সম্পাদকীয় : অসমীয়া কিতাপৰ কথা
অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ সংখ্যা দিনক দিনে হ্রাস হৈ অহাৰ ফলত অসমীয়া ভাষাৰ কিতাপ পঢ়া এচাম পাঠকৰ সংখ্যা দিনক দিনে কমি আহিছে৷ এইটো কাৰণতেই অসমীয়া কিতাপৰ বজাৰখন সংকুচিত হৈ অহা বুলি কিতাপৰ ব্যৱসায়ীসকলে মত পোষণ কৰে৷ কিন্তু কিতাপ প্রকাশৰ সংখ্যা কমা নাই৷ গ্রন্থ ব্যৱসায়ৰ লগত জডিত লোকৰ মতে এনে ধৰণৰ কিতাপৰ প্রকাশত সাধাৰণতে লেখকৰ অর্থ বিনিয়োগ হয়৷ স্বপ্রকাশন শীর্ষক ধাৰণা এটি এতিয়া গ্রন্থ প্রকাশন উদ্যোগত বহুলভাৱে প্রচলিত৷ অসমতো এনে ধৰণৰ কামৰ আৰম্ভণি হৈছে যদিও ইয়াৰ অৱস্থা খুব ভাল নহয়৷ বহু লেখকে কথাটো স্বীকাৰ কৰিবলৈ টান পায়, কিন্তু অর্থনৈতিক লেনদেনখিনিত গোলমাল লাগিলেই প্রকাশকৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷ এই ধৰণৰ কথাই গ্রন্থ প্রকাশনৰ ছবিখন মলিয়ন কৰি তোলে৷ কিছুমান জীৱিকাত আইএছবিএন থকা মৌলিক বা সম্পাদিত কিতাপৰ গুৰুত্ব বহু৷ এনে প্রয়োজনতে বহু কিতাপ প্রকাশ হয়৷ সেইবোৰ কিতাপৰ বিক্রীৰ কথাটো গৌণ, মুখ্য হ’ল আইএছবিএনসহ প্রকাশ৷ এইটো প্রয়োজনসাপেক্ষ প্রকাশ, ইয়াক গ্রন্থ প্রকাশ ব্যৱসায়ৰ হিচাপেৰে চাব নোৱাৰি৷ সৃজনীশীল সাহিত্য বুলিলে যি বুজায়, তেনে কিতাপৰ প্রকাশ আৰু ব্যৱসায়ৰ কথাটোহে চিন্তাৰ বিষয়৷ এটা সময়ত অসমীয়া কিতাপৰ প্রথম সংস্কৰণৰ মুদ্রণ সংখ্যা সাধাৰণতে আছিল দুহেজাৰখন৷ এতিয়া সেই সংখ্যা নামি আহি তিনিশ কপী পাইছেহি৷ এই পৰিমাণৰ কিতাপেৰে ব্যৱসায় কৰাটো খুব সহজ নহয় যেন লাগে৷ একে সময়তে কিন্তু একোখন কিতাপ ভাল বিক্রী হৈ আছে, ভালেমান সংস্কৰণ প্রকাশ পাইছে৷ কিন্তু এয়া একোটা ব্যতিক্রমহে৷ তাৰ মাজতো কিন্তু কিছুমান বিশেষ বিশেষ ধৰণৰ কিতাপৰ বিক্রীয়ে তিনিশ কপীৰ সংখ্যা সহজেই অতিক্রম কৰিছে৷ এনে কিতাপবোৰৰ বিষয়বস্তু আৰু বিক্রীৰ ধৰণৰ পৰা প্রকাশকসকলে শিকিবলগীয়া বহু থাকে৷ ইংৰাজী ভাষাত শিক্ষাদান কৰা বিদ্যালয়সমূহৰ চাহিদা বৃদ্ধিৰ অন্যতম কাৰণ হ’ল জীৱিকা অর্জনত পাব পৰা সুবিধা৷ চাকৰিৰ কাৰণে অসমৰ সীমা পাৰ হৈ গ’লেই ইংৰাজীৰ প্রয়োজন আৰু সেয়াই চাহিদা বৃদ্ধিৰ প্রধান কাৰণ৷ ইংৰাজী মাধ্যমত পঢ়ালেও কিয় ঘৰতে অসমীয়া পঢ়াব বা শিকাব নোৱাৰে বুলি তর্ক কৰিবহে পাৰি, এটা যুক্তিগ্রাহ্য উত্তৰ দিব নোৱাৰি৷
