শুভ ইংগিত
গণতান্ত্রিক শাসন ব্যৱস্থাত বিৰোধী অবিচ্ছেদ্য অংগ৷ চৰকাৰক গঠনমূলক সমালোচনা আৰু সহযোগিতাৰে বিৰোধীয়ে আঁচনি ৰূপায়ণকে ধৰি উন্নয়নমূলক কাম–কাজ ত্বৰান্বিত কৰাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব পাৰে৷ কিন্তু ইয়াৰ পৰিৱর্তে শেহতীয়াকৈ কেৱল বিৰোধী হোৱাৰ বাবেই যেন বিৰোধী শিবিৰে সদনৰ বাহিৰে–ভিতৰে চৰকাৰৰ বিৰোধিতা কৰি অহাটো এক পৰম্পৰালৈ পর্যবসিত হোৱা পৰিলক্ষিত হৈছে৷ অসমৰ ক্ষেত্রতো ইয়াৰ ব্যতিৰেক হোৱা নাই৷ পিছে ইয়াৰ মাজতে শনিবাৰৰ দিনটোত অসম বিধানসভাৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা হ’ল৷ শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা পঞ্চদশ অসম বিধানসভাৰ প্রথমখন অধিৱেশনৰ শনিবাৰে আছিল দ্বিতীয়টো দিন৷ বিধানসভাৰ নির্ধাৰিত কার্যক্রমণিকা অনুসৰি ৰাজ্যপালৰ ভাষণ পাঠৰ কার্যসূচী স্থিৰ কৰা আছিল৷ নির্ধাৰিত সময়ত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে ভাষণ আৰম্ভ কৰে৷ সাধাৰণতে দেখা যায় যে ৰাজ্যপালে ভাষণ আৰম্ভ কৰাৰ লগে লগে বিৰোধী শিবিৰে তীব্র হুলস্থূল–প্রতিবাদেৰ্ সদনৰ কার্যসূচীত ব্যাঘাত জন্মায়৷ কিন্তু ইয়াৰ বিপৰীতে শনিবাৰৰ দিনটোত বিৰোধীক দেখা গ’ল সম্পূর্ণ ব্যতিক্রমী ৰূপত৷ হুলস্থূল–প্রতিবাদৰ্ পৰিৱর্তে বিৰোধীৰ পূর্ণ সহযোগিতাত শান্তিপূর্ণ পৰিৱেশত পঞ্চদশ অসম বিধানসভাৰ প্রথমখন অধিৱেশনত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে সম্পূর্ণৰূপে নিজৰ লিখিত ভাষণ পাঠ কৰে৷ এয়া নিশ্চিতভাৱে গণতন্ত্রৰ বাবে শুভ ইংগিত ৰূপে চিহ্ণিত হৈছে৷ শক্তিশালী গণতন্ত্রৰ বাবে শক্তিশালী বিৰোধীৰ প্রয়োজন৷ হুলস্থূল–প্রতিবাদৰ্ পৰিৱর্তে বিৰোধীয়ে সদনৰ মজিয়াত গঠনমূলক সমালোচনাৰে নিজৰ স্থিতি প্রদর্শন কৰিলে, সেয়া সমগ্র গণতান্ত্রিক শাসন ব্যৱস্থাটোৰ বাবেই শুভ লক্ষণ হ’ব৷
অকল বিৰোধীৰ গঠনমূলক সমালোচনা তথা সহযোগিতাই নহয়, এইক্ষেত্রত শাসকীয় পক্ষয়ো বিৰোধীক লগত লৈ আগবাঢ়িব লাগিব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত নৱগঠিত ৰাজ্য চৰকাৰখনৰ এনে সদিচ্ছা শনিবাৰৰ দিনাই বিধানসভাৰ মজিয়াত স্পষ্ট হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই প্রতিজন বিৰোধী বিধায়কক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বহুদিনৰ মূৰত আন বিধানসভাৰ আৰম্ভণি দেখা পোৱা বুলি উল্লেখ কৰি কৈছে যে বিৰোধীয়ে সংসদীয় ব্যৱস্থাৰ অধীনত সভাস্থগিত প্রস্তাৱ আদি আনিলে চৰকাৰে সেই সম্পর্কত আলোচনাৰ সুযোগ দিব৷ বিৰোধীৰ সভাস্থগিত প্রস্তাৱ গ্রহণ কৰিলেই চৰকাৰৰ ব্যর্থতা নহয়৷ সুস্থ গণতন্ত্রৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাৰ এই মন্তব্য যথেষ্ট গুৰুত্বপূর্ণ ৰূপে বিবেচিত হৈছে৷ এইখিনিতে এটা কথা উল্লেখ কৰা প্রয়োজন যে বিধানসভাৰ মজিয়াত এখন ৰাজ্যৰ সাংবিধানিক মুৰব্বী ৰাজ্যপালৰ ভাষণত চৰকাৰে গ্রহণ কৰা বিভিন্ন সিদ্ধান্ত, পৰিকল্পনা আদি দিশসমূহৰ প্রতিফলন ঘটে৷ সেয়েহে ৰাজ্যপালৰ ভাষণৰ যথেষ্ট গুৰুত্ব আছে৷ ৰাজ্যপালে ভাষণ দিয়াৰ সময়ত হুলস্থূল–প্রতিবাদ নকৰি বিৰোধীয়ে সংসদীয় ব্যৱস্থাৰ অধীনত ৰাজ্যপালৰ ভাষণৰ ওপৰত হোৱা আলোচনাত অংশ লৈ নিজৰ মত প্রকাশ কৰিব পাৰে৷ পঞ্চদশ অসম বিধানসভাৰ প্রথমখন অধিৱেশনত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে দিয়া ভাষণৰ ওপৰতো নিশ্চয় বিৰোধীয়ে অংশগ্রহণ কৰিব আৰু গঠনমূলক সমালোচনাৰে চৰকাৰক ইয়াৰ দিশসমূহ আঙুলিয়াই দিব৷ শনিবাৰৰ দিনটোত সম্পূর্ণ শান্তিপূর্ণ আৰু প্রতিবাদবিহীন পৰিৱেশত ৰাজ্যপালে ভাষণ সম্পূর্ণ কৰাৰ দৰে আগলৈও ই পৰম্পৰা হৈ ৰওক৷ সেইদৰে শাসকীয় পক্ষ তথা চৰকাৰে বিৰোধীক লগত লৈ আগবাঢ়ি যাওক৷ তেতিয়াহে গণতন্ত্রৰ প্রতি জনগণৰ আস্থা সুদৃঢ় হৈ থাকিব৷