নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱশেষত স্ব–গৃহলৈ

      যোৱা ২৪ মার্চত লকডাউন ঘোষণা কৰাৰ পিছৰে পৰা বিভিন্ন ৰাজ্যত থকা প্রব্রজনকাৰী শ্রমিকসকলে নিজৰ ৰাজ্যলৈ ঘূৰি যোৱাৰ বাবে চৰকাৰৰ ওপৰত হেঁচা প্রয়োগ কৰি আহিছে৷ বিভিন্ন ৰাজ্যত প্রব্রজনকাৰী শ্রমিকসকলৰ অৱস্থা দুর্বিষহ হৈ পৰাৰ বাতৰি সংবাদ মাধ্যমত প্রকাশ পাইছিল৷ সেয়ে মানৱীয় দিশটো বিবেচনা কৰি এই লোকসকলক স্ব–গৃহলৈ অনাৰ বাবে কেন্দ্রৰ লগতে ৰাজ্য চৰকাৰসমূহৰ ওপৰত চাপ সৃষ্টি হৈছিল৷ ইয়াৰ পৰিপ্রেক্ষিততে অৱশেষত প্রব্রজনকাৰী শ্রমিকসকলৰ লগতে আবদ্ধ হৈ থকা শিক্ষার্থী আৰু পর্যটকক নিজৰ নিজৰ ৰাজ্যলৈ ওভতাই অনাৰ অনুমতি প্রদান কৰিলে কেন্দ্রীয় চৰকাৰে৷ মানৱীয় দিশটোক গুৰুত্ব দিবলৈ বাধ্য হৈয়েই এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ কিন্তু ইয়াৰ লগতে সৃষ্টি হৈছে আশংকাৰো৷ কিয়নো, আন্তঃৰাজ্যিক সীমা অতিক্রম কৰি বহিঃৰাজ্যৰ পৰা আহিবলগীয়া এই লোকসকলে ক’ৰোনা ভাইৰাছৰ সংক্রমণ ঘটাব নেকি তাক লৈ তীব্র চর্চা হৈছে৷ বিষয়টো অতি স্পর্শকাতৰ৷ সেয়ে সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে এইক্ষেত্রত বিশেষ সতর্কতা অৱলম্বন কৰাৰ প্রয়োজনীয়তা আছে৷ সাধাৰণ দৃষ্টিৰে চাবলৈ হ’লে বহিঃৰাজ্যত থকা কোনো লোক যেতিয়া জীৱন ধাৰণৰ সংকটৰ সন্মুখীন হয়, তেওঁলোক ঘৰলৈ ঘূৰি আহিবলৈ উদগ্রীৱ হৈ পৰাটো অত্যন্ত স্বাভাৱিক কথা৷ কোনো চৰকাৰে ইয়াক জোৰ–জৱৰদস্তি বাধা প্রদান কৰিব নোৱাৰে৷ এনে পৰিস্থিতিত এতিয়া চৰকাৰে নিশ্চিত কৰিব লাগিব যাতে বহিঃৰাজ্যৰ পৰা অহা এই লোকসকলৰ পৰা নিজৰ গৃহৰাজ্যত ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ আশংকা অত্যন্ত সীমিত হয়৷ এই লোকসকলক বাছেৰে স্ব–গৃহলৈ অনাৰ নির্দেশনা জাৰি কৰিছিল কেন্দ্রীয় চৰকাৰে৷ কিন্তু দূৰণিবটীয়া যাত্রাৰ ক্ষেত্রত বাছেৰে ভ্রমণ কৰাটো অত্যন্ত কষ্টদায়ক৷ সেয়ে কেন্দ্রীয় চৰকাৰে পুনৰ বিশেষ ক্ষেত্রত ৰে’ল সেৱা প্রদানৰ ব্যৱস্থাও কৰিছে৷ এক কথাত ক’বলৈ গ’লে ঘৰৰ মানুহ ঘৰলৈ ঘূৰি যোৱাৰ ক্ষেত্রত চৰকাৰে সহায় কৰিবলৈ প্রস্তুত হৈছে৷ নিশ্চিতভাৱে ইয়াৰ বাবে তেওঁলোকে বহু লোকৰ সমর্থন আদায় কৰিব৷ কিন্তু গোটেই প্রক্রিয়াটো সম্পূর্ণ ত্রুটিশূন্য আৰু ইয়াৰ উদ্দেশ্য ফলপ্রসূ কৰিবলৈ কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে সন্মিলিতভাৱে কেতবোৰ কঠোৰ পদক্ষেপ গ্রহণ কৰাটো অত্যন্ত প্রয়োজনীয়৷ এই কঠোৰ পদক্ষেপৰ মূল আৰু একমাত্র