নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দল বাগৰা নেতাই বংগত বিজেপিক উদ্ধাৰ কৰিবনে?

ভাৰতবর্ষৰ ৰাজনীতিৰ বজাৰখনত বিজেপি এটা বৃহৎ ব্রেণ্ড৷ কাৰণ যিয়েই নহওক, আজিৰ তাৰিখত এই ব্রেণ্ডটোৰ গ্রহণযোগ্যতাও আন আন ব্রেণ্ডৰ তুলনাত অধিক৷ কিন্তু ব্রেণ্ডটোক বিক্রী কৰিবলৈ দেশখনৰ কিছু কিছু ৰাজ্যত ছেলছমেনৰ অভাৱ৷ তেনে এখন ৰাজ্য হ’ল পশ্চিমবংগ৷ প্রদেশখনত বিধানসভা নির্বাচন আহি আছে৷ অসমৰ লগত একে সময়তে তাত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব৷ কিন্তু সমস্যা হৈছে কাক লৈ নির্বাচনত অৱতীর্ণ হ’ব? দলটোৰ অসমত শাসন ক্ষমতা দখল কৰিব পৰাকৈ বিজেপিৰ মোটামুটিকৈ নেতাৰ তালিকাখন পূৰঠ হৈ উঠিছে৷ দুই–এটা বিধানসভা সমষ্টিত অনুভূত অভাৱৰ জোৰা মাৰি থকা হৈছে৷ যেনে গৌৰীপুৰ বিধানসভা সমষ্টি৷ সমষ্টিটোত প্রতিদ্বন্দ্বিতা কৰিব পৰাকৈ ইমান দিনে বিজেপিত এজন প্রভাৱশালী নেতাৰ অভাৱ আছিল৷ শেহতীয়াকৈ সমষ্টিটোৰ প্রাক্তন বিধায়ক বনেন্দ্র মুছাহাৰীক দললৈ আনি সেই অভাৱ দূৰ কৰাৰ চেষ্টা চলোৱা হৈছে৷ মুছাহাৰীয়ে অসম গণ পৰিষদৰ প্রার্থিত্বত প্রথমবাৰ বিধানসভালৈ নির্বাচিত হৈছিল৷ পৰৱর্তীত বিপিএফত যোগদান কৰি বিধানসভালৈ যায়৷ জনগাঁথনি আৰু মেৰুকৰণৰ বিশেষ ৰণকৌশলেৰে এইবাৰ গৌৰীপুৰ বিধানসভা সমষ্টিটো বিজেপিয়ে নিজৰ দখললৈ আনিবও পাৰে৷ সম্ভাৱনা একেবাৰে শূন্য নহয়৷ কংগ্রেছ–ইউডিএফৰ মিত্রতাক নষ্ট কৰিব পাৰিলে বা নষ্ট হ’লে, গৌৰীপুৰত বিজেপিৰ বিজয় অসম্ভৱ নহয়৷ কিন্তু পশ্চিমবংগ? ২৯৪টা বিধানসভা সমষ্টিৰে সমৃদ্ধ পশ্চিমবংগত দুশখন আসন দখল কৰিব পৰাকৈ বিজেপি শিবিৰত উপযুক্ত নেতা নাই৷ অকল সেয়াই নহয়, ৰাজ্যখনত আনকি এতিয়ালৈ মুখ্যমন্ত্রী মমতা বেনার্জী প্রত্যাহ্বান জনাব পৰাকৈ সমকক্ষ নেতা এজন আজিলৈকে বিজেপিয়ে প্রস্তুত কৰিব নোৱাৰিলে৷ সেয়ে এতিয়ালৈকে পশ্চিমবংগত বিজেপিৰ মুখ্যমন্ত্রী পদৰ প্রার্থী কোন হ’ব, সেইটো আজিলৈকে বিজেপিয়ে স্থিৰ কৰিব পৰা নাই৷ মাথোঁ কৈ আছে, পশ্চিমবংগৰেই সন্তান হ’ব৷ অর্থাৎ প্রার্থীজন বংগৰেই হ’ব৷ কিন্তু কোন, সেইটো উত্তৰহে এতিয়ালৈ ওলোৱা নাই৷ আচলতে দলটোক সন্মুখৰ পৰা নেতৃত্ব দি তৃণমূল কংগ্রেছৰ নেত্রী তথা মুখ্যমন্ত্রী মমতা বেনার্জীক প্রত্যাহ্বান জনাব পৰাকৈ আজিৰ তাৰিখলৈ বংগত বিজেপিৰ উপযুক্ত নেতা নাই৷ ইফালে নির্বাচনৰ দিন যিমানেই চমু চাপি আহিছে, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ ঘোষৰ সীমাবদ্ধতাও সিমানেই লোকচক্ষুত উন্মোচিত হ’বলৈ ধৰিছে৷ গতিকে বিৰোধী শিবিৰত সিন্ধি খন্দাৰ বিকল্প নাই৷ কিন্তু ইয়াতো এটা প্রশ্ণ উত্থাপিত হৈছে, বিজেপিৰ এই ৰণকৌশল পশ্চিমবংগত সফল হ‘বনে? নে বিজেপিক এখনৰ পাছত এখনকৈ ৰাজ্যত নির্বাচনী সাফল্য আনি দিয়া এই ৰণকৌশলটোৰ অপ্রতিৰোধ্য যাত্রা বংগত গৈ মুখথেকেচা খাব?
অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানিয়ে কংগ্রেছৰ বিকল্প হিচাপে যেতিয়া বিজেপিক প্রস্তুত কৰিবলৈ আৰম্ভ কৰিছিল, সেই সময়ছোৱাত বিজেপিক কোৱা হৈছিল ‘পার্টী উইথ ডিফাৰেন্স’৷ ইয়াৰ কাৰণো আছিল স্পষ্ট৷ সংঘ পৰিয়ালৰ কঠোৰ অনুশাসন, শৃংখলাবদ্ধতা আদিৰ ঔৰসত জন্মগ্রহণ কৰা বিজেপি আছিল অতি সুশৃংখলিত দল৷ নির্দিষ্ট আদর্শৰ ভেটিত দলটো গঠন হৈছিল৷ কিন্তু নৰেন্দ্র মোদী আৰু অমিত শ্বাহৰ বিজেপিয়ে তাক ক’ৰবাতে এৰি থৈ আহিছে৷ মোদী আৰু শ্বাহৰ লক্ষ্য এটাই, যেনে–তেনে ক্ষমতা দখল কৰিব লাগে৷ বিজেপিয়ে সেই ফর্মুলাটো দেশখনৰ চৌদিশে প্রয়োগ কৰি আহিছে৷ ত্রিপুৰা আৰু অসমত ইয়াৰ জ্বলন্ত উদাহৰণ৷ ত্রিপুৰা কংগ্রেছৰ পৰা প্রার্থী আনি আনি বিজেপিয়ে বামপন্থী চৰকাৰখনক শাসনৰ পৰা উৎখাত কৰিলে৷ ৰাজ্যখনত বাম দলৰ শাসনৰ এটা দীঘলীয়া যাত্রাৰ পৰিসমাপ্তি ঘটিল৷ অসমতো ২০১৬ চনৰ বিধানসভা নির্বাচনত একেই কৌশল লৈছিল৷ ব্রেণ্ডটোৰ চাহিদা আছিলেই, দৰকাৰ আছিল স্থানীয় নেতাৰ৷আন আন দলৰ পৰা অনা অথবা অহা নেতাই সেই অভাৱ দূৰ কৰিলে৷ একেই কৌশল অৱলম্বন কৰা হৈছে পশ্চিমবংগত৷
