ৰাজ্যত সক্রিয় অশুভ শক্তি
অসম বিধানসভা নির্বাচনলৈ অধিক দিন নাই৷ এই সময়ছোৱা ৰাজ্যখনৰ বাবে অতি স্পর্শকাতৰ৷ এনে সময়ত অশুভ শক্তিসমূহে অস্থিৰ–শান্তিময় পৰিস্থিতি সৃষ্টিৰ সুযোগ বিচাৰি থাকে৷ সুযোগ পালেই তেওঁলোক জঁপিয়াই পৰে৷ শেহতীয়াকৈ তেনে এটা ভয়াৱহ চক্রান্ত ৰচনা হৈছিল ছ’চিয়েল নেটৱর্টত৷ পাঁচ বছৰ পুৰণি বিতর্কিত চিত্র এখন ছ’চিয়েল নেটৱর্কৰ জৰিয়তে এৰি দিয়া হয়৷ লগে লগে টুইটাৰ, ফেচবুকত বিতর্কৰ জোৱাৰ ডঠে৷ ডঠাটো স্বাভাৱিক৷ চিত্রখনৰ বিষয়–বস্তুৱেই তেনেকুৱা৷ কল্পনাতীত স্পর্শকাতৰ৷ এটা বিশেষ ধর্মাৱলম্বীৰ আস্থা–আৱেগক আহত কৰিব পৰাকৈ অংকন হৈছিল চিত্রখন৷ কিন্তু বিতর্কিত চিত্রখনৰ বিৰুদ্ধে ল’বলগীয়া আইনীব্যৱস্থা পাঁচবছৰ পূর্বেই চৰকাৰে গ্রহণ কৰিছিল৷ চিত্রকৰজনৰ বিৰুদ্ধে আইনী ব্যৱস্থাও গ্রহণ কৰা হৈছিল৷ তদুপৰি যিটো প্রতিষ্ঠানত চিত্রখন প্রদর্শিত হৈছিল, বিতর্কৰ বাবে তেতিয়াই চিত্রখন আঁতৰাই পেলোৱা হৈছিল৷ এক কথাত ক’বলৈ গ’লে কোনো ৰাজহুৱা বা সামাজিক স্থানত চিত্রখনৰ অস্তিত্ব এতিয়া পাবলৈ নাই৷ তৎসত্ত্বেও সেইখন কিয় হঠাতে ছ’চিয়েল নেটৱর্কত এৰি দিয়া হ’ল? নিশ্চয় তাৰ আঁৰত কোনো অশুভ শক্তিৰ গভীৰ চক্রান্ত নিহিত হৈ আছিল৷ লগতে সময়ছোৱাও গুৰুত্বপূর্ণ৷ মাথোঁ কেইদিনমান আগেয়ে ছ’চিয়েল নেটৱর্কত ওলোৱা এটা পোষ্টক লৈ বাংগালুৰু জ্বলি ডঠিছিল৷ সময়খিনি এনেয়েই স্পর্শকাতৰ হৈ আছিল৷ এনে সময়ত সাধাৰণ কথা এটাই এখন সমাজত খাণ্ডৱ দাহৰ সৃষ্টি কৰিব পাৰে৷ কিন্তু ৰাজ্য চৰকাৰে সঠিক সময় সঠিক পদক্ষেপ গ্রহণ কৰাত বিষয়টোৱে অধিক দূৰ আগুৱাবলৈ পথ বিচাৰি নাপালে৷
বাংগালুৰুত হিন্দু ধর্মাৱলম্বীৰ ডপাস্য দেৱতা এগৰাকীৰ বিষয়ে ছ’চিয়েল নেটৱর্কত বিকৃত বক্তব্য ওলোৱাৰ প্রতিক্রিয়াত এজন বিধায়কৰ আত্মীয় ইছলাম ধর্মাৱলম্বীৰ ডপাস্যজনক কটাক্ষ কৰি ফেচবুকত এট পোষ্ট দিয়ে৷ সেইটোৰ অচিলা লৈ একাংশ মৌলবাদীয়ে ফেচবুকৰ জৰিয়তে ধর্মান্ধ লোক একাংশক সংঘটিত কৰি বাংগালুৰুত বিধায়কৰ ঘৰ জ্বলোৱাৰ লগতে থানাত আক্রমণ কৰি, শ শ যান–বাহন জ্বলাই তাণ্ডৱলীলা চলায়৷ অর্ধশতাধিক আৰক্ষীক আক্রমণ কৰি আহত কৰে৷ ভয়ংকৰ ঘটনাটোক নিয়ন্ত্রণ কৰিবলৈ আৰক্ষীয়ে ঘণ্টাৰ পাছত ঘণ্টা চেষ্টা চলাবলগীয়া হয়৷ গুলীচালনা কৰিবলগীয়া হয়৷ ছ’চিয়েল নেটৱর্কত এজন লোক মন্তব্য বাবক্তব্যই কেনেকুৱা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বাংগালুৰু তাৰ ডৎকৃষ্ট (?) ডদাহৰণ৷ সমগ্র ঘটনাটো সুপৰিকল্পিতভাৱে বাস্তৱায়িত কৰা হৈছিল৷ পৰৱর্তী কালত হোৱা তদন্তত ওলাই পৰিছিল যে সংঘাতৰ সময়ত যিসকল লোকে হিংসা নিয়ন্ত্রণৰ চেষ্টা চলোৱাৰ ভাও ধৰিছিলি, তেওঁলোকেই নিশা বিধায়ক আৰু থানাৰ সন্মুখত শ শ লোকক অনাত আগভাগ লৈছিল৷ বিধায়কৰ ঘৰ জ্বলাবলৈ, থানাত আক্রমণ কৰিবলৈ, আৰক্ষীক প্রহাৰ কৰিবলৈ ডছটনি দিছিল৷ বাংগালুৰুৰ এই ঘটনাটোত ডৎসাহী হৈ এচামে অসমত অনুৰূপ সংঘর্ষৰ ষডযন্ত্র ৰচনা কৰিছিল৷ তাৰবাবে পাঁচ বছৰ পূর্বে গুৱাহাটীৰ ৰবীন্দ্র ভৱনত থকা ৰাজ্যিক কলা বীথিকাত প্রদর্শিত হোৱা চৰম আপত্তিজনক চিত্রখনৰ আশ্রয় লৈছিল৷ চিত্রখন গোৱালপাৰা জিলাৰ আক্রাম হুছেইন নামৰ এজন চিত্রকৰে অংকন কৰিছিল৷ তেওঁ কলা বীথিকাত একক প্রদর্শনীত চিত্রখন প্রদর্শন কৰিছিল৷ চিত্রখনৰ বিষয়–বস্তু এনেকুৱা যে সিয়ে দেশ এখনক জ্বলাবলৈ যথেষ্ট৷ তেওঁ শ্রীকৃষক বিকিনী পৰিহিত গোপিনীৰ মাজত এখনবাৰত অংকন কৰিছে৷ তেনে এখন চিত্রই হিন্দু ধর্মাৱলম্বী লোকক আস্থা–বিশ্বাসক স্বাভাৱিকতে আহত কৰিব৷ তাৰে কোনোৱে যদি আৱেগিক হৈ আৰু হিতাহিত জ্ঞান হেৰুৱাই অসামাজিক বা অপ্রীতিকৰ কার্যত লিপ্ত হয়, তাতো আচৰিত হ’বলগীয়া একো নাথাকিব৷ অশুভ শক্তিয়ে এইটোকেই বিচাৰিছিল৷ ফেচবুক, টুইটাৰ আদিত চিত্রখনত সিঁচৰতি হৈ পৰক৷ মানুহৰ মাজত ডত্তেজনা–খং–ৰাগৰ সৃষ্টি হওক৷ তাৰ পাছত বাংগালুৰুৰ দৰে অসমতো অবাঞ্ছিত পৰিৱেশ এটা সৃষ্টি কৰি সাম্প্রদায়িক সংঘাত–ডত্তেজনাৰ সৃষ্টি কৰিব পৰা যাব৷ সুখৰ কথা যে অপশক্তিটোৰ সেই চক্রান্ত ব্যর্থ হ’ল৷ কিন্তু এয়াই শেষ নহয়৷ সমাগত সময়ছোৱাত অসমবাসীয়ে তেনেবহু নীচ চক্রান্তৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে৷ গতিকে সতর্ক–সজাগ হৈ থকাৰ লগতে কথাবোৰ যুক্তিৰে বিবেচনা কৰি আগবাঢ়িলে ৰাজ্যখনত কোনেও অশান্তি–ভাতৃত্ববোধৰ পৰিৱেশ ভাঙিব নোৱাৰিব৷