অর্থনীতিত অনিশ্চয়তা
মহামাৰী ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংক্রমণ ক্রমশঃ হ্রাস পাই আহিছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে সোমবাৰে সদৰী কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত পজিটিভ ৰূপে চিনাক্ত হোৱা লোকৰ সংখ্যা ২৬,০৪১জন৷ ক্রমাগতভাৱে তিনিটা দিন ধৰি দেশত ক’ভিড আক্রান্তৰ সংখ্যা ৩০ হাজাৰৰ তলত সীমাবদ্ধ হৈ আছে৷ আক্রান্তৰ সমান্তৰালভাৱে মৃতকৰ সংখ্যাও বিগত তিনিটা দিনত তিনিশৰ তলত আছে৷ যোৱা ২৪ ঘণ্টাত ক’ভিডত প্রাণহানি ঘটিছে ২৭৬জনৰ৷ যোৱা ২২ মার্চৰ পাছত ভাৰতত আৰম্ভ হৈছিল ক’ভিডৰ দ্বিতীয় জোৱাৰ৷ মহামাৰীৰ প্রথম আৰু দ্বিতীয় জোৱাৰে সমগ্র বিশ্বৰ লগতে ভাৰতৰো অর্থনীতিত মোক্ষম আঘাত হানিছে৷ প্রথম জোৱাৰৰ সময়ত দেশজুৰি বলৱৎ কৰা লকডাউন তথা কঠোৰ বাধা–নিষেধ পর্যায়ক্রমে শিথিল কৰি দিয়াৰ পাছত অর্থনীতিয়ে কিছু গতি লাভ কৰিছিল যদিও দ্বিতীয় জোৱাৰে এইক্ষেত্রত প্রতিবন্ধকতাৰ সৃষ্টি কৰে৷ শেহতীয়াকৈ দ্বিতীয় জোৱাৰৰ সংক্রমণ ক্রমশঃ কমি আহিছে যদিও দেশৰ অর্থনীতিক লৈ অনিশ্চিয়তা দূৰ হোৱা নাই৷ দেশ এখনৰ অর্থনীতিৰ বিকাশ প্রধানতঃ নির্ভৰ কৰে মুঠ ঘৰুৱা উৎপাদন (জি ডি পি) আৰু কর্মসংস্থাপনৰ ওপৰত৷ চলিত বর্ষত ভাৰতৰ জি ডি পিৰ হাৰ কিমান হ’ব, তাক লৈ এতিয়াও দ্বিধাগ্রস্ত অর্থনীতিবিদ তথা বিভিন্ন সমীক্ষাকাৰী সংস্থাসমূহ৷ এছিয়ান ডেভেপলমেণ্ট বেংক (এ ডি বি)–এ চলিত বিত্তীয় বর্ষত ভাৰতৰ জি ডি পি ১১ শতাংশ হ’ব বুলি যোৱা এপ্রিল মাহত পূর্বানুমান প্রকাশ কৰিছিল৷ কিন্তু শেহতীয়াভাৱে প্রকাশ কৰা এক প্রতিবেদনত এ ডি বিয়ে এই পূর্বানুমান ১ শতাংশ হ্রাস কৰিছে৷ অর্থাৎ বিত্তীয় সংস্থাটোৱে প্রকাশ কৰা অনুসৰি চলিত বিত্তীয় বর্ষত ভাৰতৰ জি ডি পি ১০ শতাংশতে সীমাবদ্ধ থাকিব৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে দেশৰ অর্থনীতিলৈ অৰিহণা আগবঢ়োৱা বিভিন্ন খণ্ডসমূহ বিপর্যস্ত কৰি তোলাৰ পৰিণতিতে জি ডি পিৰ ক্ষেত্রত এনেধৰণৰ অৱস্থা হ’ব পাৰে বুলি মত প্রকাশ কৰিছে সমীক্ষাটোত৷ নিশ্চিতভাৱে ভাৰতৰ দৰে এখন উন্নয়নশীল ৰাষ্ট্রৰ বাবে এনেধৰণৰ পূর্বানুমান যথেষ্ট উদ্বেগজনক৷ কিয়নো কেন্দ্রীয় চৰকাৰে দেশৰ অর্থনীতিয়ে গতি লাভ কৰাৰ লক্ষণ স্পষ্ট হোৱা বুলি দাবী কৰাৰ বিপৰীতে চলিত বর্ষত জি ডি পিৰ বিষয়টো যে এতিয়াও অনিশ্চিয়তাৰ আৱর্তত আছে, সেই কথাই কার্যতঃ প্রতীয়মাণ হৈছে এ ডি বিৰ তথ্যত৷
ক’ভিড–১৯ প্রতিৰোধকল্পে বলৱৎ কৰা লকডাউন তথা কঠোৰ বাধা–নিষেধৰ প্রতিশ্রুতিত দেশত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা৷ বর্ধিত নিবনুৱাই সৃষ্টি কৰা প্রত্যাহ্বান মোকাবিলা কৰাৰ ক্ষেত্রত কার্যকৰী ব্যৱস্থা গ্রহণ নকৰিলে অর্থনীতি পুনৰ উদ্ধাৰ কৰাটো যথেষ্ট কঠিন হ’ব৷ চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমী (চি এম আই ই)ৰ তথ্য অনুসৰি ক’ভিডৰ প্রাদুর্ভাৱৰ পূর্বৰ বছৰ অর্থাৎ ২০১৯–২০ৰ তুলনাত চলিত বর্ষৰ আগষ্ট মাহত দেশত ৫৭ লাখ কর্মসংস্থাপন হ্রাস পাইছে৷ যোৱা আগষ্ট মাহত ৮৮ লাখ চাকৰিজীৱী আৰু ২০ লাখ উদ্যোগৰে জড়িত কাম হেৰুৱাইছে৷ চাকৰিজীৱী আৰু উদ্যোগৰে জড়িত তেনে অৱস্থাৰ বিপৰীতে কৃষি–ক্ষুদ্র ব্যৱসায়–দিন হাজিৰা আদিত নিয়োজিতৰ সংখ্যা বৃদ্ধি পাইছে৷ এই তিনিওটা ক্ষেত্রত নতুনকৈ যোগ দিছে প্রায় ৪৭ লাখজনে৷ গুৰুত্বপূর্ণ কথাটো হ’ল যে গ্রামাঞ্চলৰ তুলনাত চহৰাঞ্চলত কর্মসংস্থাপন যথেষ্ট হ্রাস পাইছে৷ হ্রাস পোৱা ৫৭ লাখ কর্মসংস্থাপনৰ ভিতৰত ৩৭ লাখেই চহৰাঞ্চলৰ৷ কর্মসংস্থাপনৰ ওপৰত নির্ভৰ কৰে চাহিদা৷ ক’ভিডকালত এইদৰে কর্মসংস্থাপন হ্রাস পোৱাৰ পৰিণতিত চাহিদাৰ ওপৰত বিৰূপ প্রভাৱ পৰিছে৷ যাৰ বাবে দেশৰ অর্থনীতিত সৃষ্টি হৈছে অনিশ্চিয়তা৷ অৱশ্যে কেন্দ্রীয় চৰকাৰৰ দ্রুত টিকাকৰণৰ পদক্ষেপে এইক্ষেত্রত আশাৰ ৰেঙনি দেখুৱাইছে৷ টিকাকৰণকে ধৰি সামগ্রিকভাৱে অর্থনীতিত গতি দিয়াৰ হকে কেন্দ্রীয় চৰকাৰে অনাগত সময়ত কেনেধৰণৰ ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