নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্যার্তৰ দুর্বিষহ জীৱন

বৰষুণৰ প্রকোপ হ্রাস আৰু উপনৈসমূহৰ জলপৃষ্ঠ ক্রমাৎ কমিবলৈ লোৱাৰ লগে লগে ৰাজ্যখনৰ বিধ্বংসী বান পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছে যদিও বানপীড়িত লোকসকল সন্মুখীন হৈছে সীমাহীন সমস্যাৰ৷ এইবাৰৰ বানত ৰাজ্যখনৰ ৩২খন জিলাৰ ১৪৬টা ৰাজহ চক্রৰ মুঠ ৭৩ লাখ ৪ হাজাৰ ৬০০জন লোক ক্ষতিগ্রস্ত হৈছে৷ বানকবলিত লোকসকলৰ বাবে চৰকাৰে ৩,৩১৭টা আশ্রয় শিবিৰ স্থাপন কৰাৰ উপৰি ৰাইজেও অতিৰিক্তভাৱে কেইবাহাজাৰ শিবিৰ স্থাপন কৰি জীৱন ৰক্ষা কৰিব লগা হৈছে৷ চৰকাৰী হিচাপত আশ্রয় শিবিৰত ৫ লাখ ৩ হাজাৰ ৩৮৬জন লোক আছে৷ এইবাৰৰ বান ইমানেই ভয়াৱহ যে এছডিআৰএফ আৰু এনডিআৰএফৰ সহযোগত প্রশাসনে ৮৮,১১২জন বন্যার্তক উদ্ধাৰ কৰিব লগা হৈছে৷ অসমবাসীৰ বাবে বানপানী নতুন সমস্যা নহয়৷ ডেৰ শতাধিক নৈ–উপনৈৰ বাঢ়নী পানীয়ে প্রতিবছৰে ৰাজ্যখনৰ ভৈয়াম অঞ্চলৰ লোকসকলৰ জীৱন আৰু জীৱিকালৈ দুর্যোগ নমাই আহিছে৷ কিন্তু প্রায় চাৰি দশক পিছত এইবাৰ প্রলয়ংকৰী বানত ৰাজ্যখনৰ সর্বাধিক ক্ষতি হৈছে৷ এইবাৰ বানৰ বিভীষিকাই ৰাজ্যখনৰ ভৈয়াম অঞ্চলেই নহয়, পাহাৰীয়া ডিমা হাছাও জিলাতো অভূতপূর্ব ক্ষতি কৰিছে৷ গুৱাহাটী মহানগৰীকে ধৰি অসমৰ অধিকাংশ নগৰ–চহৰতো বানৰ সংহাৰী ৰূপ দেখা গৈছে৷ কালৰূপী বানত বিগত প্রায় দুসপ্তাহ ধৰি ৰাজ্যখনৰ স্বাভাৱিক জীৱনযাত্রা ব্যাহত হৈ আছে৷ এতিয়াও নগাঁও, হোজাই, দৰং, বৰপেটা আৰু বৰাক উপত্যকাকে ধৰি ৰাজ্যখনৰ বিস্তীর্ণ অঞ্চল জলমগ্ণ হৈয়ে আছে৷ বান পৰিস্থিতিৰ বাবে ৰাজ্যখনৰ কেইবাখনো জিলাৰ সৈতে পথ যোগাযোগ ব্যৱস্থা ব্যাহত হৈছে৷ ব্রহ্মপুত্রকে ধৰি উপনৈসমূহৰ জলপৃষ্ঠ ক্রমাৎ হ্রাস পাবলৈ ধৰাত বানপানী কমিবলৈ ধৰিছে যদিও বহু পৰিয়ালৰ ঘৰ–বাৰী এতিয়াও জলমগ্ণ হৈ আছে৷ প্রায় ১০ দিন ধৰি পানীত ডুবি থকাৰ ফলত বানাক্রান্ত লোকসকলৰ ঘৰ–বাৰী জহি–খহি যোৱাই নহয়, একাংশ লোকৰ বাসভৱনৰ চিনমোকাম নোহোৱা হৈ পৰিছে৷ ফলত বানাক্রান্ত লোকসকলে ৰাষ্ট্রীয় পথ, মথাউৰি আদিত আশ্রয় গ্রহণ কৰিব লগা হৈছে৷ ৰাজ্যখনৰ বান পৰিস্থিতি কিছু পৰিমাণে উন্নত হ’লেও