আশাৰ সঞ্চাৰ
সমগ্র বিশ্বতে সংহাৰী ৰূপ ধাৰণ কৰা ন’ভেল ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯)ৰ সংক্রমণ ভাৰতত শেহতীয়াকৈ কিছু নিম্নমুখী হৈছে৷ দেওবাৰে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা লোকৰ সংখ্যা হৈছে ৭৫,৮২৯জন৷ ইয়াৰ পূর্বৰ দিন দুটাত প্রায় ৮০ হাজাৰজনকৈ লোকৰ দেহত পোৱা গৈছিল মাৰাত্মক ভাইৰাছৰ উপস্থিতি৷ সামগ্রিকভাৱে ভাৰতত বর্তমান পর্যন্ত ন’ভেল ক’ৰোনা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা হৈছে ৬৫,৪৯,৩৭৩ জন৷ আক্রান্তৰ সংখ্যা নিম্নমুখী হ’লেও মাৰণ ভাইৰাছে ভাৰতত প্রাণ কাঢ়ি নিয়া লোকৰ সংখ্যা ইতিমধ্যে এক লাখৰ ঘৰ অতিক্রম কৰিছে৷
ইতিমধ্যে ১,০১,৭৮২জন লোকৰ মৃত্যু হৈছে ক’ৰোনা ভাইৰাছ সংক্রমণৰ ফলত৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ অব্যাহত থাকিলেও আক্রান্তৰ সংখ্যা নিম্নমুখী হোৱা আৰু ৮৪.১৩ শতাংশ হাৰে ৫৫,০৯,৯৬৬জন লোক সুস্থ হৈ উঠাটোৱে আশাৰ সঞ্চাৰ ঘটাইছে৷ বিশেষকৈ দেশৰ অর্থনীতিৰ ক্ষেত্রত৷ ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণ প্রতিৰোধকল্পে দীর্ঘসময় ধৰি বলৱৎ কৰা লকডাউনৰ পৰিপ্রেক্ষিতত মন্দাৱস্থাৰ গ্রাসত থকা দেশৰ অর্থনীতি সাংঘাতিক ধৰণে বিপর্যয়ৰ গৰাহত পৰিছিল৷ উদ্যোগ, পৰিবহণ, কৃষি আদি প্রতিটো খণ্ডতে বিৰাজ কৰিছিল স্থৱিৰতা৷ কিন্তু পর্যায়ক্রমে লকডাউন শিথিল কৰি দিয়াৰ লগতে মাৰাত্মক ভাইৰাছৰ সংক্রমণৰ হাৰ নিম্নমুখী হোৱাৰ লগে লগে সংকটৰ সন্মুখীন হোৱা অর্থনীতিয়ে এক নতুন গতি লাভ কৰিছে৷ বিশেষকৈ বিগত ছেপ্ঢেম্বৰ মাহত উদ্যোগ খণ্ডৰ উৎপাদনৰ সমান্তৰালভাৱে পণ্য আৰু সেৱা কৰ সংগ্রহৰ পৰিমাণ বৃদ্ধি পাইছে৷
সেইদৰে বাঢ়িছে বিদ্যুৎ আৰু যান–বাহনৰো চাহিদা৷ ক’ৰোনাসৃষ্ট সংকটকালত নিঃসন্দেহে দেশৰ অর্থনীতিৰ বাবে এয়া কিছু হ’লেও আশাৰ বতৰা হিচাপে চিহ্ণিত হৈছে৷ কেন্দ্রীয় বিত্ত মন্ত্রালয়ৰ তথ্য অনুসৰি ছেপ্ঢেম্বৰ মাহত ৰাজকোষত জমা হোৱা জিএছটিৰ পৰিমাণ হৈছে ৯৫,৪৮০ কোটি টকা৷ এই পৰিমাণ যোৱা আগষ্ট মাহৰ তুলনাত ১০ শতাংশ আৰু বিগত বছৰৰ ছেপ্ঢেম্বৰ মাহতকৈ ৪ শতাংশ বেছি৷ সংগৃহীত মুঠ ৯৫,৪৮০ কোটি টকাৰ ভিতৰত কেন্দ্রীয় জিএছটি ১৭,৭৪১ কোটি আৰু ৰাজ্যিক জিএছটি ২৩,১৩১ কোটি টকা৷ অর্থাৎ যোৱা ছেপ্ঢেম্বৰ মাহত জিএছটিৰ দুয়োটা শিতানৰ পৰাই আশাপ্রদভাৱে ৰাজকোষলৈ ধন সংগ্রহ হৈছে৷
