সম্পাদকীয় : কৃত্রিম বুদ্ধিমত্তা
প্রযুক্তিবিদ্যাৰ শেহতীয়া সংযোজন কৃত্রিম বুদ্ধিমত্তাই এতিয়া দৈনন্দিন জীৱনতো প্রৱেশ কৰিছে আৰু এই প্রৱেশে পৰম্পৰাগতভাৱে চলি অহা ভালেমান সৃষ্টি আৰু কর্ম প্রক্রিয়াক উন্নত ৰূপ দিবলৈ সক্ষম হৈছে৷ কিছুদিন আগলৈকে কৃত্রিম বুদ্ধিমত্তা গৱেষণাগাৰৰ বিষয় আছিল আৰু তেতিয়ালৈকে ‘এআহ’ৰ বিষয়ে সাধাৰণ লোকৰ বিশেষ মনযোগ নাছিল৷ কিন্তু চাট জিপিটিৰ সহজ আৰু সৰল ব্যৱহাৰ আৰু ইয়াৰ বিনামূলীয়া সংস্কৰণবোৰে দিব পৰা সুবিধাই সকলোৰে দৃষ্টি আকর্ষণ কৰিলে৷ অকল চাট জিপিটিয়েই নহয়, বিভিন্ন কাম কৰিব পৰা বিভিন্ন ‘এআই টুল’ সকলোতে সহজলভ্য আৰু এইবোৰে দিয়া সুবিধা উৎসাহীসকলে গ্রহণ কৰিছে৷ দৈনন্দিন জীৱনৰ কিছুমান কামত ‘কৃত্রিম বুদ্ধিমত্তা’ই কৰিব পৰা সহযোগত বহু লোক শংকিত হৈছে যে এইবোৰে মানুহৰ মগজুৰ স্থান লৈ ল’ব আৰু মানুহক যন্ত্রৰ তলতীয়া অৱস্থা এটালৈ লৈ যাব৷ স্বাভাৱিকভাৱেই মানুহে নতুন আগমনৰ প্রতি আগ্রহী নহয় আৰু তাক বিভিন্ন ধৰণে বাধা দিয়াৰ প্রচেষ্টাত থাকে৷ কম্পিউটাৰৰ আগমন আৰু বেংকত তাক ব্যৱহাৰ কৰিব বিচৰা সময়ৰ আৰম্ভণি কালছোৱাত মূলতঃ বামপন্থীসকলে তাৰ বিৰোধিতা কৰিছিল আৰু ই কর্মসংস্থানৰ পথ ৰুদ্ধ কৰিব বুলি প্রচাৰ চলাইছিল৷ কিন্তু সেই অপপ্রচাৰ নিটিকিল, কম্পিউটাৰ এতিয়া বহুল ব্যৱহূত৷ ঠিক তেনেদৰে ফটোশ্বপ নামৰ ছফ্টৱেৰ বিধৰ আগমনৰ সময়ত বহুতে শংকা প্রকাশ কৰিছিল যে শিল্পীৰ স্থান এতিয়া মেচিনে অধিকাৰ কৰিব৷ বাস্তৱত দেখা গৈছিল যে কথাটো ভবাৰ দৰে বা অনুমানতে কোৱা কথাৰ দৰে নহয়৷ বিজ্ঞান–প্রযুক্তিবিদ্য্ নতুন নতুন আৱিষ্কাৰবোৰে প্রত্যাহ্বানৰ পাছতো সঠিক ঠাইত নিজৰ ঠাই দখল কৰি ল’বই৷ প্রযুক্তিবিদ্যাৰ নতুন নতুন আৱিষ্কাৰবোৰৰ সম্ভাৱনা আৰু ভৱিষ্যতৰ কথা অনুমান কৰি ব্যৱহাৰ কৰিব পৰাসকলহে কর্মক্ষেত্রত আগবাঢ়ি যাব পাৰিব৷ এই কথা ব্যক্তি আৰু প্রতিষ্ঠান সকলোৰে ক্ষেত্রত প্রযোজ্য৷