লক্ষ্যই হ’ব লাগিব ক’ৰোনা ভাইৰাছৰ অপ্রত্যাশিত সংক্রমণ প্রতিৰোধ কৰা৷ লকডাউন ঘোষণা কৰাৰ পিছৰে পৰা প্রব্রজিত শ্রমিকক লৈ একাধিক চহৰত সমস্যা বৃদ্ধি পাইছিল৷ দিল্লী, হায়দৰাবাদ, চুৰাট আদি চহৰত সৃষ্টি হৈছিল আইন–শৃংখলাজনিত পৰিস্থিতি৷ ইয়াৰ লগতে নেতৃস্থানীয় ৰাজনৈতিক নেতাই দিয়া কেতবোৰ মন্তব্যই গম্ভীৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল৷ উদাহৰণস্বৰূপে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্য নাথে বহিঃৰাজ্যৰ পৰা ৰাজ্যখনৰ প্রব্রজিত শ্রমিকসকলক ওভতাই অনাৰ বাবে বাছ যোগান ধৰিব বুলি ঘোষণা কৰি পৰিস্থিতি জটিল কৰি তুলিছিল৷ মুখ্যতঃ ইয়াৰ বাবেই দিল্লীত আইন–শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ সি যি কি নহওক, এই মুহূর্তত কেন্দ্রীয় চৰকাৰে প্রব্রজিত শ্রমিকসকলক নিজৰ নিজৰ ৰাজ্যলৈ প্রেৰণ কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিছে আৰু সামগ্রিক দৃষ্টিত ইয়াক আদৰণীয় বুলি গ্রহণ কৰা হৈছে৷
এইখিনিতে উল্লেখ কৰিব পাৰি যে ভাৰতত আবদ্ধ হৈ থকা প্রায় ৬০ হাজাৰ বিদেশী নাগৰিকক লকডাউনৰ মাজতে বিমানেৰে নিজৰ নিজৰ দেশলৈ ভাৰতে প্রেৰণ কৰিছে৷ ৭২খন দেশৰ এই নাগৰিকসকলক স্বদেশলৈ প্রেৰণ কৰাৰ বাবে চৰকাৰে বিশেষ তৎপৰতা গ্রহণ কৰিলে৷ যদিও সংশ্লিষ্ট দেশসমূহে বিমান পৰিবহণৰ বাবে সকলো ব্যৱস্থা গ্রহণ কৰিছিল৷ তথাপি এটা কথা ক’ব লাগিব যে এই বিদেশী নাগৰিকসকলক আপোন ঘৰলৈ প্রেৰণ কৰিবলৈ নতুন দিল্লীয়ে বিশেষ তৎপৰতা লৈছিল৷ কিন্তু বিভিন্ন ৰাজ্যত আবদ্ধ ভাৰতীয় লোকসকলক ঘৰলৈ প্রেৰণ কৰাৰ ক্ষেত্রত সেই একে তৎপৰতা গ্রহণ কৰিবলৈ কেন্দ্রৰ লগতে সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহ সক্ষম নহ’ল৷ বহিঃৰাজ্যত আবদ্ধ হৈ থকাৰ সময়ত প্রব্রজিত শ্রমিকৰ লগতে অন্যান্য নাগৰিকসকল গভীৰ সমস্যাৰ সন্মুখীন হোৱাৰ বিভিন্ন বাতৰি সংবাদ মাধ্যমত প্রকাশ পাইছে৷ চৰকাৰে শেষ মুহূর্তত তেওঁলোকক নিজৰ নিজৰ ৰাজ্যলৈ অনাৰ বাবে ব্যৱস্থা গ্রহণ কৰিলেও এইক্ষেত্রত যথেষ্ট বিলম্ব হোৱা বুলি ক’ব পাৰি৷ তথাপি এই মুহূর্তত প্রতিজন নাগৰিকৰ বাবে আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে নিজাববীয়াকৈ সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰাটো৷ বহিঃৰাজ্যৰ পৰা আবদ্ধ লোকক স্ব–গৃহলৈ অনাৰ সময়ত এই দিশটোৰ ওপৰত ব্যক্তিগত সতর্কতাৰ লগতে চৰকাৰে তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব৷

You might also like