নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ গণতন্ত্র

বিশ্বৰ উৎকৃষ্ট গণতন্ত্র চলি থকা দেশ বুলি আমেৰিকাক বিভিন্ন মহলে চিহ্ণিত কৰি আহিছে৷ আমেৰিকাই নিজেও দাবী কৰে যে দেশখনত যি গণতান্ত্রিক পৰম্পৰা চলি আহিছে, সেয়া বিশ্বৰ অন্য দেশত বিৰল৷ কিন্তু এই একেখন আমেৰিকাতেই গণতন্ত্রৰ নামত এতিয়া আৰম্ভ হৈছে প্রহসন৷ বিগত ৩ নৱেম্বৰৰ ৰাষ্ট্রপতি নির্বাচনত বিজয়ী হৈছে ডেম’ক্রেটিক প্রার্থী জ’ বাইডেন৷ বাইডেনৰ নেতৃত্বত হোৱাইট হাউছত নতুন প্রশাসন গঠিত হোৱাটো নিশ্চিত হৈ পৰিছে৷ কিন্তু বাইডেনৰ বিজয়ক আজিও মানি লোৱা নাই ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ নির্বাচনত প্রৱঞ্চনা আৰু ব্যাপক ৰিগিং হোৱা বুলি অভিযোগ কৰি আছে ড’নাল্ড ট্রাম্পে৷ আনকি হোৱাইট হাউছৰ দায়িত্ব ত্যাগ কৰিবনে নাই সেই সন্দর্ভতো কোনো ধৰণৰ মন্তব্য আগবঢ়োৱা নাই ৰিপাব্লিকান ৰাষ্ট্রপতি ট্রাম্পে৷ ট্রাম্পৰ এই অভব্য আচৰণক লৈ কেইবাগৰাকীও জ্যেষ্ঠ ৰিপাব্লিকান নেতা ক্ষুব্ধ হৈছে৷ দায়িত্ব ত্যাগ কৰিছে ট্রাম্প প্রশাসনৰ পৰা৷ তথাপি ড’নাল্ড ট্রাম্প আঁকোৰগোজ স্থিতিত অটল হৈ আছে৷ ট্রাম্পৰ মতে, বাইডেনে নির্বাচনত জয়লাভ কৰা নাই৷ নির্বাচনত বাইডেনক বিজয়ী ঘোষণা কৰা হৈছে যদিও এয়া সত্য নহয়৷ গতিকে বাইডেনৰ বিজয়ক কেতিয়াও মানি নলয় বুলি ঘোষণা কৰিছে ৰাষ্ট্রপতিগৰাকীয়ে৷ ইয়াৰ পাছতেই আমেৰিকাজুৰি সৃষ্টি হৈছে প্রতিক্রিয়া৷ আগন্তুক ২০ জানুৱাৰীত হোৱাইট হাউছৰ শীর্ষ পদবীৰ দায়িত্ব আনুষ্ঠানিকভাৱে গ্রহণ কৰিব লাগে বাইডেনে৷ ইতিমধ্যে আমেৰিকাৰ ইলেক্টৰেল কলেজে বাইডেনক ৰাষ্ট্রপতি নির্বাচনত বিজয়ী ঘোষণা কৰিছে৷ ৬ জানুৱাৰীত মার্কিন কংগ্রেছত বাইডেনক আগন্তুক ৰাষ্ট্রপতি হিচাপে সাংসদসকলে স্বীকৃতি দিয়াৰ সম্ভাৱনাও আছে৷ ইয়াৰ মাজতে ট্রাম্পৰ নেতৃত্বত কেইবাগৰাকীও ৰিপাব্লিকান নেতাই বাইডেনক হোৱাইট হাউছ এৰি দিবলৈ অস্বীকাৰ কৰিছে৷
শেহতীয়াকৈ দেশখনৰ উপ–ৰাষ্ট্রপতি মাইক পেঞ্চে ট্রাম্পৰ পক্ষত সমর্থন প্রকাশ কৰিছে৷ মার্কিন কংগ্রেছত ৰিপাব্লিকান নেতা টেড ক্রুজৰ নেতৃত্বত একাংশ সাংসদে বাইডেনৰ বিজয়ক স্বীকৃতি দিয়া অনুচিত বুলি প্রচাৰ চলাই আছে৷ ৰিপাব্লিকান প্রতিনিধিসকলে দাবী কৰিছে যে নির্বাচনত প্রৱঞ্চনাৰ জৰিয়তে বাইডেন বিজয়ী হৈছে৷ গতিকে এই নির্বাচনৰ পুনৰ ভোটগণনাৰ প্রয়োজন আছে৷ ৰিপাব্লিকান প্রতিনিধিসকলৰ এই দাবীৰ প্রতি সমর্থন জনাই উপ–ৰাষ্ট্রপতি মাইক পেঞ্চে ঘোষণা কৰিছে যে বাইডেনক হোৱাইট হাউছৰ শীর্ষ পদবী দিয়াৰ পৰা বিৰত থকা উচিত দেশখনৰ সংশ্লিষ্ট সংস্থা৷ অর্থাৎ বাইডেন দেশখনৰ পৰৱর্তী ৰাষ্ট্রপতি হোৱাৰ ক্ষেত্রত আপত্তি দর্শাইছে উপ–ৰাষ্ট্রপতি মাইক পেঞ্চে৷ ট্রাম্প আৰু পেঞ্চৰ শেহতীয়া এই দাবীয়ে আমেৰিকাৰ ৰাজনীতিত সৃষ্টি কৰিছে ধুমুহা৷ স্বচ্ছ তথা নিকা নির্বাচন অনুষ্ঠিত হোৱাৰ পাছতো আমেৰিকাত কেনেদৰে প্রৱঞ্চনাৰ জৰিয়তে বাইডেন ক্ষমতালৈ আহিল তাক লৈ সৃষ্টি হৈছে প্রশ্ণ৷ বিশ্বৰ মহত্তম গণতন্ত্র চলি থকা বুলি দাবী কৰা আমেৰিকাৰ শাসকে গণতান্ত্রিক পৰম্পৰাক অস্বীকাৰ কৰা এই ঘটনাই এতিয়া সংবাদ মাধ্যমতো আলোড়ন সৃষ্টি কৰিছে৷ কিহৰ বাবে আমেৰিকাই মহত্তম গণতন্ত্র দেশখনত চলি থকা বুলি দাবী কৰে? যদি ৰাষ্ট্রপতি নির্বাচনত প্রৱঞ্চনা আৰু ৰিগিঙৰ দৰে ঘটনা সংঘটিত হয়, তেন্তে আমেৰিকাত গণতান্ত্রিক পৰম্পৰা কিমান বর্তি আছে? এই প্রশ্ণবোৰেই এতিয়া সমগ্র দেশখনত সৃষ্টি কৰিছে প্রতিক্রিয়া৷ সঁচাকৈয়ে ড’নাল্ড ট্রাম্পে গণতান্ত্রিক পৰম্পৰাক মানি চলেনে? এগৰাকী ৰাষ্ট্রপতি হিচাপে আমেৰিকাৰ গণতান্ত্রিক ঐতিহ্যক ৰক্ষা কৰিবলৈ ট্রাম্প আগ্রহীনে? নে কেৱল ক্ষমতা দখলেই আছিল ট্রাম্পৰ লক্ষ্য? ৰাষ্ট্রপতি পদত ট্রাম্পে আৰোহণ কৰাৰ সময়ত আমেৰিকাৰ বহু লোক লজ্জানত হৈছিল৷ এতিয়া ট্রাম্পৰ বিদায় ক্ষণত দেশখনৰ গণতান্ত্রিক ব্যৱস্থাৰ প্রতি আস্থাশীল নাগৰিকসকল লজ্জানত হ’বলগীয়া হৈছে৷ সঁচাকৈয়ে আমেৰিকাৰ দৰে দেশৰ শীর্ষ নেতা হোৱাৰ বাবে ট্রাম্প উপযুক্ত আছিলনে? এই প্রশ্ণই এতিয়া ধ্বনিত হৈছে বিশ্বজুৰি৷

You might also like