নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফাৰ  স’তে আলোচনা

মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হৈয়ে ড০ হিমন্ত বিশ্ব শর্মাই জনোৱা মুকলি আহ্বানৰ প্রতি সঁহাৰি প্রদানেৰে আলফাই ১৫ মে’ত তিনি মাহৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ আহ্বান আৰু আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ  তাৎক্ষণিক সঁহাৰি নিশ্চিতভাৱে ৰাজ্যখনৰ শান্তি আৰু বিকাশৰ বাবে এক ইতিবাচক বার্তা৷ বিগত তিনিটা দশকত আলফাই স্বাধীন অসমৰ দাবীৰে চলোৱা সশস্ত্র সংগ্রামখনৰ এক ফলপ্রসূ পৰিসমাপ্তি হোৱাটো অসমবাসীয়ে ঐকান্তিকতাৰে কামনা কৰে৷ আলফাৰ জন্মৰ পিছত ৰাজ্যখনত এটা এটাকৈ প্রায় একুৰি সশস্ত্র সংগঠনৰ জন্ম হৈছিল যদিও বিগত দুই দশকৰ ভিতৰত অধিকাংশ সংগঠনৰ নেতাই আত্মসমর্পণ কৰি শান্তি আলোচনাৰ বাবে আগবাঢ়ি আহিছে৷ বিগত তিনিটা দশকত আলফাক আলোচনাৰ মেজলৈ অনাৰ বাবে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰেও বিভিন্ন সময়ত পদক্ষেপ গ্রহণ কৰা দেখা গৈছিল যদিও সেয়া সফল হোৱা নাছিল৷ ১৯৯১ত ৰাজ্যৰ ক্ষমতাত কংগ্রেছ দল অধিষ্ঠিত হোৱাৰ পিছতে তদানীন্তন মুখ্যমন্ত্রী প্রয়াত হিতেশ্বৰ শইকীয়াই প্রথমবাৰৰ বাবে আলোচনাৰ বাবে আলফাৰ শীর্ষ নেতৃত্বৰ সৈতে যোগসূত্র স্থাপন কৰিছিল৷ কিন্তু কেন্দ্রীয় চৰকাৰৰ সদিচ্ছাক লৈ আলফাৰ শীর্ষ নেতৃত্ব সন্দিহান হোৱাৰ বাবেই আলোচনাৰ প্রাৰম্ভিক প্রক্রিয়াতে কেণা লাগিছিল৷ ২০০১ত কংগ্রেছ নেতৃত্বাধীন চৰকাৰ পুনৰ দিছপুৰৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছত আলফাৰ স’তে আলোচনাৰ প্রক্রিয়া আৰম্ভ কৰিবলৈ প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈয়ে পদক্ষেপ গ্রহণ কৰিছিল যদিও আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ কঠোৰ স্থিতিৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল৷ কেন্দ্রীয় চৰকাৰৰ হেঁচাত বাংলাদেশৰ ঘাটিত অভিযান চলোৱাৰ পিছত আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা, বৈদেশিক সচিব শশ চৌধুৰী, সেনাধ্যক্ষ ৰাজু বৰুৱা প্রমুখ্যে সংগঠনটোৰ অধিকাংশ নেতা আলোচনালৈ আগবাঢ়ি আহিছিল যদিও বিগত এটা দশকে আলোচনাই বিশেষ গতি লাভ কৰা নাই৷ ইয়াৰ মূলতেই হ’ল আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা৷  কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰেও ভালদৰে উপলব্ধি কৰিছে যে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সক্রিয় অংশগ্রহণ অবিহনে আলফাৰ স’তে আলোচনা ফলপ্রসূ হ’ব নোৱাৰে৷ পূর্বৰ লেখীয়া এতিয়া আলফাৰ শক্তি নাই৷ কিন্তু শান্তি আৰু বিকাশৰ বাটেৰে অসমখনক আগবঢ়াই নিয়াৰ বাবে আলফাৰ মুৰব্বী পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ অনাটো বিচাৰিছে মুখ্যমন্ত্রী ড০ শর্মাই৷ এইক্ষেত্রত উভয় পক্ষই দেখুওৱা সদিচ্ছাই নিশ্চিতভাৱে ৰাজ্যখনৰ তিনি দশকজোৰা অঘোষিত যুঁজখনৰ ফলপ্রসূ সমাধানৰ বাট মুকলি কৰিব বুলি আশা কৰিব পাৰি৷