এইবাৰ পশ্চিমবংগত পদুম ফুলিবই৷ বিজেপিৰ এইটোৱে একমাত্র লক্ষ্য৷ ইয়াৰ বাবে দলটোৰ এজনৰ পাছত এজনকৈ ৰাষ্ট্রীয় নেতাৰ পশ্চিমবংগলৈ আহ–যাহ চলি আছে৷ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ বংগ ভ্রমণৰ কেইদিনমানৰ পাছতে প্রাক্তন ৰাষ্ট্রীয় সভাপতি তথা বর্তমানৰ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে পশ্চিমবংগ ভ্রমণ কৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভার্চুৱেল সভাযোগে প্রদেশখনৰ জনসাধাৰণৰ সৈতে সংযোগ কৰাৰ চেষ্টা চলাই আছে৷ তেওঁ আৰু গৃহমন্ত্রী অমিত শ্বাহে ৰাজ্যখনত ‘বাঙালীত্ব’ক এটা ইছ্যু হিচাপে প্রতিষ্ঠা কৰাৰ চেষ্টাত এতিয়ালৈকে অকণো ত্রুটি কৰা নাই৷ কবিগুৰু ৰবীন্দ্র নাথ ঠাকুৰ, ক্ষুদিৰামৰ পৰা যিমান পাৰি সকলো সামৰি লৈছে৷ লগতে সাধাৰণ জনতাৰ সৈতে প্রত্যক্ষ সম্পর্ক গঢ়ি ৰাজ্যখনত বিজেপিৰ সপক্ষে যোৱাৰ চেষ্টাও চলি আছে৷ তাৰ বাবে গৃহমন্ত্রীয়ে কৃষক, আদিবাসীৰ গৃহত মধ্যাহ্ণ ভোজন কৰিছে৷ তদুপৰি ‘কা’, লাভ জেহাদ, ধর্মীয় মেৰুকৰণ, ডিটেনচন কেম্পৰ দৰে বিষয়বোৰ আছেই৷ মুঠতে মমতা বেনার্জীক ক্ষমতাচ্যুত কৰিব বিজেপিক শাসনলৈ আনিবই আনিব৷ গৃহমন্ত্রী অমিত শ্বাহে কৈছে, এইবাৰ দুশৰো অধিক আসনত বিজেপিৰ জয় হ’ব৷ অৱশ্যে অন্তিমটো লোকসভাৰ নির্বাচনী ফলাফললৈ চালে ৰাজ্যখনত বিজেপিয়ে শতাধিক আসনত আগবাঢ়ি আছে৷ লাভ কৰা ভোটৰ পৰিমাণ ৪০ শতাংশ৷ দলটোৱে ৪২খন আসনৰ ভিতৰত ১৮খন আসন লাভ কৰিছিল৷ সেই হিচাপত বিজেপিয়ে দুশৰ অধিক আসনৰ অংক কৰাটো একো ভুল কথা নহয়৷ কিন্তু সমস্যাটো হ‘ল প্রার্থীৰ৷ গৃহমন্ত্রী অমিত শ্বাহৰ শেহতীয়া বংগ ভ্রমণত তৃণমূল কংগ্রেছৰ প্রভাৱশালী নেতা তথা মন্ত্রী শুভেন্দু অধিকাৰীসহ তিএমচিৰ সাতজন বিধায়কে বিজেপিত যোগদান কৰে৷ তদুপৰি, বিগত সময়ছোৱাত তৃণমূল কংগ্রেছৰ কেইবাগৰাকী পঞ্চায়ত প্রতিনিধিয়ে বিজেপিত যোগদান কৰিছে৷ বিজেপিয়ে এইসকল দলবাগৰা নেতাৰ মাজৰ পৰাই প্রার্থী বাছনি কৰি নির্বাচনী বৈতৰণী পাৰ হোৱাৰ কল্পনা–পৰিকল্পনা কৰিছে৷ কিন্তু কথাটো ইমান উজুনে? বংগৰ জনসাধাৰণে এনে দলবাগৰা নেতাক গ্রহণ কৰিবনে? প্রসংগক্রমে ভাৰতীয় ৰাজনীতিৰ চাণক্য প্রশান্ত