নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ–পূবত ফুটবলৰ উন্নয়ন

ইণ্ডিয়ান প্রিমিয়াৰ লীগ (আই এছ এল)ৰ জৰিয়তে সমগ্র দেশত ফুটবলৰ এক জাগৰণৰ সৃষ্টি হৈছে৷ বিশেষকৈ বিভিন্ন ৰাজ্যত থকা ফুটবল প্রতিভা বিচাৰি উলিয়াই অনাৰ ক্ষেত্রত এই লীগৰ আছে এক বিশেষ ভূমিকা৷ ক্রমাগতভাৱে আইএছএলে বিশ্বৰ ফুটবল মানচিত্রত সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ এই লীগত উত্তৰ–পূর্বাঞ্চলক প্রতিনিধিত্ব কৰা নর্থ–ইষ্ট ইউনাইটেড এফ চিয়ে ইতিমধ্যে ব্যাপক জনপ্রিয়তা অর্জন কৰিছে৷ বলীউডৰ তাৰকা অভিনেতা জন আব্রাহামৰ উদ্যোগত প্রতিষ্ঠা লাভ কৰা নর্থ–ইষ্ট ইউনাইটেডে দীর্ঘদিন ধৰি ভাৰতীয় ফুটবলত নিজৰ অৱস্থান শক্তিশালী কৰাৰ বাবে নিৰৱচ্ছিন্নভাৱে প্রচেষ্টা চলাই আহিছে৷ প্রতিযোগিতাখনত এই পর্যন্ত নর্থ–ইষ্ট দলটোৱে খিতাপ অর্জন কৰিব পৰা নাই যদিও যোৱা বছৰ যথেষ্ট উন্নত প্রদর্শন দাঙি ধৰি অন্তিম চাৰিটা দলৰ মাজত স্থান লাভ কৰিছে৷ চলিত প্রতিযোগিতাখনতো এইবাৰ দলটোৱে ছেমিফাইনেল খেলাৰ সম্ভাৱনা বৃদ্ধি কৰিছে৷ অৱশ্যে এইবাৰ নর্থ–ইষ্ট ইউনাইটেডে ডুৰাণ্ড কাপৰ খিতাপ অর্জন কৰি ভাৰতীয় ফুটবলত দৃষ্টি আকর্ষণ কৰিছে৷ অসমৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ ফুটবল প্রতিভাসমূহৰ বিকাশৰ বাবে ক্লাবটোৱে বিভিন্ন পদক্ষেপ গ্রহণ কৰি অহাটো বিশেষভাৱে লক্ষণীয়৷ এইবাৰ তৰুণ ফুটবল প্রতিভাসমূহ উলিয়াই অনাৰ বাবে অৰুণাচল প্রদেশৰ সৈতে বিশেষ চুক্তি স্বাক্ষৰ কৰি এক দৃষ্টান্ত স্থাপন কৰিলে নর্থ–ইষ্ট ইউনাইটেডে৷ মন কৰিবলগীয়া যে উত্তৰ–পূর্বাঞ্চলত ক্রীড়া প্রতিভাৰ অভাৱ নাই৷ পাহাৰীয়া ৰাজ্যকেইখনৰ অসংখ্য ফুটবলাৰে ইতিমধ্যে দেশৰ প্রায়বোৰ আগশাৰীৰ ক্লাবত স্থান অর্জন কৰিছে৷ আইএছএলৰো প্রতিটো ক্লাবতে আছে উত্তৰ–পূর্বাঞ্চলৰ ফুটবলাৰ৷ ইয়াৰ মাজতে ডুৰাণ্ড কাপ চেম্পিয়ন দলটোৱে অঞ্চলটোৰ ফুটবলাৰসকলৰ উন্নয়নৰ বাবে বিশেষ উদ্যোগ গ্রহণ কৰিছে৷ অৱশ্যে এইবাৰ গ্রহণ কৰা উদ্যোগটো অধিক বৃহৎ পৰিসৰৰ আৰু দীর্ঘম্যাদী৷ সম্প্রতি অৰুণাচল প্রদেশ ফুটবল এছ’চিয়েচনৰ সৈতে এখন বিশেষ চুক্তি স্বাক্ষৰিত হৈছে৷ সেয়া কেৱল ক্লাবটোৰ উন্নয়নৰ বাবেই নহয়, সমগ্র অঞ্চলটোৰ ফুটবলৰ আন্তঃগাঁথনিৰ মান উন্নত কৰাৰ লক্ষ্যৰে গ্রহণ কৰা হৈছে৷ শেহতীয়া চুক্তিৰ জৰিয়তে অৰুণাচল প্রদেশৰ প্রান্তীয় অঞ্চলসমূহৰ ফুটবল প্রতিভা অনুসন্ধান কৰা হ’ব৷
