নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাত দশক ধৰি সুমধুৰ কণ্ঠেৰে সকলোৰে হৃদয় জয় কৰা ভাৰতৰত্ন লতা মংগেশকাৰৰ আজি ওপজা দিন

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ  আজি ৯৩ বৰ্ষত ভৰি দিলে কোকিলকণ্ঠী শিল্পী, ভাৰতৰত্ন লতা মংগেশকাৰে। ১৯২৯ চনত ইন্দোৰত জন্মলাভ কৰিছিল কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰে।

মুঠ ৩৬ টা ভাষাত ৫০ হাজাৰৰো অধিক গীতত ইতিমধ্যে কণ্ঠ নিগৰাইছে শিল্পীগৰাকীয়ে। লতা মংগেশকাৰৰ সুৰিয়া কণ্ঠই স্বৰ্ণিল কৰি তুলিছে ভাৰতৰ সংগীতজগত। সাত দশক ধৰি সুমধুৰ কণ্ঠেৰে সকলোৰে হৃদয় জয় কৰা সুৰ সম্ৰাগ্ৰীগৰাকীৰ আছে অসমৰ সৈতেও সুৰীয়া সম্পৰ্ক। সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ অনুপ্ৰেৰণাত অসমীয়া গীততো কণ্ঠদান কৰিছে এইগৰাকী কণ্ঠশিল্পীয়ে।

আজি ৯২ তম জন্মদিন উদযাপন কৰা লতা মংগেশকাৰক সংগীত ক্ষেত্ৰখনত অতুলনীয় অৱদানৰ বাবে ভাৰত ৰত্ন, পদ্মবিভূষণ, পদ্মভূষণ আৰু দাদাচাহেব ফালকে বঁটাকে ধৰি কেইবাটাও সন্মানেৰে সন্মানিত কৰা হৈছে।

উল্লেখ্য যে ১৩ বছৰ বয়সতে কেৰিয়াৰ আৰম্ভ কৰা লতা মংগেশকাৰে ১৯৪২ চনত মাৰাঠী চলচ্চিত্ৰত অভিনয়ো কৰিছিল। তেওঁ মাৰাঠী চলচ্চিত্ৰ ‘কিতি আজকাৰ’ত এটা মাৰাঠী গানত কণ্ঠদান কৰিছিল যদিও গানটো ছবিখনত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল, কিন্তু তাৰ পাছৰ পৰাই তেওঁৰ গান গোৱাৰ যাত্ৰা আৰম্ভ হৈছিল।

You might also like