১৯৭৯ৰ ৭ এপ্রিলত শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত জন্মলাভ কৰা আলফা স্বাধীন অসমৰ দাবীত বিগত চাৰিটা দশকত সশস্ত্র সংগ্রামত জড়িত হৈ আছে৷ নতুন দিল্লীৰ কেন্দ্রীয় চৰকাৰখনে অসমক বঞ্চনা কৰি অহা বুলি অসমবাসীৰ মনত জন্ম হোৱা ভাবাৱেগক আধাৰ ৰূপে লৈ আলফাই তেওঁলোকৰ সংগ্রামখন চলাই গৈছিল৷ বিগত সময়ছোৱাত আলফাৰ সশস্ত্র সংগ্রামৰ নামত হিংসা–হত্যাৰ বিভীষিকা অসমবাসীয়ে প্রত্যক্ষ কৰিছে৷ আলফা দমনৰ নামত কেন্দ্রীয় চৰকাৰে অপাৰেচন বজৰং আৰু অপাৰেচন ৰাইনোৰ পিছত চুবুৰীয়া ভূটানত অপাৰেচন অল ক্লীয়াৰ অভিযান চলাইছিল যদিও সংগঠনটোক নিঃশেষ কৰিব নোৱাৰিলে৷ বিগত সময়ছোৱাত নিৰাপত্তা বাহিনী আৰু আলফাৰ মাজত চলি থকা অঘোষিত যুঁজখনত সর্বাধিক ক্ষতিগ্রস্ত হৈছে নিৰপৰাধী লোকসকল৷ এই সময়ছোৱাত কেইবাসহস্র আলফাৰ নেতা–কর্মী নিহত হোৱাৰ লগতে নিৰাপত্তা বাহিনীৰ লোকৰো প্রাণহানি হৈছে৷ নিৰাপত্তা বাহিনী আৰু আলফাৰ তুলনাত এই যুঁজখনত সর্বাধিক নিৰপৰাধী লোক নিহত আৰু ঘুণীয়া হৈছে৷ বিগত চাৰি দশকৰ পৰিৱর্তিত পৰিস্থিতিত অসমবাসীয়ে আলফাৰ স্বাধীন অসমৰ দাবীক সমর্থন নকৰে৷ এয়া স্পষ্ট৷ কিন্তু চাৰি দশকজোৰা আলফাৰ সংগ্রামৰ এক ফলপ্রসূ স্থায়ী সমাধান হোৱাটো ঐকান্তিকতাৰে কামনা কৰে ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহে৷ চুবুৰীয়া বাংলাদেশৰ পৰা চলি থকা অনুপ্রৱেশ আৰু জনগাঁথনিৰ  দ্রুত পৰিৱর্তনে অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ লোকসকলক বাৰুকৈয়ে শংকিত কৰিছে৷ বিশেষকৈ ভৱিষ্যৎ সুৰক্ষাক লৈ প্রতিটো জাতি–জনগোষ্ঠীৰ লোকসকলৰ মাজত গভীৰ শংকাই ঘেৰি ধৰিছে৷ এনে অৱস্থাত খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ ভৱিষ্যৎ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই আলোচনাৰ জৰিয়তে ইতিবাচক সুযোগ পাইছে৷ এইক্ষেত্রত মুখ্যমন্ত্রী ড০ শর্মা আৰু পৰেশ বৰুৱা ঐকমত্যত উপনীত হৈ নতুন দিল্লীৰ স’তে আলোচনাত বহিলে ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ সাংবিধানিক সুৰক্ষাৰ পথ প্রশস্ত হ’ব বুলি আশা কৰিব পাৰি৷

You might also like