সামাজিকভাৱে শ্রদ্ধা প্রদর্শন
এটা সভ্য বা সংস্কৃত জাতিৰ এটা গুৰুত্বপূর্ণ বৈশিষ্ট্য হ’ল উপযুক্তজনৰ প্রতি শ্রদ্ধা প্রদর্শন৷ এই উপযুক্তজন যে অকল এজন ব্যক্তিয়েই হ’ব তেনে নহয়, ই হ’ব পাৰে একোটা সমাজক উন্নতৰ পর্যায়লৈ নিব পৰা একোটা ঘটনা, একোটা অনুষ্ঠান, একোটা স্মাৰক অথবা একোগৰাকী ব্যক্তি৷ একো একোখন কিতাপ, একো একোটা গল্প বা একোখন উপন্যাস বা একোটা গীতো হ’ব পাৰে এনেকুৱা ৰাজহুৱা শ্রদ্ধা প্রদর্শনৰ একো একোটা উল্লেখনীয় সম্পদ৷ এই সামাজিক শ্রদ্ধা প্রকাশৰ মূল কাৰণ হ’ল সমাজৰ বাবে, সভ্যতাৰ বাবে এই ঘটনা বা ব্যক্তিয়ে আগবঢ়োৱা অৱদান৷ একোটা জাতি নির্মাণত অৱদান যোগোৱা প্রতিটো বস্তুকেই কৃতজ্ঞ জাতিটোৱে মনত ৰাখে, গৌৰৱৰ সম্পদ হিচাপে আনৰ সন্মুখলৈ লৈ আহে আৰু নতুন প্রজন্মটোক ইয়াৰ লগত চিনাকি কৰাই দিয়ে৷ নীৎসেই কৈছিল যে আমি ধ্বংসস্তূপৰ ওপৰত বহি আছেছা, য’ত ভগৱান মৃত৷ একে কথাৰ জেৰ টানি জেফাৰচনেও কৈছিল যে আমাৰ যিখিনি বাচি আছে সেইখিনি পেৰাৰ ভিতৰত ভৰাই নথৈ ৰাইজৰ চকুৰ সন্মুখলৈ আনিব লাগে, তাৰ বিভিন্ন সংস্কৰণ প্রকাশ কৰিব লাগে যাতে যিকোনো দুর্যোগৰ পাছতো কিবা এটা ৰূপ হ’লেও ৰৈ যায়৷ কল্যাণকামী ৰাষ্ট্রৰ চৰকাৰে এনে জাতীয় সম্পদ ৰক্ষাৰ বাবে বিভিন্ন ঠাইত বিভিন্ন ধৰণে চেষ্টা কৰি আহিছে৷ অকল ৰাষ্ট্র একোখনৰ চৰকাৰেই নহয়, ৰাষ্ট্রসংঘৰ দৰে প্রতিষ্ঠানেও এই ঐতিহ্য ৰক্ষাৰ কামটোক অতি প্রয়োজনীয় কাম হিচাপে ভাবি তাক এটা আর্ন্তজাতিক মানত প্রয়োগ কৰাৰ কথা চিন্তা কৰি বিভিন্ন বিধি প্রস্তুত কৰি উলিয়াইছে আৰু পৃথিৱীৰ বহু ৰাষ্ট্রই সেইমতে কামবোৰ কৰিবলৈ আৰম্ভ কৰিছে৷ ৰাষ্ট্রসংঘৰ আঁচনিৰ আগৰ পৰাই কিন্তু বহু ৰাষ্ট্রই নিজৰ ঐতিহ্য ৰক্ষা আৰু সেই ঐতিহ্যৰ প্রতি শ্রদ্ধা প্রদর্শন কৰাৰ কথা ভাবিছিল বাবেই এতিয়াও মানুহে দেখা পায় শ্বেইক্সপীয়েৰে বহা বেন্সখন অথবা অসমৰ কোনোবা লেখকে গৈ বিথোভেনৰ ঘৰত এটা সন্ধিয়া কটোৱাৰ কথা ভাবিব পাৰে৷
