নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমাজ’নক ৰক্ষাৰ সংকল্প

পৃথিৱীৰ হাঁওফাঁওখ্যাত আমাজ’নৰ বর্ষাৰণ্যত কেইবাবছৰ ধৰি চলি আহিছে অবাধ ধ্বংসযজ্ঞ৷ ব্রাজিলৰ পূর্বৰ ৰাষ্ট্রপতি জাইৰ বলছ’নাৰোৰ নেতৃত্বত কর্প’ৰেট গোষ্ঠীয়ে আমাজ’নৰ বক্ষত আঘাত হানিছিল৷ অৰণ্য ধ্বংসৰে আমাজ’নৰ হূদপিণ্ডলৈ কঢ়িয়াই নিব বিচৰা হৈছিল তথাকথিত সভ্যতাৰ কংক্রিট উদ্যোগ৷ বণিয়া–ধনকুবেৰবোৰৰ মাজত এই আমাজ’নৰ অৰণ্য ধ্বংসৰ প্রতিযোগিতা আৰম্ভ হয় বলছ’নাৰোৰ সেউজ সংকেতত৷ ৰহস্যজনকভাৱে আমাজ’নৰ বর্ষা অৰণ্যত সৃষ্টি হয় ভয়াৱহ অগ্ণিকাণ্ড৷ এই অগ্ণিকাণ্ডত জাহ যায় বিস্তীর্ণ অঞ্চল৷ নিমিষতে ধ্বংস হয় বহু দুষ্প্রাপ্য প্রজাতিৰ পশু–পক্ষী৷ আমাজ’নত সংঘটিত এই হূদয়বিদাৰক ঘটনাই পৃথিৱীৰ প্রকৃতিপ্রেমীক কন্দুৱায়৷ দেশে দেশে ইয়াৰ প্রতিবাদ হয়৷ সন্দেহৰ তর্জনী উঠে বলছ’নাৰোৰ বিৰুদ্ধে৷ তথাপিও অহংকাৰী নেতা বলছ’নাৰোৱে আমাজ’নৰ অৰণ্য ধ্বংসৰ প্রক্রিয়াত বাধা দিবলৈ অনিচ্ছা প্রকাশ কৰে৷ ক্রমে ক্ষোভৰ দাৱানল প্রসাৰিত হয় লেটিন আমেৰিকাৰ ইখনৰ পিছত সিখন দেশলৈ৷ আমাজ’নক ৰক্ষা কৰাৰ সংকল্প গ্রহণ কৰে বিভিন্ন দেশে৷ ব্রাজিলৰ পৰৱর্তী ৰাষ্ট্রপতি নির্বাচনত বলছ’নাৰোৰ পৰাজয়ৰ পিছত পৰিস্থিতি সলনি হৈছে৷ শেহতীয়াকৈ দুই দশক ধৰি চলা ধাৰাবাহিক ধ্বংসযজ্ঞৰ পিছত চিৰসেউজ বর্ষা অৰণ্য আমাজ’নক ৰক্ষা কৰিবলৈ সংকল্পবদ্ধ হৈছে লেটিন আমেৰিকাৰ সাতখন ৰাষ্ট্র৷ আমাজ’নৰ অৰণ্যক ৰক্ষা কৰিবলৈ আঠ ৰাষ্ট্রৰ শীর্ষনেতাসকলে দুদিনীয়া আন্তর্জাতিক সন্মিলনত মিলিত হৈ প্রকাশ কৰিছে যৌথ ঘোষণা–পত্র৷ যোৱা সপ্তাহত ব্রাজিলৰ বেলেম চহৰত দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল আমাজ’ন শীর্ষক এই সন্মিলন৷ সন্মিলনত ব্রাজিলৰ উপৰি অংশগ্রহণ কৰিছিল বলিভিয়া, কলম্বিয়া, ইকুৱেডৰ, গায়ানা, পেৰু, ভেনিজুৱেলা আৰু