নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : অসমীয়া চিনেমা-ৰ নতুন অধ্যায়

সামগ্রিকভাৱে কিমান উভতি আহিল তাৰ হিচাপেহে ছবিজগতৰ আর্থিক অৱস্থাৰ কথা ক’ব৷ এই দিশৰ পৰা চালে অসমীয়া ছবিৰ অৱস্থা ভালৰ পিনে গৈ থকা বুলিয়েই ক’ব পাৰি৷ চিনেমা জগত এখন বিৰতিহীনভাৱে গতিশীল ৰূপত চলি থাকিবলৈ অর্থনৈতিক বিনিয়োগৰ লগতে বিষয়বস্তু আৰু নির্মাণশৈলীৰ দিশকো অভিনৱত্ব

সম্পাদকীয় : অসমীয়া চিনেমাৰ নতুন অধ্যায়
যোৱা কিছুদিনত অসমীয়া চিনেমা জগতখনলৈ এক আশাব্যঞ্জক পৰিৱর্তনৰ আগমন হৈছে৷ ইয়াৰ মূল কাৰণ হ’ল অসমীয়া চিনেমাত বুজন পৰিমাণৰ টকা বিনিয়োগ কৰিবলৈ ভালেসংখ্যক প্রযোজক আগবাঢ়ি আহিছে৷ বিগ বাজেটৰ ছবিৰ পৰা প্রথমে হোৱা লাভটো হ’ল ভালেখিনি টকা অসমীয়া চিনেমাৰ লগত জডিত মানুহৰ হাতলৈ যায় আৰু সেই টকাই ছবিজগতৰ মানুহখিনিক কাম কৰি থাকিবলৈ উৎসাহিত কৰে৷ যদি ছবিখন ব্যৱসায়িক দিশত সফল হয়, তেনেক্ষেত্রত প্রযোজকে আন এখন একেই ধৰণৰ ছবি কৰিবলৈ সাহস গোটাব পাৰে আৰু আন প্রযোজকো ধন বিনিয়োগৰ বাবে উৎসাহিত হয়৷ প্রতিখন ছবিয়েই হিট হোৱাৰ সম্ভাৱনা নাথাকে৷

এইটো সকলো ঠাইৰ চিনেমা উদ্যোগৰ ক্ষেত্রতে সত্য৷ কথা হ’ল একোটা বছৰত আটাইবোৰ ছবিৰ বিনিয়োগক সামৰি লৈ কিমান বিনিয়োগ কৰা হ’ল আৰু সামগ্রিকভাৱে কিমান উভতি আহিল তাৰ হিচাপেহে ছবিজগতৰ আর্থিক অৱস্থাৰ কথা ক’ব৷ এই দিশৰ পৰা চালে অসমীয়া ছবিৰ অৱস্থা ভালৰ পিনে গৈ থকা বুলিয়েই ক’ব পাৰি৷ চিনেমা জগত এখন বিৰতিহীনভাৱে গতিশীল ৰূপত চলি থাকিবলৈ অর্থনৈতিক বিনিয়োগৰ লগতে বিষয়বস্তু আৰু নির্মাণশৈলীৰ দিশকো অভিনৱত্ব থাকিব লাগিব৷ বিগ বাজেটৰ ছবিবোৰৰ সমান্তৰালভাৱে নির্মাণ হৈ থকা বহু ছবিকেই কম বাজেটত, নতুন নতুন কলাকুশলীৰে বিভিন্ন অগতানুগতিক বিষয়ক সামৰি নির্মাণ কৰা হৈছে৷

এই ছবিবোৰত ব্যৱসায়িক সফলতাতকৈ কলাগত দিশৰ সফলতাকহে অধিক প্রাধান্য দিয়া হৈছে৷ কালগত দিশৰ এই সাহসী সম্পৰীক্ষা ছবি জগতৰ বাবে আশাব্যঞ্জক খবৰ৷ চিনেমা একোখনৰ সফলতাৰ লগত জডিত থাকে বহুত মানুহৰ জীৱন আৰু সপোন৷ যদিও কেইখনমান চিনেমাহ দক্ষিণ ভাৰতীয় জনপ্রিয় ছবিৰ নন্দনতত্ত্বৰ পৰা অনুপ্রাণিত হৈছে, তাৰ বিপৰীতে কিছু নির্মাতাহ মৌলিক আৰু স্থানীয় কাহিনীক আধাৰ হিচাপে লৈও চিনেমা নির্মাণ কৰিছে৷ এই ছবিসমূহে কম–বেছি পৰিমাণে অসমৰ সমাজ জীৱন, লোকসাহিত্য, আৰু সময়ৰ প্রেক্ষাপটক প্রতিফলন কৰিছে৷ যিমানেই হিচাপ বা অংক কৰা নহওক কিয়, চিনেমা অনিশ্চয়তাৰ অন্য নাম৷ এই অনিশ্চয়তাৰ মাজতো এক সত্য স্থিৰ হৈ আছে– কেৱল গম্ভীৰ চিন্তা, সৃষ্টিশীলতা আৰু সততাৰে কৰা প্রচেষ্টাহহে উদ্যোগ ৰথৰ চকৰিক গতিশীল কৰি ৰাখিব পাৰে৷