অসমত কোনোবাই জ্যোতিপ্রসাদৰ ঘৰটো চাব বিচাৰিলে, অথবা অসমৰ প্রথম ফিল্ম ষ্টুডি’টো চাব বিচাৰিলে কি হ’ব কোৱা টান৷ বিষ্ণুপ্রসাদ ৰাভাৰ ঘৰৰ অৱস্থাই নাই৷ এনেকুৱা উদাহৰণ আৰু বহুত ওলাব৷ কথা হ’ল, ঐতিহ্য সংৰক্ষণ আৰু শ্রদ্ধা প্রদর্শনৰ কামটো অকল চৰকাৰৰেই নহয়, ব্যক্তি আৰু সামাজিক সংগঠন প্রত্যেকৰে দায়িত্ব৷ কিছুমান কাম আছে য’ত চৰকাৰৰ অংশগ্রহণ প্রয়োজনীয় হৈ পৰে৷ কিন্তু কিছুমান কাম অকল ব্যক্তি আৰু সৰু সৰু সংগঠন অথবা সংবাদ–পত্র আৰু ছ’চিয়েল মিডিয়ায়ো কৰিব পাৰে৷ দুদিনমানৰ আগতে প্রয়াত মন্ত্রী সুষমা স্বৰাজৰ স্মৃতি দিৱসত এটি সংগঠনে ছ’চিয়েল মিডিয়াযোগে প্রচাৰ কৰা এটি শ্রদ্ধা তর্পণ অনুষ্ঠানে চিন্তা আৰু কামৰ এখন নতুন দুৱাৰ খুলি দিছে৷ অসম চৰকাৰে বিভিন্ন ব্যক্তি, অনুষ্ঠান, ঐতিহাসিক ঘটনা আদিক স্মৰণ কৰা আৰু শ্রদ্ধা প্রদর্শন কৰা কাম নিষ্ঠাৰে কৰি আহিছে৷ কিন্তু সেই কামবোৰ অধিক মনযোগ আৰু দায়িত্বপূর্ণভাৱে কৰাটো উচিত৷ প্রয়াত চলচ্চিত্র ব্যক্তিত্বৰ স্মৃতিত ৰাজ্যিক চলচ্চিত্র বঁটা দিয়া হয়৷ কিন্তু সেই যিসকল ব্যক্তিৰ নামত বঁটা দিয়া হয় তাক কোনে নির্বাচন কৰে সেইটো জানিবলগীয়া কথা৷ বিখ্যাত ব্যক্তিৰ পৰলোকৰ লগে লগে বঁটাৰ সংখ্যা বাঢ়ি যাব নেকি? এটা প্রতিযোগিতাৰ বঁটা আৰু চৰকাৰে শ্রদ্ধা প্রদর্শন কৰি প্রদান কৰা সন্মানৰ মাজত পার্থক্য থকা উচিত৷ ঠিক তেনেদৰে যিবোৰ ঐতিহ্যস্থানক নতুন ৰূপত সজাই তোলাৰ কথা ভবা হয়, সেই নতুন ৰূপটোৰ কথা পৰিকল্পনা কৰাজনো উচ্চপদৰ চৰকাৰী বিষয়া হ’লেই নহয়, তেওঁৰ সাংস্কৃতিক জ্ঞান আৰু ঐতিহ্যৰ প্রতি সন্মানো উচ্চ খাপৰ হ’ব লাগিব ৷ নহ’লে শিৱসাগৰৰ শিৱদৌলত দক্ষিণ ভাৰতীয় শৈলীৰ মূর্তি স্থাপন কৰাৰ দৰে কথাৰ পুনৰাবৃত্তিহে হ’ব৷ চৰকাৰৰ সংস্কৃতি বিভাগ নামৰ বিভাগ এটি আছেই, সেই বিভাগটিৰ পৰা দায়িত্বপূর্ণ কাম আদায় কৰাটো নিশ্চয় মাননীয় মুখ্যমন্ত্রীৰেই দায়িত্ব৷