নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : কৃত্রিম বুদ্ধিমত্তা শীর্ষ সন্মিলন

বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ অভিনৱ উদ্ধাৱন কৃত্রিম বুদ্ধিমত্তা, চমুকৈ এআই৷ মানৱ জাতিৰ সকলো ক্ষেত্রতে কৃত্রিম বুদ্ধিমত্তাই নতুন ৰূপ দিবলৈ সক্ষম হৈছে৷ কৃত্রিম বুদ্ধিমত্তাৰ প্রাসংগিকতা আৰু কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে মানৱীয় জীৱন সলনি হোৱাৰ দিশে আগবাঢ়িছে৷ বিশ্বৰ কর্মক্ষেত্রত কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰে সমাজ জীৱনো সলনি কৰি দিয়াৰ দিশে আগবাঢ়িছে৷ বিশ্বজুৰি কৃত্রিম বুদ্ধিমত্তাৰ ইতিবাচক আৰু নেতিবাচক প্রভাৱো ব্যাপক চর্চাৰ বিষয় হৈ উঠিছে৷ বিশ্বৰ দেশসমূহে কৃত্রিম বুদ্ধিমত্তাক সঠিকভাৱে ব্যৱহাৰৰ লক্ষ্য আৰু উদ্দেশ্য বিবেচনা কৰিবলগীয়া হৈছে৷ এনে পৰিপ্রেক্ষিততেই ফ্রান্সৰ পেৰিছত দুদিন ধৰি আয়োজন হৈ গ’ল কৃত্রিম বুদ্ধিমত্তা শীর্ষ সন্মিলন৷ পেৰিছৰ গ্রেণ্ডপেলেচত আয়োজিত ১০ আৰু ১১ ফেব্রুৱাৰীত কৃত্রিম বুদ্ধিমত্তা শীর্ষ সন্মিলনত বিশ্বৰ বিভিন্ন দেশৰ নেতা, তথ্য–প্রযুক্তিৰ বিভিন্ন কোম্পানী, শৈক্ষিক খণ্ডৰ বিশেষজ্ঞ, বেচৰকাৰী সংগঠনৰ কর্মী, শিল্পী আৰু নাগৰিক সমাজৰ প্রতিনিধিয়ে অংশগ্রহণ কৰে৷ ফ্রান্সৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্র’নৰ অধ্যক্ষতাত অনুষ্ঠিত কৃত্রিম বুদ্ধিমত্তা শীর্ষ সন্মিলনত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও অংশগ্রহণ কৰে৷ বিশ্ব নেতৃত্ব আৰু তথ্য–প্রযুক্তিৰ শীর্ষ বিষয়াসকলৰ উপস্থিতিত প্রধানমন্ত্রী মোদীয়ে কৃত্রিম বুদ্ধিমত্তাৰ ইতিবাচক দিশৰ লগতে নেতিবাচক দিশটোও উদঙাই দিয়ে৷ পেৰিছত আয়োজিত কৃত্রিম বুদ্ধিমত্তা সন্মিলনৰ লক্ষ্য আৰু উদ্দেশ্যৰ ভিতৰত কৃত্রিম বুদ্ধিমত্তাক লৈ সকলো জটিল বিষয় পুংখানুপুংখভাৱে আলোচনা কৰা হয়৷ কৃত্রিম বুদ্ধিমত্তা চমুকৈ এআইৰ আন্তঃগাঁথনিত বৃহত্তৰ অন্তর্ভুক্তি নিশ্চিত কৰাৰ সমান্তৰালকৈ জনস্বার্থৰ বাবে এআই, এআইৰ দায়িত্বশীল ব্যৱহাৰ, এআইক অধিক বৈচিত্র্যময় আৰু বহনক্ষম কৰি তোলা৷ তদুপৰি এআইৰ নিৰাপদ আৰু বিশ্বাসযোগ্যতা নিশ্চিতকৰণ আদি এই সন্মিলনত বিতংভাৱে আলোচনা কৰা হয়৷ এআই বিজ্ঞান আৰু উদ্ভাৱনৰ বাবে অতিকে লাভজনক হিচাপে বিবেচিত হৈছে৷ মানৱীয় জীৱনৰ স্বাস্থ্যৰ পৰা বিভিন্ন খণ্ডত এআইৰ ব্যৱহাৰ অতিকে ইতিবাচক হিচাপে চর্চিত হৈছে৷ ভাষাৰ জৰিয়তে এআয়ে সমাজক লাভান্বিত কৰিবলৈ সক্ষম হৈছে৷
