নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ন্যায় ব্যৱস্থাত নতুন অধ্যায়

ব্রিটিছ আমোলৰ ন্যায় ব্যৱস্থাৰ আমোল পৰিৱর্তন ঘটাই ১ জুলাইৰ পৰা দেশজুৰি আৰম্ভ হৈছে ভাৰতীয় ন্যায় সংহিতা (বিএনএছ)৷ ঔপনিৱেশিক কালৰ পৰা প্রৱর্তন হৈ থকা ভাৰতীয় দণ্ডবিধিৰ (আইপিচি), ফৌজদাৰী কার্যবিধি (চিআৰপিচি) আৰু ভাৰতীয় সাক্ষ্য আইন (আইইএ)ৰ পৰিৱর্তে বিএনএছৰ অধীনত কার্যকৰী কৰা হৈছে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম৷ দেশৰ ক্রমবর্ধমান অপৰাধজনিত ঘটনা প্রতিৰোধ আৰু অপৰাধীক দৃষ্টান্তমূলক শাস্তি বিহাৰ লক্ষ্যত ভাৰতীয় ন্যায় সংহিতাই গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰাৰ আশা আছে৷ বিশেষকৈ নতুন ন্যায় সংহিতাৰ অধীনত দেশৰ মহিলা আৰু শিশুসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ হৈছে৷ আদালতত বিচাৰ প্রক্রিয়াত বিলম্ব প্রক্রিয়া নাইকিয়া কৰাৰ বাবেও নতুন ন্যায় সংহিতাত গুৰুত্ব আৰোপ কৰা হৈছে৷ এতিয়া প্রথম শুনানিৰ ৬০ দিনৰ ভিতৰত অভিযোগৰ ‘চার্জ ফ্রেম’ কৰিব লাগিব৷ বিচাৰ শেষ হোৱাৰ ৪৫ দিনৰ ভিতৰত ৰায় প্রদান কৰিব লাগিব৷ নির্ধাৰিত গোচৰৰ সাক্ষী সুৰক্ষা আৰু সহযোগিতা নিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰসমূহক দায়িত্ব অর্পণ কৰা হৈছে৷ মহিলাসকলৰ সুৰক্ষাৰ বাবে নতুন ন্যায় ব্যৱস্থাত কেতবোৰ কঠোৰ পদক্ষেপ লোৱা হৈছে৷ ধর্ষণৰ বলি হোৱা মহিলাৰ জবানবন্দীৰ মহিলা আৰক্ষী বিষয়াই গ্রহণ কৰিব লাগিব নির্যাতিতাৰ অভিভাৱক অথবা আত্মীয়ৰ উপস্থিতিত জবানবন্দী বাণীবদ্ধ কৰিব লাগিব৷ নির্যাতিতাৰ মেডিকেল ৰিপ’ট ৭ দিনৰ ভিতৰত দাখিল কৰিব লাগিব৷ মহিলা আৰু শিশু নির্যাতনৰ বর্ধিত ঘটনাসমূহ প্রতিৰোধৰ বাবে ন্যায় সংহিতাৰ নতুন অধ্যায় সংযোজন কৰা হৈছে৷ সন্তান ক্রয় কৰা অথবা বিক্রী কৰাৰ ঘটনাত জঘন্য গুৰুতৰ অপৰাধ ৰূপে গণ্য কৰা হ’ব৷ ন্যায় সংহিতাৰ ৬৯ ধাৰা অনুসৰি কোনো ব্যক্তিয়ে বিবাহ অথবা চাকৰিৰ ভুৱা প্রতিশ্রুতিৰে যৌন সম্পর্ক স্থাপন কৰিলে সেয়া অপৰাধ ৰূপে গণ্য কৰা হ’ব৷ এনে অপৰাধৰ বাবে ১০ বছৰ পর্যন্ত কাৰাদণ্ড আৰু জৰিমনাৰ ব্যৱস্থা আছে৷ ন্যায় সংহিতাৰ উক্ত ধাৰাটোক লৈ সম্প্রতি বিতর্ক হোৱা দেখা গৈছে৷ ইয়াৰ মূল কাৰণ হ’ল– কেইবাগৰাকী জ্যেষ্ঠ অধিবক্তাই আশংকা কৰিছে যে উক্ত ধাৰাৰ অপব্যৱহাৰ হ’ব পাৰে৷ এই ধাৰাটোৰ জৰিয়তে বিবাহ অথবা অন্য প্রলোভন দেখুৱাই যৌন শোষণক অপৰাধ হিচাপে গণ্য কৰা হৈছে৷ এইক্ষেত্রত প্রমাণ হিচাপে টেক্সট মেছেজ, কল ৰেকর্ডিং, ফটো আদিত প্রতিশ্রুতি ভংগৰ নথি হিচাপে গ্রহণ কৰাৰ ব্যৱস্থা আছে৷ প্রতিশ্রুতি অনুসৰি বিবাহ অথবা বিবাহৰ পিছত বিচ্ছেদৰ ক্ষেত্রত বিভিন্ন দিশ থাকে৷ এইক্ষেত্রত একাকীকৰণ কৰা সহজ নহয়৷ আদালতৰ মজিয়াত ইয়াক প্রতিষ্ঠা কৰাও সহজ নহয়৷ সেয়ে নতুন ধাৰাটোক লৈ কিছু বিতর্ক পৰিলক্ষিত হৈছে৷ কিন্তু এখন নতুন আইন কার্যকৰীকৰণৰ প্রাক্মুহূর্ততে এনে অভিযোগ সত্য প্রমাণ হ’ব বুলি ক’ব নোৱাৰি৷