এই অসুবিধা অতিক্রম কৰিও অসমীয়া কিতাপ জীয়াই থাকিব লাগিব৷ ইয়াৰ বাবে চৰকাৰী চেষ্টা, ৰাজনৈতিক সদিচ্ছা আৰু প্রকাশকৰ সুপৰিকল্পিত আঁচনিৰ প্রয়োজন হ’ব৷ এটা অপ্রিয় সত্য কথা হ’ল যে বেছিভাগ অসমীয়া প্রকাশকে কিতাপ নপঢ়ে৷ অকল নিজে প্রকাশ কৰা কিতাপেই নহয়, বিভিন্ন ভাষাত কিমান বিচিত্র চিন্তা–চর্চাই গ্রন্থৰ জগতখন আলোডিত কৰি ৰাখিছে, সেই বিষয়বোৰৰ কথা প্রকাশকে জানিব লাগিব৷ যিকোনো ব্যৱসায়তেই অগ্রগতিৰ মূল মন্ত্র হ’ল গৱেষণা আৰু উন্নয়ন৷ কুৰি বছৰ আগৰ পাঠকৰ যি মানসিকতা আছিল, আজিৰ পাঠকৰ মানসিকতা তাতকৈ বহু বেলেগ৷ এফালে সামাজিক পৰিৱেশৰ পৰিৱর্তন আৰু প্রযুক্তিবিদ্যাৰ অৱদানৰ সংযোজনে মানৱ জীৱনলৈ অনা পৰিৱর্তন সকলো ক্ষেত্রতে স্পষ্ট হৈ পৰিছে৷ অসমীয়া কিতাপৰ পৃষ্ঠাবোৰতো এই পৰিৱর্তনৰ ৰং লাগিব৷ অসমীয়া কিতাপক সুৰক্ষিত কৰি ৰাখি গ্রন্থ ডৎপাদনৰ ব্যৱসায়ক ডন্নত কৰিবলৈ নতুন নতুন কৌশল অৱলম্বন কৰিব লাগিব৷ ডিজিটেল পৃথিৱীৰ অৱদানবোৰক যথাসম্ভৱ গ্রন্থ প্রকাশনৰ ক্ষেত্রখনত ব্যৱহাৰ কৰিব লাগিব৷ ম’বাইল ফোনে পাঠকৰ পঠন অভ্যাস ধবংস কৰি দিয়া বুলি অভিযোগ কৰা হয়৷ ম’বাইল ফোনৰ প্রতি থকা আসক্তিক বিভিন্ন সংবাদ মাধ্যমে নিজৰ কামত ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে৷ একে ধৰণে গ্রন্থ ব্যৱসায়ীসকলেও এই ধৰণৰ উদ্ভাৱনী প্রচেষ্টা হাতত ল’ব লাগিব৷ এখন অসমীয়া আলোচনীয়ে ছপা মাধ্যমৰ পৰা আহি ডিজিটেল মাধ্যমত নতুন ৰূপত আত্মপ্রকাশ কৰিছে আৰু বর্ধিত পাঠকসংখ্যাৰ আনন্দ উপভোগ কৰিছে৷ সামাজিক মাধ্যমত প্রকাশিত বহু লেখাই গ্রন্থ ৰূপত পাঠকক পুনৰ আকর্ষণ কৰিছে৷ গ্রন্থৰ ব্যৱসায়ীসকলে নিজে উদ্ভাৱন কৰিব নোৱাৰিলেও অইনে সৃষ্টি কৰা উদাহৰণেৰে গ্রন্থ ব্যৱসায়টোক সমৃদ্ধ কৰিব নোৱাৰিলে অসমীয়া কিতাপৰ কমি যোৱা পাঠকৰ সংখ্যাক লৈ দুখ কৰি থাকোঁতেই সময় অতিবাহিত হ’ব৷ অসমৰ গ্রন্থ ব্যৱসায়ক উৎসাহ দিয়াৰ কথা আগত ৰাখি অসম চৰকাৰে কিতাপৰ লেখকৰ লগতে প্রকাশককো নগদ ধনেৰে পুৰস্কৃত কৰাৰ ব্যৱস্থা কৰিছে৷ কিতাপ ব্যৱসায়ৰ স্বর্গ বুলি বহুতে ভবা পশ্চিমবংগতো এনে চৰকাৰী পৃষ্ঠপোষকতা নাই৷ চৰকাৰৰ এই সহায়ে প্রকাশক সমাজক কেনে ধৰণে উদ্বুদ্ধ কৰিছে, সেই কথাকো নিৰীক্ষণ কৰাৰ প্রয়োজন আছে৷