সম্পাদকীয় : বিক্ষোভৰ অগ্নিগর্ভ বাংলাদেশ
বিক্ষোভৰ জুইত জ্বলিছে ভাৰতৰ প্রতিবেশী ৰাষ্ট্র বাংলাদেশ৷ ইতিমধ্যে এই বিক্ষোভত সমগ্র দেশখনত সৃষ্টি হৈছে অস্থিৰতা৷ চৰকাৰী চাকৰিত সংৰক্ষণৰ বিৰুদ্ধে আন্দোলনত জড়িত হৈ পৰিছে ছাত্র–যুৱ সংগঠনৰ কর্মীসকল৷ চাকৰিত সকলোধৰণৰ সংৰক্ষণ বাতিল কৰাৰ দাবী জনাইছে ছাত্র সমাজে৷ আৰক্ষী আৰু শাসকীয় দল আৱামী লীগৰ কর্মী–সমর্থকসকল্ সৈতে সংঘর্ষত লিপ্ত হৈছে আন্দোলনকাৰী৷ এই ঘটনাত এতিয়ালৈকে মৃত্যু হৈছে ৩২জন প্রতিবাদকাৰীৰ৷ আহত হৈছে কেইবাশও ছাত্র৷ অৱশ্যে বিভিন্ন সংবাদ সংস্থাই দাবী কৰা অনুসৰি নিহত লোকৰ সংখ্যাই ইতিমধ্যে ৪০ স্পর্শ কৰিছে৷ চাকৰিত সংৰক্ষণৰ বিৰুদ্ধে বাংলাদেশৰ ছাত্র সমাজৰ এই বিক্ষোভে বিশ্ববাসীৰ নজৰ কাঢ়িছে৷ লক্ষণীয় যে এই বিক্ষোভৰ মাজতে আগন্তুক দেওবাৰে সংৰক্ষণ সন্দর্ভত গোচৰৰ শুনানি ল’ব বাংলাদেশৰ আদালতে৷ প্রশ্ণটো হৈছে বাংলাদেশত সংৰক্ষণক লৈ ছাত্র সমাজৰ এই বিক্ষোভ কিয়? কিয় ছাত্র সমাজৰ লগতে যুৱ সংগঠনসমূহে চৰকাৰী চাকৰিত সংৰক্ষণ ব্যৱস্থা প্রত্যাহাৰৰ বাবে সৰৱ হৈ পৰিছে? চৰকাৰী চাকৰিৰ ক্ষেত্রত আটাইতকৈ বেছি সুবিধা লাভ কৰিছে কোনে? কিয় সেই পদ্ধতিৰ পৰিৱর্তন বিচাৰিছে আন্দোলনকাৰীসকলে? বাংলাদেশত চৰকাৰী চাকৰিৰ সংৰক্ষণৰ ক্ষেত্রত পূর্বৰে পৰা বিভিন্ন বিতর্ক আছে৷ ১৯৭২ চনত প্রথমবাৰলৈ বাংলাদেশত সংৰক্ষণ ব্যৱস্থা আৰম্ভ হয়৷ এই সংৰক্ষণ ব্যৱস্থা মাত্র মেধাৰ ভিত্তিত ২০ শতাংশ নিয়োগৰ সুযোগ আছিল৷ বাকী ৮০ শতাংশ আছিল জিলাৰ সংৰক্ষিত আসন৷ ইয়াৰ ভিতৰত ৩০ শতাংশ মুক্তিযোদ্ধা আৰু ১০ শতাংশ যুদ্ধত ক্ষতিগ্রস্ত মহিলাৰ বাবে ৰখা হৈছিল৷ অর্থাৎ চৰকাৰী চাকৰিত সংৰক্ষণ ব্যৱস্থা এনেধৰণে ৰখা হৈছিল যে মেধাৰ ভিত্তিত দেশখনত গৰিষ্ঠসংখ্যকেই চাকৰি লাভ কৰাৰ ক্ষেত্রত ব্যর্থ হৈছিল৷ ১৯৭৬ চনত প্রথমবাৰৰ বাবে সংৰক্ষণ ব্যৱস্থাত কিছু পৰিৱর্তন অনা হয়৷ বৃদ্ধি কৰা হয় মেধাৰ ভিত্তিত নিয়োগ৷ মেধাৰ ভিত্তিত নিয়োগ ৪০ শতাংশলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্রহণ কৰে চৰকাৰে৷ বাকী ৩০ শতাংশ মুক্তিযোদ্ধাৰ পৰিয়াল, ১০ শতাংশ যুদ্ধত ক্ষতিগ্রস্ত নাৰী আৰু ১০ শতাংশ নিয়োগ জিলাৰ বাসিন্দাসকলৰ বাবে ৰখা হয়৷ তথাপি এই সংৰক্ষণ ব্যৱস্থাক লৈ বাৰে বাৰে দেশখনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি৷ বর্তমানৰ বিক্ষোভ তাৰ ব্যতিক্রম নহয়৷