সাধাৰণভাৱে ক’ব পাৰি যে কৃত্রিম বুদ্ধিমত্তাৰ এটা মূল বৈশিষ্ট্য হ’ল কম্পিডটাৰক মানুহৰ ভাষা বুজিবলৈ সক্ষম কৰা আৰু সেইদৰে মানুহৰ পৰামর্শ মানি নতুন এটা সৃষ্টি কৰা৷ কৃত্রিম বুদ্ধিমত্তাই একোটা বিষয়ৰ স্পর্শ কৰিব পৰা সকলো তথ্য একত্রিত কৰি তাৰ পৰা ঈপ্সিত তথ্য বা বক্তব্য প্রস্তুত কৰে৷ এই বক্তব্য কিমান সত্য আৰু শুদ্ধ হয় সেই কথা নির্ভৰ কৰে তথ্য সংগ্রহ আৰু বিশ্লেষণৰ দক্ষতাৰ ওপৰত৷ ভাৰতত এআহৰ দ্বাৰা পৰিচালিত আহ টি খণ্ডৰ পৰিৱর্তনে দেশৰ কাৰিকৰী ক্ষেত্রখনত এক ডল্লেখযোগ্য পৰিৱর্তনক চিহ্ণিত কৰিছে৷ পৰম্পৰাগতভাৱে ভাৰতৰ আহ টি ডদ্যোগটো আডটছ’র্চিং, এপ্লিকেচন ডেভেলপমেণ্ট আৰু মেহণ্টেনেন্সকে ধৰি ছফ্টৱেৰ সেৱাৰ বাবে পৰিচিত৷ কিন্তু কৃত্রিম বুদ্ধিমত্তাৰ ডত্থানৰ লগে লগে এহ খণ্ডটো দ্রুতগতিত বিকশিত হৈছে৷ এহ পৰিৱর্তনে ৰোমাঞ্চকৰ সুযোগৰ সৃষ্টি কৰিছে যদিও বহু ক্ষেত্রত প্রত্যাহ্বানৰো সৃষ্টি কৰিছে৷ ইনফৰমেচন টেকন’লজীৰ কিছুমান পৰম্পৰাগত পদ্ধতি, বিশেষকৈ যিবোৰ ৰুটিন ক’ডিং বা মৌলিক ছফ্টৱেৰ ৰক্ষণাবেক্ষণৰ সৈতে জডিত, তাৰে বহুখিনি অচল হৈ পৰাৰ সম্ভাৱনা থাকিব পাৰে বা চাহিদা যথেষ্ট হ্রাস পাব পাৰে৷ তেনে অৱস্থাত পৰিৱর্তিত পৰিৱেশৰ সৈতে খাপ খুৱাব নোৱাৰা পেছাদাৰীসকলৰ নিযুক্তিগত দিশত অসুবিধা হোৱাৰ সম্ভাৱনা আছে৷ এই সমস্যাবোৰ চিহ্ণিত হ’লে তাৰ সমাধানৰ পথো ওলাব৷ এহ পৰিৱর্তনৰ বাবে সমগ্র ডদ্যোগটোৰ লগত জডিতসকলৰ অর্থাৎ মানুহ আৰু যন্ত্রৰ দক্ষতা যথেষ্ঠ পৰিমাণে বৃদ্ধি হোৱাটো প্রয়োজন৷ আহ টি পেছাদাৰীসকলৰ এতিয়া প্রধান লক্ষ্য হৈছে এআহ আৰু মেচিন লার্নিং দক্ষতা বৃদ্ধি কৰি এক বৃহৎ দক্ষতাসম্পন্ন গোট সৃষ্টি কৰা৷ এহ দক্ষতাৰ ব্যৱধান দূৰ কৰিবলৈ বিভিন্ন কোম্পানীয়ে প্রশিক্ষণ কার্যসূচীৰ আৰম্ভ কৰিছে আৰু বহুতে শিক্ষানুষ্ঠানসমূহৰ সৈতে একগোট হৈ প্রশিক্ষিত মানৱ সম্পদ নির্মাণত বিনিয়োগ কৰিছে৷ বহুতে আশংকা কৰা মতে এআই–এ মানুহৰ সৃজনী শক্তিৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব৷ মেচিন আৰু মানুহৰ মাজৰ পৰস্পৰ নির্ভৰশীলতাৰ দার্শনিক দিশটোৰ পিনে চালে অনুভৱ কৰিব পাৰি যে এই শংকা তেনেই অমূলক অথবা দুর্বল মনৰ সৃষ্টি৷