নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিজিটেল এৰেষ্ট

সম্প্রতি দেশজুৰি ব্যাপক চর্চিত বিষয়ৰ অন্যতম ডিজিটেল এৰেষ্ট৷ দেশৰ অতি কমসংখ্যক লোকে এই ডিজিটেল এৰেষ্ট সন্দর্ভত জ্ঞাত আছিল যদিও প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰেডিঅ’ কার্যসূচীত মন কী বাতত ডিজিটেল এৰেষ্ট সন্দর্ভত বিতং ব্যাখ্যা আগবঢ়োৱাৰ পাছত এই বিষয়টো সর্বসাধাৰণৰ মাজত চর্চিত হৈছে৷ ডিজিটেল এৰেষ্ট ক’বলৈ হ’লে চাইবাৰ প্রৱঞ্চনা বুলি ক’ব পাৰি৷ প্রধানমন্ত্রী মোদীয়ে ডিজিটেল এৰেষ্ট বুলি আইনী ব্যৱস্থাত কোনো পন্থা নাই বুলি উল্লেখ কৰি ই এক প্রৱঞ্চনা, প্রতাৰণা আৰু মিথ্যাচাৰ বুলি আখ্যা দিয়ে৷ দেশৰ আইন ব্যৱস্থাত ডিজিটেল এৰেষ্ট বুলি কোনো ব্যৱস্থা নাই বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে এই ডিজিটেল এৰেষ্টৰ বিৰুদ্ধে দেশবাসীক সজাগ হ’বলৈ আহ্বান জনোৱাৰ লগতে ডিজিটেল এৰেষ্টত জড়িত অসাধু চক্রকো সকীয়নি প্রদান কৰে৷ ডিজিটেল এৰেষ্ট হৈছে চাইবাৰ অপৰাধৰ অন্যতম৷ প্রথমে এজন ব্যক্তিক কোনো লোকে চিবিআই, ইডি, তদন্তকাৰী বিষয়া তথা আৰবিআই বিষয়া বুলি ব্যক্তিজনৰ পৰা বিভিন্ন তথ্য সংগ্রহ কৰি লয়৷ ফোনযোগে ব্যক্তিজনৰ পৰা বিভিন্ন গোপনীয় তথ্য সংগ্রহ কৰি লোৱাৰ পাছত সেই ব্যক্তিজনক ফোন কৰা ব্যক্তিজনে অনবৰত ভয়ৰ ভাব এটা সোমাই দিয়ে৷ দেশৰ আইন ব্যৱস্থাৰ দোহাই দি তথ্য গ্রহণ কৰা ব্যক্তিজনক বিভিন্ন প্রকাৰে হাৰাশাস্তি কৰিবলৈ ধৰে৷ এনে ভয়ার্ত পৰিস্থিতিৰ মাজত সোমাই পৰা ব্যক্তিজনৰ পৰা পাছলৈ ধন দাবী কৰিবলৈ ধৰে আৰু সেই ব্যক্তিজনৰ পৰা বিভিন্ন ডিজিটেল মাধ্যমেৰে ধন সৰকাই লৈ যায়৷ এনেদৰে দেশৰ প্রান্তে প্রান্তে অসাধু চক্রৰ প্রধানতঃ চাইবাৰ অপৰাধত জড়িত লোকে নিৰীহ জনতাক ডিজিটেল এৰেষ্টৰ ভয় দেখুৱাই ধন লুণ্ঠন কৰি আহিছে৷
দেশৰ প্রতিখন ৰাজ্যতে এনে ডিজিটেল এৰেষ্টৰ দ্বাৰা লুণ্ঠন হোৱা অনেক ব্যক্তিৰ অভিযোগ ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে যদিও এইক্ষেত্রত বিশেষ সফলতা লাভ কৰিব পৰা নাই৷ প্রধানমন্ত্রীয়ে ডিজিটেল এৰেষ্টক লৈ দেশবাসীক সজাগ বার্তা প্রদান কৰাৰ পাছতে কেন্দ্রীয় গৃহ মন্ত্রালয়ে ডিজিটেল এৰেষ্টক প্রতিহত কৰিবলৈ এখন উচ্চ পর্যায়ৰ কমিটী গঠন কৰিছে৷ চাইবাৰ অপৰাধৰ তদন্তকাৰী সংস্থাৰ জৰিয়তে এই উচ্চ পর্যায়ৰ কমিটীখনে ডিজিটেল এৰেষ্ট সন্দর্ভত ব্যৱস্থা গ্রহণৰ সুদক্ষ নীতি গ্রহণ কৰিব৷ ৰাজ্য আৰু কেন্দ্র চৰকাৰে মিলিত হৈ ডিজিটেল এৰেষ্টক প্রতিহত কৰিবলৈ কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ সহমতত উপনীত হ’ব৷ উচ্চ পর্যায়ৰ কমিটীৰ দ্বাৰা ডিজিটেল এৰেষ্ট প্রতিহত কৰাৰ যি ব্যৱস্থা কেন্দ্রীয় চৰকাৰে গ্রহণ কৰিবলৈ আগবাঢ়িছে সেয়া সঠিক পদক্ষেপ বুলিয়ে ক’ব লাগিব৷ কিন্তু প্রশ্ণ উত্থাপন হৈছে, এনে চাইবাৰ অপৰাধ কিম্বা ডিজিটেল এৰেষ্ট প্রতিহত কৰিব পাৰিবনে? ডিজিটেল এৰেষ্ট সন্দর্ভত ইতিমধ্যে চৰকাৰে দেশৰ জনতাক সজাগ আৰু সচেতন হ’বলৈ সংবাদ মাধ্যমযোগে প্রচাৰ চলাইছে৷ টেলিভিছনৰ লগতে অন্যান্য ডিজিটেল মাধ্যমৰ দ্বাৰাও ডিজিটেল এৰেষ্ট সন্দর্ভত দেশবাসীক সজাগ কৰাৰ অভিযান চলাই আছে৷ চৰকাৰৰ এই পদক্ষেপত জনতাই গুৰুত্ব আৰোপ কৰিব লাগিব৷ সমান্তৰালকৈ প্রতিজন নাগৰিকে ডিজিটেল এৰেষ্টৰ প্রৱঞ্চনাৰ বার্তা আলোচনাৰ বিষয় কৰি ল’ব লাগিব৷ তেতিয়াহে ইয়াৰ ইতিবাচক প্রভাৱ স্পষ্ট হ’ব৷

You might also like