সম্পাদকীয় : শান্তি স্থাপনৰ বাটত এখোজ
শান্তি স্থাপনৰ বাটত অগ্রসৰ অসমৰ দুটা আশাৰ বার্তা প্রকাশ পাইছে যোৱা সপ্তাহটোত৷ প্রথম শুভবার্তাটো হ’ল– সুদীর্ঘ তিনি দশকৰো অধিক কাল বলৱৎ হৈ থকা সশস্ত্র বাহিনী (বিশেষ ক্ষমতা) আইন চমুকৈ আফস্পা প্রত্যাহাৰ কৰা হৈছে ডিব্রুগড় জিলাৰ পৰা৷ দ্বিতীয়তে, ৰাজ্যখনত অপৰাধমূলক ঘটনা হ্রাস হোৱাৰ লগতে আদালতত দোষী সাব্যস্ত লোকৰ সংখ্যা বৃদ্ধি হোৱা বুলি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ২৮ মার্চত ঘোষণা কৰিছে৷ ১৯৯০ৰ ২৮ নৱেম্বৰত অসমত ৰাষ্ট্রপতি শাসন প্রৱর্তন কৰাৰ সময়তে ৰাজ্যজুৰি বলৱৎ থকা আফস্পা ডিব্রুগড় জিলাৰ পৰা প্রত্যাহাৰ কৰাটো এক আশাৰ বার্তা ৰূপে অভিহিত হৈছে৷ সশস্ত্র সংগ্রামৰ নামত আলফাই সংঘটিত কৰা হিংসাজর্জৰ পৰিৱেশ আৰু দেশবিৰোধী কার্যকলাপৰ বাবে আফস্পা বলৱৎ কৰি ৰাজ্যজুৰি সেনাৰ অধীনত বিশেষ অভিযান আৰম্ভ হৈছিল৷ প্রাৰম্ভিক পর্যায়ত সেনাৰ নেতৃত্বত অপাৰেচন বজৰং আৰু অপাৰেচন ৰাইনো অভিযান চলিছিল যদিও এনে সামৰিক অভিযানে ৰাজ্যখনৰ উগ্রপন্থী সমস্যা নিয়ন্ত্রণ কৰিব পৰা নাছিল৷ বৰঞ্চ সেনাৰ নেতৃত্বত অভিযান চলি থকাৰ সময়তে এটা এটাকৈ কেইবাটাও উগ্রপন্থী সংগঠনে মূৰ দাঙি উঠিছিল আৰু ৰাজ্যখনৰ আইন–শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটাইছিল৷ প্রায় তিনি দশকজোৰা সেনাৰ নেতৃত্বত নিৰাপত্তা বাহিনীৰ অভিযান আৰু ৰাজনৈতিক পর্যায়ত চলা আলাপ–আলোচনাই ৰাজ্যখনৰ আইন–শৃংখলা পৰিস্থিতি বহু পৰিমাণে উন্নত কৰিবলৈ সক্ষম হৈছে৷ আলফাকে ধৰি উগ্রপন্থী সংগঠনসমূহে আলোচনাৰ মজিয়ালৈ আগবাঢ়ি অহাৰ লগে লগে ৰাজ্যখনৰ অশান্তিকৰ পৰিস্থিতিৰো বহু পৰিমাণে উপশম ঘটিছে৷ কিন্তু পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনে এতিয়াও আলোচনাৰ বাবে আগবাঢ়ি অহা নাই৷ ৰাজ্যখনত দীর্ঘকাল বলৱৎ হৈ থকা আফস্পা পর্যায়ক্রমে প্রত্যাহাৰ কৰা হৈছে যদিও উজনি অসমৰ তিনিচুকীয়া, ডিব্রুগড়, শিৱসাগৰ আৰু চৰাইদেউ জিলাত বলৱৎ আছিল বিতর্কিত আইনখন৷ ঘাইকৈ আলফা স্বাধীনৰ হিংসাত্মক কাম–কাজৰ আশংকাতেই উজনি অসমৰ চাৰিখন জিলাত বিতর্কিত আইনখন বলৱৎ আছিল৷ কিন্তু যোৱা ২৭ মার্চত ডিব্রুগড় জিলাৰ পৰা আফস্পা প্রত্যাহাৰ কৰা হৈছে৷ এতিয়া তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউ জিলাতহে বিতর্কিত আইনখন বলৱৎ হৈ আছে৷ পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনে আলোচনাৰ বাবে আগবাঢ়ি আহি হিংসা–হত্যা পৰিহাৰৰ পথ ল’লে উজনি অসমৰ তিনিওখন জিলাৰ পৰা আফস্পা প্রত্যাহাৰ সম্ভৱ হ’ব৷ ৰাজ্য এখনৰ যিকোনো এখন জিলাত আফস্পা বলৱৎ হৈ থকাটো শুভ লক্ষণ নহয়৷ ৰাজ্য এখনৰ আইন–শৃংখলা পৰিস্থিতি নিয়ন্ত্রণ কৰাটো ৰাজ্যখনৰ গৃহ বিভাগৰ দায়িত্ব৷ সর্বসাধাৰণ নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ দায়িত্ব ৰাজ্য চৰকাৰৰ৷ এনে দায়িত্ব পালনৰ বাবে ৰাজ্য চৰকাৰে আৰক্ষী আৰু প্রশাসন ব্যৱস্থাৰ সহায় লয়৷ আফস্পাৰ অধীনত সেনাক বিশেষ অধিকাৰ প্রদানৰ ফলত অসমৰ সর্বসাধাৰণ ৰাইজৰ মৌলিক অধিকাৰ বিগত সময়ছোৱাত কিদৰে খর্ব হৈছে সেয়া ৰাজ্যবাসীয়ে প্রত্যক্ষ কৰিছে৷ কিন্তু দেশৰ নিৰাপত্তাত নিয়োজিত সেনাক এনে বিশেষ অধিকাৰৰ অধীনত অনাৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে উগ্রপন্থী সংগঠনসমূহেই মুখ্য কাৰণ৷ শেহতীয়াকৈ ৰাজ্যখনৰ পৰিস্থিতি উন্নত হৈছে আৰু অসমৰ বিবেকৱান লোকসকলে হিংসাজর্জৰ পৰিস্থিতিৰ বিপৰীতে এখন ইতিবাচক অসমৰ সপোন দেখিছে৷
ৰাজ্যখনত উগ্রপন্থীৰ হিংসাত্মক ঘটনা হ্রাস পোৱাৰ লগে লগে ৰাজ্যৰ আইন–শৃংখলা পৰিস্থিতিৰ দ্রুত পৰিৱর্তন হৈছে৷ প্রায় ডেৰ দশক পূর্বে ৰাজ্যখনৰ আইন–শৃংখলা পৰিস্থিতি আৰু হিংসা–হত্যাৰ ঊর্ধ্বগামী তালিকাখন নির্ণয় কৰিছিল নিৰাপত্তা বাহিনী আৰু উগ্রপন্থীৰ মাজত চলি থকা অঘোষিত যুঁজখনে৷ উগ্রপন্থীজনিত হিংসাত্মক ঘটনা প্রতিৰোধ আৰু ভিআইপিৰ সুৰক্ষাৰ নামতে নিৰাপত্তা বাহিনীৰ অধিক শক্তি ব্যয় হৈছিল৷ ৰাজ্যখনত সংঘটিত পৰিয়ালকেন্দ্রিক হিংসা–হত্যাকে ধৰি অন্যান্য হিংসাত্মক ঘটনাক সাধাৰণ অপৰাধ ঘটনাৰূপে বিবেচনা কৰা হৈছিল৷ ফলত ৰাজ্যখনত সাধাৰণ অপৰাধজনিত ঘটনাৰূপে বিবেচিত গোচৰসমূহৰ তদন্ত আৰু বিচাৰ প্রক্রিয়া সঠিক গতিত আগবঢ়া নাছিল৷ ৰাজ্যখনত সম্প্রতি তদন্ত সম্পূর্ণ নোহোৱাকৈ আছে প্রায় ৫ লাখ গোচৰ৷ কামৰূপ মহানগৰ জিলাতেই লক্ষাধিক গোচৰ তদন্ত নোহোৱাকৈ আছে৷ একেদৰে ধুবুৰীত ৩০ হাজাৰ, কাছাৰত ২৮ হাজাৰ, বঙাইগাঁৱত ১১ হাজাৰ, দৰঙত ১৩ হাজাৰ, ডিব্রুগড়ত ২১ হাজাৰ, হাইলাকান্দিত ১৩ হাজাৰ, হোজাইত ১৫ হাজাৰ, কামৰূপত ১৬ হাজাৰ, কৰিমগঞ্জত ১৮ হাজাৰ, মৰিগাঁৱত ১২ হাজাৰ, নগাঁৱত ৩১ হাজাৰ আৰু তিনিচুকীয়াত ১০ হাজাৰ গোচৰৰ তদন্ত নোহোৱাৰ ফলত প্রয়োজনীয় অভিযোগনামা দাখিল হোৱা নাই৷ আদালতত অভিযোগনামা দাখিল অবিহনে বিচাৰ প্রক্রিয়া আৰম্ভ নহয়৷ অভিযোগনামা দাখিল যিমানেই বিলম্ব হ’ব, সিমানেই বিচাৰ প্রক্রিয়াও বিলম্ব হোৱাটো স্বাভাৱিক৷ অপৰাধমূলক ঘটনাৰ তদন্ত আৰু বিচাৰ প্রক্রিয়া খৰতকীয়া নহ’লে অপৰাধীয়ে বিভিন্ন ধৰণে সুযোগ–সুবিধা লাভ কৰাৰ আশংকা থাকে৷ ফলত ৰাজ্যখনত অপৰাধজনিত ঘটনাৰ বিপৰীতে আদালতত দোষী সাব্যস্ত হোৱা লোকৰ হাৰ উদ্বেগজনক হৈ আছে৷ বিচাৰ প্রক্রিয়াত অপৰাধীসকলে দোষমুক্ত হোৱাৰ ফলত সমাজত অপৰাধমূলক ঘটনা নিয়ন্ত্রণ কৰাৰ ক্ষেত্রত সমস্যাৰ সৃষ্টি হৈছে৷ যোৱা ২৮ মার্চত উত্তৰ–পূব আৰক্ষী একাডেমীত ৭০গৰাকী ডিএছপিৰ দীক্ষান্ত পেৰেডত অংশ লৈ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছে যে অসমত শেহতীয়াকৈ অপৰাধমূলক ঘটনা বহু পৰিমাণে হ্রাস পাইছে৷ ২০২০ চনত ৰাজ্যখনত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ গোচৰ ২৬,৩৫২টাৰ পৰা ২০২৪ত ৫,৫৫৫টালৈ হ্রাস পাইছে৷ অপৰাধ গোচৰৰ তদন্ত আৰু অভিযোগনামা দাখিলৰ হাৰো পূর্বৰ তুলনাত বৃদ্ধি পাইছে৷ ২০২০ত অভিযোগনামা দাখিলৰ হাৰ ৪৭.৮ শতাংশৰ পৰা ৬৬.৭ শতাংশলৈ বৃদ্ধি পাইছে৷ আদালতত দোষী সাব্যস্ত হোৱা অপৰাধীৰ হাৰো ২২.৯ শতাংশলৈ বৃদ্ধি হৈছে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্রীগৰাকীয়ে৷ মুখ্যমন্ত্রীগৰাকীয়ে প্রকাশ কৰা তথ্য নিশ্চিতভাৱে ৰাজ্যখনৰ আইন–শৃংখলা পৰিস্থিতিৰ বাবে এক শুভবার্তা৷ ৰাজ্যখনক এখন বিকাশশীল ৰাজ্যত পৰিণত কৰাৰ সপোন দিঠকত পৰিণত কৰিবলৈ হ’লে শান্তিপূর্ণ পৰিৱেশ বর্তাই ৰাখিব লাগিব৷ আমাৰ সমাজখনৰ সিংহভাগ লোকেই শান্তিপূর্ণ পৰিৱেশ বিচাৰে৷ তাৰ মাজতো এটা শ্রেণী আছে, যিটো শ্রেণীয়ে শান্তিপূর্ণ লোকৰ ওপৰত অশান্তিৰ বীজ ৰোপণ কৰি আহিছে৷ সমাজত অশান্তিৰ সৃষ্টি কৰা অপৰাধী চক্রক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্রদান কৰিলে ৰাজ্যখনৰ আইন–শৃংখলা পৰিস্থিতি আৰু অধিক উন্নত হ’ব৷ শান্তিপূর্ণ পৰিস্থিতিয়ে ৰাজ্যখনৰ বিকাশৰ গতি ঊর্ধ্বগামী কৰি তুলিব৷ এডভাণ্টেজ আছাম–২.০ৰ জৰিয়তে ৫ লাখ কোটিৰো অধিক ঔদ্যোগিক ক্ষেত্রৰ বিনিয়োগৰ সম্ভাৱনাৰে ৰাজ্যখনে বিকাশৰ অনন্য গতিত অগ্রসৰ হৈছে৷ এনে পৰিস্থিতিত শান্তিপূর্ণ পৰিৱেশ সকলোৰে কাম্য৷ এইক্ষেত্রত ৰাজ্য চৰকাৰ আৰু আৰক্ষী বিভাগ অধিক সতর্ক হ’লে হিংসামুক্ত অসম গঢ়াৰ সপোন দেখিব এসময়ৰ হিংসাজর্জৰ অসমবাসীয়ে৷