ভোকাতুৰৰ দেশত প্রতিৰক্ষা ব্যয়
বিশ্ব ক্ষুধা সূচকত ১১৭খন দেশৰ ভিতৰত ভাৰতৰ স্থান হ’ল ১০২৷ ২০১৫ চনত ভাৰতৰ স্থান ৯৩ নম্বৰত আছিল যদিও ২০১৯ চনত প্রকাশিত জি আই সমীক্ষা অনুসৰি ভাৰতৰ আৰু নটা স্থান অৱনমিত হ’ল৷ আনকি পাকিস্তানেও এই তালিকাত ভাৰতক অতিক্রম কৰিছে আৰু ইয়াৰ ফলত দক্ষিণ এছিয়াত ক্ষুধাৰ সূচকত ভাৰতৰ স্থান সর্বনিম্ন৷ ক’ভিড–১৯ সৃষ্ট পৰিস্থিতি আৰু পূর্বৰ কেইটামান মাহত আহি পৰা জটিলতাৰ ফলত দেশৰ বিকাশৰ হাৰ উদ্বেগজনকভাৱে নিম্নগামী হ’লেও ইউ পি এ আৰু এন ডি এ চৰকাৰে বিগত দুই দশকজুৰি বিকাশৰ জয়গানেৰেই ৰাইজৰ আগত ঢ়াক ঢ়োল বজাই আহিছিল৷ কিন্তু বিকাশৰ দৃষ্টি আকর্ষণ পৰিসংখ্যাসমূহৰ যে ভোকাতুৰ জনসাধাৰণৰ ওচৰত কোনো মূল্য নাই, সেয়া ইতিমধ্যে প্রতিপন্ন হৈছে৷ সামগ্রিকভাৱে অর্থনৈতিক বিকাশৰ হাৰ ভাৰতত সমউন্নয়নৰ প্রতিফলক হিচাপে চিহ্ণিত হোৱাৰ পৰিস্থিতি চৰকাৰে এতিয়াও আনিব পৰা নাই৷ অর্থনীতিৰ এই লেখচিত্র সাধাৰণ জনতাৰ বাবে ছবিৰ আঁক–বাকতকৈ বেলেগ একোৱেই নহয় আৰু সেইটোৱেই হ’ল ৰূঢ় সত্য৷ অৱশ্যে এয়া এক লজ্জাজনক বিষয় যে ভোকাতুৰৰ চিৎকাৰত কঁপি থকা দেশখনেই হ’ল সামৰিক ব্যয়ত সমগ্র বিশ্বৰ ভিতৰতে অন্যতম আগবঢ়া দেশ৷ যিখন দেশত আজিও নাগৰিকৰ খাদ্য নিৰাপত্তা নিশ্চিত নোহোৱা বুলি বিশ্ব স্বীকৃত পৰীক্ষাসমূহতেই সুস্পষ্ট, সেই দেশখনেই এবছৰতে সামৰিক ব্যয় কৰিছে অভাৱনীয় ৭১.১ বিলিয়ন ডলাৰ৷ ২০১৯ চনতেই প্রকাশিত এই তথ্য অনুসৰি সামৰিক ব্যয়ত আমেৰিকা আৰু চীনৰ পাছতেই স্থান ভাৰতৰ৷ অৱশ্যে ভোক আৰু অস্ত্রৰ মাজৰ এই অমিল–সমতুল তুলনাৰ বাবে কেৱল ভাৰতেই জগৰীয়া নহয়৷ যুদ্ধ সামগ্রীৰ নামত ৰাষ্ট্রসমূহে প্রতিবছৰে বিশাল পৰিমাণৰ অস্ত্র–যন্ত্র নির্মাণ কৰা আৰু ব্যাপক ধন ব্যয় কৰিব লগা হোৱাটোৱেই মানৱ জাতিৰ বাবে আটাইতকৈ দুর্ভাগ্যজনক কথা৷ ২০১৯ চনৰ উপৰিউক্ত তথ্য অনুসৰি বিগত বছৰটোত সমগ্র বিশ্বত মুঠ সামৰিক ব্যয়ৰ পৰিমাণ আছিল ১৯১৭ মার্কিন ডলাৰ৷