অসমীয়া চিনেমাৰ এই আলোডিত সময়ত চৰকাৰৰ সক্রিয় সহায় অতি আৱশ্যক হৈ উঠিছে৷ চৰকাৰে প্রেক্ষাগৃহলৈ দর্শক আনি দিব নোৱাৰে সঁচা, কিন্তু যিসকল চিত্রকর্মী আৰু দর্শকে অসমীয়া ছবিত এটা উদ্যাপনৰ স্তৰলৈ লৈ গৈছে সেইসকলৰ পিনে লক্ষ্য কৰি অসমীয়া চিনেমাক সামগ্রিকভাৱে পৃষ্ঠপোষকতা কৰা সময় আহি পৰিছে৷ চলচ্চিত্র বঁটাই চিনেমাৰ লগত জডিত মানুহখিনিৰ কামক স্বীকৃতি দিয়ে৷ ২০২০ৰ পৰা অসম ৰাজ্যিক চলচ্চিত্র বঁটা দিয়া হোৱা নাই৷ এহ বঁটা অকল একোটা সন্মানেই নহয়, ই নতুন প্রজন্মক প্রেৰণা দিয়ে আৰু ডদ্যোগটিক মান্যতা প্রদান কৰে৷

চৰকাৰে ইমান দিন ধৰি এই বিষয়টো উপেক্ষা কৰাটো এক দুঃখজনক বাস্তৱ৷ অসমৰ ফিল্ম আর্কাইভটোক পুনৰ জীৱন দান দিয়াটোও এই সময়ৰ এটা গুৰুত্বপূর্ণ প্রয়োজন৷ বহুকেইখন ক্লাছিক অসমীয়া চিনেমা সংৰক্ষণৰ অভাৱত লুপ্ত হৈ গৈছে আৰু বহুকেইখনৰ ভৱিষ্যৎ একে দিশেৰে আগবাঢ়ি গৈছে৷ অসম ফিল্ম ফাইনেঞ্চ এণ্ড ডেভেলপমেণ্ট কর্পোৰেচনে এইক্ষেত্রত নেতৃত্ব ল’ব পাৰিব লাগে৷ এই আর্কাইভক কেৱল সংৰক্ষণৰ গুদামঘৰ নহয়, শিক্ষা, গৱেষণা আৰু সাংস্কৃতিক সংলাপৰ এক আধুনিক সজীৱ কেন্দ্র ৰূপে গঢ়ি তোলা উচিত৷

ডিজিটেল সংৰক্ষণ, তথ্যভিত্তিক ডাটাবেজ আৰু অনলাইন এক্সেছ ব্যৱস্থা সৃষ্টি কৰিলে ছাত্র–গৱেষকৰ লগতে সাধাৰণ দর্শকসকলো উপকৃত হ’ব৷ ই অসমীয়া চিনেমাৰ অতীতক সংৰক্ষণ কৰাৰ লগতে ভবিষ্যতৰ পথো প্রদর্শন কৰিব৷ নতুন প্রজন্মৰ চিনেমা নির্মাতাসকল সাধাৰণতে কম বাজেটত, মৌলিক চিন্তাৰে আৰু চলচ্চিত্র কলাৰ অনুশীলনকাৰী হিচাপে কাম কৰে৷ তেওঁলোকে কোৱা কাহিনীবোৰেই ভৱিষ্যতৰ অসমীয়া চিনেমাৰ দিশ নির্ধাৰণ কৰিব পাৰে৷

সেইবাবে চৰকাৰে তেওঁলোকৰ বাবে বিনামূলীয়া স্ক্রীনিং স্পেচ, লাইব্রেৰী অথবা মাল্টিপার্প’জ হলৰ পর্যাপ্ত সুবিধা আগবঢ়াব লাগিব৷ চুটি ছবিবোৰেই হৈছে পৰীক্ষা–নিৰীক্ষাৰ ক্ষেত্র, যি কালক্রমে বৃহৎ চিনেমাৰ ৰূপ ধাৰণ কৰিব পাৰে৷ অসম চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ পৰাই এনে শুভকামৰ আৰম্ভণি হ’ব পাৰে৷ ইয়াৰ বাবে প্রয়োজন ৰাজনৈতিক শুভইচ্ছা৷ অসমীয়া চিনেমাৰ এই আশাব্যঞ্জক সময়ত চৰকাৰ, উদ্যোগ, আৰু দর্শকে একেলগে হাত মিলাই অসমীয়া চিনেমাক উন্নয়নৰ পথেৰে আগবঢ়াই লৈ যাব লাগিব৷

You might also like