বৰাক উপত্যকাৰ বান সমস্যা জটিল হৈয়ে আছে৷ শিলচৰকে ধৰি বৰাক উপত্যকাৰ পথসমূহত এতিয়াও এবুকু পানী আছে৷ বিগত দুসপ্তাহ ধৰি বৰাক উপত্যকাৰ তিনিখন জিলাৰ সৈতে পথ যোগাযোগ ব্যৱস্থা ব্যাহত হৈ আছে৷ ডিমা হাছাওত অভূতপূর্ব প্রাকৃতিক দুর্যোগৰ পিছত ৰে’ল আৰু চাৰিলেনযুক্ত ৰাষ্ট্রীয় পথেৰে যোগাযোগ বিচ্ছিন্ন হোৱাৰ পিছত মেঘালয়ৰে সংযোগ হৈ থকা অৱশিষ্ট ৰাষ্ট্রীয় পথেৰেও যোগাযোগ বিচ্ছিন্ন হৈছে৷ আকাশমার্গেৰে যোগাযোগ ৰক্ষা কৰাৰ ফলত বৰাকৰ তিনিখন জিলাৰ লোকসকল সীমাহীন সমস্যাৰ সন্মুখীন হৈছে৷ বৰাকবাসীৰ সমস্যাৰ বুজ ল’বলৈ দেওবাৰে দ্বিতীয়বাৰৰ বাবে উপস্থিত হৈছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ মুখ্যমন্ত্রীগৰাকীয়ে বৰাকবাসীক প্রয়োজনীয় সহায় কৰাৰ প্রতিশ্রুতি দিছে যদিও জিলা তিনিখনৰ বানাক্রান্ত লোকসকলক প্রশাসনে পর্যাপ্ত সহায় কৰাটো সহজসাধ্য নহয়৷ কিয়নো পথ যোগাযোগ ব্যৱস্থা আৰম্ভ নোহোৱা পর্যন্ত বৰাক উপত্যকালৈ খাদ্য সামগ্রীকে ধৰি প্রয়োজনী সামগ্রী যোগান ধৰাটো প্রশাসনৰ বাবে এক প্রত্যাহ্বান হৈ উঠিছে৷
বানপানীৰ ভয়াৱহতা হ্রাস পোৱাৰ লগে লগে বানপীড়িত লোকসকলে শেহতীয়াকৈ যি দুর্যোগৰ সন্মুখীন হৈছে, সেয়া অসহনীয়৷ প্রলয়ংকৰী বানে ৰাস্তা–ঘাট, শিক্ষানুষ্ঠান, চিকিৎসালয়ৰ পৰা আৰম্ভ কৰি ৰাজহুৱা সা–সম্পত্তিৰ যি ক্ষতি কৰিলে, সেয়া এবছৰ–দুবছৰৰ ভিতৰত চৰকাৰে পূৰণ কৰিব পাৰিব বুলি আশা কৰিব নোৱাৰি৷ বিগত সময়ছোৱাত ৰাজ্যখনৰ পথ যোগাযোগ ব্যৱস্থাৰ বিশেষ উন্নতি পৰিলক্ষিত হৈছিল যদিও এইবাৰৰ প্রলয়ংকৰী বানে ইয়াৰ বিস্তৰ ক্ষতি কৰিলে৷ ফলত অনাগত দিনবোৰত ৰাজ্যখনৰ বানক্ষতিগ্রস্ত ৰাস্তা–ঘাট, দলং–কালভার্ট আদিকে ধৰি ৰাজহুৱা অনুষ্ঠানসমূহ নির্মাণ অথবা মেৰামতিৰ ক্ষেত্রত নিশ্চিতভাৱে এক গভীৰ প্রত্যাহ্বানৰ সন্মুখীন হ’ব ৰাজ্য চৰকাৰ৷ একেদৰে বানত উছন হোৱা ঘৰ–বাৰীকে ধৰি উপার্জনৰ উৎসসমূহ পুনৰুদ্ধাৰৰ ক্ষেত্রতো বানাক্রান্ত লোকসকল সন্মুখীন হ’ব লাগিব নতুন জীৱন সংগ্রামৰ৷ এইবাৰ বানত ৰাজ্যখনত ৮০ হাজাৰ ৩৪৬ হেক্টৰ কৃষিভূমিৰ ক্ষতি হৈছে৷ কৃষিপ্রধান ৰাজ্যখনৰ কৃষকসকলৰ এৰী আৰু বড়োধানকে ধৰি পাচলিৰ খেতি উছন হৈছে৷ শালিধানৰ কঠীয়া নষ্ট হৈছে৷ এতিয়া কৃষিভূমিত বান কমিলেও খেতি কৰিবলৈ কৃষকসকলৰ ওচৰত নাই কঠীয়া৷ এনে অৱস্থাত কৃষকসকলক কঠীয়া যোগান ধৰাৰ বাবে ৰাজ্যৰ কৃষি বিভাগে তৎকালীনভাৱে সহায়ৰ হাত আগবঢ়াব লাগিব৷ অন্যথা কৃষকসকলৰ জীৱন–জীৱিকাৰ প্রতি দুর্যোগ নামি অহাই নহয়, ৰাজ্যখনৰ অর্থনীতিতো ইয়াৰ বিৰূপ প্রভাৱ পৰাৰ আশংকা ঘনীভূত হৈছে৷ ৰাজ্যখনৰ বানাক্রান্ত লোকসকলক সহায় কৰাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে শেহতীয়াভাৱে এলানি পদক্ষেপ গ্রহণ কৰিছে৷ অহা জুলাইৰ ভিতৰত বানাক্রান্ত লোকসকলক সাহায্য প্রদান কৰাৰ বাবে শনিবাৰে মন্ত্রীসভাৰ কেবিনেট বৈঠকত কেতবোৰ প্রস্তাৱ লোৱা হৈছে৷ ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতি পর্যালোচনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই বানক্ষতিগ্রস্ত জিলাসমূহৰ ক্ষয়–ক্ষতিৰ পৰিমাণ তৎকালীনভাৱে নির্ধাৰণ কৰিবলৈ মন্ত্রীসকলক জৰুৰী নির্দেশ দিছে৷ দায়িত্ববাহী মন্ত্রীসকলক সংশ্লিষ্ট জিলাৰ ক্ষয়–ক্ষতিৰ প্রাক্কলন অহা জুলাইৰ ভিতৰত দাখিল কৰিবলৈও মুখ্যমন্ত্রীগৰাকীয়ে নির্দেশ দিছে৷ বানক্ষতিগ্রস্ত পৰিয়ালসমূহক চিনাক্ত কৰি যথাসম্ভৱ সোনকালে সাহায্য প্রদান কৰাটো চৰকাৰৰ দায়িত্ব যদিও এইক্ষেত্রত চৰকাৰী ৰঙা ফিতাৰ মেৰপেঁচৰ বাবে বানাক্রান্ত লোকসকলক সাহায্য প্রদান প্রক্রিয়া বিলম্ব হয়৷ বহু সময়ত প্রকৃত বানাক্রান্ত লোক এনে সাহায্যৰ পৰা বঞ্চিত হয়৷ গাঁওবুঢ়া, লাট মণ্ডল, পঞ্চায়ত প্রতিনিধি, ৰাজহ চক্র বিষয়া, অতিৰিক্ত উপায়ুক্ত, উপায়ুক্তৰ পৰা আৰম্ভ কৰি দিছপুৰৰ মন্ত্রী–বিধায়ক–আমোল্ আদি চক্রটোৰ অনুমোদন প্রক্রিয়াৰ যি ব্যৱস্থা চলি আছে, তাৰ ফলত বানাক্রান্ত লোকসকলে ক্ষতিপূৰণৰ ধন লাভ কৰাটো এক দীঘলীয়া প্রক্রিয়া৷ এই প্রক্রিয়াত বহু সময়ত ৰাজনৈতিক স্বার্থ আৰু অবৈধ লেনদেনৰ অভিযোগ আছে৷ ৰাজ্যখনৰ প্রতিজন দুখীয়া বানাক্রান্ত লোকে যাতে নির্ধাৰিত হাৰৰ ক্ষতিপূৰণ লাভ কৰে, সেয়া নিশ্চিত কৰিব লাগিব ৰাজ্য চৰকাৰখনে৷ অন্যথা বানপীড়িত দুর্গত লোকসকলৰ জীৱন দুর্বিষহ হৈয়ে থাকিব৷

You might also like