বিশ্ব বেংকৰ সতর্কতা
ন’ভেল ক’ৰোনা ভাইৰাছ অর্থাৎ ক’ভিড–১৯ৰ দ্রুত সংক্রমণে ভয়ংকৰ বিপর্যয়ৰ গৰাহলৈ ঠেলি দিছে মন্দাৱস্থাৰ গ্রাসত থকা বিশ্ব অর্থনীতিক৷ পৃথিৱীৰ গৰিষ্ঠসংখ্যক দেশৰেই অর্থনৈতিক পৰিকাঠামো সম্প্রতি চৰম বিপর্যয়ৰ সন্মুখীন হৈছে৷ বিশ্ব অর্থনীতিৰ মন্দাৱস্থাৰ বিৰূপ প্রভাৱ পৰা ভাৰতৰ অর্থনীতিতো মাৰাত্মক ভাইৰাছে মোক্ষম আঘাত হানিছে৷ উদ্যোগৰ পৰা কৃষিলৈ প্রতিটো খণ্ডই স্থবিৰ হৈ পৰাৰ লগে লগে দেশৰ অর্থনৈতিক বিকাশলৈ নামি আহিছে চৰম অনিশ্চয়তা৷ বিশেষকৈ হাজাৰ হাজাৰজনে কর্মসংস্থাপন হেৰুৱাই ‘নিবনুৱা’ হোৱাৰ ফলশ্রুতিত দেশৰ অর্থনীতিৰ যে তাৎক্ষণিকভাৱে উত্থান ঘটিব, সেই ক্ষেত্রত আশংকাৰ সৃষ্টি হৈছে৷ ইয়াৰ মাজতে বিশ্ব বেংকৰ তৰফৰ পৰা জাৰি কৰা সতর্ক বার্তাই বিশেষ তাৎপর্য বহন কৰিছে৷ বিশ্ব বেংকৰ অধ্যক্ষ ডেভিদ ৰবার্ট মেলপাছে শেহতীয়াকৈ সদৰী কৰিছে যে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰিণতিতেই সমগ্র বিশ্বত দাৰিদ্র্য সীমাৰেখাৰ তলত থকা লোকৰ সংখ্যা প্রায় ১০ কোটিলৈ বৃদ্ধি পাব পাৰে৷ অকল সেয়াই নহয়, তুলনামূলকভাৱে গৰিব দেশসমূহক ঋণৰ পৰা সকাহ নিদিলে এই পৰিস্থিতি আৰু অধিক জটিলতৰ হ’ব পাৰে বুলিও তেওঁ আশংকা ব্যক্ত কৰিছে৷ ইতিপূর্বে বিশ্ব বেংকৰ তৰফৰ পৰা কোৱা হৈছিল যে ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে দেশে দেশে বলৱৎ কৰা লকডাউনৰ প্রভাৱত পূর্বৰ দীর্ঘদিনীয়া তৎপৰতাৰ ফলত দাৰিদ্র্য সীমাৰেখাৰ কবলৰ পৰা মুক্ত হোৱা ৬ কোটি জনতা পুনৰ অনিশ্চিত ভৱিষ্যতৰ সন্মুখীন হ’ব৷ কিন্তু শেহতীয়াকৈ বিশ্ব বেংকৰ অধ্যক্ষ মেলপাছে এই সংখ্যা ১০ কোটি হ’ব বুলি ব্যক্ত কৰা সম্ভাৱনাই বিশ্ব অর্থনীতি কার্যতঃ আন এক সংকটৰ সন্মুখীন হোৱাটো একপ্রকাৰ নিশ্চিত কৰিছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– কাল ক’ৰোনাৰ সংক্রমণৰ পৰা বিশ্বৰ জনজীৱন যে শীঘ্রে মুক্ত নহয়, সেই কথাও দেশসমূহক উন্নয়নমূলক কার্যকলাপৰ বাবে ঋণ প্রদান কৰা সর্ববৃহৎ বিত্তীয় প্রতিষ্ঠান বিশ্ব বেংকে স্বীকাৰ কৰি লৈছে৷ ভাৰতেও বিশ্ব বেংকসহ আন কেতবোৰ আন্তর্জাতিক বিত্তীয় প্রতিষ্ঠানৰ পৰা উন্নয়নমূলক প্রকল্প–আঁচনিৰ বিপৰীতে সময়ে সময়ে ঋণ গ্রহণ কৰি আহিছে৷ পিছে ক’ৰোনা ভাইৰাছে অর্থনীতিক