নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত বার্থডে’ পার্টীত অধিবক্তাৰ গুলীচালনা

নৈশ সান্ধ্য আইনৰ মাজতে চাঞ্চল্যকৰ কাণ্ড

নিয়মীয়া বাৰ্তা ৫ ছেপ্টেম্বৰঃ  ক’ভিড–১৯ৰ নির্দেশনা উলংঘাৰে চানমাৰিৰ আশীর্বাদ এপার্টমেণ্টত আয়োজন কৰা জন্মদিনৰ পার্টীত সংঘটিত হ’ল ভয়ংকৰ ঘটনা৷ সুৰাৰ ৰাগিত মাতাল হৈ কিৰণ বণিয়া নামৰ লোকজনে পার্টীৰ মাজতে পিষ্টলেৰে উপর্যুপৰি গুলীচালনা কৰে৷ ফলত মিণ্টু হাজৰিকা নামৰ এজন লোক গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হয়৷ সম্প্রতি আহত হাজৰিকা জি এন আৰ চি হাস্পতালত চিকিৎসাধীন হৈ আছে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আশীর্বাদ এপার্টমেণ্টৰ আৱাসী দামোদৰ ডেকা নামৰ লোকজনে জন্মদিনৰ পার্টীৰ আয়োজন কৰিছিল৷ পেছাত অধিবক্তা ডেকাই বন্ধু–বান্ধৱক এই বার্থডে’ পার্টীলৈ নিমন্ত্রণ কৰিছিল৷ বার্থডে’ পার্টী চলি থকাৰ সময়তে মিণ্টু হাজৰিকা নামৰ লোকজনৰ সৈতে অধিবক্তা কিৰণ বণিয়াৰ কোনো কথাক লৈ তর্কাতর্কি লাগে৷ ইয়াৰ পাছতে দুয়োৰে মাজত হতাহতি লাগে৷ সুৰাৰ ৰাগিত মাতাল হৈ থকা অধিবক্তা কিৰণ বণিয়াই বন্ধু লীলামাধৱ শইকীয়াৰ পৰা পিষ্টলটো লৈ মিণ্টু হাজৰিকালৈ লক্ষ্য কৰি দুই জাঁই গুলীচালনা কৰাত মিণ্টু হাজৰিকাৰ ভৰিত গুলী লাগে৷ নিশা প্রায় ১২.৩০ বজাত এপার্টমেণ্টটোত গুলীৰ শব্দ শুনি আৱাসীসকল আতংকিত হৈ পৰে৷ আহত মিণ্টু হাজৰিকাক ততাতৈয়াকৈ জি এন আৰ চি হাস্পতালত ভর্তি কৰোৱা হয়৷ ঘটনাৰ খবৰ লাভ কৰি চানমাৰি থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত লীলামাধৱ শইকীয়া, দামোদৰ ডেকা আৰু কিৰণ বণিয়াক গ্রেপ্তাৰ কৰে৷ ঘটনা সন্দর্ভত চানমাৰি থানাৰ আৰক্ষীয়ে ৬৫৫/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে কিৰণ বণিয়াই গুলীচালনা কৰা পিষ্টলটোৰ অনুজ্ঞা–পত্র আছিল লীলামাধৱ শইকীয়াৰ নামত৷ তদন্তকাৰী আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা দুটা খালী কার্টিজ উদ্ধাৰ কৰাৰ লগতে পিষ্টলটো জব্দ কৰিছে৷ লক্ষণীয় যে ক’ভিড–১৯ৰ নির্দেশনা উলংঘাৰে মহানগৰীৰ বিভিন্ন স্থানত এনেদৰে সুৰাৰ পার্টীৰ আয়োজন কৰি অহাৰ অভিযোগ প্রায়ে উত্থাপন হৈ আহিছিল৷ কালি সংঘটিত এই চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনাই উত্থাপিত হৈ অহা অভিযোগৰে সত্যতা প্রমাণিত কৰিলে৷

You might also like