চুৰিনামৰ শীর্ষ নেতৃত্বই৷ আমাজ’ন অৱবাহিকাৰ অংশীদাৰ হৈছে এই আঠখন দেশ৷ বিগত ১৪ বছৰ পিছত প্রথমবাৰলৈ আমাজ’নৰ বর্ষা অৰণ্যক সুৰক্ষিত কৰাৰ সংকল্পৰে এই সন্মিলন অনুষ্ঠিত হয়৷ শীর্ষ সন্মিলনৰ পৰা প্রকাশ কৰা হয় ‘বেলেম ঘোষণা–পত্র’৷ এই ঘোষণা–পত্রত আমাজ’নত চলি থকা ধ্বংসৰ বিৰুদ্ধে সংগ্রামৰ বাবে এক জোঁট গঠনৰ প্রস্তাৱ গ্রহণ কৰা হয়৷ লক্ষণীয়ভাৱে আমাজ’নক ৰক্ষাৰ সংকল্প লোৱাৰ বাবেই এই আঠখন দেশে যৌথ পৰিৱেশ নীতি প্রণয়নৰ ক্ষেত্রতো ঐকমত্য পোষণ কৰিছে৷ যৌথ ঘোষণা–পত্রত এই সন্দর্ভত আঞ্চলিক সহযোগিতা গঢ়ি তোলাৰ কথা উল্লেখ কৰা হৈছে৷ অৱশ্যে দুদিনীয়া এই সন্মিলনত ইয়াৰ সম্পূর্ণ ৰূপৰেখা চূড়ান্ত হোৱা নাই৷
পৃথিৱীৰ অক্সিজেনৰ ভাণ্ডাৰ হিচাপে চিহ্ণিত আমাজ’ন বর্ষা অৰণ্যক যিকোনো পৰিস্থিতিতে ৰক্ষা কৰিব লাগিব বুলি ব্রাজিলৰ বর্তমানৰ ৰাষ্ট্রপতি লুলা ডা ছিলভাই ঘোষণা কৰিছে৷ শীর্ষ সন্মিলনৰ পূর্বে ৰাষ্ট্রপতি লুলাই উল্লেখ কৰে যে ২০৩০ চনৰ ভিতৰত আমাজ’নৰ অৰণ্য ধ্বংস বন্ধ কৰিবলৈ এক অভিন্ন নীতি গঢ়ি তুলিব লাগিব৷ বিশ্বৰ বৃহত্তম বর্ষা অৰণ্য আমাজ’নৰ প্রায় ৬০ শতাংশ অঞ্চল আছে ব্রাজিলৰ অভ্যন্তৰত৷ লুলা ব্রাজিলৰ ৰাষ্ট্রপতি নির্বাচিত হোৱাৰ পিছতে দেশখনত অৰণ্য ধ্বংসকার্য বন্ধ কৰিবলৈ বিভিন্ন নীতি গ্রহণ কৰা হৈছে৷ আন্তর্জাতিক সংবাদ সংস্থাসমূহৰ প্রতিবেদন অনুসৰি এইক্ষেত্রত ব্রাজিল চৰকাৰ সফলো হৈছে৷ উল্লেখনীয় যে বলছ’নাৰোৰ দিনত আমাজ’নত ধ্বংস অভিযান ১০ শতাংশ বৃদ্ধি পাইছিল৷ লুলাই তাক বন্ধ কৰি দিয়ে অতি ক্ষিপ্রতাৰে৷ আমাজ’নৰ অৰণ্যৰ অক্সিজেন পৃথিৱীৰ প্রাণীকুলৰ বাবে গুৰুত্বপূর্ণ হিচাপে চিহ্ণিত হৈ আহিছে৷ অকল সেয়াই নহয়, এই আমাজ’ন বর্ষা অৰণ্যৰ অভ্যন্তৰতে আছে কেইবাটাও আদিবাসী ভূমিপুত্রৰ গোষ্ঠী৷ এই আদিবাসী ভূমিপুত্রসকলৰ বহিঃবিশ্বৰ সৈতে খুব কম সম্পর্ক আছে৷ লক্ষণীয়ভাৱে এই