নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূজাৰ দুৱাৰডলিত

শাৰদীয় দুর্গাপূজাৰ অন্তিমটো দেওবাৰে ৰাজ্যবাসীৰ মনত পূজা উদযাপনক লৈ অংকিত ছবিখনৰ এটা আভাস দাঙি ধৰিছে৷ আনকালে অন্তিম দেওবাৰটোত ৰাজ্যখনৰ সৰু সৰু চহৰৰ পৰা গুৱাহাটী মহানগৰৰ বজাৰ, ৰাজপথত বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হয়৷ বজাৰ, ৰাজপথ জনসমুদ্র হৈ থাকে৷ দোকান–পোহাৰত বস্ত্রকে ধৰি বিভিন্ন সামগ্রী ক্রয়ৰ বাবে দলে–বলে মানুহ ওলাই আহে৷ যেন সেই দিনটোৰ পৰাই পূজা আৰম্ভ হয়৷ এইবাৰৰ ছবি সুকীয়া৷ অকল অন্তিম দেওবাৰটোৱেই নহয়, পূজাৰ আগমুহূর্তত এইবাৰ বজাৰ সেমেকা৷ পূজা বুলি এযোৰ কাপোৰ কিনিবলৈ বা আপোনজনক উপহাৰ দিবলৈ জনগণ বজাৰলৈ ওলাই অহা নাই৷ এই সেমেকা বজাৰৰ প্রভাৱ পূজাথলীতো পৰিব৷ অৱশ্যে বেপাৰ–বাণিজ্যৰ বাবে ছবিখন আশাপ্রদ বা সুখকৰ নহয়৷ কিন্তু ইয়ে জনস্বাস্থ্যৰ সুৰক্ষাৰ বাবে ইতিবাচক দিশ এটা কঢ়িয়াই আনিছে৷ চৰকাৰী আহ্বানলৈ সঁহাৰি জনাই তথা নিজৰ বিবেকৰ কথা শুনি এইবাৰ অসমবাসীয়ে শাৰদীয় দুর্গাপূজা ঘৰতে থাকি উদ্যাপন কৰিবলৈ মনস্থ কৰিছে৷ ক’ৰোনাৰ দৰে অতিমাৰী ভাইৰাছ এটাৰ বিৰুদ্ধে এই মুহূর্তত এইদৰে যুঁজ দিয়াৰ বিকল্প নাই৷ সামাজিক দূৰত্বৰ বিধিক আওকাণ কৰিলে ৰাজ্যখনে বিপৰীত পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়াত পৰিব পাৰে৷ মাৰাত্মক ভাইৰাছটোৰ সংক্রমণ নিয়ন্ত্রণহীনভাৱে বৃদ্ধি পাব পাৰে৷ গতিকে সামাজিক দূৰত্ব বজাই ৰাখি, ক’ভিড প্রট’কল মানি চলি সামাজিক দায়িত্ব পালনৰ গত্যন্তৰ নাই৷ অৱশ্যে এইবাৰৰ পূজাৰ বজাৰত ক্রেতাৰ ভিৰ নোহোৱাৰ অর্থনৈতিক কাৰণো আছে৷ দীর্ঘদিনীয়া লকডাউনে জুৰুলা কৰা জনসাধাৰণৰ গৰিষ্ঠসংখ্যকৰে বিলাসিতাৰ বাবে খৰচ কৰিবলৈ ধন নাই৷ ক’ৰোনাসৃষ্ট পৰিৱেশে সংকুচিত কৰা উপার্জনৰ পথ অদ্যাপি একেই অৱস্থাতে আছে৷ তদুপৰি সংকটৰ সময়ত মানুহে ব্যয় কমাই দি ধন–সম্পদ সাঁচি ৰাখিবলৈও চেষ্টা চলায়৷ যিয়েই নহওক, দুর্দশাগ্রস্ত জনসাধাৰণে এইবেলি পূজাক লৈ বিশেষ উছাহ প্রদর্শন কৰা নাই৷ এনে বিপৰীত সময় যেন মানৱ সভ্যতালৈ দুনাই নাহে৷

বিশ্বজুৰি বিনাশৰ তাণ্ডৱলীলা চলোৱা ক’ৰোনাৰ বাবে অসমবাসীয়ে ইতিমধ্যে কেইবাটাও হেঁপাহৰ অনুষ্ঠানৰ ৰং–ৰহইচ বর্জন কৰিছে৷ এইটো সাধাৰণ কথা নহয়৷ বিহুবলিয়া অসমীয়া জাতিয়ে ৰঙালী বিহুৰ উলহ–মালহৰ পৰা আঁতৰি আহিছে৷ সেই সময়ছোৱাত ৰাজ্যখনৰ প্রতিটো জনজাতিয়ে উদ্যাপন কৰা উৎসৱৰ পৰা আনন্দ–স্ফূর্তি সকলো বাদ দি মাথোঁ পৰম্পৰা ৰক্ষা কৰিছে৷ এইটো বিশ্ব মাথোঁ তেনে এটা জনসমষ্টিৰ বাবেহে সম্ভৱ, যিয়ে বিশ্ব মানৱতাৰ আবেদনক মর্মে মর্মে হূদয়ংগম কৰিব পাৰে৷ অসমবাসীয়ে মানৱ সভ্যতালৈ অহা সংকটৰ বিৰুদ্ধে যুঁজখনত পৰম দায়বদ্ধতাৰে নিজকে বিলীন কৰি দিছে৷ একেই দায়বদ্ধতাৰ পৰিচয় শাৰদীয় দুর্গাপূজাৰ সময়তো দিব লাগিব৷ জনসাধাৰণ যাতে ভাইৰাছটোৰ জালত নপৰে বা সংক্রমণক বাধা দি ৰাখিব পাৰি, তাৰ বাবে চৰকাৰে কেতবোৰ নীতি–নির্দেশনা জাৰি কৰিছে৷ পূজাৰ আয়োজনৰ ক্ষেত্রতো নির্দেশনা দিয়া হৈছে৷ সেইবোৰ মানি চলাটো সময়ৰ দাবী৷ যেতিয়ালৈকে ক’ৰোনা ভাইৰাছক পৰাভূত কৰিব পৰাকৈ দৰব নতুবা ভেকচিনৰ উদ্ভাৱন নহয়, তেতিয়ালৈকে যুঁজখন এইদৰেই চলাই থাকিব লাগিব৷ ভাইৰাছটোৰ সংক্রমণ ৰোধ কৰিব লাগিব৷ পূজাৰ আয়োজক সমিতি, স্বেচ্ছাসেৱক তথা আয়োজনৰ সৈতে জডিত থকা সকলোৱে পূজাৰ পূর্বে ক’ভিড পৰীক্ষা কৰা উচিত৷ ইয়ে নিজৰ লগতে নিজৰ ঘৰখন আৰু সমাজৰ মংগল সাধিব৷

You might also like