নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : অসম বাজেট আৰু বিকাশ

বিত্তমন্ত্রী অজন্তা নেওগে উত্থাপন কৰা ২০২৫–২৬ বিত্তীয় বর্ষৰ অসম বাজেটখনক বিৰোধীপক্ষই পৰম্পৰাগতভাৱে নির্বাচনমুখী বাজেট আখ্যা দিলেও ই আচলতে চৰকাৰখনৰ কল্যাণমুখী মনোভাবৰ কথাহে প্রকাশ কৰে৷ এক কথাত ক’বলৈ হ’লে এই বাজেটখন প্রকৃততে প্রগতিৰ এটি নক্সা৷ ব্যৱহাৰিক অর্থনীতিৰ বিভিন্ন দিশৰ সৈতে সামঞ্জস্য ৰাখি বহনক্ষম সামাজিক বিকাশৰ বাবে কৰা চিন্তাৰ কথা এই বাজেটত প্রতিফলিত৷ চৰকাৰে চাকৰি সৃষ্টি, ডদ্যোগীকৰণ, শিক্ষা আৰু মহিলাৰ কল্যাণৰ ওপৰত মনোনিৱেশ কৰি বিত্তীয় বহনক্ষমতা বজাহ ৰাখি ব্যাপক ডন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰাত এই বাজেটখনে এক বিশাল আৰু উদাৰ দৃষ্টিভংগী প্রকাশ কৰিছে৷ দীনদয়াল উপাধ্যায় ডাঙৰীয়াই সমাজৰ অন্তিমজনৰ মংগলৰ বাবে চিন্তা কৰাৰ যি কথা কৈছিল, তাৰ প্রতিফলন এই বাজেটত দেখা গৈছে৷ বাজেটত ডল্লেখ কৰা এটা ডল্লেখযোগ্য কৃতিত্ব হ’ল চৰকাৰে এক লাখ চাকৰি সৃষ্টিৰ প্রতিশ্রুতি পূৰণ কৰা আৰু অতিক্রম কৰা৷ হতিমধ্যে ১ লাখ চৰকাৰী পদত নিযুক্তি দিয়া হৈছে আৰু এহ বছৰৰ বাবে অতিৰিক্ত ৪০ হাজাৰ পদত নিযুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে৷ এই পৰিসংখ্যাই কয় যে ৰাজ্যখনে নিয়োগ সৃষ্টিৰ ক্ষেত্রত যথেষ্ট অগ্রগতি লাভ কৰিছে৷ যুৱক–যুৱতীসকলৰ্ মাজত ডদ্যোগীকৰণ আৰু আত্মনির্ভৰশীলতাক প্রণালীবদ্ধভাৱে উৎসাহ দিবলৈ পৰিকল্পনা কৰা ‘মুখ্যমন্ত্রীৰ আত্মনির্ভৰ অসম অভিযান’ৰ বাবে ৭৭৩ কোটি টকাৰ পৰিকল্পনা বাস্তৱায়িত হ’লে অসমত এচাম নতুন উদ্যোগীৰ জন্ম হ’ব৷ কিন্তু কথা হ’ল এনেকুৱা বহু অভিলাষী আঁচনি ৰঙা ফিটাৰ মেৰপেঁচত নিশকতীয়া হৈ পৰে আৰু এটা সময়ত চিহ্ণহীন হৈ যায়৷ চৰকাৰে এই দিশটোৰ প্রতি ভালদৰে মনযোগ দি ছিংগল উইণ্ডো পদ্ধতিৰ প্রচলন কৰিলেহে এনে আঁচনিয়ে ঈপ্সিত ফল দিব পাৰিব৷ শেহতীয়াকৈ আৰম্ভ কৰা ‘জীৱন প্রেৰণা আঁচনিখন’ৰ যোগে স্নাতকসকলে মাহেকীয়াকৈ ২৫০০ টকাৰ ভাট্টা পোৱাৰ কথা আৰু এই ভাট্টাই তেওঁলোকক শিক্ষা আৰু চাকৰিৰ ক্ষেত্রত ভালেখিনি সহায় কৰিব৷