পেৰিছত প্রধানমন্ত্রী মোদীয়ে কৃত্রিম বুদ্ধিমত্তা শীর্ষ সন্মিলনত বিশ্বজুৰি এআইৰ প্রাসংগিকতাৰ লগতে ভাৰতত এআইক লৈ কৰা নীতিকো ব্যাখ্যা কৰে৷ প্রধানমন্ত্রী মোদীয়ে কৃত্রিম বুদ্ধিমত্তাই মানৱ জীৱনলৈ আনিব পৰা ব্যাপক পৰিৱর্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰি কৃত্রিম বুদ্ধিমত্তাই সাধাৰণৰ সংস্থাপনত ক্ষতি কৰিব বুলিও উদ্বিগ্ণতা প্রকাশ কৰে৷ প্রধানমন্ত্রীগৰাকীয়্ কৃত্তিম বুদ্ধিমত্তাক লৈ সজাগতাৰ বিষয়টোত অধিক প্রাধান্য দিয়ে৷ তেওঁ কয় যে কৃত্রিম বুদ্ধিমত্তাত অন্তর্নিহিত পক্ষপাতক লৈ বিশ্বৰ দেশসমূহ সজাগ গৈ থকাৰ প্রয়োজন আছে৷ এআইৰ উদ্বিগ্ণতাৰ বিষয়টোক লৈ প্রধানমন্ত্রী মোদীয়ে বিশ্বক গণতান্ত্রিক প্রযুক্তি আৰু এআইৰ সৈতে মোকাবিলা কৰিবলৈ আন্তর্জাতিক মানৰ আৱশ্যকতাৰ বিষয়েও কয়৷ এআইৰ ভৱিষ্যৎ সকলোৰে কাৰণে ভাল নিশ্চিত কৰিবলৈ ভাৰতে বিভিন্ন দেশৰ সৈতে অভিজ্ঞতা আৰু বিশেষজ্ঞৰ বিনিময় কৰিবলৈও সাজু বুলি কয় প্রধানমন্ত্রী মোদীয়ে৷ ধাৰণা কৰাতকৈ অধিক ক্ষিপ্রতাৰে এআই প্রযুক্তি আগবাঢ়ি গৈ আছে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে এআইৰ পৰা আহিব পৰা বিপদৰ পৰা উদ্ধাৰ হ’বলৈ সকলো একত্রিত হ’ব লাগিব বুলিও কয়৷  ইপিনে, ভাৰতে দেশৰ বৈচিত্র্যৰ প্রতি বিবেচনা কৰি নিজা বৃহৎ ভাষা মডেল প্রস্তুত কৰি আছে বুলিও কয় প্রধানমন্ত্রীয়ে৷ এআই মডেল দক্ষ আৰু বহনক্ষম হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ পেৰিছৰ গ্রেণ্ডপেলেচত আয়োজিত সন্মিলনখনত প্রধানমন্ত্রী মোদীয়ে কৃত্রিম বুদ্ধিমত্তাৰ প্রাসংগিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এআই–এ লক্ষ লক্ষজনৰ স্বাস্থ্য, শিক্ষা, কৃষি আৰু অধিক দিশ উন্নীত কৰিব পাৰে বুলিও কয়৷ লক্ষণীয় যে এই শীর্ষ সন্মিলনত বিশ্বৰ বহুকেইখন দেশৰ নেতাই অংশগ্রহণ কৰি কৃত্তিম মুদ্ধিমত্তাৰ প্রাসংগিকতাক সজোৰে উত্থাপন কৰি ইয়াৰ জৰিয়তে যাতে বিপথগামী কোনো পন্থা গ্রহণ কৰিব পৰা নাযায়, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ পেৰিছৰ কৃত্রিম বুদ্ধিমত্তা সন্মিলনে এক নতুন আশাৰ সঞ্চাৰ কৰিব৷ কিয়নো উদ্ভাৱনৰ ক্ষেত্রত কৃত্রিম বুদ্ধিমত্তাৰ সোণালী যুগৰ সূচনা কৰিব৷ শেষত এই কথা উনুকিয়াব লাগিব যে কৃত্রিম  বুদ্ধিমত্তা যেন মানৱ জাতিৰ বাবে প্রত্যাহ্বান হৈ নপৰে, তাৰ ওপৰতো সমানে গুৰুত্ব আৰোপ কৰিব লাগিব৷
You might also like