নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সত্রীয়া সংস্কৃতিৰ এটা দিশৰ সংকট

সংস্কৃতিৰ অর্থ ইমানেই ব্যাপক যে ই এখন সমাজৰ চিন্তা, ৰীতি–নীতি, সকলো ধৰণৰ সামাজিক ব্যৱহাৰৰ নান্দনিক দিশটোক সম্পূর্ণভাৱে সামৰি লয়৷ কিন্তু বাস্তৱক্ষেত্রত, বিশেষকৈ জনসাধাৰণক সহজে প্রভাৱিত কৰা সংবাদ মাধ্যমৰ প্রকোপত সংস্কৃতিৰ অর্থ নাচ–গান–ভিনয়ৰ মাজতেই সীমাবদ্ধ হৈ ৰয় আৰু এই অর্থই শব্দটোৰ চূডান্ত ব্যঞ্জনাসমৃদ্ধ অর্থ স্পর্শ কৰাৰ পৰা বহু নিলগত ৰৈ যায়৷ ইয়াৰ ফলত সংস্কৃতিৰ ধাৰণাৰ পৰিসৰ সংক্ষিপ্ত হৈ আহে আৰু সমাজ এখনৰ সামূহিক সাংস্কৃতিক চেতনাৰ স্তৰ সূক্ষ্মভাৱে নিম্নমানৰ পিনে আগবাঢ়ি গৈ থাকে৷ বহুক্ষেত্রত বহু দূৰলৈকে ভবা একোটা সংগঠন বা পৰিকল্পিত আদর্শৰ অনুগামীসকলে নিজস্ব কার্যপ্রণালীৰ সমর্থক হোৱাকৈ সংস্কৃতিৰ কিছুমান আহিলাক পৰিচালিত কৰিব বিচাৰে আৰু সমাজ গঠনত বা সমাজৰ বিকাশত এনেবোৰ পদ্ধতিয়ে স্থায়ী চিহ্ণ ৰাখি থৈ যাবলৈকেও সক্ষম হয়৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ সত্রীয়া সংস্কৃতিৰ উপাদানসমূহৰ প্রয়োগ তাৰেই উদাহৰণ৷ নৃত্য–গীত–ভাওনাৰ প্রচলনৰ মূল উদ্দেশ্য আছিল ধর্ম প্রচাৰহে৷ স্বাধীনতা আন্দোলনৰ সময়তো দেশপ্রেমৰ আদর্শই আমাৰ দেশৰ সাহিত্য, নৃত্য, সাংবাদিকতা আদিক প্রভাৱিত কৰিছিল৷ বিশেষকৈ সাংবাদিকতাৰ ক্ষেত্রখনত দেশপ্রেমৰ আদর্শৰ প্রভাৱ আছিল অপৰিসীম৷ স্বাধীনতাৰ ঠিক পাছৰে পৰা ভাৰতত কমিউনিষ্ট আদর্শৰ প্রচাৰৰ বাবে বিভিন্ন সাহিত্য, গান–বাজনা আদিৰ সহায় লোৱা হৈছিল আৰু সেই আহিলাবোৰ ফলদায়ক হিচাপে প্রমাণিত হৈছিল৷ সমাজ এখনৰ বিৱর্তনত সাংস্কৃতিক উপাদানৰ এনেধৰণৰ প্রয়োগে কেতিয়াবা ধনাত্মক ফল দিয়ে আৰু কেতিয়াবা সি বেয়া উদাহৰণৰো সৃষ্টি কৰে আৰু সেই বেয়া উদাহৰণৰ স্বৰূপ সর্বসাধাৰণৰ বোধগম্য হোৱাৰ আগতেই সি ভালেখিনি ক্ষতি কৰিবলৈ সক্ষম হয়৷
কেইবছৰমানৰ আগতে সংগীত নাটক একাডেমীয়ে সত্রীয়া নৃত্যক প্রধান ভাৰতীয় নৃত্য হিচাপে স্বীকৃতি দিছিল৷ সেই স্বীকৃতিয়ে সত্রীয়া নৃত্যৰ জগতখনক বিভিন্ন ধৰণে আলোডিত কৰি তুলিছিল৷ সেই আলোডনৰ মূল কাৰণ হ’ব লাগিছিল নন্দনতাত্ত্বিক দৃষ্টিকোণৰ, কিন্তু হ’লগৈ পেছাদাৰী অথবা ব্যৱসায়িক৷ সংগীত নাটক একাডেমীৰ স্বীকৃতিৰ লগে লগে একাডেমীয়ে দেশৰ ভিতৰে–বাহিৰে যিবোৰ নৃত্যানুষ্ঠানৰ আয়োজন কৰে তাত সত্রীয়া নৃত্য পৰিৱেশনৰ সুযোগ আহি পৰিল আৰু একেদিনাই ইমান বিশাল পৰিমাণৰ সুযোগ আহিল, যাৰ বাবে অসমৰ নৃত্যশিল্পীসকল প্রস্তুত নাছিল৷ এই নৃত্য এককভাৱেও পৰিৱেশন কৰা হয়, দলীয়ভাৱেও৷ গতিকে অনুষ্ঠান পৰিৱেশনৰ বাবে কিমান নৃত্যশিল্পীৰ প্রয়োজন হ’ব সেই কথা চিন্তা কৰি বহুতে ব্যৱসায়িক পদ্ধতিৰে নৃত্য শিক্ষাৰ বিদ্যালয় আৰম্ভ কৰি দিলে৷ অকল একাডেমীৰ অনুষ্ঠানবোৰতেই নহয়, অইন বহু ধৰণৰ অনুষ্ঠানত সত্রীয়া নৃত্যৰ প্রৱেশ বাঢ়িল৷ এই বর্ধিত চাহিদা পূৰণ অথবা নতুনকৈ সন্মানিত হোৱা এই নৃত্যবিধে আনি দিয়া সুবিধা অথবা শিল্পৰ প্রতি থকা আগ্রহৰ বাবেই অইন নৃত্যত শিক্ষাগ্রহণ কৰি থকাবহু নৃত্যশিল্পীয়ে সত্রীয়াৰ প্রতি আগ্রহী হৈ উঠিল৷ চৰকাৰৰ তৰফৰ পৰা প্রদান কৰা নানাধৰণৰ বৃত্তি, ফেল’শ্বিপ আদিত সত্রীয়া সংস্কৃতিয়ে স্থান পাবলৈ ধৰিলে৷ সন্দেহাতীতভাৱেই এনে কাম ভালৰ বাবেই হৈছিল৷ কিন্তু এই নৃত্যবিধৰ শিল্পদিশৰ যি বিকাশ হ’ব লাগিছিল সি সম্ভৱ হৈ নুঠিল৷ মঞ্চ পৰিৱেশন চকুত লগা কৰি তোলাৰ স্বার্থত বহুত সত্রীয়া নৃত্যত অইন নৃত্যৰ উপাদানৰ সংযোগ ঘটাইছে, কোনোবাই অইন উপাদানৰ সংযোগ ঘটাই ফিউজন নাম দি নাম অর্জন কৰাৰ চেষ্টা কৰিছে৷ কিন্তু সত্রীয়া নৃত্যৰ বিকাশৰ বাবে যি এক দৃঢ় ভেটিৰ প্রয়োজন তাৰ কথা কোনেও নাভাবিলে আৰু কোনোবাই যদি ভাবিছিলো, সি ব্যৱসায়ৰ কৌশলৰ সন্মুখত নিষ্প্রভ হৈ পৰিল৷

You might also like