কেন্দ্রীয় বিত্ত মন্ত্রালয়ে দাবী কৰিছে যে ইতিমধ্যে দেশৰ অর্থনীতিলৈ সুস্থিৰ অৱস্থা ঘূৰি অহাৰ লক্ষণ দেখা গৈছে৷ ইয়াৰ লগে লগে সাধাৰণ জনতাৰ দুর্দশা দূৰ কৰিবলৈ চৰকাৰে আৰু বিভিন্ন পদক্ষেপ গ্রহণ কৰিবলৈ সাজু থকা বুলিও কোৱা হৈছে৷ কেন্দ্রীয় বিত্ত মন্ত্রালয়ৰ মতে প্রধানমন্ত্রী গৰিব কল্যাণ যোজনা আৰু আত্মনির্ভৰশীল ভাৰত পেকেজে অর্থনীতিক নতুন গতি প্রদানত যথেষ্ট অৰিহণা যোগাইছে৷ কিন্তু ক’ৰোনা ভাইৰাছৰ সংক্রমণ এতিয়াও সম্পূর্ণৰূপে বন্ধ হোৱা নাই৷ প্রতিষেধক আৱিষ্কাৰ নোহোৱা পর্যন্ত ইয়াৰ সংক্রমণ যে অব্যাহত থাকিব, সেই কথা ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি চিকিৎসা বিজ্ঞানীসকলে ইতিমধ্যে স্পষ্ট কৰি দিছে৷ এনে প্রেক্ষাপটত দেশৰ অর্থনীতিলৈ ঘূৰি অহা এই গতি যে দীর্ঘম্যাদী হ’ব, সেইটো এতিয়াই থিৰাংকৈ ক’ব নোৱাৰি৷ অর্থনীতিবিদসকলৰ মতে অক্টোবৰ–নৱেম্বৰ মাহ পাৰ নোহোৱা পর্যন্ত দেশৰ অর্থনীতিলৈ যে প্রকৃততে কিছু হ’লেও সুস্থিৰতা ঘূৰি অহাটো এতিয়াই অনুমান কৰিব নোৱাৰি৷ ইতিমধ্যে বিভিন্ন সংস্থাৰ সমীক্ষাত দেশৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) চলিত বিত্তীয় বর্ষত অভাৱনীয়ভাৱে হ্রাস পোৱাৰ পূর্বাভাস দিয়া হৈছে৷
তদুপৰি ভাৰতীয় ষ্টেট বেংকৰ বিত্তীয় গৱেষণা শাখাৰ প্রতিবেদনত কোৱা হৈছে যে চলিত বিত্তীয় বর্ষত চৰকাৰৰ ৰাজকোষ ঘাটিৰ পৰিমাণ নির্দিষ্ট লক্ষ্যতকৈ বহু বৃদ্ধি পাব৷ বিত্তীয় বর্ষটোত কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ সন্মিলিত ৰাজকোষ ঘাটিৰ পৰিমাণ স্থিৰ কৰা লক্ষ্যতকৈ ১৩ শতাংশ পর্যন্ত বৃদ্ধি পাব পাৰে৷ এনে অৱস্থাত দেশৰ অর্থনীতিয়ে কিছু হ’লেও লাভ কৰা গতি অব্যাহত ৰখাৰ হকে কেন্দ্রীয় চৰকাৰে দীর্ঘ আৰু হ্রস্বম্যাদী পৰিকল্পনা আৰু তাক কার্যকৰী কৰাৰ হকে পদক্ষেপ গ্রহণ কৰিব লাগিব৷