বিপর্যয়ৰ গৰাহলৈ ঠেলি দিয়াৰ প্রেক্ষাপটত এনে ঋণসমূহ আদায় দিয়া বিষয়ক লৈ বিশ্ব বেংক বা তেনে আন্তর্জাতিক বিত্তীয় প্রতিষ্ঠানসমূহৰে নতুনকৈ বুজা–পৰাৰ প্রয়োজনীয়তা আহি পৰিছে৷ এইক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ ভূমিকা তথা সংশ্লিষ্ট বিত্তীয় প্রতিষ্ঠানসমূহে প্রদর্শন কৰা সদিচ্ছা যথেষ্ট গুৰুত্বপূর্ণ হ’ব৷
দেশৰ অর্থনীতিৰ এনে দুর্যোগপূর্ণ অৱস্থাৰ মাজতে যোৱা বুধবাৰে বিশ্ব বেংকৰ তৰফৰ পৰা ভাৰত চৰকাৰক উদ্দেশ্যি এক গুৰুত্বপূর্ণ সতর্কতা জাৰি কৰা হৈছে৷ এই সতর্ক বার্তাত কোৱা হৈছে যে দেশৰ সাম্প্রতিক পৰিস্থিতি যি দিশে গতি কৰিছে, তাৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰে সংস্কাৰৰ পদক্ষেপ গ্রহণ নকৰিলে ভাৰতৰ অর্থনীতি আৰু অধিক সংকটৰ সন্মুখীন হ’ব পাৰে৷ এইক্ষেত্রত বিশ্ব বেংকে স্বাস্থ্য, শ্রম, ভূমি, প্রশিক্ষণ আৰু বিত্তীয় ক্ষেত্রৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ বাবে কেন্দ্রীয় চৰকাৰক পৰামর্শ আগবঢ়াইছে৷ একেটা সতর্ক বার্তাত বিশ্ব বেংকে এক গুৰুত্বপূর্ণ বিষয় উল্লেখ কৰিছে৷ বিশ্ব বেংকে আশংকা প্রকাশ কৰিছিল যে চলিত বর্ষৰ মে’ মাহত ভাৰতৰ অর্থনীতি ৩.২ শতাংশলৈ হ্রাস পাব৷ পিছে ক’ৰোনাসৃষ্ট পৰিৱেশত ভাৰতৰ অর্থনৈতিক বিপর্যয় আশংকা কৰাতকৈও অধিক হ’ব পাৰে বুলি শেহতীয়াকৈ কোৱা হৈছে বিশ্ব বেংকৰ তৰফৰ পৰা৷ বিশ্ব বেংকৰ মতে, অহা অক্টোবৰ মাহত আর্থিক পৰিস্থিতি পর্যালোচনাৰ অন্ততহে ক’ব পৰা যাব ভাৰতৰ অর্থনীতিৰ স্পষ্ট ছবিখনৰ বিষয়ে৷ বিশ্ব বেংকৰ সমান্তৰালভাৱে আন্তর্জাতিক শ্রম সংগঠন আৰু এছিয়ান ডেভেলপমেণ্ট বেংকৰ শেহতীয়া প্রতিবেদনতো ভাৰতৰ অর্থনীতিৰ বিপর্যয়ৰ ছবিখন স্পষ্ট হৈছে৷ এই প্রতিবেদনত কোৱা হৈছে ক’ৰোনা ভাইৰাছৰ সংক্রমণ আৰু ইয়াৰ প্রতিৰোধকল্পে বলৱৎ কৰা লকডাউনৰ কাৰণে নতুন প্রজন্মৰ প্রায় ৪১ লাখ শ্রমিক–কর্মচাৰী এতিয়া কর্মহীন৷ এই কর্মহীন শ্রমিক–কর্মচাৰীসক্ অধিকাংশই আন্তঃগাঁথনি আৰু কৃষি ক্ষেত্রৰ সৈতে জড়িত আছিল৷ বিশ্ব বেংক, এছিয়ান ডেভেলপমেণ্ট আদিৰ প্রতিবেদনত স্পষ্ট হোৱা দেশৰ অর্থনৈতিক দুৰৱস্থা ৰোধৰ হকে এতিয়া কেন্দ্রীয় চৰকাৰখনে কেনেধৰণৰ পদক্ষেপ গ্রহণ কৰিব, সেয়া অনাগত সময়ত যথেষ্ট লক্ষণীয় হ’ব৷