কিশোৰৰ টুইট এটাৰ কথা উল্লেখ কৰিব পাৰি৷ কিছুদিন আগেয়ে তেওঁ কৈছে যে পশ্চিমবংগ বিধানসভা নির্বাচনত বিজেপিৰ আসনৰ সংখ্যাই ডাবল ডিজিট অর্থাৎ দুটা অংকৰ সংখ্যা অতিক্রম নকৰে৷ প্রশান্ত কিশোৰে এইবাৰ মমতা বেনার্জীক উদ্ধাৰৰ দায়িত্ব লৈছে৷ তেওঁ নির্বাচনী অংকত দলবাগৰা নেতাই ভোটাৰৰ মাজত কি প্রভাৱ পেলাব, তাৰো বিশ্লেষণ সন্নিৱিষ্ট হৈ আছে৷ তেওঁ যেতিয়া মমতা বেনার্জীৰ বাবে নির্বাচনী ৰণকৌশল প্রস্তুতৰ দায়িত্ব গ্রহণ কৰিছিল, তেতিয়া পশ্চিমবংগৰ জনসাধাৰণৰ মত গ্রহণ কৰিবলৈ চেষ্টা চলাইছিল৷ সেই অনুসৰি, উন্নয়নক লৈ অসন্তুষ্টিৰ তুলনাত বংগৰ জনসাধাৰণৰ মাজত জনপ্রতিনিধিৰ দুর্নীতি, আচৰণহে আছিল অধিক অসন্তুষ্টিৰ কাৰণ৷ তেনে প্রায়ভাগ নেতাই তৃণমূল কংগ্রেছ এৰি বিজেপিত আশ্রয় লৈছে৷ তদুপৰি, প্রশান্ত কিশোৰৰ পৰিকল্পনা মতে, মমতা বেনার্জীয়ে ‘দিদিকে বলো’ নামৰ এটা কার্যসূচী হাতত লৈছিল৷ সেইটোৱে ৰাজ্যখনত আলোডনৰ সৃষ্টি কৰে৷ শেহতীয়াকৈ ‘দুৱাৰে চৰকাৰ’ নামৰ আন এটা জনপ্রিয় কর্মসূচী চলি আছে৷ এইবোৰৰ জৰিয়তে প্রশান্ত কিশোৰে ৰাজ্যখনৰ জনসাধাৰণৰ মন যুকিয়াই চাবলৈ সক্ষম হৈছে৷ গতিকে প্রশান্ত কিশোৰৰ কথাখিনিক একেবাৰে উলাই কৰিব নোৱাৰি৷ অকল সেইটোৱেই নহয়, বিজেপিত যিমানেই ন ন নেতাৰ আগমন ঘটিব, সিমানেই পুৰণি নেতা–কর্মীৰ মাজত ক্ষোভ আৰু অনিশ্চয়তাৰ মাত্রা বৃদ্ধি পাব৷ ৰাজ্যখনত বিজেপিৰ কর্মী হৈ কাম কৰাটো এনেয়েও সহজ কথা নহয়৷ বিগত দুই বছৰত কেইবাজনো বিজেপি কর্মীৰ ৰাজনৈতিক হিংসাত মৃত্যু হৈছে৷ এনে অৱস্থাত বিজেপিৰ বাবে অকল্পনীয় ত্যাগ কৰি অহা নেতা–কর্মীয়ে নতুন নেতাৰ বাবে নিজৰ স্থান এৰি দিব বুলি ভাবিব নোৱাৰি৷ প্রার্থিত্ব প্রদানৰ সময়ত ইয়ে বিদ্রোহৰ সৃষ্টি কৰিব পাৰে৷ ভোটকেন্দ্রতো ইয়াৰ প্রভাৱ পৰিব পাৰে৷ মুঠৰ ওপৰত পশ্চিমবংগৰ নির্বাচন বিজেপিৰ বাবে এটা কঠিন পৰীক্ষা হ’ব, সেইটো নিশ্চিত৷ বংগবাসীয়ে দলবাগৰি অহা নেতাসকলক কিদৰে লয়, তাৰ ওপৰত বিজেপিৰ নির্বাচনী সফলতা বহুখিনি নির্ভৰ কৰিব৷

You might also like