১৯৮৫ চনত এই সংৰক্ষণ ব্যৱস্থাক লৈ পুনৰ অস্থিৰতা সৃষ্টি হয়৷ আকৌ পৰিৱর্তন অনা হয় সংৰক্ষণ ব্যৱস্থাত৷ সংৰক্ষণৰ আওতালৈ অনা হয় পিছপৰা শ্রেণী তথা জনজাতিসকলক৷ ১৯৮৫ চনত সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰৰ সময়ত কোৱা হৈছিল যে চৰকাৰী চাকৰিত মেধাৰ ভিত্তিত নিয়োগ হ’ব ৪৫ শতাংশ৷ বাকী ৫৫ শতাংশৰ ভিতৰত ৩০ শতাংশ মুক্তিযোদ্ধাৰ পৰিয়াল, ১০ শতাংশ যুদ্ধত ক্ষতিগ্রস্ত নাৰীৰ পৰিয়াল আৰু ৫ শতাংশ পিছপৰা তথা জনজাতিসকলৰ বাবে সংৰক্ষণৰ সিদ্ধান্ত লোৱা হয়৷ ১৯৯৭ চনত বাংলাদেশৰ সংৰক্ষণ ব্যৱস্থাত মুক্তিযোদ্ধাসকলৰ লগতে তেওঁলোকৰ সন্তানসকলকো অন্তর্ভুক্ত কৰা হয়৷ অর্থাৎ মুক্তিযোদ্ধাৰ সন্তানৰ পৰিয়ালৰ সদস্যসকলেও এই সুযোগ লাভ কৰিবলৈ সক্ষম হয়৷ ২০০২ চনত সংৰক্ষণ ব্যৱস্থাক লৈ বিতর্ক সৃষ্টি হোৱাৰ সময়ত চৰকাৰে ঘোষণা কৰে যে মুক্তিযোদ্ধাসকলৰ বাবে ৰখা সংৰক্ষিত আসনত উপযুক্ত প্রার্থী নাপালে মেধাৰ ভিত্তিত তাক নিয়োগ কৰা হ’ব৷ ২০০৮ চনত আৱামী লীগ ক্ষমতালৈ অহাৰ লগে লগে এই নির্দেশ বাতিল কৰা হয়৷ ইয়াৰ লগতে চৰকাৰে ঘোষণা কৰে যে মুক্তিযোদ্ধাসকলৰ পৰিয়ালৰ বাবে সংৰক্ষিত আসন পূৰ কৰিব নোৱাৰিলে সেয়া খালী ৰখা হ’ব৷ অর্থাৎ বাৰে বাৰে সংৰক্ষণ ব্যৱস্থাটোত চৰকাৰৰ তৰফৰ পৰাই বিভিন্ন বিভ্রান্তি সৃষ্টি কৰা অহা হৈছে৷ ২০১১ চনত মুক্তিযোদ্ধাসকলৰ সন্তানৰ লগতে তেওঁলোকৰ নাতি–নাতিনীসকলকো সংৰক্ষণ ব্যৱস্থাৰ অন্তর্ভুক্ত কৰা হয়৷ ২০১২ চনত তাৰ সৈতে যুক্ত হৈ পৰে ১ শতাংশ প্রতিবন্ধী সংৰক্ষণ৷ সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে বাংলাদেশৰ জনসাধাৰণৰ মাজত আৰম্ভণিৰে পৰা অসন্তুষ্টি আছিল৷ গতিকে এই অসন্তুষ্টিয়ে আন্দোলনৰ ৰূপ ধাৰণ কৰে৷ ২০১৮ চনত প্রথমবাৰলৈ আন্দোলনে দেশজুৰি অস্থিৰতাৰ সৃষ্টি কৰে৷ আন্দোলনৰ চাপত পৰি সংসদত সকলো ধৰণৰ সংৰক্ষণ বাতিলৰ কথা ঘোষণা কৰে প্রধানমন্ত্রী শ্বেখ হাছিনাই৷ কেৱল জনজাতিসকলৰ বাবে ৫ শতাংশ আৰু প্রতিবন্ধীৰ বাবে ১ শতাংশ সংৰক্ষণ ৰখা হয়৷ কিন্তু সংৰক্ষণ বাতিলৰ এই সিদ্ধান্তক প্রত্যাহ্বান জনাই ২০২১ চনত উচ্চ ন্যায়ালয়ত সাতগৰাকী মুক্তিযোদ্ধাৰ সন্তানে আবেদন দাখিল কৰে৷ আদালতে আবেদনকাৰীৰ সপক্ষে ৰায় দিয়ে৷ গতিকে আকৌ আৰম্ভ হয় সংৰক্ষণ ব্যৱস্থা৷ উচ্চ ন্যায়ালয়ৰ ৰায়ক প্রত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে হাছিনা চৰকাৰ৷ ইয়াৰ মাজতেই আৰম্ভ হৈছে সংৰক্ষণবিৰোধী জংগী বিক্ষোভ৷