দেশৰ সন্ত্রাসবাদ আৰু চাইবাৰ অপৰাধ প্রতিৰোধৰ ক্ষেত্রত ভাৰতীয় ন্যায় সংহিতাই দেশৰ ন্যায়িক ব্যৱস্থাৰ বাবে বিশেষ গুৰুত্বপূর্ণ ভূমিকা লোৱাৰ সম্ভাৱনা আছে৷ ১৯৬৭ৰ অবৈধ কার্যকলাপ (প্রতিৰোধ) আইনৰ অধীনত সন্ত্রাসবাদ তথা ৰাষ্ট্রবিৰোধী কার্যকলাপৰ বিচাৰ হৈছিল৷ এতিয়া ভাৰতীয় ন্যায় সংহিতাৰ অধীনত ১১১ আৰু ১১২ ধাৰাত সংগঠিত অপৰাধ আৰু ক্ষুদ্র সংগঠিত অপৰাধ হিচাপে গণ্য কৰা হৈছে৷ সন্ত্রাসবাদ আইনক ১১৩ ধাৰাত পৃথক অপৰাধ হিচাপে গণ্য কৰা হৈছে৷ তদুপৰি চাইবাৰ অপৰাধ আৰু আর্থিক জালিয়াতিৰ দৰে নতুন অপৰাধৰ গোচৰসমূহ ভাৰতীয় ন্যায়িক সংহিতাৰ জৰিয়তে বিচাৰ হ’ব৷ ডিজিটেল প্লেটফর্ম আৰু ইণ্টাৰনেটৰ জৰিয়তে অবৈধ কার্যকলাপ আৰু প্রৱঞ্চনাৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি হৈছে৷ আধুনিক তথ্য–প্রযুক্তিৰ আধাৰত এনে অপৰাধ তথা জালিয়াতিৰ ঘটনাই একাংশ লোকক সর্বস্বান্ত কৰিছে৷ আনকি চাইবাৰ অপৰাধীৰ কবলত পৰিছে একাংশ শিক্ষিত লোকো৷ এনে অপৰাধৰ সন্মুখীন হোৱা ভুক্তভোগীসকলে ন্যায় লাভ কৰাৰ ক্ষেত্রত জটিল সমস্যাৰ সন্মুখীন হয়৷ কিয়নো এনে জালিয়াতি অথবা অপৰাধ সংঘটিত কৰা চক্রটোক চিনাক্ত কৰি বিচাৰ প্রক্রিয়াৰ জৰিয়তে শাস্তি বিহাটো সহজসাধ্য নাছিল৷ এতিয়া নতুন ন্যায় ব্যৱস্থাৰ অধীনত এনে অপৰাধক সংঘবদ্ধ অপৰাধ হিচাপে গণ্য কৰা হ’ব আৰু কঠোৰ শাস্তিৰ ব্যৱস্থাও ৰখা হৈছে৷ ভাৰতীয় ন্যায় সংহিতাৰ জনমুখি দিশটো হ’ল যে এতিয়া ভুক্তভোগীয়ে গোচৰ দিয়াৰ বাবে থানালৈ যাব নালাগিব৷ অনলাইনযোগে দেশৰ যিকোনো ঠাইৰ পৰা এজাহাৰ দাখিল কৰাৰ সুবিধা প্রদান কৰা হৈছে৷ এনে ব্যৱস্থাই দেশৰ ন্যায় ব্যৱস্থাক অধিক জনমুখী কৰাৰ সম্ভাৱনা আছে৷ এজাহাৰৰ বিনামূলীয়া প্রতিলিপি আৰক্ষীয়ে লগে লগে ভুক্তভোগীক যোগান ধৰিব লাগিব৷ নির্ধাৰিত গোচৰৰ তদন্তৰ অগ্রগতি ১০ দিনৰ ভিতৰত ভুক্তভোগীক তদন্তকাৰী আৰক্ষী বিষয়াই অৱগত কৰিব লাগিব৷ গোচৰসমূহৰ বিচাৰ প্রক্রিয়াত সাক্ষীয়ে যাতে মুকলিভাৱে সাক্ষ্য প্রমাণ দাখিল কৰিব পাৰে তাৰ বাবে সাক্ষীসকলৰ সুৰক্ষাৰ দিশটোত অধিক গুৰুত্ব অর্পণ কৰা হৈছে৷ দেশৰ নতুন ন্যায় ব্যৱস্থাক অধিক শক্তিশালী কৰিবলৈ হ’লে বিএনএছৰ দৰে স্বদেশী ন্যায় ব্যৱস্থা আমাক লাগিবই৷ অপৰাধীয়ে আদালতৰ মজিয়াত দৃষ্টান্তমূলক শাস্তি লাভ নকৰিলে আমাৰ সমাজৰ পৰা অপৰাধ নিয়ন্ত্রণ কৰাটো সহজসাধ্য নহয়৷ সর্বসাধাৰণ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰাটো যিদৰে চৰকাৰ এখনৰ দায়িত্ব একেদৰে শান্তিপূর্ণ পৰিৱেশ বর্তাই ৰখাৰ ক্ষেত্রতো অপৰাধীসকললৈ কঠোৰ বার্তা দিয়াৰ অতিকৈ প্রয়োজন হৈছে৷ এনে পৰিস্থিতিত ভাৰতীয় ন্যায় সংহিতাই দেশৰ ন্যায় ব্যৱস্থাত বৈপ্লৱিক পৰিৱর্তন ঘটোৱাই নহয়, অপৰাধী চক্রৰ বাবেও অশনি সংকেত দিব বুলি আশা কৰিব পাৰি৷

You might also like