ভোকাতুৰৰ দেশ হ’লেও আভ্যন্তৰীণ সুৰক্ষাৰ স্বার্থতে সামৰিক প্রস্তুতিৰ প্রয়োজনীয়তা নুই কৰিব নোৱাৰি৷ যুদ্ধৰ বিৰুদ্ধে জনমত বৃদ্ধি পালেও ব্যৱহাৰিক অর্থত অস্ত্রৰ প্রয়োজনীয়তা আজিৰ বিশ্বতো অগ্রাহ্য কৰাটো সম্ভৱ নহয়৷ শেহতীয়াকৈ এল এ চিত চীনে চলাই থকা আগ্রাসনেই এই কথা প্রমাণ কৰে৷ কিন্তু আমেৰিকা–চীন–ফ্রান্স আদি দেশৰ সৈতে ভাৰতৰ পার্থক্য এয়ে যে এই দেশসমূহে থলুৱাভাৱে সৰহসংখ্যক সমৰাস্ত্র আৰু সামৰিক যন্ত্র নির্মাণ কৰাৰ বিপৰীতে ভাৰতে এইসমূহ আমদানি কৰিব লগা হয়৷ যোৱা এটা দশকত ভাৰতে ১০০ বিলিয়ন ডলাৰৰো অধিক ধন ব্যয় কৰিছে প্রতিৰক্ষা সামগ্রী আমদানিত৷ এনে পৰিপ্রেক্ষিততে নানা সামাজিক সমস্যাৰে জর্জৰিত আমাৰ দেশখনে শেহতীয়াকৈ থলুৱাভাৱে অস্ত্র–শস্ত্র নির্মাণ কৰিবলৈ গ্রহণ কৰা পদক্ষেপ আদৰণীয় আৰু ইয়াৰ বাবে নৰেন্দ্র মোদী চৰকাৰ ধন্যবাদৰ পাত্র৷ দেশৰ এটা বিশাল অংশ জনতা খাদ্যৰ অনিৰাপত্তাত ভুগিলেও বহিঃশত্রুৰ পৰা ভাৰতৰ অখণ্ডতা ৰক্ষা কৰাটোও যিহেতু গুৰুত্বপূর্ণ, সেয়ে কম খৰচত সর্বশ্রেষ্ঠ আৰু সর্বাধিক সমৰাস্ত্র আহৰণৰ দীর্ঘম্যাদী পৰিকল্পনা প্রস্তুত কৰাটো অতি জৰুৰী৷ ইয়াৰ এটা উল্লেখযোগ্য পদক্ষেপ হ’ল থলুৱাভাৱে কেতবোৰ সমৰাষ্ট্র নির্মাণ কৰাত প্রাধান্য দিয়াটো৷ তদুপৰি হঠাৎ বিপদৰ সন্মুখীন হৈ দেশখনে যাতে খৰখেদাকৈ অধিক মূল্য ভৰি এনে সামগ্রী ক্রয় কৰিবলগীয়া নহয়, তাৰ বাবেও চাহিদা পূৰণৰ এক নিযুত পৰিকল্পনাৰ প্রয়োজন৷ কার্গিল যুদ্ধত এনে পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু বর্তমান এল এ চিত অস্থিৰতাৰ সময়তো অনুৰূপ পৰিস্থিতি হোৱা বুলি একাংশ সংবাদ মাধ্যমত প্রকাশ পাইছে৷ দুর্নীতিমুক্তভাৱে আৰু মিতব্যয়িতাৰে প্রতিৰক্ষা ব্যয় কৰাত দেশবাসীৰ আপত্তি থাকিব নালাগে৷ বিশেষকৈ পাকিস্তান আৰু চীনৰ দৰে প্রতিবেশী থকালৈকে ইয়াক লৈ আপত্তিৰ কোনো থল নাই৷ কিন্তু অপ্রিয় সত্যটো হ’ল– দশক দশকজুৰি কোনো এখন চৰকাৰে জনতাৰ খাদ্য নিৰাপত্তা সুনিশ্চিত কৰাৰ ক্ষেত্রত আশাপ্রদ পদক্ষেপ ৰূপায়ণ কৰিব পৰা নাই, যিটো প্রতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয় হ’লহেঁতেন৷