আদিবাসী ভূমিপুত্রসকলে আমাজ’নৰ চিৰসেউজ বর্ষা অৰণ্যক ৰক্ষা কৰাৰ ক্ষেত্রত বিশেষ ভূমিকা গ্রহণ কৰি আহিছে৷ কিন্তু কর্প’ৰেট গোষ্ঠীৰ আঘাত পৰাৰ লগে লগে এই ভূমিপুত্রসকলৰ অস্তিত্বলৈ নামি আহিছে সংকট৷ সেইবাবে ব্রাজিলত সঘনে আমাজ’নৰ বর্ষা অৰণ্য ৰক্ষাৰ বাবে ভূমিপুত্রসকল প্রতিবাদী কার্যসূচী লৈ চহৰমুখী হ’বলগীয়া হৈছে৷ আনকি আদিবাসী ভূমিপুত্রসকলৰ সৈতে বিভিন্ন সময়ত কর্প’ৰেট গোষ্ঠীৰ সংঘাত সৃষ্টি হৈছে আমাজ’নৰ অভ্যন্তৰত৷ এই সকলোবোৰৰ প্রতি দৃষ্টি ৰাখি আমাজ’ন অৱবাহিকাৰ আঠখন ৰাষ্ট্রই পৃথিৱীৰ অক্সিজেন ভাণ্ডাৰ বর্ষা অৰণ্যক ৰক্ষা কৰাৰ সংকল্প লোৱাটো আজিৰ মুহূর্তত গুৰুত্বপূর্ণ বিষয় হিচাপে চিহ্ণিত হৈছে৷ অৱশ্যে আগন্তুক দিনত আমাজ’নৰ ওপৰত আহিব পৰা আঘাতবোৰৰ কেনেদৰে মোকাবিলা কৰা হ’ব সেয়া লক্ষণীয় হৈ পৰিব৷ লেটিন আমেৰিকাৰ ৰাজনৈতিক পৰিস্থিতিও ইয়াৰ সৈতে জড়িত হৈ আছে৷ ব্রাজিলত বাঁওপন্থী ৰাজনীতিবিদ লুলা ৰাষ্ট্রপতি হোৱাৰ লগে লগে আমাজ’নৰ বর্ষা অৰণ্যক ৰক্ষা কৰাৰ সংকল্প লোৱা হৈছে৷ কিন্তু বলছ’নাৰোৰ দৰে কট্টৰ সোঁপন্থী নেতা তথা কর্প’ৰেট গোষ্ঠীৰ আশিসধন্য নেতা পুনৰ ক্ষমতালৈ আহিলে পৰিস্থিতি জটিল হৈ পৰিব৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হৈছে আমাজ’ন অৱবাহিকাৰ আঠখন ৰাষ্ট্রই বর্ষা অৰণ্যৰ ভূমিকাক অনুধাৱন কৰিব পাৰিব লাগিব৷ প্রতিখন দেশে এই বিশাল বর্ষা অৰণ্যক ৰক্ষা কৰাৰ বাবে নিজাববীয়াকৈও চিন্তা–চর্চা চলাব লাগিব৷ অন্যথা আমাজ’নৰ বর্ষা অৰণ্য ৰক্ষাৰ যৌথ ঘোষণা–পত্র অর্থহীন হৈ পৰিব, অর্থহীন হৈ পৰিব পৃথিৱীৰ অক্সিজেন ভাণ্ডাৰক ৰক্ষা কৰাৰ সংকল্প৷ সেইবাবে আগন্তুক দিনত আমাজ’নৰ বর্ষা অৰণ্যক ৰক্ষাৰ বাবে অধিক আন্তর্জাতিক সন্মিলনৰ প্রয়োজন আছে, যি সন্মিলনসমূহত এই বর্ষা অৰণ্য সন্দর্ভত থকা মতবিৰোধবোৰ আঁতৰ কৰিব পৰা যায়৷

You might also like