এইবাৰৰ বাজেটখনৰ এটি চকুত পৰা দিশ হ’ল চৰকাৰী কর্মচাৰীক কিতাপ কিনিবলৈ এহেজাৰ টকাকৈ দিয়াৰ পৰিকল্পনা৷ অসম চৰকাৰৰ প্রায় পাঁচ লাখ কর্মচাৰী আছে৷ এই দুয়োটা সংখ্যাৰ হিচাপৰ পৰা দেখা যায় যে চৰকাৰে কিতাপৰ বাবে যি বিশাল পৰিমাণৰ ধন খৰচ কৰাৰ ব্যৱস্থা কৰা হৈছে সেই টকা অসমীয়া কিতাপৰ নামত সঁচাকৈ খৰচ হ’লে অসমীয়া গ্রন্থ ব্যৱসায়ৰ ছবিখন সম্পূর্ণ সলনি হৈ যাব৷ একে সময়তে চৰকাৰে অসমৰ চৰকাৰী পুথিভঁৰালৰ দুর্বল ছবিখন উন্নত কৰাৰ কথাও চিন্তা কৰাটো সময়পোযোগী আছিল৷ হয়তো বিধানসভাত কোনোবা অধ্যয়নপ্রেমী বিধায়কে কথাটো উত্থাপন কৰিব৷ এই বাজেটৰ আৰু এটা চকুত পৰা দিশ হ’ল অসমৰ নিজস্ব উপগ্রহ৷ অসম চৰকাৰৰ কিয় এটি নিজস্ব উপগ্রহৰ প্রয়োজন সেই বিষয়বোৰ বিভাগীয় বিজ্ঞানীয়েহে ক’ব বা ব্যাখ্যা কৰিব পাৰিব, অনুমানতে সিদ্ধান্ত দিয়াটো উচিত নহয়৷ কিন্তু নিজস্ব উপগ্রহৰ প্রসংগত এটা কথাকে ক’ব পাৰি যে এই কথাটো পূর্বতে কোনেও ভবাই নাছিল আৰু হয়তো কাৰো ধাৰণাই নাছিল যে ৰাজ্য চৰকাৰেও নিজা উপগ্রহৰ কথা ভাবিব পাৰে৷ উপগ্রহৰ কথাই প্রকাশ কৰিছে চিন্তা শক্তিৰ ব্যাপ্তিৰ কথা আৰু এই কথাটোও প্রশংসাৰ যোগ্য৷ লগতে বাজেটত কৃষি স্বাৱলম্বিতা, প্রযুক্তিগত ডন্নতিৰ প্রতি অসমৰ দায়বদ্ধতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে৷ ক্ষুদ্র চাহ খেতিয়কসকলক উৎসাহিত কৰা, অভিলাষী অমৃত–গুৱাহাটী সংহত গ্ল’বেল চিটী আদি প্রকল্পহ ভৱিষ্যতমুখী চিন্তাৰ সংকেত দিয়ে, যিটো বহনক্ষম উন্নয়নৰ দৃষ্টিভংগীৰ সৈতে সমানে আগবাঢ়িব পাৰে৷ পি এম বিশ্বকর্মা যোজনা, ষ্টার্ট–আপ মিছন, শিক্ষাত ভার্চুৱেল ৰিয়েলিটী সন্নিৱিষ্ট কৰা জ্ঞান–ধাৰা আদি পদক্ষেপেৰে ডদ্ভাৱন আৰু দক্ষতা বিকাশৰ ক্ষেত্রতো অসমে শক্তিশালী ৰূপত আত্মপ্রকাশ কৰিছে৷ সামগ্রিকভাৱে এই বাজেটে সমাজৰ সকলো শ্রেণীৰ মাজত সমৃদ্ধিৰ ন্যায্য বিতৰণ সুনিশ্চিত কৰাৰ লগতে অর্থনৈতিক বিকাশৰ যোগে এক সুষম আৰু ভৱিষ্যমুখী চিন্তাধাৰাক প্রতিনিধিত্ব কৰে৷ এই বাজেটত এখন স্থিতিস্থাপক আৰু স্বাৱলম্বী অসমৰ দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰা হৈছে৷

You might also like