ইয়াৰ লগতে স্থানীয় পর্যায়ত ফুটবল কোচিং, প্রশিক্ষণ শিবিৰ আৰু ঘৰুৱা প্রতিযোগিতা আয়োজনৰ জৰিয়তে নতুন প্রজন্মৰ ফুটবলাৰসকলৰ উন্নয়নৰ পথ প্রশস্ত কৰাৰ পৰিকল্পনা গ্রহণ কৰা হৈছে৷ চুক্তি অনুসৰি ছয় বছৰৰ পৰা বাৰ বছৰ আৰু তেৰৰ পৰা পোন্ধৰ বছৰ বয়সৰ দুই শ্রেণীৰ ফুটবলাৰৰ বাবে পৃথক প্রশিক্ষণৰ ব্যৱস্থা কৰা হ’ব৷ ইয়াৰ জৰিয়তে তৰুণ ফুটবলাৰসকলৰ শাৰীৰিক আৰু মানসিক উন্নয়নৰ বাবে বিশেষ কার্যসূচী তৈয়াৰ কৰা হ’ব৷ প্রতিভা বিকাশৰ বাবে প্রশিক্ষণ শিবিৰ আৰু প্রতিযোগিতামূলক টুর্নামেণ্টৰ আয়োজন কৰা হ’ব৷ ইয়াৰ ফলত নতুন প্রজন্মৰ ফুটবলাৰসকলে আইএছএল আৰু ৰাষ্ট্রীয় পর্যায়ৰ প্রতিযোগিতাৰ বাবে নিজকে প্রস্তুত কৰি তুলিব পাৰিব৷ উল্লেখ্য যে অৰুণাচল প্রদেশ ফুটবলৰ ক্ষেত্রত তুলনামূলকভাৱে পিছুৱাই থাকিলেও শেহতীয়া বছৰকেইটাত ৰাজ্যখনৰ নৱপ্রজন্মৰ মাজত ফুটবলৰ প্রতি আগ্রহ বৃদ্ধি পাইছে৷ মুখ্যমন্ত্রী পেমা খাণ্ডুৱে কৈছে যে এই উদ্যোগ কেৱল ৰাজ্যৰ ফুটবলৰ উন্নয়ন নহয়, বৰং উত্তৰ–পূব ভাৰতৰ প্রতিভাৱান ফুটবলাৰসকলক আন্তর্জাতিক পর্যায়লৈ নিয়াৰ পথ সুগম কৰিব৷ এই চুক্তিয়ে নতুন খেলুৱৈসকলক এক অভূতপূর্ব সুযোগ প্রেৰণ কৰিব৷ প্রতিভাৱান ফুটবলাৰসকলক নর্থ–ইষ্ট ইউনাইটেডৰ ফুটবল একাডেমীত প্রশিক্ষণ দিয়াৰ সুযোগ প্রদান কৰা হ’ব৷ কেৱল সেয়াই নহয়, শ্রেষ্ঠ প্রতিভাসকলক নর্থ–ইষ্ট ইউনাইটেড দলৰ যুৱ দল আৰু ভৱিষ্যতে ছিনিয়ৰ দলত খেলাৰ সুযোগ লাভ কৰিব৷ ক্লাবটোৰ সেই উদ্যোগে নতুন প্রতিভা বিচাৰি অনাৰ বাবে এক দীর্ঘম্যাদী পৰিকল্পনা বাস্তৱায়িত কৰিব৷ উল্লেখ্য যে নর্থ–ইষ্ট ইউনাইটেডে ইতিমধ্যে মেঘালয়ত ফুটবলৰ এখন অত্যাধুনিক ফুটবল একাডেমী স্থাপনৰ বাবে উদ্যোগ গ্রহণ কৰিছে৷ মেঘালয় চৰকাৰৰ সহযোগত এই আৱাসিক ফুটবল একাডেমী স্থাপনৰ বাবে ১৫ একৰ ভূমি অধিগ্রহণ কৰা হৈছে৷ অহা বছৰ জানুৱাৰীৰ পৰা একাডেমী স্থাপনৰ বাবে কাম আৰম্ভ হ’ব৷ অৱশ্যে একাডেমীখন পূর্ণাংগ ৰূপ লাভ কৰিবলৈ কেইটামান বছৰৰ প্রয়োজন হ’ব৷ ৰাজ্যখনৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ ফুটবল প্রতিভাসমূহ উলিয়াই আনি প্রশিক্ষণ প্রদান কৰাই হ’ব ইয়াৰ উদ্দেশ্য৷ সেয়া হ’লে উত্তৰ–পূর্বাঞ্চলৰ ফুটবলৰ বাবে এক যুগান্তকাৰী অধ্যায়ৰ সূচনা হ’ব বুলি ধাৰণা কৰিব পাৰি৷

You might also like