিঅ’ প্রস্তুত কৰা হয়৷ ইয়ে মানুহ এজনৰ সামাজিক প্রতিষ্ঠা নিমিষতে ধূলিসাৎ কৰি দিব পাৰে৷ কোনো ৰাষ্ট্রপ্রধানৰ কণ্ঠত এনে সংলাপ দিও তেনে ভিডিঅ’ প্রস্তুত কৰিব পাৰে, যিয়ে দুখন ৰাষ্ট্রক যুদ্ধলৈকে লৈ যাব পাৰে৷ চলি থকা যুদ্ধ এখনত কোনো এটা পক্ষৰ ৰাষ্ট্রপ্রধান বা সেনাপ্রধানে সেনাক আত্মসমর্পণ কৰিবলৈ কোৱা ভুৱা ভিডিঅ’ প্রস্তুত হ’ব পাৰে৷ মুঠতে ডীপফেক ব্যক্তি, সমাজ জীৱনৰ পৰা ৰাষ্ট্রলৈকে ক্ষতি কৰিব পৰা এপাট ভয়ংকৰ অস্ত্র৷ ইয়াক লৈ সতর্কতাৰ প্রয়োজন৷ চৰকাৰে তেনে দুষ্কার্যৰ সৈতে জড়িত অপশক্তিৰ বাবে এনে ধৰণৰ কঠোৰ দণ্ডৰ ব্যৱস্থা কৰিব লাগে, যিটো আনৰ কাৰণে আতংক আৰু দুশ্চিন্তাৰ কাৰণ হৈ পৰে৷

You might also like